জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
কেৰেন আবেই
কেৰেন লিডিয়া আবেই ( Karen Lydia Aabye; ১৯ ছেপ্টেম্বৰ ১৯০৪ – ১৫ ছেপ্টেম্বৰ ১৯৮২) এগৰাকী ডেনিছ লেখিকা। ১৯৩০ চনৰ শেষৰ ফালে পেৰিছ আৰু লণ্ডনত সাংবাদিক হিচাপে কাম কৰাৰ আগতে তেওঁ কেইবাখনো ঐতিহাসিক উপন্যাসৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰিছিল য’ত দৃঢ় ইচ্ছাশক্তিৰ নাৰী তেওঁৰ মূল চৰিত্ৰ আছিল।
-
কেৰেন এছ লিঞ্চ
কেৰেন এছ লিঞ্চ ( Caren S. Lynch; জন্ম: ৩০ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান ব্যৱসায়ী আৰু চিভিএছ হেল্থৰ প্ৰাক্তন সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া (CEO)। ২০১৫ চনত তেওঁ এটনাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী হিচাপে পৰিগণিত হয়। মেগেলান হেল্থ চাৰ্ভিচেছ আৰু চিগনাত কাৰ্যবাহী পদত অধিষ্ঠিত হৈ আহিছে।
-
কেৰেন গিলান
কেৰেন শ্বিলা গিলান (ইংৰাজী: Karen Sheila Gillan; জন্ম ২৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী স্কটিছ অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা। ব্ৰিটিছ চলচ্চিত্ৰ আৰু টেলিভিছনত কৰা কামৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰিছে।
-
কেৰোলাইন পেম্বাৰ্টন
কেৰোলাইন পেম্বাৰ্টন (ইংৰাজী: Caroline Pemberton) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ খিতাপ লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
-
কেৰোলিন গাৰ্চিয়া
কেৰ'লিন গাৰ্চিয়া (জন্ম: ১৬ অক্টোবৰ ১৯৯৩) এগৰাকী ফৰাচী পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁ বিশ্বৰ ৪ নং স্থানত দুয়োটা একক আৰু ২ নং বিশ্বত ডাবলছত শীৰ্ষ ৫ৰ ভিতৰত স্থান লাভ কৰিছে। ২০২২ চনৰ ডব্লিউ টি এ ফাইনেলত গাৰ্চিয়া একক চেম্পিয়ন হয়।
-
কেৰোলিন ফাৰ্ণকম্ব
কেৰোলিন ফাৰ্ণকম্ব ( Caroline Farncomb) এগৰাকী কানাডিয়ান পেইণ্টাৰ। তেওঁৰ জন্ম ১২ জানুৱাৰী, ১৮৫৯ আৰু মৃত্যু ১৩ নৱেম্বৰ ১৯৫১ চন। তেওঁ অণ্টাৰিঅ'ৰ লণ্ডনত বাস কৰিছিল য'ত তেওঁ মহিলা কলা সংস্থাৰ সম্পাদিকা আছিল আৰু এখন আৰ্ট গেলেৰী আৰম্ভ কৰিবলৈ শ্ৰম দান কৰিছিল, যিটো এতিয়া লণ্ডন মিউজিয়াম হৈ আছে।
-
কেৰোলিনা গোমেজ কোৰিয়া
কেৰোলিনা গোমেজ কোৰিয়া (ইংৰাজী: Carolina Gómez Correa; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, টিভি সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ১৯৯৩ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৪ত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।
-
কেৰ’লিন ব্ৰেইটিংগাৰ
কেৰ’লিন ব্ৰেইটিংগাৰ (জন্ম ৪ মে’ ১৮৫১ চনত কুনজেলচাউত – মৃত্যু ৬ ছেপ্টেম্বৰ ১৯৩২ চনত এছলিংগেনত) এগৰাকী জাৰ্মান চিকিৎসক আছিল যিয়ে ৱুৰ্টেমবাৰ্গৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিগণিত হৈছিল।
-
কেৰ’লিন লুইজ জোচেফিন ওৱেলছ
কেৰ’লিন লুইজ জোচেফিন ওৱেলছ (১৮৫৬ চনৰ আগষ্ট – ১৯৩৯ চনৰ ১৭ মাৰ্চ) কানাডাৰ অণ্টাৰিঅ’ৰ প্ৰথমগৰাকী পেছাদাৰী যোগ্যতাসম্পন্ন মহিলা দন্ত চিকিৎসক। অণ্টাৰিঅ’ৰ মানসিক চিকিৎসালয়ত দন্ত চিকিৎসা সেৱা আগবঢ়োৱা প্ৰথমগৰাকী ব্যক্তিও আছিল আৰু কেৰিয়াৰৰ শেষৰফালে এই প্ৰতিষ্ঠানসমূহত একান্তভাৱে কাম কৰিছিল।
-
কৈইলী দেৱী
কৈইলীদেৱী মাথেমা (নেপালী: कोइलीदेवी माथेमा; প্ৰায় ১৯২৯–২০০৭) নেপালী সংগীত জগতৰ প্ৰথম মহিলা গীতিকাৰ লগতে গায়িকা আৰু সুৰকাৰ। নেপালী ভাষাত তেওঁৰ নাম ‘কৈইলী’ৰ শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে ‘কুলি চৰাই’। সুৰীয়া আৰু মিঠা কণ্ঠৰ বাবে পৰিচিত কুলি চৰাইৰ বৰ্ণনাৰ সৈতে এয়া উপযুক্ত উপমা।
-
কোচিন শ্বিপয়াৰ্ড লিমিটেড
কোচিন শ্বিপয়াৰ্ড লিমিটেড (Cochin Shipyard Limited) বা চমূকৈ CSL হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু মেৰামতি প্ৰতিষ্ঠান। এয়া বিশ্বৰ অতি কমসংখ্যক শ্বিপয়াৰ্ডৰ ভিতৰত অন্যতম, যিয়ে এখন বিমানবাহী যুদ্ধজাহাজ নিৰ্মাণ কৰে।
-
কোটা ৰাণী
কোটা ৰাণী (মৃত্যু ১৩৪৪) কাশ্মীৰৰ হিন্দু লোহাৰা বংশৰ অন্তিম শাসক আছিল। কাশ্মীৰৰ শেষ মহিলা শাসকও আছিল। ১৩২৩ চনৰপৰা ১৩৩৮ চনলৈকে পুত্ৰৰ সংখ্যালঘু কালত ৰিজেণ্ট হিচাপে কাম কৰিছিল আৰু ১৩৩৮ চনৰপৰা ১৩৩৯ চনলৈকে ৰজা হিচাপে শাসন কৰিছিল।
-
কোট্টুক্কাল গুহা মন্দিৰ
কোট্টুক্কাল গুহা মন্দিৰ কেৰালাৰ এক বিখ্যাত হিন্দু মন্দিৰ। মালায়ালম ভাষাত ইয়াক কালত্ৰিক্কোভিল বুলিও জনা যায়। এইটো শিল কাটি নিৰ্মিত স্থাপত্যৰ এটা জীৱন্ত উদাহৰণ। ইয়াক খ্ৰীষ্টীয় ষষ্ঠ আৰু অষ্টম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
কোণ্ডাপল্লি কোটেশ্বৰম্মা
কোণ্ডাপল্লি কোটেশ্বৰম্মা (Kondapalli Koteswarmma; ৫ আগষ্ট, ১৯১৮ – ১৯ ছেপ্টেম্বৰ, ২০১৮) এগৰাকী ভাৰতীয় কমিউনিষ্ট নেত্ৰী, নাৰীবাদী, বিপ্লৱী আৰু লেখিকা আছিল। ১৯১৮ চনত পামাৰুত তেওঁৰ জন্ম হৈছিল।
-
কোথাপল্লী গীতা
কোথাপল্লী গীতা(Kothapalli Geetha; জন্ম: ৪ ফেব্ৰুৱাৰী ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰ প্ৰদেশৰ আৰাকু (লোকসভা সমষ্টি)ৰ এগৰাকী প্ৰাক্তন সংসদ সদস্য।
-
কোমল ওলী
কোমল ওলী (নেপালী: कोमल ओली) (জন্ম ১৬ এপ্ৰিল) এগৰাকী নেপালী বাতৰি পৰিবেশক, ৰেডিঅ' আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব, লোক-গায়িকা, আৰু ৰাজনীতিবিদ। তেওঁ বহু লোক-গীতত কণ্ঠদান কৰিছে।
-
কোয়াল ৰাণা
কোয়াল ৰাণা: Koyal Rana; (জন্ম ৪ জানুৱাৰী ১৯৯৩) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১৪ চনৰ ফেমিনা মিছ ইণ্ডিয়া হিচাপে মুকুট পিন্ধিছিল।
-
কোয়েল পুৰী
কোয়েল পুৰী ( Koel Purie) ৰিনচেট এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক আৰু টেলিভিছন উপস্থাপক।
-
কোলা বুফ
কোলা বুফ হৈছে এজন চুদানী-আমেৰিকান ঔপন্যাসিক। তেওঁ ওমদুৰমান, চুদানত এটা ছুন্নী মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰে। শৈশৱকালত তেওঁ নিজৰ পিতৃ-মাতৃৰ হত্যাকাণ্ড প্ৰত্যক্ষ কৰিছিল। ১৯৭৯ চনত তেওঁক ৱাশ্বিংটন ডি.চি.-ত আফ্ৰিকান-আমেৰিকান পৰিয়ালে দত্তক লয় আৰু ১৯৯৩ চনত তেওঁ আমেৰিকান নাগৰিকত্ব লাভ কৰে।
-
কোৱামে নক্ৰুমা
কোৱামে নক্ৰুমা (ইংৰাজী: Kwame Nkrumah; জন্ম: ২১ ছেপ্তেম্বৰ ১৯০৯ – মৃত্যু: ২৭ এপ্ৰিল ১৯৭২) আছিল ঘানাৰ প্ৰথমজন প্ৰধানমন্ত্ৰী (১৯৫৭–১৯৬০) আৰু প্ৰথম ৰাষ্ট্ৰপতি (১৯৬০–১৯৬৬)। তেওঁ আফ্ৰিকাৰ উপনিবেশবাদ-উত্তৰ যুগৰ অন্যতম প্ৰভাৱশালী নেতা আছিল।
-
কোৱেণ্টিন টাৰাণ্টিনো
কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ।
-
কৌমুদি জোশিপুৰা
কৌমুদি জিনৰাজ জোশিপুৰা (Kaumudi Jinraj Joshipura ) এজন ভাৰতীয় আমেৰিকান মহামাৰী বিজ্ঞানী, জৈৱ পৰিসংখ্যাবিদ, দন্ত চিকিৎসক, আৰু বিজ্ঞানী। তেওঁ হাৰ্ভাৰ্ডৰ টি.এইচ. তেওঁ এজন সহকাৰী পূৰ্ণ অধ্যাপক।
-
কৌশল্যা (অভিনেত্ৰী)
কবিতা শিৱশংকৰ (জন্ম: ৩০ ডিচেম্বৰ ১৯৭৯), যি সাধাৰণতে কৌশল্যা (তামিল, তেলুগু আৰু কন্নড় চলচ্চিত্ৰ জগতত) বা নন্দিনী (মালয়ালম চলচ্চিত্ৰ জগতত) নামেৰে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
কৌশল্যা ফাৰ্ণাণ্ডো
কৌশল্যা ফাৰ্ণাণ্ডো (ইংৰাজী: Kaushalya Fernando), এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, পৰিচালক, প্ৰযোজক আৰু নাগৰিক কৰ্মী। ফাৰ্ণাণ্ডোৱে ৰাজ্যিক নাট্য মহোৎসৱত পাঁচবাৰকৈ সন্মানীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে। তেওঁ জনপ্ৰিয় নাট্য পৰিচালক প্ৰয়াত সোমলতা চুবাসিংঘেৰ কন্যা।
-
কৌশিকী চক্ৰৱৰ্তী
বিদূষী কৌশিকী চক্ৰৱৰ্তী (জন্ম ২৪ অক্টোবৰ ১৯৮০) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ সংগীত গৱেষণা একাডেমীৰ ছাত্ৰী আৰু পাটিয়ালা ঘৰানাৰ এগৰাকী পৰিৱেশক। তেওঁ তেওঁৰ প্ৰদৰ্শনীত বিশুদ্ধ ধ্ৰুপদী, খেয়াল, দাদৰা, থুমৰি, ভজন আদি ভাৰতীয় সংগীতৰ কেইবাটাও প্ৰকাৰক সামৰি লৈছে।
-
ক্যোকো ফুকাডা
ক্যোকো ফুকাডা (Kyoko Fukada; জন্ম: ২ নৱেম্বৰ ১৯৮২) এগৰাকী জাপানী অভিনেত্ৰী আৰু গায়িকা। তেওঁ হৰিপ্ৰ’ নামৰ সংস্থাটোৰ এগৰাকী শিল্পী। তেওঁ কামিকাজে গাৰ্লছ ছবিৰ বাবে য়োকোহামা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।
-
ক্ল' গ্ৰেচ ম'ৰেট্জ
ক্ল' গ্ৰেচ ম'ৰেট্জ (; জন্ম ১০ ফেব্ৰুৱাৰী, ১৯৯৭) এগৰাকী আমেৰিকান অভিনেত্ৰী। সৰুতে অভিনয় কৰিবলৈ আৰম্ভ কৰে, ভয়ানক ছবি দ্য এমিটিভিল হৰৰ (২০০৫), নাটক ধাৰাবাহিক ডেস্পেৰেট হাউছৱাইভছ (২০০৬–২০০৭), ভয়ানক ছবি দ্য আই (২০০৮), নাটক ছবি দ্য পকাৰ হাউচ (২০০৮), ৰোমান্টিক কমেডী ছবি ৫০০ ডেজ অৱ ছামাৰ (২০০৯), আৰু…
-
ক্লড-ইংগা বাৰবে
ক্লড-ইংগা বাৰবে (ইংৰাজী: Claude-Inga Barbey; জন্ম: ২১ জানুৱাৰী ১৯৬১ – ৩ জানুৱাৰী ২০২৬) এগৰাকী চুইছ কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা আছিল।
-
ক্লডিয়া গোল্ডিন
ক্লডিয়া ডেল গোল্ডিন (Claudia Dale Goldin; জন্ম: ১৪ মে', ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনৈতিক ইতিহাসবিদ আৰু শ্ৰম অৰ্থনীতিবিদ। বৰ্তমান তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ হেনৰী লী অধ্যাপক পদত অধিষ্ঠিত।
-
ক্লডিয়া শ্বেইনবম
ক্লডিয়া শ্বেইনবম পাৰ্ডো (Claudia Sheinbaum) (জন্ম ২৪ জুন ১৯৬২) শ্বেইনবমে ২০১৮ চনৰ পৰা ২০২৩ চনলৈ মেক্সিকো চহৰৰ চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, যি ৰাজ্যৰ ৰাজ্যপালৰ সমতুল্য পদ।