খৌ কে কিম (Khoo Kay Kim, simplified Chinese: 邱继金; traditional Chinese: 邱繼金; Pe̍h-ōe-jī: Khu Ke-kim; pinyin: Qiū Jiājīn; ২৮ মাৰ্চ ১৯৩৭ – ২৮ মে' ২০১৯) এগৰাকী চীনা বংশোদ্ভৱ মালয়েছিয়ান ইতিহাসবিদ আৰু শিক্ষাবিদ আছিল। ২০০১ চনত মালয় বিশ্ববিদ্যালয়ে তেওঁক এমেৰিটাছ অধ্যাপক উপাধিৰে সন্মানিত কৰে। ২০১১ চনৰ জানুৱাৰী মাহত খৌ কেডিইউ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে নিযুক্তি লাভ কৰে।১
তেতিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদে খৌৰ মৃত্যুক দেশৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছিল।২
সংক্ষিপ্ত জীৱনী
১৯৩৭ চনৰ ২৮ মাৰ্চত মালয়েছিয়াৰ পেৰাকৰ কাম্পাৰত খৌ কে কিমৰ জন্ম হয়। তেওঁৰ পিতৃ মাতৃ আছিল চীনৰ পেৰানাকান শিপাৰ। কিমে প্ৰাথমিক শিক্ষাৰ সময়ছোৱাত ৰাতিপুৱা ইংৰাজী বিদ্যালয়ত পঢ়িছিল আৰু তাৰ পিছত বিয়লি চীনা বিদ্যালয়ত পঢ়িবলৈ গৈছিল। মালয় বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ১৯৫৯, ১৯৬৭ আৰু ১৯৭৪ চনত তেওঁ বি এ, এম এ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাপত্ৰৰ শিৰোনাম আছিল The Beginnings of Political Extremism in Malaya 1915-1935 (১৯৭৪), য’ত তেওঁ মালয় বিশ্ববিদ্যালয়ৰ ৰাফেলছ ইতিহাসৰ অধ্যাপক কেনেডি জি ট্ৰেগনিঙৰ তত্ত্বাবধানত কাম কৰিছিল। খৌ আছিল ৰুকুনেগাৰা (নেচনেল প্ৰিন্সিপল)ৰ অন্যতম সহ-লেখক। স্থানীয় ক্ৰীড়া আৰু আৰ্থ-ৰাজনৈতিক বিষয়ৰ ওপৰত তেওঁৰ মতামতৰ বাবে তেওঁক এজন অতিশয় সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষাবিদ ৰূপে শ্ৰদ্ধা যচা হৈছিল।৩
ব্যক্তিগত জীৱন
তেওঁ শ্ৰীৰাথীক বিয়া কৰাইছিল। দম্পতিহালৰ তিনিটি সন্তান আছিল। তেওঁলোক হ’ল; পৰম্পৰাগত কলা আৰু সংস্কৃতিৰ সমৰ্থক এডিন খৌ, ৰুবিন খৌ আৰু নৃত্যশিল্পী মেভিন খৌ। পিতৃ হিচাপে খৌৱে খুব স্বাধীনভাৱে ল’ৰা-ছোৱালীহঁতক ডাঙৰ কৰিছিল। জীৱন গঢ়াত দেউতাকৰ অৱদানৰ বিষয়ে সুঁৱৰি তেওঁ পুত্ৰ ৰুবিন খৌৱে এটি স্মৃতিকথাত লেখিছে;
মোৰ ভাইটিহঁত আৰু মোৰ লালন-পালন খুব উদাৰ ভাৱে হৈছে বুলি জানি বহু লোকে আশ্চৰ্য প্ৰকাশ কৰে। আমাৰ ওপৰত কোনোধৰণৰ বাধা-নিষেধ নাছিল। আমি যিমান বিচাৰো টিভি চাব পাৰিছিলোঁ আৰু বাহিৰত যিকোনো ধৰণৰ জাংক ফুড খাব পাৰিছিলোঁ ৷ পনিটেইল, পিয়েৰ্চিং আৰু টেটু এই সকলোবোৰ ডাঙৰ হোৱাৰ অংশ বুলি গণ্য কৰা হৈছিল।..... আমাৰ কাজিয়াবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰিবা বা জীৱনৰ অন্বেষণ কৰিব নোৱাৰিবা ধৰণৰ সাধাৰণ পিতা-পুত্ৰৰ কাজিয়া নাছিল। বৰঞ্চ আমাৰ মতানৈক্যবোৰ ৰাজনীতি আৰু বিশ্বৰ বিষয়ক কেন্দ্ৰ কৰি বা সঠিক আৰু অনুচিত সম্পৰ্কীয় দাৰ্শনিক বিতৰ্ক আছিল।৪
মৃত্যু
২০১৯ চনৰ ২৮ মে’, মঙলবাৰে পুৱা ইউনিভাৰ্চিটি মালয় মেডিকেল চেণ্টাৰ (ইউএমএমচি), পেটালিং জয়া, চেলাংগৰত ৮২ বছৰ বয়সত খৌৰ মৃত্যু হয়।৫৬
সন্মান
*:

কম্পেনিয়ন অৱ দ্য Order of Loyalty to the Crown of Malaysia (জেএছএম) – (১৯৮৩)৭৮

কমাণ্ডাৰ অৱ দ্য Order of Loyalty to the Crown of Malaysia (পিএছএম) – তান শ্ৰী (২০০৮)৭
- পেৰাক:

নাইট কমাণ্ডাৰ অৱ দ্য Order of the Perak State Crown (ডিপিএমপি) – Dato (১৯৮৭)৭
- চেলাংগৰ:

নাইট কমাণ্ডাৰ অৱ দ্য Order of the Crown of Selangor (ডিপিএমএছ) – Dato (২০০৯)৭
বঁটা আৰু প্ৰশংসা
*:
তেওঁৰ নামেৰে নামকৰণ কৰা ঠাই
২০১৯ চনৰ জুলাই মাহত চেলাংগৰৰ ৰাজ্য চৰকাৰে, চেলাংগৰৰ চুলতান, চুলতান চৰফউদ্দিন ইদ্ৰিছ শ্বাহৰ সহমতত পেটালিং জায়াত থকা জালান চেমানগাত নামটো সলাই খৌৱে জীৱনকালত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ নামত জালান প্ৰফেছৰ খৌ কে কিম ৰাখে।১২
নিৰ্বাচিত গ্ৰন্থপঞ্জী
- দ্য ৱেষ্টাৰ্ণ মালয় ষ্টেটচ্ ১৮৫০-১৮৭৩: দ্য ইফেক্টচ্ অৱ কমাৰ্চিয়েল ডেভেলপমেণ্ট অন মালয় পলিটিক্স (১৯৭২) ১৩১৪১৫
- মালয় চ’ছাইটি: ট্ৰেন্সফৰমেচন এণ্ড ডেমক্ৰেটাইজেচন: আ ষ্টিমুলেটিং এণ্ড ডিচাৰ্ণিং ষ্টাডি অন দ্য ইভল্যুচন অৱ মালয় চ’ছাইটি থ্ৰু দ্য পাচেজ অৱ টাইম (১৯৯১)
- হিজ মেজেষ্টি চুলতান আজলান শ্বাহ (১৯৯১)
- টাইপিং: ইবুকটা পেৰাক (১৯৮১)১৬
- টাইপিং: দ্য ভাইব্ৰেণ্ট য়েৰচ্ (২০০৩) ১৭
- হাণ্ড্ৰেট য়েৰচ্ দ্য ইউনিভাৰচিটি অৱ মালয় (২০০৫)
- আই, কেকেকে: দ্য অট'বায়গ্ৰাফী অৱ আ হিষ্ট’ৰিয়ান (২০১৭) ১৮
তথ্যসূত্ৰ
- ↑ KDU UC's website
- ↑ Dr M conveys condolences, says Dr Khoo's passing a great loss. The Star
- ↑ ejum.fsktm.um.edu.my/article/148.pdf
- ↑ Rubin Khoo. (28 May 2019). A son's personal tribute to historian Prof Tan Sri Dr Khoo Kay Kim. www.optionstheedge.com/
- ↑ Daryl Goh. (28 May 2019). Historian Khoo Kay Kim, 82, passes on from lung failure. The Star Online
- ↑ Beatrice Nita Jay. (28 May 2019). (UPDATE) Historian Khoo Kay Kim passes away. New Straits Times
- ↑ SEMAKAN PENERIMA DARJAH KEBESARAN, BINTANG DAN PINGAT. Prime Minister's Department (Malaysia)
- ↑ Eugene Khoo. (25 November 2012). Khoo Kay Kim 邱家金. Overseas Chinese in the British Empire Blog
- ↑ AAN-Tokoh Akademik Negara-JPT. JPT MOHE
- ↑ (12 November 2017). Building on talent and skill. The Star Online
- ↑ Farhana Joni. (3 September 2018). Kay Kim, Hassan penerima Anugerah Merdeka 2018. Utusan Malaysia
- ↑ (4 July 2019). PJ's Jalan Semangat renamed to Jalan Professor Khoo Kay Kim. New Straits Times
- ↑ Turnbull, C. M. (1973). Review of The Western Malay States 1850-1873. The Effects of Commercial Development on Malay Politics. Journal of Southeast Asian Studies. পৃ. 146–147
- ↑ Winks, Robin W. (1975). Review of The Western Malay States 1850-1873: The Effects of Commercial Development on Malay Politics. Journal of the American Oriental Society. পৃ. 127–128
- ↑ Gray, C. S. (May 1973). The Western Malay States 1850–1873: The Effects of Commercial Development on Malay Politics. By Khoo Kay Kim. Kuala Lumpur: Oxford University Press, 1972. xi, 241 pp. Maps, Genealogies, Bibliography, Index. 15.50. The Journal of Asian Studies. পৃ. 557–558
- ↑ Khoo, Kay Kim. (1994). Teluk Anson (Teluk Intan) 100 tahun. Persatuan Muzium Malaysia
- ↑ Khoo, Kay Kim. (2003). Taiping: The Vibrant Years. Taiping Tourist Association. ISBN 9789832759010
- ↑ Khoo, Kay Kim. (13 April 2017). Excerpt from Khoo Kay Kim's memoir, 'I, KKK'. The Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৌ কে কিম” প্ৰবন্ধৰ সংশোধন ৪৬৩৯৪৮ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।