উমাদে ভট্টিয়ানী (জন্ম: অজ্ঞাত-মৃত্যু: ১৫৬২ চন) যাক অন্য নাম উমাদেও আৰু উমা দেৱী বুলিও জনা যায়, মাৰৱাৰৰ বিখ্যাত ৰাথোৰ শাসক মালদেও ৰাথোৰৰ পত্নীসকলৰ ভিতৰত অন্যতম পত্নী আছিল। মালদেও ৰাথোৰৰ ৰাজত্ব কাল আছিল ১৫৩০ - ১৫৫১ চন। মালদেওৰ পত্নী উমাদেয়ে স্বামীক কৰা ব্যৱহাৰৰ বাবে সমাজে তেওঁক ৰুথী ৰাণী — খঙাল বা ক্ষুব্ধ ৰাণী বা 'ৰাণী-যি-চুপতি মৰা" নামেৰে জনা গৈছিল।১
পৰিয়াল
উমাদে ভাট্টিয়ানী জয়ছালমেৰৰ ভাট্টি ৰাজপুত বংশৰ এগৰাকী ৰাজকুমাৰী আৰু জয়ছালমেৰৰ শাসক ৰাৱাল লুংকৰণ ভাট্টি (ৰাজত্বকাল ১৫৩০ - ১৫৫১)ৰ কন্যা আছিল। তেওঁৰ ভগ্নী ধীৰ বাই ভট্টিয়ানী আছিল মেৱাৰৰ মহাৰাণা উদয় সিংহৰ প্ৰিয়তমা পত্নী।২
বিবাহ
তেওঁৰ বিবাহ হৈছিল মাৰৱাৰৰ ৰাজকুমাৰ মালদেও ৰাথোৰৰ সৈতে।২ কিন্তু তেওঁলোকৰ বৈবাহিক জীৱন সুখ আৰু শান্তিপূৰ্ণ নাছিল।৩ স্বামীৰ লগত কোনো ধৰণৰ শাৰীৰিকী সম্পৰ্ক স্থাপন কৰিবলৈও উমাদেই অস্বীকাৰ কৰিছিল। মালদেওৰ প্ৰতি তেওঁৰ কঠোৰ মনোভাবৰ বাবেই তেওঁক ৰুথী ৰাণী উপাধি প্ৰদান কৰা হৈছিল।৪
জনপ্ৰিয় সংস্কৃতিত
সাহিত্যিক প্ৰেমচান্দৰদ্বাৰা ৰচিত উপন্যাস ৰুথী ৰাণীৰ শিৰোনাম চৰিত্ৰ আছিল উমাদে। চনী টিভিৰ ঐতিহাসিক নাটক ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপত মৃণাল দেশৰাজে কাল্পনিক উমাদেৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ আন এটি মন কৰিবলগীয়া কথা যে, জয়ছামন্দ অঞ্চলৰ আন এগৰাকী ৰুথী ৰাণীৰ বিষয়েও একেধৰণৰ এটা কাহিনী আছে৬ ধেবৰ হ্ৰদ বা জয়ছামন্দ হ্ৰদৰ ওচৰৰ হাৱা মহল ৰুথী ৰাণী কা মহল বুলিও জনা যায়। জয়সামন্দত এতিয়াও উমাদে ভাট্টিয়ানীৰ প্ৰসাদ দেখা যায়।
তথ্যসূত্ৰ
- ↑ Hooja, Rima. (2006). A history of Rajasthan. Rupa & Co. পৃ. 520
- ↑ Kothiyal, Tanuja. (2016). Nomadic Narratives: A History of Mobility and Identity in the Great Indian Desert. Cambridge University Press. পৃ. 85, 87. ISBN 9781107080317
- ↑ Mathur, Kanchan. (2004). Countering gender violence: initiatives towards collective action in Rajasthan. Sage. পৃ. 81. ISBN 9780761932451
- ↑ (2006). Slavery and South Asian History.. Indiana University Press. পৃ. 145. ISBN 0253116716
- ↑ Chopra, Rukmini. (June 22, 2014). Mreenal Deshraj to be a part of Maharana Pratap?
- ↑ (21 December 2016). Places of Udaipur: Roothi Rani ka mahal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমাদে ভাট্টিয়ানী” প্ৰবন্ধৰ সংশোধন ৬৩১৬৭৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।