খুজিস্তা আখতাৰ বানু (Khujista Akhtar Banu) ১৯ শতিকাৰ শেষৰ ফালে এগৰাকী সাহিত্যিক, বঙালী সমাজবাদী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক। খুজিস্তা আছিল ১৮৮৭ চনত ছিনিয়ৰ কেম্ব্ৰিজৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা।১ ইয়াৰ উপৰিও কলিকতা বিশ্ববিদ্যালয়ে পৰীক্ষক হিচাপে নিযুক্তি দিয়া প্ৰথমগৰাকী ভাৰতীয় মহিলা। তেওঁ বংগৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুছেইন শ্বহীদ চুহৰাৱাৰ্ডীৰ মাতৃ আছিল।২
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৮৭২ চনত বংগৰ বিখ্যাত ছুহৰাৱাৰ্ডী পৰিয়ালত উবৈদুল্লাহ আল উবাইদি ছুহৰাৱাৰ্ডি আৰু তেওঁৰ পত্নী মাকবুলান নিছা বেগমৰ জ্যেষ্ঠ কন্যা হিচাপে খুজিস্তাই জন্মগ্ৰহণ কৰিছিল৷ এইদৰে তেওঁ শ্বিহাব আল-দিন উমৰ আল-ছুহৰাৱাৰ্ডি আৰু বাহাউদ্দিন জাকাৰিয়া চুহৰাৱাৰ্ডিৰ প্ৰত্যক্ষ বংশধৰ আছিল। খুজিস্তাৰ দাদা শ্বাহ আমিনুদ্দিন চুহৰাৱাৰ্ডীক বংগৰ চুহৰাৱৰ্দিয়া অৰ্ডাৰৰ শেষ চুফী পীৰ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃসকলৰ ভিতৰত আব্দুল্লা আল-মামুন চুহৰাৱাৰ্ডি আৰু হাছান চুহৰাৱাৰ্ডী অন্যতম।৩
পৰিয়ালৰ বহু মহিলা পূৰ্বপুৰুষৰ দৰে তেওঁৱো প্ৰথম বছৰবোৰত ঘৰতে পঢ়া-শুনা কৰিছিল৷ কাৰণ, সেই সময়ত ছোৱালীৰ স্কুল খোলা নাছিল। দেউতাকৰ পৰা পাৰ্চী, আৰবী, ইংৰাজী আৰু উৰ্দু ভাষা শিকিছিল। পিছলৈ ১৮৮৭ চনত ভাৰতীয় পৰীক্ষা ব'ৰ্ডৰ পৰা গণিত আৰু পাৰ্চী সাহিত্যত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে।৩কেম্ব্ৰিজৰ ছিনিয়ৰ পাঠ্যক্ৰম শেষ কৰাৰ পিছত তেওঁক কলিকতা বিশ্ববিদ্যালয়ে উৰ্দু সাহিত্যৰ পৰীক্ষক হিচাপে নিযুক্তি দিয়ে৷ সেই সময়ত তেওঁৱেই একমাত্ৰ ভাৰতীয় মহিলা, যি এই সন্মান লাভ কৰিছিল।১
কৰ্মজীৱন
খুজিস্তা ভাৰতীয় জনসাধাৰণক শিক্ষিত আৰু উন্নীতকৰণৰ বাবে দৃঢ়প্ৰতিজ্ঞ আছিল, সেয়েহে তেওঁ সামাজিক কামৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। লেখিকা হিচাপে তেওঁ বিখ্যাত গ্ৰন্থ "আইনা ই ইব্ৰাত" লিখিছিল, যিখন কলিকতা বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰিছিল আৰু ইয়াৰ সকলো সংযুক্ত কলেজৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল।৪৫
খুজিস্তা এগৰাকী মহিলা অধিকাৰ কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰিছিল, তেওঁ মহিলা শিক্ষাৰ এগৰাকী প্ৰবল সমৰ্থক আছিল।৬১৯০৯ চনত তেওঁ কলিকতাত চুহৰাৱাৰ্ডিয়া গাৰ্লছ স্কুল প্ৰতিষ্ঠা কৰে৷ ভাৰতৰ প্ৰাক্তন ভাইচৰয় গিলবাৰ্ট ইলিয়ট-মাৰে-কিননমাউণ্ড, মিণ্টোৰ প্ৰথম আৰ্ল লৰ্ড মিণ্টো নামেৰে বেছি পৰিচিত লেডী মিণ্টো আন্না মাৰিয়া আম্যাণ্ডে এই বিদ্যালয়খন উদ্বোধন কৰে।১৭
খুজিষ্টাই দৰিদ্ৰসকলৰ প্ৰতি সহানুভূতিশীল আছিল আৰু সেয়েহে সেই সময়ত কলেৰা আৰু ইনফ্লুৱেঞ্জাৰ দৰে মহামাৰীৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অসুবিধাগ্ৰস্ত লোকসকলক স্বাস্থ্য আৰু অনাময়ৰ বিষয়ে জ্ঞান দিবলৈ অতি সঘনাই বস্তিবোৰলৈ গৈছিল।৩
মৃত্যু
১৯১৯ চনৰ ১২ জানুৱাৰীত কলিকতাৰ এটা বস্তিলৈ যোৱাৰ সময়ত ইনফ্লুৱেঞ্জা ৰোগত আক্ৰান্ত হোৱাৰ পিছত খুজিষ্টাৰ মৃত্যু হয়।৮
তথ্যসূত্ৰ
- ↑ Khan, Waqar A. (2020-11-09). The Unforgettable Suhrawardys of Bengal. The Daily Star
- ↑ Individual: SUHRAWARDY - Search the Genealogy Library. Geneanet
- ↑ Amin, Sonia Nishat. (1996-01-01). Rise of Formal Education. Brill. ISBN 978-90-04-49140-3
- ↑ tipu sultan grandson. www.thedronemission.co.za
- ↑ Amin, S. N. (1996). The World of Muslim Women in Colonial Bengal, 1876-1939. BRILL. ISBN 978-90-04-10642-0
- ↑ Niaz, Zakia Soman, Dr Noorjehan Safia. (2020-07-29). Indian Muslim Women's Movement: For Gender Justice and Equal Citizenship. Notion Press. ISBN 978-1-64919-987-4
- ↑ Amin, S. N. (1996). The World of Muslim Women in Colonial Bengal, 1876-1939. BRILL. ISBN 978-90-04-10642-0
- ↑ Amin, S. N. (1996). The World of Muslim Women in Colonial Bengal, 1876-1939. BRILL. ISBN 978-90-04-10642-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খুজিস্তা আখতাৰ বানু” প্ৰবন্ধৰ সংশোধন ৪৯১১০২ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।