খালীদ হোছেইনি এগৰাকী আফগান তথা আমেৰিকান শৰনাৰ্থী সাহিত্যিক, চিকিৎসক আৰু সমাজসেৱক।
প্ৰাৰম্ভিক জীৱন
খালীদ হোছেইনি জন্ম হৈছিল আফগানিস্তানৰ কাবুলত, ১৯৬৫ চনৰ মাৰ্চ মাহৰ ৪ তাৰিখে। পিতৃ-মাতৃৰ পাঁচোটা সন্তানৰ ভিতৰত হোছেইনি হ'ল জ্যেষ্ঠ। তেখেতৰ পিতৃ আছিল আফগান বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী কূটনীতিবিদ আৰু মাতৃয়ে কাবুলৰ এখন হাই স্কুলত ফাৰ্চী আৰু বুৰঞ্জী পঢ়াইছিল। ১৯৭৬ চনত বৈদেশিক মন্ত্ৰণালয়ে সুৰক্ষাৰ স্বাৰ্থত হোছেইনিৰ পৰিয়ালক পেৰিছলৈ স্থানান্তৰ কৰিছিল। ১৯৮০ চনত তেখেতলোক কাবুললৈ ঘূৰি আহিবলৈ সাজু হৈছিল, কিন্তু সেই সময়তে গৃহভূমি আফগানিস্তানত এক ৰক্তাক্ত কমিউনিষ্ট ৰাজ্যবিপ্লৱ আৰু ছোভিয়েট সেনাৰ আক্ৰমণ সংঘতিত হৈছিল। ফলত হোছেইনিয়ে জনোৱা আৱেদনৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰই তেখেতক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে আৰু ১৯৮০ চনৰ চেপ্তেম্বৰ মাহত তেখেতলোক কেলিফ'ৰ্ণিয়াৰ ছেন্ জ'চলৈ গুছি যায়। পত্নী শ্ৰীমতী ৰ'য়া আৰু দুই সন্তান ক্ৰমে হৰিশ আৰু ফাৰাহৰ সৈতে হোছেইনি দম্পতী সম্প্ৰতি উত্তৰ কেলিফৰ্ণিয়াৰ বাসিন্দা।
শিক্ষা জীৱন
১৯৮৪ চনত হোছেইনি হাই স্কুলৰপৰা graduate হৈ Santa Clara বিশ্ববিদ্যালয়ত ভৰ্তি হৈছিল, য'ৰপৰা ১৯৮৮ চনত তেখেতে জীৱবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পাছৰ বছৰত San Diego-ৰ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ School of Medicine-ত ভৰ্তি হৈছিল, য'ৰপৰা ১৯৯৩ চনত তেখেতে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিছিল। লছ এঞ্জেলছৰ Cedars-Sinai medical center-তাৰিখে তেওঁৰ residency সম্পূৰ্ণ কৰিছিল। ১৯৯৬ৰ পৰা ২০০৪ ৰ ভিতৰত তেখেত এজন practising internist হিচাপে তাত কৰ্মৰত আছিল।
সাহিত্যিক জীৱন
চিকিৎসা বৃত্তিত থাকোঁতেই, ২০০১ চনৰ মাৰ্চ মাহত তেখেতৰ প্ৰথমখন উপন্যাস The Kite Runner-ৰচনাৰ কাম আৰম্ভ কৰিছিল। Riverhead Books-ৰ দ্বাৰা ২০০৩ চনত প্ৰকাশিত হোছেইনিৰ এই প্ৰথমখন উপন্যাসেই আন্তৰ্জাতিক বজাৰত অভিলেখ সংখ্যক বিক্ৰী হোৱা গ্ৰন্থ হিচাপে পৰিগণিত হৈছিল। একে সময়ত বিশ্বৰ সত্তৰখন দেশত গ্ৰন্থখন বিক্ৰী হৈছিল আৰু New York Times- bestseller-ৰ তালিকাত এশ সপ্তাহতকৈও অধিক সময় একে স্থান অধিকাৰ কৰি আছিল। ২০০৭ চনৰ মে' মাহত, তেখেতৰ দ্বিতীয়খন উপন্যাস A Thousand Splendid Suns প্ৰকাশ পাইছিল আৰু সেইখনেও New York Times bestseller-ৰ তালিকাত পোন্ধৰ সপ্তাহ শীৰ্ষস্থান অধিকাৰ কৰি আছিল আৰু এবছৰতকৈও অধিক কাল bestseller-ৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল। হোছেইনিৰ তৃতীয়খন উপন্যাস And The Mountains Echoed প্ৰকাশ হৈছিল ২০১৩ চনৰ ২১ মাৰ্চত।
সামাজিক জীৱন
২০০৬ চনত হোছেইনিক United Nations Refugee Agency UNHCR Goodwill Envoy নামকৰণ কৰা হৈছিল। UNHCR-ৰ সৈতে আফগানিস্তানলৈ কৰা এটি ভ্ৰমণত উৎসাহিত হৈ কৰি পৰৱৰ্তীকালত তেখেতে প্ৰতিষ্ঠা কৰিছিল The Khaled Hosseini Founda tion, এটা 501(c) nonprofit Foundation, যিটোৱে আফগানিস্তানৰ দুৰ্গত লোকসকললৈ মানবহিতৈষী সাহায্য প্ৰদান কৰে।
তথ্য উৎস
- www.khaledhossein.com
- www.khaledhosseinifoundation.org
- চিলা খেদি ফুৰা সেই ল'ৰাজন (মূলঃ The Kite Runner By KHALED HOSSEINI) অনুবাদঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ বৰঠাকুৰ, বনলতা ডিব্ৰুগড়-১০ গুৱাহাটী-১ ISBN: 978-93-82750-86-4 প্ৰথম সংস্কৰণ: চেপ্তেম্বৰ, ২০১৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খালীদ হোছেইনি” প্ৰবন্ধৰ সংশোধন ৫২৭৫৫৮ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।