অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাধৱ চন্দ্ৰ দাশ

মাধৱ চন্দ্ৰ দাশ (Madhab Chandra Dash); জন্ম: ১৯৩৯ চনত ওড়িশাৰ পুৰীত) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ জীৱবিজ্ঞানী। বৰ্তমান তেওঁ ওড়িশা চৰকাৰৰ আপীল কৰ্তৃপক্ষ, পানী (পিচিপি) আইন, ১৯৭৪ৰ সদস্য। তেওঁ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (২০০১–২০০৪)।

হালনাগাদ: ২০ এপ্ৰিল ২০২৬ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মাধৱ চন্দ্ৰ দাশ (Madhab Chandra Dash); জন্ম: ১৯৩৯ চনত ওড়িশাৰ পুৰীত) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী আৰু পৰিৱেশ জীৱবিজ্ঞানী। বৰ্তমান তেওঁ ওড়িশা চৰকাৰৰ আপীল কৰ্তৃপক্ষ, পানী (পিচিপি) আইন, ১৯৭৪ৰ সদস্য।১২ তেওঁ সম্বলপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (২০০১–২০০৪)।১ তেওঁ ওড়িশা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ভূতপূৰ্ব অধ্যক্ষ (১৯৯৭–২০০১) আৰু নতুন দিল্লীৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ এজন প্ৰাক্তন সদস্য।১২৩ দাশে ১৯৭৩ চনৰপৰা ১৯৯৭ চনলৈকে সম্বলপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ লাইফ চাইন্সেছত পৰিৱেশ বিজ্ঞানৰ অধ্যাপনা কৰিছিল আৰু বিভাগটোৰ সম্প্ৰসাৰণৰ লগতে ইয়াক বহল জীৱ বিজ্ঞানৰ পাঠ্যক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতৰ প্ৰাৰম্ভিক শৈক্ষিক বিভাগসমূহৰ ভিতৰত অন্যতম কৰি তোলাত সহায় কৰিছিল। ১৯৭৫ চনত তেওঁ পূৰ্ণকালীন প্ৰাধ্যাপক হয় আৰু ১৯৭৪ চনৰপৰা ১৯৮৭ চনলৈকে বিভাগটোৰ মুৰব্বী আছিল।১

শৈক্ষিক পটভূমি

মাধৱ চন্দ্ৰ দাশে ১৯৩৯ চনত ওড়িশাৰ পুৰীত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৪ কটকৰ ৰেভেনশ্ব কলেজৰপৰা প্ৰাণীবিজ্ঞান (অনাৰ্ছ)ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু পাছলৈ উৎকল বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ দাশে ১৯৭০ চনত কেলগাৰী বিশ্ববিদ্যালয়ৰপৰা জে বি ক্ৰেগৰ তত্ত্বাৱধানত ডক্টৰেট (পি এইচ ডি) ডিগ্ৰী লাভ কৰে।১৫৬ তেওঁৰ থিছিছৰ শিৰোনাম আছিল "ৰকি মাউণ্টেনৰ অৰণ্যৰ মাটিত (কানাস্কিছ অঞ্চল, আলবাৰ্টা, কানাডা) এনচাইট্ৰেইডৰ পৰিৱেশবিজ্ঞান।" ৭

পি এইচ ডি সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ভাৰতলৈ উভতি আহি ওড়িশাত জৈৱ বিজ্ঞানৰ বিকাশত সহায় কৰে আৰু সম্বলপুৰ বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিদ্যালয়ত যোগদান কৰে।১

অৱদানসমূহ

দাশে ভাৰ্মিটেকন’লজী, মাটিৰ পৰিৱেশ বিজ্ঞান, সাগৰীয় কচ্ছপ সংৰক্ষণ, জনসংখ্যা জীৱবিজ্ঞান, পৰিমাণগত পৰিৱেশ বিজ্ঞান, মাটিৰ অলিগোচেটৰ শক্তিবিজ্ঞান, উভচৰৰ শক্তিবিজ্ঞান, পৰিৱেশ প্ৰভাৱ মূল্যায়ন (EIA), বহনক্ষম উন্নয়ন, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰশমনৰ ক্ষেত্ৰত অগ্ৰণী কাম কৰিছে। ৪১ জন ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰ আৰু অসংখ্য স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক পথ প্ৰদৰ্শন কৰাত তেওঁ যথেষ্ট সহায় কৰিছে।১৮

ভাৰ্মিটেকন'লজীৰ ওপৰত তেওঁৰ কাম ১৯৭০ চনৰ শেষৰফালে ভাৰতৰ প্ৰথমৰফালৰ কামৰ ভিতৰত অন্যতম আছিল৯ আৰু তেওঁ ওড়িশাৰ উপকূলত (গহিৰ্মথা) কচ্ছপৰ প্ৰব্ৰজন আৰু প্ৰজননৰ ওপৰত প্ৰাৰম্ভিক অধ্যয়ন কৰিছিল।১১০ তেওঁ ১৯৯০ চনত ভাৰতৰ পূব উপকূললৈ কচ্ছপৰ প্ৰব্ৰজন আৰু জনসংখ্যা অধ্যয়নৰ অন্যতম প্ৰথম গ্ৰন্থ ওড়িশাৰ গহীৰ্মথাৰ সহ-লেখক আছিল। তেওঁ পৰিৱেশ প্ৰদূষণৰ ওপৰত বিশেষকৈ লোহাৰ অক্সাইড উদ্যোগ, তীখা আৰু এলুমিনিয়াম উদ্যোগৰ সম্পৰ্কত কাম কৰি আহিছে।১

দাশ নতুন দিল্লীত থকা ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ খনি প্ৰকল্পৰ ইআইএ আৰু ইএমপিৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ সমিতিৰ (১৯৯৫–১৯৯৭ – ৩ বছৰ) প্ৰাক্তন সদস্য।১

বঁটা আৰু স্বীকৃতি

জীৱবিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে দাশক ১৯৯১ চনত উৰিষ্যা ৰাজ্য চৰকাৰে ইয়াৰ সৰ্বোচ্চ বৈজ্ঞানিক সন্মান (সামন্ত চন্দ্ৰশেখৰ বঁটা) প্ৰদান কৰিছিল।১

তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমি (এলাহাবাদ) আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পৰিস্থিতিতন্ত্ৰ প্ৰতিষ্ঠানৰ (নতুন দিল্লী) এজন ফেল'।১

ভাৰতীয় কেঁচুৰ দুটা প্ৰজাতিক ভাৰ্মিটেকনোলজিৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ Bio-data of Prof. (Dr.) Madhab Chandra Dash. Appellate Authority
  2. ↑ www.nieindia.org/ijees/PDF/V34/34-223.pdf{{dead link|date=January 2018 |bot=InternetArchiveBot |fix-attempted=yes }}
  3. ↑ News Bulletin April–July 08
  4. ↑ Mishra, P. C. (1995). Advances in Ecology and Environmental Sciences. APH Publishing. ISBN 978-81-7024-676-3
  5. ↑ Archives Canada
  6. ↑ Dash, Madhab Chandra. (1970). Ecology of enchytraeidae (Oligochaeta) in Rocky Mountain forest soils (Kananaskis region, Alberta, Canada). DSpace at University of Calgary
  7. ↑ M C. Dash. (1970). Ecology of enchytraeidae (Oligochaeta) in Rocky Mountain forest soils (Kananaskis region, Alberta, Canada. University of Calgary
  8. ↑ Pramod Chandra Mishra. (1 January 1995). Advances In Ecology And Environmental Sciences. APH Publishing. পৃ. xv–xxiii. ISBN 978-81-7024-676-3
  9. ↑ www.nieindia.org/ijees/PDF/35-163.pdf{{dead link|date=January 2018 |bot=InternetArchiveBot |fix-attempted=yes }}
  10. ↑ Madhab Chandra Dash; Chandra Sekhar Kar. The turtle paradise, Gahirmatha: an ecological analysis and conservation strategy. Trove

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া ব্যক্তিভাৰতীয় পৰিৱেশবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱ চন্দ্ৰ দাশ” প্ৰবন্ধৰ সংশোধন ৬০১৬৮৫ (২০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।