অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গংগাবাই য়াগনিক

গংগাবাই প্ৰাণশংকৰ য়াগনিক (Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

গংগাবাই প্ৰাণশংকৰ য়াগনিক (Gangabai Pranshankar Yagnik, (১৮৬৮-১৯৩৭) হৈছে গুজৰাটী ভাষাৰ এগৰাকী লেখিকা৷ তেখেতে ঊনৈশ শতিকাৰ ভাৰতীয় লেখিকামণ্ডলীৰ অন্তৰ্ভুক্ত৷ তেখেতৰ পেছা আছিল এগৰাকী শিক্ষয়িত্ৰী আৰু আয়ুৰ্বেদ-অনুশীলনকাৰী৷ তেখেতে হুন্নাৰ মহাসাগৰ (১৮৯৮) ৰচনা কৰিছিল য'ত ২০৮০ ধৰণৰ বণিজ, দক্ষতা আৰু আত্ম-নিয়োগৰ কৌশলৰ বিষয়ে লিখিছিল৷ তেখেতক প্ৰথমগৰাকী মহিলা গুজৰাটী লেখিকা হিচাপে বিবেচনা কৰা হয়৷ (অৱশ্যে এই দাবীটো বিতৰ্কিত, কিয়নো তেখেতৰ কৰ্মৰাজিৰ শৈলীটোক পণ্ডিতসমাজে সাহিত্যৰ শাৰীত নাৰাখে৷ তেখেতৰ পৰিৱৰ্তে নন্দকোঁৱৰ বাক তেখেতৰ ভ্ৰমণকাহিনী "ভূমণ্ডলত নো প্ৰৱাস"ৰ (১৮৯৮) বাবে প্ৰথমগৰাকী গুজৰাটী মহিলা লেখকৰ মৰ্যাদা দিয়া হয়৷)১২

জীৱন

১৮৬৮ চনত গংগাবাই য়াগনিকৰ জন্ম হৈছিল৷১৩ গুজৰাটস্থিত গান্ধীনগৰৰ সমীপৱৰ্তী ভাভোলৰ আছিল তেখেত বাসিন্দা৷ ১৮৮১ চনত তেখেতৰ স্বামীৰ দেহাৱসান ঘটে৷ সেইসময়ত তেখেতৰ মাত্ৰ তেৰ বছৰহে হৈছিল৷ প্ৰচলিত পৰম্পৰা অনুসৰি তেখেতে নিজৰ কেশকৰ্তন কৰিবলৈ অমান্তি হয়৷১২ ভগ্নীৰ পৰামৰ্শ আৰু উদ্যোগত তেখেত বিদ্যালয়লৈ যায় আৰু নিজৰ শিক্ষা সমাপ্ত কৰে৷৩ এগৰাকী সহকাৰী শিক্ষক হিচাপে পাছলৈ তেখেতে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান আৰম্ভ কৰে৷৩ তেখেতে উচ্চশিক্ষাৰ কথা ভাবে আৰু মহালক্ষ্মী মন্দিৰ প্ৰশিক্ষণ মহাবিদ্যালয়, আহমেদাবাদত অধ্যয়ন কৰে৷৩ ১৮৮৭ চনত গংগাবাই য়াগনিক ভাভোলৰ পৰা গুজৰাটৰে মান্সা অভিমুখে ৰাওনা হয় আৰু ইয়াৰে ভিক্তোৰিয়া ছোৱালী স্কুলত প্ৰধান শিক্ষয়িত্ৰীৰূপে যোগদান কৰে৷৩ তেখেত আছিল এগৰাকী উদ্যোগী৷ স্বদেশী বস্তু আৰু বস্ত্ৰৰ লগতে আত্ম-নিয়োজনৰ দিশটোত তেখেতে গুৰুত্ব আৰোপ কৰিছিল৷ তেখেত এগৰাকী আয়ুৰ্বেদ-অনুশীলনকাৰীও আছিল আৰু স্ত্ৰীৰোগৰ নিদানো সময়বিশেষে প্ৰদান কৰিছিল৷১২ ১৮৭৯ চনৰ আশে-পাশে তেখেতে মান্সাতে গড়ভাইজান ঔষধালয় প্ৰতিষ্ঠা কৰে আৰু পৰৱৰ্তী সময়ত আহমেদাবাদতো ইয়াৰ এটা শাখা খোলে৷৩

১৯৩৭ চনত তেখেতৰ মৃত্যু হয়৷ তেখেতে ইচ্ছাপত্ৰত নিজৰ চিকিৎসালয়ৰ যোগেদি শিক্ষাৰ্থীক বৃত্তি দিয়াৰ পৰামৰ্শ লিখি থৈ গৈছে৷ ১

কৰ্মৰাজী

গংগাবাইৰ লিখনিক বিপ্লৱী আৰু সংস্কাৰধৰ্মী হিচাপে বিবেচনা কৰা হয়৷ তেখেতে অন্ধবিশ্বাস আৰু সামাজিক কুসংস্কাৰৰ বিৰোধিতা কৰিছিল৷ বাল্য বিবাহ, বহুগামিতা, ডাইনী হত্যা আদিৰ বিৰুদ্ধে সৰৱ হৈ উঠা গংগাবাইয়ে "ৱাহেম খণ্ডন পথি" (১৮৯১) আৰু "দেৱী ত্ৰিয়া নিষেধ" (১৮৯২)ত লিখা-মেলা কৰিছিল৷ ১২৩

১৮৯৮ চনত প্ৰকাশিত হোৱা হুন্নাৰ মহাসাগৰ তেখেতে ২০৮০বিধ ব্যৱসায়, দক্ষতা আৰু আত্ম-নিয়োগৰ একাশিক কৌশল লিপিবদ্ধ কৰিছে৷ পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণৰ পৰা আৰম্ভ কৰি মূৰত ঘঁহা তেল, চাবোন, ধূপ আদিৰ প্ৰস্তুত কৰালৈকে অনেক বৃত্তিৰ বিষয়ে ইয়াত লিখা হৈছে৷১৩৪৫ কিতাপখন ইমানেই জনপ্ৰিয় হৈ উঠিছিল যে তিনি দিনতে ইয়াৰ এহেজাৰখন কপী বিক্ৰী হৈছিল৷ ১৯০৮ চনত কিতাপখনৰ সপ্তমটো সংস্কৰণ প্ৰকাশিত হৈছিল৷৩৪৫

উত্তৰসুৰী

গংগাবাই য়াগনিকক প্ৰথমগৰাকী গুজৰাটী লেখিকা হিচাপে গণ্য কৰা হয়৷৩ কিন্তু এই দাবীটো বিতৰ্কমূলক, কিয়নি ৰঘুবীৰ চৌধাৰীৰ দৰে একাংশ পণ্ডিত তেখেতৰ ৰচনাৰাজিক সাহিত্যৰ শ্ৰেণীত ৰাখিব নিবিচাৰে৷ ১২ আহমেদাবাদত থকা SRISTI নামৰ সংস্থাটোৱে তেখেতৰ সম্বন্ধে কিছুমান তথ্য সংগ্ৰহ কৰিছে আৰু ২০০৩ চনত "হুন্নাৰ মহাসাগৰ"ৰ নতুন সংস্কৰণ পুনৰ মুকলি কৰি দিছে৷ তেওঁলোকে গুজৰাটী সাহিত্যৰ ইতিহাসত গংগাবাইক স্বীকৃতি দিবলৈও অভিযান আৰম্ভ কৰিছে৷১২৫ ইতিহাসকাৰ শীৰিন মেহতাই কৈছে যে-মোহনদাস কৰমচান্দ গান্ধীয়ে জনপ্ৰিয় কৰাৰ বহুদিনৰ আগতেই গংগাবাইয়ে স্বদেশী আন্দোলন (থলুৱা উৎপাদন)ৰ পৃষ্ঠপোষকতা কৰিছিল৷২৫

তথ্যসূত্ৰ

  1. ↑ Parekh, Tina. (2003-08-13). Claiming her right in Gujarati writing. The Times of India
  2. ↑ (2013-08-13). Quest for woman Gujarati writer brings up new name. The Times of India
  3. ↑ Menon, Sujata. (2007-12-31). Women and education: Their role in society in British Gujarat 1850-1947. Department of History, Maharaja Sayajirao University of Baroda. পৃ. 313-314
  4. ↑ Sucharita, Swati. (2001-07-16). A grassroots professor in the ideas market. www.gujaratplus.com
  5. ↑ Gupta. (January–March 2003). Book Review: A Nationalist-Feminist User's Guide for Swadeshi. HoneyBee. Sristi Innovations. পৃ. 16

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাবাই য়াগনিক” প্ৰবন্ধৰ সংশোধন ৩৮০৬২৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।