উমেৰা আহমেদ (Umera Ahmed) এগৰাকী পাকিস্তানী লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ শ্বেহৰ-ই-জাত, পিৰ-ই-কামিল, জিন্দেগী গুলজাৰ হাই, আলিফ, দুৰ-ই-শ্বেহৱাৰ, ডাম, মান-অ'-চালৱা, কায়েদ-ই-তানহাই, ডাইজেষ্ট ৰাইটাৰ, মাত, কংকৰ, মেৰী জাত জাৰা-ই-বেনিশান, দোৰাহা আৰু হাম কাহান কে সচ্চা থা আদি উপন্যাস আৰু নাটকৰ বাবে আটাইতকৈ বেছি পৰিচিত। উমেৰা আহমেদ এই যুগৰ আটাইতকৈ বহুলভাৱে পঠিত আৰু জনপ্ৰিয় উৰ্দু কল্পকাহিনী ঔপন্যাসিক আৰু চিত্ৰনাট্য লেখকসকলৰ ভিতৰৰ অন্যতম এজন।১২
ব্যক্তিগত জীৱন
১৯৭৬ চনৰ ১০ ডিচেম্বৰত পাকিস্তানৰ শিয়ালকোটত উমেৰা আহমেদৰ জন্ম হৈছিল। তেওঁ ছিয়ালকোটৰ মুৰে কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। সেই একেখন কলেজেই কুৰি শতিকাৰ অন্যতম বিখ্যাত আৰু মেধাৱী পণ্ডিত আৰু কবি (ব্ৰিটিছৰ অধীনত থকা ভাৰতত) আল্লামা মহম্মদ ইকবালক জন্ম দিছিল। ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকাৰ পিছতো, আৰু শ্ব’বিজৰ সৈতে জড়িত হোৱাৰ পিছতো তেওঁ নিজৰ ব্যক্তিগত জীৱনক ব্যক্তিগতভাৱে কৰি থ'বলৈহে পছন্দ কৰে আৰু তেওঁ খুব কমেইহে সাক্ষাৎকাৰো দিয়ে৷ ২০০৫ চনত প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ লেখক বঁটা সংগ্ৰহ কৰিবলৈ ইণ্ডাছ ভিজন বঁটাৰ মঞ্চত তেওঁ একমাত্ৰ অনস্ক্ৰীণ উপস্থিতি আছিল।
শিক্ষা
উমৰাই ছিয়ালকোটৰ মুৰে কলেজ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল(স্ব-প্ৰকাশিত উৎস)। উমৰা আহমেদ ছিয়ালকোটৰ আৰ্মি পাব্লিক স্কুলত ইংৰাজীৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল আৰু তেওঁ তাত মাধ্যমিক বিদ্যালয় আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰিছিল।৩ অৱশ্যে তেওঁ পূৰ্ণকালীনভাৱে লেখা-মেলাৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিল, সেয়েহে শিক্ষকতাৰ বৃত্তি এৰি তেওঁ উৰ্দু আলোচনীত লিখিবলৈ আৰম্ভ কৰিছিল।৩
কেৰিয়াৰ
লেখা-মেলা
উমেৰা আহমেদে কম বয়সতে লেখা-মেলা আৰম্ভ কৰিছিল। তেওঁৰ কাহিনীবোৰ প্ৰায়ে মাহেকীয়া উৰ্দু ভাষাৰ ডাইজেষ্ট আলোচনীসমূহত প্ৰকাশিত হৈছিল। অতি কম সময়তে তেওঁ কিতাপ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কেৰিয়াৰত ৩০খনতকৈও অধিক গ্ৰন্থ, কেইখনমান উপন্যাস আৰু চুটি গল্পৰ সংকলন কৰিছে। তেওঁৰ আটাইতকৈ বিখ্যাত কাম পীৰ-ই-কামিল আৰু মেৰী জাত জাৰা-ই-বেনিচান; যিয়ে তেওঁৰ সাহিত্যিক-জীৱনক এক উচ্চতালৈ লৈ গৈছিল। অমৰবইল উমেৰা আহমেদৰ আন এখন বিখ্যাত উপন্যাস। ১৯৯৮ চনত মাহেকীয়া উৰ্দু আলোচনীসমূহত কাহিনী প্ৰকাশৰ যোগেদি উমেৰাই তেওঁৰ লেখিকাৰ জীৱন আৰম্ভ কৰিছিল। ডাইজেষ্ট আলোচনীৰ বাবে লিখা তেওঁৰ প্ৰথম কাহিনীটো আছিল জিন্দেগী গুলজাৰ হে। ৪ এই ৰচনাই পাঠকৰ মনোযোগ আকৰ্ষণ কৰিছিল আৰু উমেৰাক যথাসম্ভৱ সোনকালেই এখন পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস লিখিবলৈ কোৱা হৈছিল। কাহিনীটো লিখাৰ সময়ত তেওঁৰ বয়স আছিল ২১ বছৰ। ২০১২ চনত উপন্যাসখন একে নামৰ জনপ্ৰিয় ধাৰাবাহিক নাটকৰ হিচাপে ৰূপ দিয়া হৈছিল।৫ নাটকখনত ছনাম ছাইদ আৰু ফাওয়াদ খানে মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছিল।৬ এক সাক্ষাৎকাৰত উমেৰাই কৈছিল যে উপন্যাসখনত মুখ্য নাৰী চৰিত্ৰ কাশাফৰ চৰিত্ৰটো তেওঁৰ নিজৰ জীৱনৰ ওপৰত আধাৰিত। উমেৰাৰ কাহিনীবোৰ প্ৰায়েই পুৰুষ-মহিলাৰ সম্পৰ্ক, সামাজিক সমস্যা আৰু চাপৰ ওপৰত আধাৰিত।৭ তেওঁৰ কাহিনীবোৰে মহিলাক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে চিত্ৰিত কৰে।৮৯ ধাৰাবাহিক নাটকলৈ ৰূপান্তৰিত হোৱা আন বহু উপন্যাসৰ লেখিকা হ'ল আহমেদ। তেওঁৰ আন জনপ্ৰিয় ৰচনাসমূহ হ 'ল। মেৰী জাত জাৰা-ই-বেনিশান, যাৰ বাবে আহমেদে দশম লাক্স ষ্টাইল এৱাৰ্ডছত শ্ৰেষ্ঠ লেখকৰ বঁটা লাভ কৰিছে।১০ উপন্যাসখন একে নামৰ নাটকলৈ ৰূপান্তৰিত কৰা হৈছিল। এই নাটকখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল আৰু ২০১৪ চনত, ইয়াক কেইচি য়ে কয়ামত নামেৰে ভাৰততো সম্প্ৰচাৰ কৰা হৈছিল।৮
আহমেদে ধৰ্ম আৰু আধ্যাত্মিকতাৰ বিষয়তো উপন্যাস লিখিছে। পিৰ-ই-কামিল (২০০৪) শ্বেহৰ-ই-জাত (২০১২) আৰু আলিফ (২০১৯) হৈছে তেওঁৰ এনে কিছু উপন্যাস যিবোৰে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিছে।১১১২ তেওঁৰ উপন্যাস আলিফ -ক এক জনপ্ৰিয় ধাৰাবাহিকৰ বাবে নাট্যৰূপ দিয়া হৈছিল য'ত হামজা আলী আব্বাছি, ছাজাল আলী আৰু কুব্ৰা খান আদিয়ে অভিনয় কৰিছিল।১৩ মাহিৰা খান অভিনীত ছেহৰ-ই-জাত এখন জনপ্ৰিয় নাটক আছিল।১৪১৫ আহমেদে তেওঁৰ কেৰিয়াৰত ৩৫খনতকৈও অধিক গ্ৰন্থ লিখিছে। তেওঁৰ ২২খনতকৈ অধিক কিতাপক ধাৰাবাহিকৰ বাবে নাট্যৰূপ দিয়া হৈছে। তেওঁৰ গ্ৰন্থসমূহ ইংৰাজী আৰু আৰবী ভাষালৈও অনুবাদ কৰা হৈছে। জাগৰনট প্ৰকাশনে আহমেদৰ ৰচনাসমূহ হিন্দিলৈও অনুবাদ কৰিছে।১৬
চিত্ৰনাট্য
আহমেদৰ বহুকেইখন উপন্যাসক ধাৰাবাহিক নাটকৰ ৰূপ দিয়া হৈছে। অৱশ্যে, তেওঁ বিশেষকৈ নাটক আৰু চলচ্চিত্ৰৰ বাবেও কাহিনী লিখিছে। তেওঁ পৰিচালক মেহৰীন জাব্বাৰৰ সৈতে লগলাগি ধাৰাবাহিক নাটক ৰচনা কৰিছে যিয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। শেহতীয়াকৈ, তেওঁ এক ঝুটি লাভ ষ্ট'ৰী নামৰ এখন ৱেব-ছিৰিজ বাবেও পূৰ্ণ সহযোগিতা কৰিছিল।১৭১৮ এই ধাৰাবাহিকখন কৰাচীৰ এহাল দম্পতীক কেন্দ্ৰ কৰি ৰচিত এখন কমেডী ধাৰাবাহিক। ১৯১৮ ইয়াত মুখ্য অভিনেতা হিচাপে অভিনয় কৰিছে বিল্লাল আব্বাছ খান আৰু মাদিহা ইমামে।২০ এক ঝুটি লাভ ষ্ট'ৰী ৩০ অক্টোবৰ ২০২০-ত মুক্তি লাভ কৰিছিল আৰু জি5-ত মুকলি কৰা হৈছিল। জি5 হৈছে এক ডিজিটেল মনোৰঞ্জন মঞ্চ।২১
আহমেদে প্ৰয়াত পাকিস্তানী মডেল কান্দিল বালুচৰ জীৱনৰ আধাৰতবাঘী নামৰ এখন চিত্ৰনাট্যও ৰচনা কৰিছিল৷।২২২৩ ইয়াত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল সাবা কামৰে ২৪২৫২৬ আহমেদে নেটফ্লিক্স প্ৰকল্পতো কাম কৰিছে। তেওঁৰ শেহতীয়া কামটো চাইবাৰ বুলিঙ বিষয়ক এখন ধাৰাবাহিক। এই ধাৰাবাহিকখনৰ কাহিনী অপৰাধ এটাৰ তদন্ত কৰি থকা এগৰাকী মহিলা চোৰাংচোৱাৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। এইখন উমেৰাৰ প্ৰথম থ্ৰিলাৰ ছিৰিজ। এক সাক্ষাৎকাৰত উমেৰাই কৈছিল, "এইটো পোনপটীয়াকৈ হৃদয়ৰ পৰা আহিছে, কিয়নো মই ইয়াৰ বাবে বহুতো লোকক কষ্ট পোৱা দেখিছোঁ৷ মই জানো ট্ৰলিঙে কেনেকৈ জীৱন ধ্বংস কৰিব পাৰে!" ২৭
তুমহাৰে হুছন কে নাম (২০২৩) হৈছে ছাৰা কয়ুমৰ সহযোগিতাত তেওঁৰ দ্বাৰা লিখা আন এখন শেহতীয়া নাটক। এইখন মূলতঃ হকীম নায়াৰ ৱেষ্টিৰ উপন্যাস আখতাৰ ঔৰ ছালমা (1930) ৰ দ্বাৰা অনুপ্ৰাণিত হৈ লিখা নাটক। নাটকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সাবা কামৰ আৰু ইমৰান আব্বাছে।২৮
আলিফ কিতাব
২০১৬ চনত আহমেদে আলিফ কিতাব সৃষ্টি কৰে। উদীয়মান লেখকসকলক তেওঁলোকৰ কাম ভাগ-বতৰা কৰিবলৈ আৰু ইয়াক নগদীকৃত কৰিবলৈ ই এক ডিজিটেল প্লেটফৰ্ম। এই মঞ্চৰ লক্ষ্য হৈছে নতুন লেখকসকলক বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ দি সম্পাদনাৰ নিৰ্দেশনা প্ৰদান কৰা। এই মঞ্চই তেওঁলোকক তেওঁলোকৰ লেখাসমূহ সংবাদ মাধ্যম আৰু প্ৰযোজনা সংস্থাত দাখিল কৰাৰ অনুমতি দিয়ে।২৯৩০
বঁটা আৰু স্বীকৃতি
- ২০১৪ চনত পাকিস্তান মিডিয়া এৱাৰ্ডছ - ধাৰাবাহিক নাটক জিন্দেগী গুলজাৰ হেই-ৰ বাবে বছৰৰ শ্ৰেষ্ঠ লেখকৰ বঁটা।৩১
- ২০১৪ চনত হাম বঁটা - জিন্দেগী গুলজাৰ হেই-ৰ বাবে ধাৰাবাহিক নাটকৰ শ্ৰেষ্ঠ লেখক।৩২
লাক্স ষ্টাইল বঁটা
| Ceremony | Category | Project | Result |
|---|---|---|---|
| দশম লাক্স ষ্টাইল বঁটা৩৩ | শ্ৰেষ্ঠ টেলিভিছন লেখক | মেৰী জাত জাৰা-ই-বেনিছান | |
| একাদশ লাক্স ষ্টাইল বঁটা৩৪ | উৰাণ | rowspan="4" | |
| কাইদ-ই-তানহাই | |||
| দ্বাদশ লাক্স ষ্টাইল বঁটা৩৫ | মাত | ||
| ১৩ সংখ্যক লাক্স ষ্টাইল বঁটা৩৬ | জিন্দাগী গুলজাৰ হায় | ||
| ২০ সংখ্যক লাক্স ষ্টাইল বঁটা৩৭ | আলিফ |
নিৰ্বাচিত কাম
কিতাপ
- মেৰী জাত জাৰা-ই-বেনিছান
- পিৰ-ই-কামিল৩
- অমৰ বইল
- শ্বেহৰ-ই-জাত
- মান-ও-ছালৱা
- আব-ই-হায়াত
- লা-হাচিল
- জিন্দাগী গুলজাৰ হায়৩৮৩৯
- আলিফ৪০
- কংকৰ৪১
- কাইদ-ই-তানহাই
- ইমান উমিদ উৰ মহব্বত
- হাচিল
- হুছনা ঔৰ হুছান আৰা
নাটক
- জিন্দাগী গুলজাৰ হায় – হাম টিভি৪২
- কংকৰ – হাম টিভি৪৩
- মন-ও-ছালৱা – হাম টিভি৪৪
- আলিফ – জিঅ’ টিভি৪৫
- দৰাৰ – এআৰৱাই ডিজিটেল৪৬
- ডাইজেষ্ট ৰাইটাৰ – হাম টিভি৪৭
- ঝুট – হাম টিভি৪৮
- মাত – হাম টিভি৪৯
- বাঘি (Screenplay) – উৰ্দু ১৫০
- মহবত সুভ কা সীতাৰা হায় – হাম টিভি৫১৫২
- হম কহা কে সচ্চা থা – হাম টিভি৫৩৫৪
- তুমহাৰে হুছন কে নাম (সহ লেখক) - গ্ৰীণ এণ্টাৰটেইনমেণ্টট
- চিৰিয়েল কিলাৰ - গ্ৰীণ এণ্টাৰটেইনমেণ্ট৫৫
টেলিফিল্ম আৰু ৱেব-ছিৰিজ
লগতে চাওক
- নিমৰা আহমেদ খান
তথ্যসূত্ৰ
- ↑ (21 October 2016). 10 iconic Pakistani TV dramas you should binge-watch this weekend. DAWN
- ↑ (20 July 2016). 20 Pakistani TV dramas that you should watch if you haven't. Daily Times
- ↑ Umera Ahmed. www.goodreads.com
- ↑ (22 April 2019). Zindagi Gulzar Hai has the power to transform you. Daily Times
- ↑ (3 November 2020). 'Zindagi Gulzar Hai' reflective of problems and prejudices young people face: Writer Umera Ahmed. The Indian Express
- ↑ (3 November 2020). 'Zindagi Gulzar Hai' Reflective Of Problems And Prejudices Young People Face: Writer Umera Ahmed. News18
- ↑ (23 September 2014). I give words to people's journeys: Writer Umera Ahmed. The Indian Express
- ↑ Umera Ahmed: The Queen of TV Dramas – Hareem Zafar – Youlin Magazine. www.youlinmagazine.com
- ↑ Saleem, Muhammad. (4 March 2020). 'AAN' Upcoming Blockbuster of Haseeb Hasan & Umera Ahmed. Daily The Azb
- ↑ (5 July 2019). Meri Zaat Zarra-e-Benishan is a tale of immense tragedy. Daily Times
- ↑ Nayyar, Nasir Abbas. (22 September 2019). FICTION: A BULWARK AGAINST SECULAR ART. DAWN.COM
- ↑ Haider, Sadaf. (17 March 2020). Alif is one of the most artistically pleasing dramas to grace our screens in years. Images
- ↑ (20 April 2019). Umera Ahmed's much-anticipated novel 'Alif' is all set to release this month. Something Haute
- ↑ (7 November 2012). Shehr-e-Zaat and its misplaced knowledge of Islam. The Express Tribune
- ↑ (22 March 2019). Shehr-e-Zaat — a tale of obsession and pride. Daily Times
- ↑ Umera Ahmed. HuffPost India
- ↑ (14 October 2019). Umera Ahmed and Mehreen Jabbar re-unite for a web-series. Daily Times
- ↑ NewsBytes. Mehreen Jabbar's web-series to be called Aik Jhooti Love Story. www.thenews.com.pk
- ↑ (18 July 2020). Mehreen Jabbar & Umera Ahmed's Project 'Aik Jhooti Love Story' on ZEE5. FUCHSIA
- ↑ Rehman, Maliha. (30 October 2020). Bilal Abbas, Madiha Imam's new webseries for Zee5 is not your average love story. Images
- ↑ The lighter side of story telling · Instep · thenews.com.pk. www.thenews.com.pk
- ↑ Hasan, Mehreen. (28 July 2017). Qandeel's family gave us complete creative liberty to tell this story, say Baaghi's writers. Images
- ↑ (15 January 2018). Is 'Baaghi' a disservice to the real-life Qandeel Baloch?. The Express Tribune
- ↑ (23 April 2019). Umera Ahmed's latest novel 'Alif' to release this month. The Express Tribune
- ↑ (17 July 2014). Zindagi Gulzar Hai: Pakistani drama serials win hearts in India
- ↑ (29 May 2018). Hamza Ali Abbasi, Sajal Aly and Kubra Khan to star in 'Alif'. The Express Tribune
- ↑ (16 September 2019). Umera Ahmed gets into crime thriller mode. gulfnews.com
- ↑ (2023-05-08). Trailer of Saba Qamar and Imran Abbas starrer 'Tumharey Husn Kay Naam' out now!. Daily Pakistan
- ↑ (2 April 2016). Umera Ahmed to launch platform for commercial writers. The Express Tribune
- ↑ Umera Ahmed to launch platform for commercial writers · Pakistan Today. www.pakistantoday.com.pk
- ↑ (17 January 2014). Pakistan's 4th Media Award Winner List. Events in Karachi
- ↑ (17 March 2013). First Hum TV Awards Red Carpet: Winners List. ww.web.pk
- ↑ (2011-11-08). Lux Style Awards 2011 Nominations · Rewaj - All About Women Lifestyle
- ↑ (2011-08-26). Lux Style Awards: A trip down memory lane. The Express Tribune
- ↑ (2017-01-18). 12th Lux Style Awards 2013 Pictures and Winner's List · DesiFreeTV.com
- ↑ (2014-08-19). Nominees announced for 2014 Lux Style Awards
- ↑ (2021-10-10). LSA 2021 winners: Bayaan and 'Pyaar Ke Sadqay' reign supreme. The Express Tribune
- ↑ (14 January 2013). Zindagi Gulzar hai: Liberating women in different ways. The Express Tribune
- ↑ Zindagi Gulzar Hai
- ↑ Isani, Aamna Haider. Alif and its message. www.thenews.com.pk
- ↑ (24 October 2013). Kankar: Standing up for the abused woman. The Express Tribune
- ↑ (December 2015). Zindagi Gulzar Hai. Netflix
- ↑ Kankar: Standing up for the abused woman – The Express Tribune Blog. blogs.tribune.com.pk
- ↑ (24 January 2018). Umera's endeavour to promote Urdu among children – Daily Times. Daily Times
- ↑ (29 May 2018). Hamza Ali Abbasi, Sajal Aly and Kubra Khan to star in 'Alif' – The Express Tribune. The Express Tribune
- ↑ Umera Ahmed. IMDb
- ↑ HumTv. Digest Writer
- ↑ Jhoot
- ↑ (12 November 2014). Maat HUM TV Serial · HUM TV – Watch Dramas Online
- ↑ (4 February 2018). If Baaghi is based on a true story then Qandeel Baloch did not deserve this. The Nation
- ↑ (18 March 2014). Mohabbat Subh Ka Sitara Hai Episode 14 HUM TV Drama · HUM TV – Watch Dramas Online
- ↑ (12 December 2013). Mohabat Subh Ka Sitara Hai: From The Pens of Umera Ahmed. Hum TV
- ↑ Irfan Ul Haq. (9 July 2021). Mahira Khan returns to our television screens after five-year hiatus with Hum Kahan Kai Sachey Thay. DAWN IMAGES
- ↑ (11 July 2021). Usman Mukhtar to star opposite Mahira and Kubra in his next. Daily Times
- ↑ (2021-10-15). Saba Qamar announces Umera Ahmed's 'Serial Killer'. The News International
- ↑ BEHADD starring Nadia Jamil and Sajal Ali, alongside Fawad Khan will be coming on 8th June on HUM TV.. FUCHSIA weekly
- ↑ (31 March 2019). Telefilm 'Laal' tugs at our heartstrings with its sheer brilliance. Daily Times
- ↑ (30 June 2020). Nigar Johar promoted to Lieutenant General first female of Pakistan Army. EMEA Tribune
- ↑ Aijaz, Rahul. (1 September 2016). In memorium: 'Ek Thi Marium' takes flight. The Express Tribune
- ↑ (September 2020). Haseeb Hasan shares details on Dhoop Ki Deewar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমেৰা আহমেদ” প্ৰবন্ধৰ সংশোধন ৬০৩৭৬১ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।