অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গজমান নোনা

ডোনা ইচাবেলা কোৰানেলিয়া (Donna Isabella Koraneliya; ১০ মাৰ্চ ১৭৪৬-১৫ ডিচেম্বৰ ১৮১৫) বা গজমান নোনা মাতৰ যুগৰ শ্ৰীলংকাৰ এগৰাকী কবি। তাৎক্ষণিকভাৱে সিংহলী ভাষাত কবিতা সৃষ্টি কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিখ্যাত আছিল।

হালনাগাদ: ২ মে’ ২০২৬ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ডোনা ইচাবেলা কোৰানেলিয়া (Donna Isabella Koraneliya; ১০ মাৰ্চ ১৭৪৬-১৫ ডিচেম্বৰ ১৮১৫) বা গজমান নোনা মাতৰ যুগৰ শ্ৰীলংকাৰ এগৰাকী কবি। তাৎক্ষণিকভাৱে সিংহলী ভাষাত কবিতা সৃষ্টি কৰাৰ ক্ষমতাৰ বাবে তেওঁ বিখ্যাত আছিল।

শৈশৱ

ডন ফ্ৰান্সিস্কো সেনাৰত্ন কুমাৰা পেৰুমল আৰু ফ্ৰেঞ্চিনা জেচেন্তু গ্ৰেভৰ দ্বিতীয় কন্যা হিচাপে তেওঁ চিলনৰ কোল্লুপিটিয়াত জন্মগ্ৰহণ কৰিছিল।১ বাম্বালাপিতিয়াৰ মিলাগিৰিয়াৰ ছেইণ্ট পল গীৰ্জাত গজমান ডোনা ইচাবেলা কোৰানেলিয়া হিচাপে বাপ্তিষ্ট হৈ‍ছিল।২ দেউতাকে ৰজকৰীয়া কৰি থকাৰ বাবে তেওঁক বেলিয়াট্টা কাহৱট্টালৈ অনা হৈছিল।৩ তেওঁ মাটাৰাৰ ৱেৰাগাম্পিতাত ডাঙৰ-দীঘল হৈছিল। তাত তেওঁৰ পিতৃয়ে থোম্বু আৰাচ্চি (ভূমি পঞ্জীয়নৰ দায়িত্বত থকা বিষয়া) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ তেওঁৰ পিতৃ গজমান আৰাচ্চি নামেৰে পৰিচিত হৈছিল। সেয়ে মাতৃৰ মৃত্যুৰ পিছত তেওঁ গজমান নোনা (লেডি গজমান) উপাধিটো উত্তৰাধিকাৰী সূত্ৰে‍ লাভ কৰিছিল।৪

শিক্ষা

নিজৰ পৰিয়ালৰ লগতে তেওঁ মিলাগিৰিয়া গীৰ্জা বিদ্যালয় (বৰ্তমান ছেইণ্ট পলছ গাৰ্লছ স্কুল নামেৰে জনাজাত)ৰ পৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।

মাটাৰালৈ যোৱাৰ পিছতেই সাহিত্যৰ বিষয়ে অধিক অধ্যয়ন কৰিবলৈ তেওঁ ৱেৰাগম্পিতা মন্দিৰলৈ গৈছিল। সেই সময়ত মহিলাসকলক মন্দিৰত পঢ়া-শুনা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। সেয়ে তেওঁ ল'ৰাৰ ছদ্মবেশ ধৰিছিল আৰু কোৰাটোথা ধৰ্মৰামা থেৰোৰ অধীনত শিক্ষা লাভ কৰিছিল। ইয়াতেই তেওঁ কবিতা লিখাৰ কলা আয়ত্ত কৰিছিল।৪

কাম-কাজ

কম বয়সতে তেওঁৰ প্ৰতিভা প্ৰতিভাত হৈছিল। কোনোবাই যেতিয়া তেওঁৰ পানীৰ পাত্ৰ লুকুৱাই ৰাখিছিল, তেওঁ তেতিয়া এই সিংহলী কবিতাটো লিখিছিলঃ ৩ সিংহলী ভাষাত কবিতাটো এনেধৰণৰ -

පුංචි රුවන් පුංචි රුවන් පුංචි කලේ

වතුර අරන් ළිඳ උඩ තිබූවාය කලේ

අට පහ නොදන්නා ජඩයෙකි මේක කලේ

ගෙදර යන්න දෙනවාද මගේ පුංචි කලේ

Little golden pot, filled with water (সৰু সোণৰ পাত্ৰ, পানীৰে ভৰা) And left on the edge of the well, (আৰু কুঁৱাৰ দাঁতিত এৰি থৈ গ’ল,) The one who hid it is a scoundrel who can't count to five or eight! (লুকুৱাই ৰখাজন পাঁচ বা আঠলৈকে হিচাপ কৰিব নোৱাৰা এটা কুণ্ডলী!) Will you give back my little pot, so that I can go home? (মোৰ সৰু পাত্ৰটো ঘূৰাই দিবনে, যাতে মই ঘৰলৈ যাব পাৰো?)
— ইংৰাজী অনুবাদ৫

তেওঁৰ কবিতা আৱেগিক গভীৰতা, গীতিমূলক সৌন্দৰ্য্য আৰু সামাজিক ভাষ্যৰ বাবে বিখ্যাত। তেওঁ প্ৰায়ে প্ৰেম, প্ৰকৃতি আৰু তেওঁৰ সমসাময়িক সামাজিক বিষয়সমূহক কবিতাত ঠাই দিছিল। তাৰে কিছু কবিতা আছিল শক্তিশালী,কঠোৰ আৰু ব্যংগাত্মক। তেওঁৰ কবিতাত এক শক্তিশালী হাস্যৰসৰ অনুভূতিৰো প্ৰকাশ ঘটিছিল। তেওঁৰ সুপৰিচিত ৰচনাসমূহৰ ভিতৰত উল্লখযোগ্য - গজমান কবি, ২০৬টা শ্লোক সন্নিৱিষ্ট দেদি ছোকা মালয়, ডেনিপিটিয়ে নুগা ৰুকা ভানুমা (ডেনিপিটিয়াৰ বটগছজোপা) আৰুজন ডি'য়লীৰ প্ৰতি কৰা কাব্যিক আৱে‍দন।

ব্যক্তিগত জীৱন.

মাৰ্জিত আৰু আকৰ্ষণীয় হোৱাৰ বাবে গজমান নোনাই বহুতো সম্ভ্ৰান্ত লোকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বহু পুৰুষে পাণি গ্ৰহণ কৰিব বিচাৰিছিল যদিও তেওঁ কবিতাৰ জৰিয়তে তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল। ৰত্নপুৰ জিলাৰ এলাপথ মুদালিয়াৰৰ সৈতে তেওঁৰ ঘনিষ্ঠ কাব্যিক সম্পৰ্ক আছিল। এলাপথ মুদালিয়াৰ ধম্মৰামা থেৰোৰো ছাত্ৰ আছিল।৬

কম বয়সতে তেওঁ থালপে মেৰেনচেগেই গাৰাদিয়া আৰাচ্চীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭ গজমান নোনাক প্ৰায় নিঃস্ব কৰি তেওঁৰ মৃত্যু হৈছিল।৮ বহু বছৰৰ পিছত, তেওঁ হেণ্ড্ৰিক ছিৰিৱাৰ্ডেনা ৱিজায়া ৱিমালচেকেৰাৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হৈছিল, সেইজনৰো মৃত্যু হৈছিল। দুয়োজন পতিৰ পক্ষৰ চাৰিজন পুত্ৰৰ সৈতে তেওঁ বিধৱা হৈ পৰিছিল।৯ তেওঁ কবিতা লিখি আৰু কবিতা শিকোৱাৰ জৰিয়তে উপাৰ্জন কৰিছিল। সময়ৰ লগে লগে তেওঁৰ সন্তানসকলৰো মৃত্যু হৈছিল। তেওঁৰ সন্তানৰ অকাল মৃত্যুৱে তেওঁক দুখিত আৰু নিঃস্ব কৰি তুলিছিল। সেয়েহে, তেওঁ মাটাৰাত তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ এজেণ্টলৈ কবিতাৰে‍ এক আৱে‍দন লিখিছিল। ছাৰজন ডি'অলি, যি তেওঁক এডোখৰ মাটি উপহাৰ দিছিল (নিণ্ডাগামা) আৰু ইয়াক নোনাগামা নামেৰে নামকৰণ কৰা হৈছিল। নোনাগামাই তেওঁক আৰু তেওঁৰ ভাই-ভনীসকলক শান্তিৰে‍ জীয়াই থাকিবলৈ সহায় কৰিছিল।৪ ১৮১৪ চনৰ ১৫ ডিচেম্বৰত ৫৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

উত্তৰাধিকাৰ

গজমান নোনাকক প্ৰায়েই শ্ৰীলংকাৰ ইতিহাসৰ এগৰাকী আগশাৰীৰ মহিলা কবি হিচাপে গণ্য কৰা হয়। তেওঁৰ ৰচনাসমূহৰ সাহিত্যিক মূল্য আৰু তেওঁৰ সময়ৰ সংস্কৃতি আৰু সমাজৰ প্ৰতি থকা অন্তৰ্দৃষ্টিৰ বাবে অধ্যয়ন আৰু প্ৰশংসা কৰা হৈছে। তেওঁৰ এটি প্ৰতিমূৰ্তি নিণ্ডগামাৰ আম্বালানটোটা নোনাগামা জংচন (গজমান নোনাৰ পৰা উদ্ভৱ হোৱা নাম)ত অৱস্থিত। ৰূপবাহিনীৰ দ্বাৰা সম্প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক গজমান নোনাত তেওঁৰ জীৱন কাহিনী বৰ্ণনা কৰা হৈছিল। তেওঁৰ প্ৰতিকৃতিখন বসন্তী চথুৰাণীয়ে কৰিছিল। কৰুণাৰত্ন দিভুলগানে আৰু ইয়োহানীৰ দৰে শ্ৰীলংকাৰ শিল্পীসকলে তেওঁৰ বিষয়ে গীত ৰচনা কৰিছিল৷

তথ্যসূত্ৰ

  1. ↑ (19 December 2010). http://archives.sundayobserver.lk/2010/12/19/fea07.asp
  2. ↑ (16 December 2019). http://www.dailynews.lk/2019/12/16/features/205722/poetess-ruhuna
  3. ↑ Gooneratne, Brendon; Goonaratne, Yasmine. (1999). This Inscrutable Englishman (Sir John D'Oyly 1774–1824). Bloomsbury Academic. পৃ. 82. ISBN 0-304-70095-9
  4. ↑ Gajaman Nona was famous for writing and reciting impromptu Sinhala poetry known as “Situvankavi” or “Hitivankavi”.
  5. ↑ Senadhira, Shireen. (10 June 2012). Gajaman Nona and Emily Bronté. Sunday Observer
  6. ↑ (26 December 2012). Gajaman Nona
  7. ↑ LankaWeb – Gajaman Nona – the plight of a Poetess
  8. ↑ Gajaman Nona
  9. ↑ LankaWeb – Gajaman Nona – the plight of a Poetess

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজমান নোনা” প্ৰবন্ধৰ সংশোধন ৬০৩৮৮৩ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।