অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

খগেন্দ্ৰ নাথ পাঠক

খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৪ ৫২১ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

খগেন্দ্ৰ নাথ পাঠক (Khagendra nath Pathak)ৰ জন্ম হয় ১৯৩৬ চনত বৰপেটাৰ পাটবাউসীত। পিতৃ অমৃতৰাম পাঠক পাটবাউসী সত্ৰৰ মূল পাঠক আছিল। ১ পিতৃৰ মৃত্যুৰ পিছত বংশ পৰম্পৰা ৰক্ষা কৰি খগেন্দ্ৰ নাথ পাঠকে ১৯৪৮ চনত পাটবাউসী সত্ৰৰ পাঠকৰ দায়িত্ব গ্ৰহণ কৰে। খগেন্দ্ৰ নাথ পাঠক আছিল একাধাৰে পুৰণি পুথি সংগ্ৰাহক, সম্পাদক, লোকগীতৰ শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী শিল্পী হিচাপে কামৰূপী লোকগীত, বৰগীতৰ লগতে ভক্তিমূলক গীত-পদ পৰিৱেশন কৰিছিল।

শিক্ষাজীৱন

পাটবাউসীৰ এল পি স্কুলত পঢ়ি পিছত বৰপেটাৰ সদৰবালক এম ভি স্কুলত পঢ়িছিল। তাৰ পিছত হাউলী নৰ্মাল স্কুলত দশম শ্ৰেণীলৈকে পঢ়িছিল। নৰ্মাল স্কুলত তেওঁ তিনি বছৰীয়া পাঠ্যক্ৰম দুবছৰতে সম্পূৰ্ণ কৰি ৰেকৰ্ড কৰিছিল।

কৰ্মজীৱন

নৰ্মাল পাছ কৰি পাটবাউসী মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। ১৯৫৭ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত হয়। “কিয়নো উপজিলা কৃষ্ণ হে” শীৰ্ষক ভক্তিমূলক গীতটো তেওঁৰ কণ্ঠত ৰেডিঅ’ত বাণীবদ্ধ প্ৰথমটো গীত। ১৯৬২ চনত কলিকতাৰ ‘হিন্দুস্তান মিউজিকেল ভয়চ্‌ বা প্ৰডাক্‌চন’ত চাৰিটা ভক্তিমূলক গীতৰ গ্ৰামোফোন ৰেকৰ্ড কৰিছিল। ভট্টদেৱ বিৰচিত আৰু উমাকান্ত গোস্বামী ৰচিত লোকগীত “আৱে গোপাল”, “শোকে ব্যাকুল”, “গুৰু মোৰ বান্ধ মায়াজালে”, “ও কি নন্দৰাণী” চাৰিটা ভক্তিমূলক গীত গ্ৰামোফোন ৰেকৰ্ড কৰে। ১৯৮৬ চনত গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰ যোগে শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীশ্ৰীদামোদৰদেৱ বিৰচিত ভক্তিমূলক গীত পৰিৱেশন কৰিছিল। ১৯৮১ চনত গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰপৰা প্ৰচাৰিত 'ৰামায়ণৰ সাঙ্গীতিক বিশ্লেষণ' শীৰ্ষক অনুষ্ঠানটো পৰিৱেশন কৰিছিল। তেওঁ অসমৰ বিখ্যাত লোকগীতৰ শিল্পী ৰামেশ্বৰ পাঠক, ধনদা পাঠক তথা বৰগীতৰ গায়ক নৰেন দাস, লোকগীত শিল্পী বসন্ত পাটগিৰি, জয়মতী দেৱী আদি ব্যক্তিসকলক সংগীতৰ শিক্ষা প্ৰদান কৰিছিল। তদুপৰি অসমৰ বিভিন্ন প্ৰান্তৰপৰা অসমীয়া পুৰণি পুথিৰ লগতে সাঁচিপতীয়া পুথি সংগ্ৰহ কৰি সম্পাদনা কৰিছিল। ১৯৭৭চনত বাউসী অঞ্চলৰ ভকত-বৈষ্ণৱ আৰু সাধু-সন্তসকলক একগোট কৰি নিজ গৃহতে ‘বাউসী ভাগৱতী বৈষ্ণৱ সমাজ’ নামেৰে এটা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ স্থাপন কৰিছিল।

সাহিত্যকৃতি

খগেন্দ্ৰ নাথ পাঠকৰ দ্বাৰা সম্পাদিত আৰু সংগৃহীত পুথি

  1. ভাগৱত পদ ৩য় স্কন্ধ: শ্ৰীহৰি আতা বিৰচিত
  2. ভাগৱত পদ ৫ম স্কন্ধ: শ্ৰীহৰি আতা বিৰচিত
  3. কথা ভাগৱত ১১ শ আৰু ১২শ স্কন্ধ ভট্টদেৱ বিৰচিত
  4. কথা ভক্তি ৰত্নাৱলী, ভট্টদেৱ বিৰচিত
  5. বিষ্ণু সহস্ৰ নাম, ভট্টদেৱ বিৰচিত
  6. গীতাৱলীঃ নৱ বৈষ্ণৱ যুগৰ কবিসকলৰ দ্বাৰা ৰচিত
  7. ভক্তি বিবেক, ভট্টদেৱ বিৰচিত, গোৱিন্দ মিশ্ৰ অনূদিত
  8. কথা গীতা, ভট্টদেৱ বিৰচিত
  9. সম্পূৰ্ণ কথা ভাগৱত, ভট্টদেৱ বিৰচিত
  10. ভাগৱত পদ ৭ ম স্কন্ধ, গোপাল মিশ্ৰ কবিৰত্ন বিৰচিত
  11. সাত্ত্বত তন্ত্ৰ
  12. ঘোষা-ৰত্ন, গোপাল মিশ্ৰ কবিৰত্ন
  13. সম্পূৰ্ণ শ্ৰীমদ্ভাগৱত
  14. দামোদৰ ব্যাখ্যান, কৃষ্ণানন্দ
  15. গুৰুলীলা, ৰামৰায় দাস
  16. গীতা সাৰোদ্ধাৰ, পৰশুৰাম দাস (কমলাকান্ত) ৰত্ন পাঠক
  17. কৃষ্ণ চৰিত্ৰ, ৰতিকান্ত পাঠক ৰচিত
  18. বৰগীত, শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত
  19. কামৰূপী লোকগীত, প্ৰাচীন কবি ৰচিত
  20. অসমীয়া লোকগীত
  21. ভক্তি ৰত্নাকৰ, শ্ৰীহৰি আতা (অপ্ৰকাশিত)
  22. দামোদৰদেৱৰ জীৱন চৰিত, খগেন্দ্ৰ নাথ পাঠক, মণি মাণিক প্ৰকাশ, ১৯৮০
  23. বৰপেটা পাটবাউসী সত্ৰৰ বুৰঞ্জী, খগেন্দ্ৰ নাথ পাঠক
  24. কৃষ্ণ সংগীত, খগেন্দ্ৰ নাথ পাঠক
  25. আমাৰ গীত, খগেন্দ্ৰ নাথ পাঠক (অপ্ৰকাশিত)
  26. ৰামায়ণৰ সাঙ্গীতিক আলোচনা (গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত বাণীবদ্ধ)
  27. ভাগৱত ধৰ্ম, সাংগীতিক বিশ্লেষণ
  28. ভক্ত ধ্ৰুৱ, সংগীত বিশ্লেষণ
  29. ভক্ত সুদামা, সাঙ্গীতিক বিশ্লেষণ
  30. অম্বৰিশ চৰিত্ৰ, সাঙ্গীতিক বিশ্লেষণ
  31. ভক্ত প্ৰহ্লাদ, সংগীত বিশ্লেষণ

বঁটা-সন্মান

  • ১৯৮৬ চনত কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই ‘সংগীতৰত্ন’ সন্মানেৰে বিভূষিত কৰে।
  • শ্ৰীশ্ৰীদামোদৰদেৱ বঁটা, ২০১১
  • ২০১৯ চনত বাউসী ভাগৱতী বৈষ্ণৱ সমাজৰ পৰা ‘ভাগৱত ভূষণ’ উপাধি প্ৰদান
  • মহাপুৰুষ দামোদৰদেৱ সাধনা বঁটা, ২০২২
  • কথা সাহিত্য বঁটা, ২০২২

মৃত্যু

১৯৮৬ চনৰ ২৬ অক্টোবৰ তাৰিখে খগেন্দ্ৰ নাথ পাঠকৰ মৃত্যু হয়। ২০১৯ চনৰপৰা তেওঁৰ স্মৃতিত ‘সংগীতৰত্ন খগেন্দ্ৰ নাথ পাঠক স্মৃতিবঁটা’ প্ৰদান কৰা হয়। ২০১৯ চনত প্ৰথম লোকগীতৰ শিল্পী ধনদা পাঠকক এই বঁটা দিয়া হয়। ২০২০ চনত দ্বিতীয় বাৰ এই বঁটা ডিম্বেশ্বৰ দাসক প্ৰদান কৰে। কভিড মহামাৰীৰ বাবে পৰৱৰ্তী সময়ৰ পৰা দুবছৰৰ মূৰত এই বঁটা প্ৰদান কৰা হয়। শেহতীয়াভাৱে ২০২৩ চনত ড° অনিল শইকীয়াক এই বঁটা প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ দীনেশ দাস. (২০২৩). জীৱন পঞ্জীঃ. পৃ. ০২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ লোকশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খগেন্দ্ৰ নাথ পাঠক” প্ৰবন্ধৰ সংশোধন ৪১৯৭২৮ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।