অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৰ্পূৰী দেৱী

কৰ্পূৰী দেৱী (১৯২৯–৩০ জুলাই ২০১৯) এগৰাকী ভাৰতীয় লোক শিল্পী আছিল। তেওঁ মধুবাণী কলা পৰম্পৰাৰ চিত্ৰকলা আৰু সুজনি পৰম্পৰাৰ বস্ত্ৰ শিল্প সৃষ্টিৰ বাবে জনাজাত আছিল। মধুবাণী কলা বিক্ৰী কৰি তেওঁ সমালোচনাত্মক আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কৰ্পূৰী দেৱী (১৯২৯–৩০ জুলাই ২০১৯)১ এগৰাকী ভাৰতীয় লোক শিল্পী আছিল। তেওঁ মধুবাণী কলা পৰম্পৰাৰ চিত্ৰকলা আৰু সুজনি পৰম্পৰাৰ বস্ত্ৰ শিল্প সৃষ্টিৰ বাবে জনাজাত আছিল। মধুবাণী কলা বিক্ৰী কৰি তেওঁ সমালোচনাত্মক আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে সফলতা অৰ্জন কৰিছিল। তেওঁৰ কৰ্মৰাজি ভাৰতৰ লগতে জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

কেৰিয়াৰ

দেৱীক তেওঁৰ মাতৃয়ে মধুবাণী কলাৰ কৌশলসমূহ শিকাইছিল। তেওঁ শৈশৱৰ আদিছোৱা গোবৰৰ সহায়ত নিৰ্মিত মজিয়া আৰু দেৱালত চিত্ৰ অংকন কৰি অতিবাহিত কৰিছিল।২ তেওঁৰ আনুষ্ঠানিক শিক্ষা কেৱল প্ৰাথমিক বিদ্যালয়লৈকেহে সীমাবদ্ধ আছিল।৩

দেৱী মধুবাণী (কেতিয়াবা মিথিলা বুলিও জনা যায়) শিল্পীসকলৰ সেইটো প্ৰজন্মৰ অন্তৰ্ভুক্ত আছিল যিয়ে তেওঁলোকৰ কাম আৰু কলাশৈলীৰ বাবে ৰাজহুৱা স্বীকৃতি লাভ কৰিছিল।১ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী ললিত নাৰায়ণ মিশ্ৰই মধুবাণী কলা পৰম্পৰা সংৰক্ষণৰ হকে মাত মাতিছিল আৰু ইন্দিৰা গান্ধীয়ে নিজেও দেৱীৰ শিল্পকলাৰ প্ৰশংসা কৰিছিল।২ মিশ্ৰৰ উৎসাহতে গান্ধীয়ে বিহাৰৰ মধুবাণী অঞ্চলত 'অল ইণ্ডিয়া ক্ৰাফট্‌ছ কাউন্সিল'ৰ এটা শাখা স্থাপন কৰিছিল।৪ ক্ৰাফট্‌ছ কাউন্সিলে দেৱীৰ দৰে শিল্পীসকলক তেওঁলোকৰ কাম মজিয়া আৰু দেৱালৰ পৰা হস্তনিৰ্মিত কাগজলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছিল, যাৰ ফলত তেওঁলোকে এই চিত্ৰসমূহ বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।৫ প্ৰাৰম্ভিক বছৰবোৰত দেৱীয়ে তেওঁৰ কামৰ বাবে সামাজিক বাধাৰ সন্মুখীন হৈছিল, বিশেষকৈ ৰাজহুৱা ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত থকা সামাজিক নিষেধৰ বাবে।৩ এটা সাক্ষাৎকাৰত দেৱীয়ে উল্লেখ কৰিছিল যে তেওঁৰ শিল্পকৰ্মক লৈ স্বামীৰ পৰিয়ালৰ অসন্তুষ্টিৰ বাবে তেওঁ প্ৰথম দুবছৰ গোপনে চিত্ৰ অংকন কৰিছিল।৪

মধুবাণী শৈলীৰ উপৰিও দেৱী সুজনি কলাৰ কৌশলতো পাকৈত আছিল। এইটো এটা কম পৰিচিত লোকশৈলী য’ত কাপোৰত হাতেৰে পৰম্পৰাগত আৰ্হি চিলাই কৰা হয়।১৬ মধুবাণী কলাৰ ক্ষেত্ৰত তেওঁৰ কাম আছিল 'কচনী' (ৰেখা চিত্ৰ) আৰু 'ভৰনী' (ৰঙীন শৈলী) ৰ মিশ্ৰণ। যদিও এই শৈলীসমূহৰ ব্যৱহাৰ পৰম্পৰাগতভাৱে এটা বিশেষ জাতিৰ সদস্যসকলৰ মাজতে সীমাবদ্ধ আছিল, দেৱীৰ কামে দুয়োটা শৈলীকে গ্ৰহণ কৰি সামাজিক সীমা অতিক্ৰম কৰিছিল।২৩

দেৱীৰ কৰ্মৰাজি জাপানত বাৰে বাৰে প্ৰদৰ্শিত হৈছিল, য’ত এক মিথিলা কলা সংগ্ৰহালয় প্ৰতিষ্ঠা হোৱাৰ ফলত তেওঁ নিজৰ কামবোৰ ভাগ-বতৰা কৰাৰ সুযোগ পাইছিল। ১৯৮৭ চনৰ পৰা তেওঁ নিজৰ কেৰিয়াৰত নবাৰ জাপান ভ্ৰমণ কৰিছিল আৰু সহযোগী মধুবাণী শিল্পী মহাশুন্দৰী দেৱীৰ সৈতে সংগ্ৰহালয়ত কলা সৃষ্টি কৰাৰ লগতে ইয়াৰ কৌশলসমূহ শিকাইছিল।১ তেওঁৰ কৰ্মৰাজি আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু ফ্ৰান্সতো প্ৰদৰ্শিত হৈছে আৰু তাত বিভিন্ন সংগ্ৰহালয় তথা ব্যক্তিগত সংগ্ৰহত সংৰক্ষিত হৈ আছে।১৫ চান ফ্ৰান্সিস্কোৰ এছিয়ান আৰ্ট মিউজিয়ামৰ মধুবাণী কলাৰ ওপৰত ভিত্তি কৰি আয়োজিত পেইন্টিং ইজ মাই এভৰিথিং শীৰ্ষক এক প্ৰদৰ্শনীত তেওঁৰ কাম প্ৰদৰ্শিত হৈছিল।৭ দেৱীয়ে নিৰ্মাণ কৰা সুজনি শৈলীৰ চিলাই কৰা পেনেলসমূহ অষ্ট্ৰেলিয়াৰ নেচনেল গেলেৰী অৱ ভিক্টোৰিয়াৰ সংগ্ৰহৰ অংশ।৮

কেৰিয়াৰৰ কালছোৱাত দেৱীয়ে বিহাৰ চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা কেইবাটাও বঁটা লাভ কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল— ১৯৮৬ চনত কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা সুজনি কলাৰ বাবে ৰাষ্ট্ৰীয় বঁটা; ১৯৮০ চনত মধুবাণী কলাৰ বাবে বিহাৰ ৰাজ্যিক কলা বঁটা, আৰু ১৯৮৩ চনত ৰাজ্য চৰকাৰৰ 'শ্ৰেষ্ঠ কাৰিকৰ' বঁটা।১৯

দেৱীয়ে তেওঁৰ নবৌৱেক তথা সহযোগী মধুবাণী শিল্পী মহাশুন্দৰী দেৱীৰ সৈতে এক ঘনিষ্ঠ পেছাদাৰী আৰু সহযোগিতামূলক সম্পৰ্ক বজাই ৰাখিছিল।৩১০ নিজৰ কন্যাক মধুবাণী আৰু সুজনি কলাৰ পৰম্পৰাগত কৌশলসমূহ শিকোৱাৰ উপৰিও দেৱীয়ে পদ্মশ্ৰী বিজয়ী মধুবাণী শিল্পী দুলৰী দেৱীকো নিৰ্দেশনা আৰু শিক্ষা প্ৰদান কৰিছিল।৩১১

ব্যক্তিগত জীৱন

কৰ্পূৰী দেৱী বিহাৰ ৰাজ্যৰ মধুবাণী জিলাৰ ৰান্তি গাঁৱত জন্মগ্ৰহণ কৰিছিল আৰু তাতেই বসবাস কৰিছিল। তেওঁৰ কন্যা মোতি কৰ্ণো এগৰাকী মধুবাণী শিল্পী।১ তেওঁৰ স্বামী কৃষ্ণকান্ত দাসেও ৰান্তিত শিল্পকলাৰ শিক্ষা দিছিল।২ ২০১৯ চনত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত তেওঁৰ মৃত্যু হয়।১২

তথ্যসূত্ৰ

  1. ↑ Sopam, Reena. (31 July 2019). Karpuri Devi, the eminent Mithila painting artist and creator of Mithila Museum in Japan passes away. হিন্দুস্তান টাইমছ
  2. ↑ Alok, Amit. (31 July 2019). कर्पूरी देवी: मधुबनी पेंटिंग काे दी अंतर्राष्‍ट्रीय पहचान, सात दशक की कला यात्रा पर लगा विराम. Dainik Jagran
  3. ↑ (31 July 2019). स्मृति शेष: यूं ही नहीं दुनियाभर में छा गयी थीं कर्पूरी. Hindustan
  4. ↑ Bsaies, Cheyenne. (2 March 2018). Mithila, Museums, and Memories: Travels in Bihar. Maxwell School of Citizenship and Public Affairs
  5. ↑ Tripathi, Shailaja. (22 November 2013). Madhubani beyond the living rooms. দ্য হিন্দু
  6. ↑ Balasubramaniam, Chitra. (20 June 2019). Sujni, equally elegant twin of Kantha. দ্য হিন্দু
  7. ↑ Painting is my Everything: Art from India's Mithila region. Asian Art Museum. পৃ. 17, 29
  8. ↑ Artists: Karpoori Devi. National Gallery of Victoria
  9. ↑ (31 July 2019). मधुबनी पेंटिंग की शिल्पी कर्पूरी देवी का निधन. Hindustan
  10. ↑ Madhubani art veteran Karpuri Devi dies at 94. Outlook India
  11. ↑ (30 January 2021). बिहार के दो दलित जिन्हें मिला पद्म श्री, जानें किस कला में हैं माहिर, 74 साल से नाच रहे हैं मांझी. Jansatta
  12. ↑ Upadhyay, Prabhat. (2 August 2019). मधुबनी पेंटिंग की विख्यात शिल्पी कर्पूरी देवी का निधन, BJP नेता गिरिराज सिंह ने यूं दी श्रद्धांजलि. NDTV India

সম্পৰ্কিত শ্ৰেণী

লোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্পূৰী দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৬৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।