অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খাদিজা আলিবেয়োভা

খাদিজা আলিবেয়োভা (আজাৰবাইজানী: Xədicə Əlibəyova, ১৮৮৪ – ১৯৬১) আছিল এগৰাকী আজাৰবাইজানী শিক্ষাবিদ, জনপ্ৰচাৰক আৰু প্ৰকাশক। তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা সম্পাদক হিচাপে বিশেষভাৱে পৰিচিত। কিছুমান উৎস অনুসাৰে তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞো আছিল।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৬ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

খাদিজা আলিবেয়োভা (আজাৰবাইজানী: Xədicə Əlibəyova, ১৮৮৪ – ১৯৬১) আছিল এগৰাকী আজাৰবাইজানী শিক্ষাবিদ, জনপ্ৰচাৰক আৰু প্ৰকাশক। তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা সম্পাদক হিচাপে বিশেষভাৱে পৰিচিত।১২ কিছুমান উৎস অনুসাৰে তেওঁ আজাৰবাইজানৰ প্ৰথম মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞো আছিল।৩

ব্যক্তিগত জীৱন আৰু পৰিয়াল

খাদিজা সুবহানগুলোভাৰ জন্ম ১৮৮৪ চনত তিবিলিছিত হৈছিল। তেওঁৰ পিতৃ আলাদ্দিন সুবহানগুলিয়েভ তিবিলিছিৰ এগৰাকী সন্মানীয় বুদ্ধিজীৱী ব্যক্তি আছিল আৰু তেওঁ নিজৰ কন্যাৰ শিক্ষাৰ প্ৰতি গভীৰভাৱে আগ্ৰহী আছিল।৪

তিবিলিছি ছোৱালী জিমনেজিয়ামৰপৰা স্নাতক হোৱাৰ পিছত খাদিজাই ট্ৰান্সককেছিয়ান অলগিনস্কি প্ৰসূতি আৰু স্ত্ৰীৰোগ প্ৰতিষ্ঠানত চিকিৎসাবিজ্ঞান অধ্যয়ন কৰে।৫ ১৯০৭ চনত তেওঁ প্ৰখ্যাত আজাৰবাইজানী আইনজীৱী আৰু জনপ্ৰচাৰক মুস্তাফা বে আলিবেয়ভৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩ তেওঁলোকৰ ছয়জন সন্তান আছিল, যাৰ ভিতৰত এজন শিশুকালতে মৃত্যুবৰণ কৰে। বাকি পাঁচজন সন্তানেই উচ্চশিক্ষা লাভ কৰিছিল। তেওঁলোকৰ কন্যা আৰুজিয়া আলিবেয়োভা আজাৰবাইজানৰ প্ৰথম অৰ্থনীতিত ডক্টৰেট লাভ কৰা মহিলা আছিল।৩

কৰ্মজীৱন

বিবাহৰ পিছত খাদিজা আলিবেয়োভা সামাজিক আৰু সাংস্কৃতিক জীৱনত অধিক সক্ৰিয় হৈ উঠে। তেওঁ বাকু মুছলমান মহিলা দানশীল সমাজৰ সদস্য আছিল।৪ তেওঁ আজাৰবাইজানী মহিলাসকলৰ সামাজিক জীৱন আৰু মহিলা সহায় সংগঠনসমূহৰ সৈতে গভীৰভাৱে জড়িত আছিল।

১৯১১ চনৰ ২২ জানুৱাৰীত বাকুত আজাৰবাইজানৰ প্ৰথম মহিলা সংবাদপত্ৰ ইশিগ প্ৰকাশ পায়, যাৰ সম্পাদক আছিল খাদিজা আলিবেয়োভা আৰু প্ৰকাশক আছিল মুস্তাফা বে আলিবেয়ভ।৪ সংবাদপত্ৰখনৰ সম্পাদক আৰু লেখকসকল প্ৰধানকৈ মহিলা আছিল। প্ৰথম সংখ্যাত আলিবেয়োভাই উল্লেখ কৰিছিল যে সংবাদপত্ৰখনৰ মুখ্য উদ্দেশ্য হৈছে ‘‘মহিলাৰ শিক্ষাৰ জৰিয়তে সামগ্ৰিক উন্নয়নত অৰিহণা যোগোৱা’’।৬

ইশিগ কাকতখনত তেওঁ ‘‘আমাৰ অধিকাৰ’’ শীৰ্ষক এক শৃংখলাবদ্ধ প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেওঁৰ লেখাসমূহত মহিলা অধিকাৰ, শিক্ষাত অংশগ্ৰহণ, সাংস্কৃতিক আৰু সামাজিক জীৱনত মহিলাৰ ভূমিকা, মহিলা ক্লাব খোলা আৰু স্বাস্থ্য বিষয়ক প্ৰসংগসমূহ গুৰুত্বসহকাৰে তুলি ধৰা হৈছিল।৭ লগতে তেওঁ ‘‘ভাজায়েফে-বেইতিয়্যে’’ (‘‘গৃহস্থালি বিষয়’’) শীৰ্ষক নিয়মীয়া কলামো লিখিছিল। চিকিৎসা বিষয়ক অংশত খাদিজা আৰু আমিনা বাত্ৰিছিনাই নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিল।৫

গৱেষক ৰাগিবা মাম্মাদোভাৰ মতে, সংবাদপত্ৰখন বন্ধ হোৱাৰ আশংকা অনুভৱ কৰি আলিবেয়োভাই ৰাছিয়াৰ সম্ৰাট নিকোলাছ দ্বিতীয়ৰ পত্নী আলেকজান্দ্ৰা ফিওদোৰোভনালৈ অনুমতি বিচাৰি এক আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল আৰু সম্ৰাজ্ঞীয়ে এই অনুৰোধ মঞ্জুৰ কৰিছিল।৪

১৯১২ চনৰ জানুৱাৰীত ইশিগ কাকতৰ ৰক্ষক আকুন্দ মোল্লা ৰুহুল্লাহ মহাম্মদজাদেৰ হত্যাৰ পিছত সংবাদপত্ৰখন তিনিমাহৰ ভিতৰতে বন্ধ কৰিবলগীয়া হয়। ১৯১২ চনৰ ২১ এপ্ৰিলত ইশিগৰ অন্তিম সংখ্যা প্ৰকাশ পায়।৮

১৯১২ চনত খাদিজা আলিবেয়োভাই শাকিলৈ স্থানান্তৰিত হয় আৰু ১৯২০ চনৰপৰা ১৯৪৬ চনলৈ স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কাম কৰে। শাকিত তেওঁ সাক্ষৰতাৰ শ্ৰেণী আৰু মহিলা ক্লাব গঠনতো সক্ৰিয় ভূমিকা লয়।৪ ১৯২৫ চনত বাকু নগৰ কাৰ্যনিৰ্বাহী সমিতিৰ এক যুটীয়া সভাত মহিলাসকলৰ বাবে চিকিৎসা পৰামৰ্শ কেন্দ্ৰ খোলাৰ প্ৰস্তাৱত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে শাকিত চিকিৎসা মহাবিদ্যালয় স্থাপন, প্ৰসূতি বিভাগ গঠন আৰু গ্ৰাম্য অঞ্চলৰ আজাৰবাইজানী ছোৱালীসকলক চিকিৎসা প্ৰশিক্ষণ দিয়াতো তেওঁ বিশেষ ভূমিকা লয়।৩

জীৱনৰ অন্তিম সময়ত তেওঁ পুনৰ বাকুলৈ উভতি আহে আৰু ১৯৬১ চনত তাতেই তেওঁৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ Mahmudova, Nərmin. THIRTY FIRSTS. Khadija Alibeyova (1884 – 1961).. visions.az
  2. ↑ Tahirqızı, Ülviyyə. (2014-04-08). Azərbaycan qadınını azadlığa səsləyən nəşrlər. Xalq Cebhesi
  3. ↑ Hüseynova, Ülkər. (2023-02-04). "İşıq" hayandan gəlir?... 525-ci qəzet. পৃ. 20–21
  4. ↑ Fərəcov, Savalan. (2017-02-01). İlk qadın məcmuəsinin naşiri. Mədəniyyət. পৃ. 14
  5. ↑ Qasımova, Amaliya. (2011-01-29). "İşıq" – qadın azadlığının bayraqdarı. Ayna. পৃ. 19
  6. ↑ МАМЕДОВА, Рагиба. (2014-12-19). Первая женская газета. Газета "Каспий"
  7. ↑ (2004). Encyclopedia of the Azerbaijan Democratic Republic. Lider. পৃ. 366
  8. ↑ Elmira Ələkbərova. (2021-04-22). Işıq-110. Azərbaycan Respublikası Prezidentinin İşlər İdarəsinin Siyasi Sənədlər Arxivi

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাদিজা আলিবেয়োভা” প্ৰবন্ধৰ সংশোধন ৫৭৩৯৭১ (৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।