খুৰমান গাচিমোভা(:Khuraman Gasimova, আজাৰবাইজানী: জুৰাম কাছিমোভা) এগৰাকী আজাৰবাইজান অপেৰা গায়িকা (ছ’প্ৰানো) আৰু অভিনেত্ৰী।১ছ'প্ৰানো (ইটালীয় উচ্চাৰণ: [soˈpraːno]) হৈছে একপ্ৰকাৰৰ ধ্ৰুপদী গায়কী কণ্ঠ যাৰ কণ্ঠৰ পৰিসৰ সকলো ধৰণৰ কণ্ঠৰ ভিতৰত সৰ্বোচ্চ।
জীৱন আৰু কেৰিয়াৰ
১৯৫১ চনৰ ৬ জুনত আজাৰবাইজানৰ পূৰ্বৰ ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকৰ ৰাজধানী বাকুত খুৰমান গাচিমোভাই জন্মগ্ৰহণ কৰিছিল। ১৯৭৫ চনত বাকু একাডেমী অৱ মিউজিকৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৬ চনৰপৰা খুৰমান আজাৰবাইজান ষ্টেট একাডেমিক অপেৰা আৰু বেলেট থিয়েটাৰৰ এগৰাকী একক শিল্পী হিচাপে কৰ্মৰত আছিল। তেওঁৰ অপেৰা ৰিপাৰ্টৱাইৰত আজেৰবাইজানী সংগীতকাৰ ফিক্ৰেত আমিৰভ আৰু উজেইৰ হাজিবেৱভৰ আধুনিক অপেৰা-কৰ্মসমূহো অন্তৰ্ভুক্ত কৰা হৈছে॥
ষ্টেণ্ডাৰ্ড অপেৰা জীৱনত তেওঁ ‘লা বহেম’ অপেৰাৰ মিমি আৰু মুছেট্টা, ‘অটেলো’ অপেৰাত দেশদেমোনা, ‘আইডা’ৰ অপেৰাত আইডা, আৰু ‘ইউজিন অনেগিন’ৰ অপেৰাত তাতিয়ানা আদি ভূমিকাত অভিনয় কৰিছে।
ছাত্ৰী অৱস্থাত পৰাই খুৰমানেদ্য লিফ্ট অপাৰেটৰ গাৰ্ল, বাট আই ৱাজ নট বিউটিফুল আৰু দ্য লাইফ এগজামিনছ আছ আদি ছবিত অভিনয় কৰিছিল। কিন্তু পিছলৈ তেওঁ গায়িকা হিচাপেহে বেছি সফলতা লাভ কৰিবলৈ ধৰিলে।২
১৯৯৬ চনৰপৰা খুৰমান ইস্তানবুল বিশ্ববিদ্যালয় ষ্টেট কনজাৰ্ভেটৰীৰ এগৰাকী অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।৩ খুৰমান গাচিমোভাৰ বায়েক ফিদান গাচিমোভাও এগৰাকী সুপৰিচিত গায়িকা আৰু আজাৰবাইজান পিপলছ আৰ্টিষ্ট আছিল; তেওঁলোকে আজাৰবাইজান আৰু বিদেশত একেলগে বহুতো অনুষ্ঠান পৰিৱেশন কৰিছিল। ২০০৭ চনৰ অক্টোবৰ মাহত গাচিমোভা ভগ্নীদ্বয়ৰ শেষৰটো কনচাৰ্টৰ এটা মস্কো কনজাৰ্ভেটৰীত অনুষ্ঠিত হৈছিল।৪
সন্মান আৰু উপাধি
১৯৮১ চনত এথেন্সত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অপেৰা প্ৰতিযোগিতা মাৰিয়া কালাছ গ্ৰেণ্ড প্ৰিক্সত গাচিমোভাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল৫
১৯৮৮ চনত অষ্টম আন্তঃৰাষ্ট্ৰীয় চাইকোভস্কি প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। এই আন্তঃৰাষ্ট্ৰীয় চাইকোভস্কি প্ৰতিযোগিতা হৈছে এখন শাস্ত্ৰীয় সংগীত প্ৰতিযোগিতা, যি প্ৰতি চাৰিবছৰ অন্তৰে অন্তৰে ১৯ ৰপৰা ৩২ বছৰ বয়সৰ গায়ক-গায়িকাৰ লগতে পিয়ানিষ্ট, ভায়োলিনবাদক আৰু চেলোবাদকৰ বাবে আয়োজিত হয়। এই অনুষ্ঠান ৰাছিয়াৰ মস্কো আৰু চেণ্ট পিটাৰ্সবাৰ্গত অনুষ্ঠিত হয়। ১৯৮৬ চনত তেওঁৰ সৃষ্টিশীল কৃতিত্বৰ বাবে আজাৰবাইজানৰ পিপলছ আৰ্টিষ্ট উপাধিৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰি তেওঁক কলা বিষয়ৰ বিশেষ পাৰদৰ্শিতাৰ বাবে আজাৰবাইজান গণৰাজ্যৰ ৰাজ্যিক বঁটা আৰু চোভিয়েতৰ বাৰ্ষিক লেনিন কমছমল বঁটাৰে সন্মানিত কৰা হৈছিল। ২০১১ চনৰ ৩ জুনত আজাৰবাইজানৰ ৰাষ্ট্ৰপতিয়ে তেওঁক আজেৰবাইজান গণৰাজ্যৰ অতি সন্মানীয় পদক শ্বেৰেফ অৰ্ডাৰ অৰ্থাৎ(অৰ্ডাৰ অৱ গ্ল'ৰী)উপাধিৰে ভূষিত কৰে।৬৭৮৯
ফিল্মগ্ৰাফী
- ফ্ৰম হাৰ্ট টু হাৰ্ট (২০০৭)
- মায়েষ্ট্ৰ' নিয়াজী (২০০৭)
- ফিল্ম ডাইৰেক্টৰ হাছান ছেইদবেইলি (২০০২)
- আৱাৰ ছ'ৰ'...আৱাৰ প্ৰাইড (১৯৯৮)
- ৰিং (১৯৯৫)
- কনষ্ট্ৰাক্টৰছ অৱ দ্য ফিউচাৰ (১৯৮২)
- লেণ্ড অৱ মিউজিক (১৯৮১)
- উজেইৰচ লাইফ (১৯৮১)
- দ্য লাইফ এগজামিনছ আছ (১৯৭২)
- বাট আই ৱাচ নট বিউটিফুল (১৯৬৮)
- জিপ্সী গাৰ্ল (১৯৬৬)
তথ্যসূত্ৰ
- ↑ Xuraman Əkrəm qızı Qasımova. BMA
- ↑ Хураман Касимова. kino-teatr.ru
- ↑ Great Music Figures — Singers. azerbaijan.az
- ↑ Iki minilliyin səsləri
- ↑ Fidan və Xuraman Qasımovalar
- ↑ Хураман Касимова награждена орденом "Шараф". kino-news.day.az
- ↑ Хураман Касимова. kino-teatr.ru
- ↑ Хураман Касимова награждена орденом "Шараф". 1news.az
- ↑ Xuraman Qasımova "Şərəf" ordeni ilə təltif edilib. trend.az
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুৰমান গাচিমোভা” প্ৰবন্ধৰ সংশোধন ৫৬০৪০৯ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।