অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গংগাদেৱী

গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গংগাদেৱী, যাক গংগাম্বিকা বুলিও কোৱা হয়, বৰ্তমান ভাৰতৰ বিজয়নগৰ সাম্ৰাজ্যৰ চতুৰ্দশ শতিকাৰ এগৰাকী ৰাজকুমাৰী আৰু সংস্কৃত কবি আছিল। তেওঁ বিজয়নগৰৰ ৰজা কুমাৰ কম্পনাৰ পত্নী আছিল। কুমাৰ আছিল প্ৰথম বুক্কা ৰায় (প্ৰায় ১৩৬০ - ১৩৭০)ৰ পুত্ৰ।১ তেওঁ ১৩৬১ খ্ৰীষ্টাব্দত শম্বুৱৰা আৰু মাদুৰাইৰ চুলতানক জয় কৰে, যাৰ ফলত সমগ্ৰ তামিল দেশখন ৰামেশ্বৰমলৈকে বিজয়নগৰ সাম্ৰাজ্যৰ অধীনলৈ আনে।২এই যুদ্ধৰ অন্তত গংগাদেৱীয়ে স্বামীৰ বিজয়ৰ বৰ্ণনা কৰি সংস্কৃতত এটা কবিতা লিখিছিল, যাৰ শীৰ্ষক আছিল মধুৰা বিজয়ম। গ্ৰন্থখনৰ আৰম্ভণিতে কবিসকলৰ প্ৰশংসা কৰি তেওঁ অগস্ত্য, গংগাধৰ আৰু বিশ্বনাথ আদি তেলেগুভাষী সংস্কৃত কবিসকলক যথেষ্ট প্ৰাধান্য প্ৰদান কৰিছে। তাৰ ভিতৰত শেষৰজন আছিল তেওঁৰ গুৰু। তেওঁৰ বিশেষ প্ৰশংসা আছিল কবি টিক্কায়াৰ বাবে, "যাৰ কবিতা জোনাকৰ পোহৰৰ দৰে, চৰাইৰ দৰে তৃষ্ণাতুৰ কবিসকল মুগ্ধতাত মতলীয়া।" এই টিক্কায়াই হৈছে তেলেগু মহাভাৰতৰ আঠাইশটা পৰ্বণৰ ভিতৰত পোন্ধৰটা ৰচনা কৰা বিখ্যাত টিক্কান সোমাজী। বিশ্বনাথৰ শিষ্য তথা টিক্কানা সোময়াজীৰ কবিতাৰ অনুৰাগী গংগাদেৱী যে এগৰাকী তেলেগু ৰাজকুমাৰী আছিল সেয়া স্পষ্ট।২

জীৱনী

গংগাদেৱী আছিল এগৰাকী সুশিক্ষিত আৰু প্ৰতিভাশালী মহিলা। তাইক তেলেগু ৰাজকুমাৰী বুলি গণ্য কৰা হয়। তেওঁ আছিল এগৰাকী কবি। স্বামী কুমাৰ কম্পন্নাৰ দক্ষিণ অভিযানৰ সময়ত তেওঁ স্বামীৰ লগত গৈছিল।২ লেখাৰ উপৰিও তেওঁ স্বামীৰ সৈতে যুদ্ধলৈ যাত্ৰা কৰিছিল আৰু আন নাৰীক অনুপ্ৰাণিত কৰিছিল।

"মধুৰা বিজয়ম"ৰ আৰম্ভণিতে গংগাদেৱীয়ে তেলেগু -ভাষী অঞ্চলৰ কেইবাজনো সংস্কৃত কবিক প্ৰশংসা কৰে, আৰু বিশেষকৈ টিক্কায়াক প্ৰশংসা কৰে। এইজন আছিল "অন্ধ্ৰ মহাভাৰত" ৰ ৰচক টিক্কান। এয়া তেওঁৰ তেলেগু বংশৰ এক শক্তিশালী প্ৰমাণ বুলি গণ্য কৰা হয়।৩

সাহিত্যিক কৰ্মৰাজি

গংগাদেৱীয়ে মাদুৰাইৰ মুছলমানসকলৰ ওপৰত স্বামীৰ জয়ৰ কাহিনী কবিতাৰ ৰূপত বৰ্ণনা কৰিছিল। নটা অধ্যায়ৰে গঠিত এই কাব্যিক গ্ৰন্থখনৰ নাম আছিল মধুৰা বিজয়ম, যাৰ অৰ্থ হৈছে "মদুৰাইৰ বিজয়।" ইয়াক বীৰকম্পৰায় চৰিতম বুলিও কোৱা হয়।৪ এয়া যুদ্ধত তেওঁৰ স্বামীৰ বীৰত্বপূৰ্ণ গাঁথাৰ আখ্যান।

মধুৰা বিজয়ম

মাধুৰা বিজয়ম এখন ঐতিহাসিক মহাকাব্য, য'ত তামিল দেশৰ কুমাৰ কম্পনাৰ বিজয়ৰ বৰ্ণনা কৰা হৈছে। বিজয়নগৰৰ আদিম ইতিহাসৰ উৎস পুথি হিচাপে ইয়াক সহজে মূল্যায়ন কৰিব নোৱাৰি। গংগা দেৱীৰ কবি হিচাপে উচ্চ মৰ্যাদা আছে; সংস্কৃতক প্ৰকাশৰ মাধ্যম হিচাপে বাছি লোৱা দক্ষিণ ভাৰতীয় মহিলা লেখিকাসকলৰ ভিতৰত তেওঁ হয়তো সৰ্বশ্ৰেষ্ঠ।২

এই গ্ৰন্থখনৰ পাণ্ডুলিপি আৱিষ্কাৰ হোৱাৰ পিছত শ্ৰীৰংগমৰ শ্ৰীকৃষ্ণমাচাৰ্য্যই ইয়াৰ তামিল সংস্কৰণ প্ৰকাশ কৰে আৰু তাৰ পিছত অন্নমলাই বিশ্ববিদ্যালয়ে ১৯৫০ চনত ইংৰাজী অনুবাদ প্ৰকাশ কৰে।

তথ্যসূত্ৰ

  1. ↑ William J. Jackson. (3 March 2016). Vijayanagara Voices: Exploring South Indian History and Hindu Literature. Taylor & Francis. পৃ. 97–. ISBN 978-1-317-00192-8
  2. ↑ Tamil and Vedas
  3. ↑ B. S. Chandrababu; L. Thilagavathi. (2009). Woman, Her History and Her Struggle for Emancipation. Bharathi Puthakalayam. পৃ. 230. ISBN 978-81-89909-97-0
  4. ↑ Devi, Ganga. (1924). Madhura Vijaya (or Virakamparaya Charita): An Historical Kavya. Sridhara Power Press

সম্পৰ্কিত শ্ৰেণী

সংস্কৃত গ্ৰন্থলোকগাথাকন্নড় ব্যক্তিলেখিকাপ্ৰাচীন ভাৰতৰ নাৰীভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাদেৱী” প্ৰবন্ধৰ সংশোধন ৫৯১৯৭৯ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।