জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
উন চিঅ’ চান
উন চিঅ’ চান মাকাউৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁৰ কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। তেওঁৰ সাহিত্যিক কৰ্মৰাজিয়ে চীনৰ উদ্বোধনী 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি' আৰু 'হেনৰী লুচ ফাউণ্ডেচন চাইনীজ পয়েট্ৰি ফেল’শ্বিপ'সহ কেইবাটাও সন্মান লাভ কৰিছে।
-
উপাসনা সিং
উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
উপাসনা সিং ঠাকুৰী
উপাসনা সিং ঠাকুৰী (उपासना सिंह ठकुरी) এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ নেপালৰ নৱ প্ৰজন্মৰ মেধাৱী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। তেওঁৰ অভিনয়ৰ নিজস্ব সুকীয়া শৈলী আৰু চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ ক্ষমতা আছে।
-
উপিন্দৰজিৎ কৌৰ
উপিন্দৰজিৎ কৌৰ (Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।
-
উপেন্দ্ৰনাথ বৰ্মন
উপেন্দ্ৰনাথ বৰ্মন ( Upendranath Barman; ১ ডিচেম্বৰ ১৮৯৯ – ৭ ফেব্ৰুৱাৰী ১৯৮৮) এজন ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ পশ্চিম বংগৰ কোচবিহাৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
উভয় ভাৰতী
উভয় ভাৰতী (ইংৰাজী: Ubhaya Bharati) আছিল অষ্টম শতিকাৰ ভাৰতৰ মিথিলা অঞ্চলৰ এগৰাকী ভাৰতীয় মহিলা পণ্ডিত আৰু দাৰ্শনিক। তেওঁ মীমাংসা পণ্ডিত মণ্ডন মিশ্ৰৰ পত্নী আছিল। তেওঁ মণ্ডন মিশ্ৰ আৰু আদি শংকৰাচাৰ্য নামৰ দুই বিশিষ্ট পণ্ডিতৰ মাজত হোৱা দাৰ্শনিক তৰ্কৰ বিচাৰক হিচাপে কাম কৰিছিল।
-
উমা দেৱী বাডী
উমা দেৱী বাডী (:Uma Devi Badi,জন্ম ১৯৬৫) ২০১৭ চনত নিৰ্বাচিত হোৱা নেপালৰ সুদুৰ পাশ্চিম প্ৰদেশৰ প্ৰাদেশিক বিধানসভাৰ সদস্য। তেওঁ এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু বাডী আন্দোলনৰ নেত্ৰী। তেও এই আন্দোলনৰ জৰিয়তে নিজৰ সম্প্ৰদায়ৰ অধিকাৰৰ স্বীকৃতিৰ বাবে সক্ৰিয়ভাৱে প্ৰতিবাদ কৰি আহিছে।
-
উমা ভট্ট
উমা ভট্ট (জন্ম ১৯৫২) এগৰাকী ভাৰতীয় শিক্ষাবিদ, লেখিকা আৰু মহিলাকেন্দ্ৰিক আলোচনী উত্তৰাৰ প্ৰতিষ্ঠাতা-সম্পাদক। তেওঁ নিজৰ গৃহৰাজ্য উত্তৰাখণ্ডৰ ৰাজনৈতিক আৰু সামাজিক বিষয়ত সক্ৰিয়ভাৱে জড়িত।
-
উমা ৰামা ৰাও
কে উমা ৰামা ৰাও (: K. Uma Rama Rao জন্ম উমা মহেশ্বৰী, ৪ জুলাই ১৯৩৮ – ২৭ আগষ্ট ২০১৬) এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, নৃত্য পৰিচালিকা, গৱেষক পণ্ডিত, লেখিকা আৰু নৃত্য শিক্ষয়ত্ৰী।১৯৮৫ চনত ভাৰতৰ হায়দৰাবাদত স্থাপিত লাস্য প্ৰিয়া ডান্স একাডেমীৰ প্ৰতিষ্ঠাপক আৰু পৰিচালিকা আছিল।
-
উমা ৰামাকৃষ্ণণ
উমা ৰামাকৃষ্ণণ(Uma Ramakrishnan) এগৰাকী ভাৰতীয় পৰিস্থিতি বিজ্ঞানী (ecologist)৷ তেওঁ বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ তেওঁৰ গৱেষণাৰ মূল বিষয় হ’ল ভাৰতৰ স্তন্যপায়ী জন্তুৰ সংখ্যাগত আনুবংশিক বিজ্ঞান (population genetics) আৰু ক্ৰমবিৱৰ্ত্তনৰ…
-
উমাকান্ত ৰাজখোৱা
উমাকান্ত ৰাজখোৱা ( Umakanta Rajkhowa) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁৰ জন্ম ১৯০৬ চনৰ ২৯ নবেম্বৰত, মাজুলীৰ জানগুৰি গাওঁত। উমাকান্ত ৰাজখোৱাই ১৯১৮ চনত উত্তৰ লক্ষীমপুৰৰ পৰা ৪ৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিয়ে।
-
উমাদে ভাট্টিয়ানী
উমাদে ভট্টিয়ানী (জন্ম: অজ্ঞাত-মৃত্যু: ১৫৬২ চন) যাক অন্য নাম উমাদেও আৰু উমা দেৱী বুলিও জনা যায়, মাৰৱাৰৰ বিখ্যাত ৰাথোৰ শাসক মালদেও ৰাথোৰৰ পত্নীসকলৰ ভিতৰত অন্যতম পত্নী আছিল। মালদেও ৰাথোৰৰ ৰাজত্ব কাল আছিল ১৫৩০ - ১৫৫১ চন।
-
উমেৰা আহমেদ
উমেৰা আহমেদ (Umera Ahmed) এগৰাকী পাকিস্তানী লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ শ্বেহৰ-ই-জাত, পিৰ-ই-কামিল, জিন্দেগী গুলজাৰ হাই, আলিফ, দুৰ-ই-শ্বেহৱাৰ, ডাম, মান-অ'-চালৱা, কায়েদ-ই-তানহাই, ডাইজেষ্ট ৰাইটাৰ, মাত, কংকৰ, মেৰী জাত জাৰা-ই-বেনিশান, দোৰাহা আৰু হাম কাহান কে সচ্চা থা আদি উপন্যাস আৰু নাটকৰ বাবে…
-
উলাই ট্ৰুডি অটোবেড
উলাই ট্ৰুডি অটোবেড ( Ulai Trudy Otobed) জন্ম: ৩১ ডিচেম্বৰ ১৯৪১ চন এজন পালাউৰ চিকিৎসক। ১৯৬৫ চনত তেওঁ চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী মাইক্ৰ’নেছিয়ান মহিলা হিচাপে পৰিগণিত হয়।
-
উষা কুলশ্ৰেষ্ঠ
উষা কুলশ্ৰেষ্ঠ (জন্ম জুলাই, ১৯৬৪) এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ডিৰাকৰ কোৱাণ্টাম ক্ষেত্ৰ তত্ত্বৰ আৰ্হিৰ তৎক্ষণিক-ৰূপ আৰু পোহৰ-ফ্ৰন্ট কোৱাণ্টাইজেচনত বিশেষজ্ঞ, ষ্ট্ৰিং তত্ত্বৰ আৰ্হি আৰু ডি-ব্ৰেন ক্ৰিয়া হেমিল্টনিয়ান তত্ত্ব প্ৰয়োগ, পথ অখণ্ড আৰু বিআৰএছটি কোৱাণ্টাইজেচন পদ্ধতি ব্যৱহাৰ কৰি,…
-
উষা খড্গী
উষা খড্গী (নেপালী: उषा खड्गी; ইংৰাজী: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল। ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
-
উষা যাদৱ (লেখিকা)
উষা যাদৱ এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমসাময়িক হিন্দী সাহিত্যৰ লেখিকা আৰু পদ্মশ্ৰী বঁটা প্ৰাপক। তেওঁ আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান, ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কানহাইয়ালাল মাণিকলাল মুন্সী হিন্দী প্ৰতিষ্ঠানৰ অনুষদ সদস্য আছিল।
-
উষা শেৰচন
উষা শেৰচন (জন্ম: ২২ আগষ্ট ১৯৫৫) এগৰাকী নেপালী কবি, গীতিকাৰ আৰু লেখিকা। তেওঁ তিনিখন কবিতা সংকলন, এখন চুটি গল্প সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। লগতে তেওঁ পাঁচটা সংগীত এলবামৰ বাবে গীত ৰচনা কৰিছে। তেওঁৰ কবিতা আৰু গল্পসমূহত সামাজিক বিষয় আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়।
-
উষা ৰজক
উষা ৰজক (নেপালী: उषा रजक; জন্ম: ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল, পেষ্ট্ৰি চেফ আৰু ২০০৬ চনৰ ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটিত নেপালৰ প্ৰতিনিধি। ৰজকে মিচেছ নেপাল ইণ্টাৰনেশ্যনেল ২০২১ খিতাপো অৰ্জন কৰিছিল।
-
উৎস পাটনায়ক
উৎস পাটনায়ক (Utsa Patnaik) এজন ভাৰতীয় মাৰ্ক্সীয় অৰ্থনীতিবিদ।১৯৭৩ চনৰ পৰা ২০১০ চনত অৱসৰ লোৱালৈকে তেওঁ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) স্কুল অৱ ছ'চিয়েল ছায়েন্সত চেণ্টাৰ ফৰ ইকনমিক ষ্টাডিজ এণ্ড প্লেনিঙত অধ্যাপনা কৰিছিল। তেওঁৰ স্বামী মাৰ্ক্সীয় অৰ্থনীতিবিদ প্ৰভাত পাটনায়ক।
-
উৰাছায়া স্পাৰবুন্ড
উৰাছায়া স্পাৰবুণ্ড (জন্ম: ১৮ মাৰ্চ ১৯৯৩, সাধাৰণতে ইয়ায়া বুলি জনা যায়) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে দুটা সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, টিভি গোল্ড এৱাৰ্ড, নাটাৰাজ বঁটা আৰু তিনিটা মেখালা বঁটা।
-
উৰ্চুলা কেলাৰ
উৰ্চুলা কেলাৰ ( Ursula Keller; জন্ম: ২১ জুন ১৯৫৯) এগৰাকী চুইজাৰলেণ্ডৰ পদাৰ্থবিজ্ঞানী। ১৯৯৩ চনৰ পৰা তেওঁ চুইজাৰলেণ্ডৰ ই টি এইচ জুৰিখৰ টেন্যুৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা।
-
উৰ্বশী ঢোলকীয়া
উৰ্বশী ঢোলকীয়া (ইংৰাজী: Urvashi Dholakia; জন্ম: ৯ জুলাই ১৯৭৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ধাৰাবাহিক কচৌটী জিন্দগী কে-ত কমোলিকা চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত, যাৰ বাবে তেওঁ পাঁচবাৰকৈ ইণ্ডিয়ান টেলী বঁটা (শ্ৰেষ্ঠ খলনায়িকা) আৰু আইটিএ বঁটা লাভ কৰিছিল।
-
উৰ্বশী বৈদ
উৰ্বশী বৈদ ( ইংৰাজী: Urvashi Vaid; ৮ অক্টোবৰ, ১৯৫৮ – ১৪ মে', ২০২২) এগৰাকী ভাৰতীয়-আমেৰিকান উকীল আৰু লেখিকা। তেওঁ লিংগ আৰু যৌনতা আইন বিশেষজ্ঞ হিচাপে সামাজিক ন্যায়ৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰামৰ্শদাতা আছিল।
-
উৰ্মি বসু
উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
-
উৰ্মিলা ঘিয়া
উৰ্মিলা আগৰৱাল ঘিয়া এগৰাকী ভাৰতীয়-আমেৰিকান যান্ত্ৰিক অভিযন্তা, যাৰ গৱেষণা গণনামূলক তৰল গতিবিদ্যাৰ সৈতে জড়িত, আৰু তেওঁ বিশেষকৈ অসংকোচনীয় প্ৰৱাহৰ বাবে মাল্টিগ্ৰিড পদ্ধতিৰ ওপৰত কৰা কামৰ বাবে পৰিচিত।
-
উৰ্মিলা বালাৱন্ত আপটে
উৰ্মিলা বালাৱন্ত আপটে: Urmila Balavant Apte;১৯৮৮ চনত নাৰী সবলীকৰণৰ বাবে উৎসৰ্গিত ভাৰতীয়স্ত্ৰী শক্তি সংগঠনৰ ভাৰতীয় প্ৰতিষ্ঠাপক। তেওঁৰ কামৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তিৰ সন্মান লাভ কৰিছিল।
-
উৰ্মিলা সিং
উৰ্মিলা সিং (: Urmila Singh; ৬ আগষ্ট ১৯৪৬ – ২৯ মে' ২০১৮) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে ২০১০ চনৰ ২৫ জানুৱাৰী ৰ পৰা ২০১৫ চনৰ ২৮ জানুৱাৰীলৈ হিমাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ঊষা পৌড়েল
ঊষা পৌড়েল (জন্ম নাম: ৰুক্মিণী কুমাৰী পৌড়েল, জন্ম ২৯ আগষ্ট ১৯৭৭) এগৰাকী নেপালী নৃত্যশিল্পী আৰু চলচ্চিত্ৰ অভিনেত্ৰী। ঊষাই নেপালী চলচ্চিত্ৰ জগতত "কৰ্ম" ছবিৰে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ দ্বিতীয় ছবিখন "মুনা মদন", লক্ষ্মী প্ৰসাদ দেৱকোটাৰ জনপ্ৰিয় কিতাপৰ ওপৰত আধাৰিত, ১৯৯৯ চনত মুক্তি লাভ কৰিছিল।
-
ঊষাদেৱী ভোছলে
ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে। তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।