খৰ্গেশ্বৰ ভূঞা একাধাৰে সাহিত্যিক, গৱেষক, অধ্যাপক। তেখেতে প্ৰাচীন ধৰ্মশাস্ত্ৰৰ কেতবোৰ চৰিত্ৰ আৰু কাহিনীক অৱলম্বন হিচাপে লৈ ৭খন পুৰাকথাকেন্দ্ৰিক উপন্যাস ৰচনা কৰিছে। বিজ্ঞান,অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়ক অনেক পুথি প্ৰকাশ কৰাৰ লগত বহুকেইখন প্ৰাচীন ধৰ্মশাস্ত্ৰ পুথিৰ সম্পাদনা কৰিছে। তেখেতে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে ২০১১ চনত চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে।
জন্ম আৰু বংশ পৰিচয়
১৯৫১ চনৰ ২৬ জুনত নগাঁও জিলাৰ ৰহাৰপৰা ৫ কিঃমিঃ পশ্চিমৰ দীঘলীঘাট গাঁৱত। পিতৃৰ নাম হৰমোহন ভূঞা আৰু মাতৃৰ নাম বীণা ভূঞা।
শিক্ষা
- প্ৰাথমিক শিক্ষাঃ দীঘলীঘাট প্ৰাথমিক বিদ্যালয়
- মাধ্যমিক শিক্ষাঃ জোঙাল বলহু গড় এম.ই. স্কুল
- উচ্চতৰ মাধ্যমিকঃ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- স্নাতকঃ ১৯৭১ চনত ৰয়াসন বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ অনাৰ্চ সহ নগাঁও মহাবিদ্যালয়ৰপৰা
- ডিপ্লমাঃ ১৯৭৪ চনত উত্তৰ প্ৰদেশৰ চাহৰাণপুৰৰ ইনষ্টিটিউট অৱ পেপাৰ টেকনোলোজীৰ পৰা ডিপ্লমা গ্ৰহণ
- স্নাতকোত্তৰঃ ১৯৭৫ চনত গুৱাহাটী মহাবিদ্যালয়ৰপৰা ৰসায়ন (ভৌতিক ৰসায়ন) বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ
- ডক্টৰেট ডিগ্ৰীঃ ১৯৮৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পলিমাৰ ৰসায়ণ বিষয়ত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ
চাকৰি জীৱন
যোগীঘোপাৰ অশোক কাগজ কলত জুনিয়ৰ টেকনিকেল এক্সকিউটিভ হিচাপে এবছৰ অধিক কাল কৰ্মৰত। তাৰ পাছত কম সময়ৰ বাবে জোঙাল বলহু গড় শ্বহীদ স্মৃতি স্কুল, নগাঁও বালক চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন কলেজিয়েট উচচতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰে। পৰৱৰ্তী সময়ত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত হয়। ইয়াৰ পাছত ১৯৭৭ চনৰ ৭ জুলাইৰপৰা ২০০৪ চনৰ ১৯ নৱেম্বৰলৈ তেখেতে অৰুণাচলৰ জৱাহৰলাল নেহৰু কলেজ, পাছিঘাটত ৰসায়ন বিজ্ঞান বিভাগত প্ৰৱক্তা হিচাপে সোৱা আগবঢ়ায়। ২০০৪ চনত ভূঞাই নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে আৰু ২০১১ চনত সেই মহাবিদ্যালয়ৰপৰাই অৱসৰ গ্ৰহণ কৰে।
সাহিত্য চৰ্চা
উপন্যাস
- যুৱৰাজ, বনলতা প্ৰকাশন১
- যথা দৈৱ তথা জয়, ক্ৰান্তিকাল প্ৰকাশন
- ৰঘুপতি, বনলতা প্ৰকাশন
- কৃষ্ণবিষ্ণো বাসুদেৱ, প্ৰকাশিকা প্ৰকাশন
- স্যমন্তক মণি, মাধৱ ষ্টোৰ
- পাষাণী অহ্যলাৰ খেদ, বহু আনন্দ প্ৰকাশন
- ঘোষা-ঘটোৎকচ, বহু আনন্দ প্ৰকাশন
বিজ্ঞান সম্পৰ্কীয়
- জীৱন কি জীৱন কিয়, বনলতা প্ৰকাশন
- জ্যোৰ্তিবিজ্ঞান, মহাবিশ্বৰ আভাস, বনলতা প্ৰকাশন
- ছাৰ্লছ ডাৰউইনৰ নৌ অভিযান আৰু ক্ৰমবিকাশৰ তত্ত্ব, বনলতা প্ৰকাশন
- ৰহস্যময় পৃথিৱীৰ প্ৰহেলিকা, জ্যোতি প্ৰকাশন
প্ৰাচীন শাস্ত্ৰ সম্পৰ্কীয়
- প্ৰাচীন শাস্ত্ৰত ইতিহাসৰ ৰেঙণি, ক্ৰান্তিকাল প্ৰকাশন
- ধন্য ধন্য কলিকাল, বনলতা প্ৰকাশন২
- চাৰি বেদৰ পৰিচয়, বনলতা প্ৰকাশন৩
- দেৱতা আৰু স্বৰ্গৰ অনুসন্ধানত, জ্যোতি প্ৰকাশন
- গিলগামেচ মহাকাব্য, ক্ৰান্তিকাল প্ৰকাশন
- পঞ্চসতী, বনলতা প্ৰকাশন
- পঞ্চদেৱতা, বনলতা প্ৰকাশন
- ব্ৰহ্মপুৰাণ (অনুবাদ), বনলতা প্ৰকাশন
- কৃষ্ণ যদুমণি, বনলতা প্ৰকাশন
- শকুনিৰ পাশাখেল, বনলতা প্ৰকাশন৪
অন্ধবিশ্বাস-কুসংস্কাৰ বিষয়ক
- অন্ধবিশ্বাসৰ খনি জ্যোতিষ, বনলতা প্ৰকাশন ৫
- বৈজ্ঞানিক দৃষ্টিভংগীৰে জন্ম-আত্মা-জন্মান্তৰবাদ, জ্যোতি প্ৰকাশন৬
- বিশ্বব্ৰহ্মাণ্ড সৃষ্টিত ঈশ্বৰৰ প্ৰয়োজন আছেনে, বনলতা প্ৰকাশন
- বিজ্ঞান, মানুহৰ অস্তিত্ব, অলৌকিকতা আৰু অন্যান্য, সূৰ্য প্ৰিণ্টিং
পাঠ্যপুথি
- Text Book of Foundation Course
- Text Book of Chemistry Practical
- A Text Book of Physical chemistry
তথ্যসূত্ৰ
- ↑ www.scientiabooks.in/product/yuvaraj-যুৱৰাজ-পৰিব link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/dhanya-dhanya-kali- link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/charivedar-parichay link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/sakunir-pashakhel/{ link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/andhabiswasar-khani link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.scientiabooks.in/product/dharmaatma-aru-janm link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰ্গেশ্বৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৬০৩৮৮২ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।