অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাছাকি চুদা

টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী: Masaki Suda নামেৰে পৰিচিত এজন জাপানী অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

টাইশ্ব’ চুগো, পেচাগতভাৱে মাছাকি চুদা; ইংৰাজী ভাষা: Masaki Suda নামেৰে পৰিচিত এজন জাপানী ভাষা অভিনেতা আৰু গায়ক। তেওঁ ৱাইল্ডাৰনেছ চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।১২

প্ৰাৰম্ভিক জীৱন

চুদাৰ জন্ম ওছাকা প্ৰান্তৰ মিনোহত হৈছিল। তেওঁৰ পিতৃ আৰাতা চুগো এগৰাকী পৰিচালনা উপদেষ্টা, সাংবাদিক, লেখক আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব।৩ তেওঁৰ দুজন সৰু ভাতৃ আছে: গায়ক তথা ইণ্টাৰনেট ব্যক্তিত্ব কোচ্চি নো কেণ্টো আৰু মডেল আৰাকী চুগো।৪

কেৰিয়াৰ

অভিনয়

স্কুলত পঢ়ি থকা সময়তে চুদাই টেলেণ্ট এজেণ্টসকলক লগ পাইছিল। তেওঁ এমিউজ ইনকপ’ৰেটেড আৰু জুনন ছুপাৰবয় প্ৰতিযোগিতাত কেইবাটাও অডিচন দিছিল। তেওঁ টকুছাত্ছু ধাৰাবাহিক কামেন ৰাইডাৰ ডব্লিউত অভিনয় কৰিছিল। তেওঁ টামা চিনেমা ফৰামত শ্ৰেষ্ঠ নবাগত অভিনেতাৰ বঁটা আৰু ৱাইল্ডাৰনেছ ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ জাপান একাডেমী চলচ্চিত্ৰ বঁটা লাভ কৰে।৫ চুদাই ৰ’বিক’ৰ মাংগা ধাৰাবাহিকৰ লাইভ-একচন চলচ্চিত্ৰ ৰূপান্তৰ মাই লিটল মনষ্টাৰত অভিনয় কৰিছিল।৬ ইয়াৰ উপৰিও তেওঁ হায়াও মিয়াজাকীৰ এনিমে ছবি দ্য বয় এণ্ড দ্য হেৰনত অভিনয় কৰিছিল।

সংগীত

চুদাই গ্ৰুপ Greeeen-ৰ ‘হাইড’ নামৰ সদস্যজনৰ জীৱনভিত্তিক ছবিত অভিনয় কৰিছিল। তেওঁলোকে ‘গ্ৰীণ বয়জ’ নামৰ এটা ইপি (EP) মুকলি কৰিছিল।৭ তেওঁ প্লে আৰু লাভ নামৰ এলবাম মুকলি কৰিছে।৮

ব্যক্তিগত জীৱন

চুদাই ২০২১ চনৰ ১৫ নৱেম্বৰত অভিনেত্ৰী নানা কোমাৎচুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৯ তেওঁলোকে একেলগে ড্ৰাউনিং লাভ আৰু থ্ৰেডচ: আৱাৰ টেপেষ্ট্ৰী অৱ লাভ নামৰ চলচ্চিত্ৰত অভিনয় কৰিছে।১০ ২০২৪ চনৰ ৯ মাৰ্চত চুদাই তেওঁৰ এজেণ্টৰ জৰিয়তে ঘোষণা কৰে যে তেওঁ আৰু কোমাৎসুৱে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাইছে।১১

তথ্যসূত্ৰ

  1. ↑ Kunikata, Maki. (May 14, 2015). GQ&A: 菅田将暉. GQ
  2. ↑ (August 18, 2017). From 'Assassination Classroom' to 'Gintama': A look at the actor Masaki Suda. Manga.Tokyo
  3. ↑ (June 11, 2018). 菅田将暉の父·菅生新氏「3人の息子に感謝」 ベスト・ファーザー賞in関西受賞. Sponichi Annex
  4. ↑ (February 15, 2024). 菅田将暉の弟·こっちのけんと、兄に向けオリジナルの誕生日ソング熱唱「愛が伝わる」「素敵すぎる」. Oricon
  5. ↑ (September 3, 2018). Wilderness. Japanese Film Festival
  6. ↑ (November 16, 2017). Laughter and Tears Flow in "My Little Monster" Live-Action Film Teaser. Crunchyroll
  7. ↑ 菅田将暉が歌手デビュー「いつか」作詞作曲演奏目標 - 音楽: 日刊スポーツ. nikkansports.com
  8. ↑ (April 28, 2017). 菅田将暉デビューシングルのカップリングをANNで初OA、アートワークも公開. Music Natalie
  9. ↑ Masaki Suda And Nana Komatsu get married "We are friends and supporters since we met". Natalie
  10. ↑ (2021-11-15). Popular Japanese actors Masaki Suda, Nana Komatsu tie the knot. Mainichi Daily News
  11. ↑ 菅田将暉&小松菜奈、第1子誕生 夫婦とも直筆で「私たち家族に新しい命が誕生したことをご報告」【全文】. Oricon

সম্পৰ্কিত শ্ৰেণী

জাপানৰ কণ্ঠশিল্পীকণ্ঠশিল্পীজাপানৰ ব্যক্তিঅভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাছাকি চুদা” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৫৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।