কৰিশ্মা কে. তন্না (ইংৰাজী ভাষা: Karishma K. Tanna; জন্ম: ২১ ডিচেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কাম কৰে। ২০০১ চনত ‘কিউকি ছাছ ভী কভী বহু থী’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে। তেওঁ ‘পালখী’, ‘নাগিন ৩’ আৰু ‘কয়ামত কী ৰাত’ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত। ২০১৪ চনত তেওঁ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ৮’-ত এগৰাকী প্ৰতিযোগী আছিল আৰু প্ৰথম ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল। ২০২০ চনত তেওঁ ‘খটৰো কে খিলাড়ী ১০’-ত অংশগ্ৰহণ কৰি বিজয়ী হিচাপে পৰিগণিত হয়।১২৩
তন্নাই সুনীল দৰ্শনৰ ‘দোস্তী: ফ্ৰেণ্ডছ ফৰএভাৰ’ (২০০৬) ছবিখনত নন্দিনী থাপৰ হিচাপে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ২০১১ চনৰ কানাড়া ছবি ‘আই এম ছৰী মাথে বন্নী প্ৰীতছোনা’-ৰ জৰিয়তে তেওঁ মুখ্য চৰিত্ৰত অভিনয়ৰ পাতনি মেলে। ২০১৩ চনত তেওঁক ইন্দ্ৰ কুমাৰৰ সফল কমেডী ছবি ‘গ্ৰেণ্ড মস্তি’-ত দেখা গৈছিল।৪ ২০১৮ চনত তেওঁ ৰাজকুমাৰ হিৰাণীৰ সঞ্জয় দত্তৰ বায়’পিক ‘সঞ্জু’-ত অভিনয় কৰিছিল।৫ একে বছৰতে তেওঁ অল্ট বালাজীৰ ৱেব ধাৰাবাহিক ‘কৰলে তু ভী মহব্বত’-ত জয়া হুছেইন হিচাপে ডিজিটেল জগতত প্ৰৱেশ কৰে। নেটফ্লিক্সৰ ধাৰাবাহিক ‘স্কুপ’ (২০২৩)-ত তেওঁৰ অভিনয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে।৬
প্ৰাৰম্ভিক জীৱন
তন্নাই ১৯৮৩ চনৰ ২১ ডিচেম্বৰত ভাৰতৰ মুম্বাইৰ এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৭৮
তেওঁ মুম্বাইৰ চিডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইক’নমিক্সত অধ্যয়ন কৰিছিল, য’ত তেওঁ অভিনয় আৰু পৰিৱেশনৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।৭
ব্যক্তিগত জীৱন

২০১৪ চনত বিগ বছ ৮-ৰ ঘৰৰ ভিতৰত চিনাকি হোৱাৰ পিছত তন্নাই অভিনেতা উপেন পেটেলৰ সৈতে ডেটিং আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ সৈতে বাগদান সম্পন্ন হৈছিল।৯১০ ২০১৬ চনত তেওঁলোকৰ সম্পৰ্কৰ অন্ত পৰে।১১
২০২১ চনত তন্নাই মুম্বাইৰ এজন ৰিয়েল এষ্টেট ব্যৱসায়ী বৰুণ বাঙ্গেৰাৰ সৈতে ডেটিং আৰম্ভ কৰে। একে বছৰতে এক ব্যক্তিগত অনুষ্ঠানত তেওঁলোকৰ বাগদান সম্পন্ন হয়। ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁ বৰুণ বাঙ্গেৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১২১৩
তেওঁ এগৰাকী ফিটনেছ আৰু স্বাস্থ্য সচেতন ব্যক্তি।১৪
তথ্যসূত্ৰ
- ↑ Farzeen, Sana. (27 July 2020). Khatron Ke Khiladi 10 winner Karishma Tanna: My only fear was not performing to the best of my ability. The Indian Express
- ↑ গौड़, प्रतिभा. (4 August 2020). 'খতৰों के खिलाड़ी' की इस विनर ने तोड़ा एलोवेरा और लगीं चेहरे पर मलने..देखें Video. NDTV
- ↑ (26 July 2020). Khatron Ke Khiladi 10 winner is Karishma Tanna, Karan Patel declared runner-up. Hindustan Times
- ↑ (29 December 2015). Karishma Tanna, Sunny Leone's film to release in 2016. The Indian Express. Indo-Asian News Service
- ↑ Karishma Tanna to be seen in Sanjay Dutt's biopic opposite Ranbir Kapoor - Times of India. The Times of India
- ↑ (9 October 2023). busan-film-festival-2023-hansal-mehta-scoop-wins-best-asian-tv-series-karishma-tanna-bags-best-actressaward. Dainik Jagran
- ↑ (21 December 2015). TV Hottie Karishma Tanna Turns 32. News World India
- ↑ (21 December 2015). TV's leggy lass Karishma Tanna turns a year older. The Times of India
- ↑ (13 May 2015). Karishma Tanna, Upen Patel get engaged on sets of 'Nach Baliye 7'. Mid Day
- ↑ (3 December 2015). Of course marriage is on the cards: Upen and Karishma. Hindustan Times
- ↑ (31 July 2016). Sometimes Two Wonderful People Are Not Meant To Be Together, Says Karishma Tanna. The Times of India
- ↑ (5 February 2022). Karishma Tanna and Varun Bangera are married, see bride and groom's first pics, videos from the wedding. Hindustan Times
- ↑ (10 February 2022). Karishma Tanna's husband Varun Bangera is a Mumbai based businessman; his education to real estate company, all you got to know about him. The Times of India
- ↑ From Hair Oiling To Scalp Massaging, A Look At Karishma Tanna's Hair Care Routine For Smooth And Shiny Hair. News18
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰিশ্মা তন্না” প্ৰবন্ধৰ সংশোধন ৬০৩৮৭৫ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।