অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষা যাদৱ (লেখিকা)

উষা যাদৱ এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমসাময়িক হিন্দী সাহিত্যৰ লেখিকা আৰু পদ্মশ্ৰী বঁটা প্ৰাপক। তেওঁ আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান, ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কানহাইয়ালাল মাণিকলাল মুন্সী হিন্দী প্ৰতিষ্ঠানৰ অনুষদ সদস্য আছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উষা যাদৱ এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমসাময়িক হিন্দী ভাষা সাহিত্যৰ লেখিকা আৰু পদ্মশ্ৰী প্ৰাপক।১ তেওঁ আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী প্ৰতিষ্ঠান, ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু কানহাইয়ালাল মাণিকলাল মুন্সী হিন্দী প্ৰতিষ্ঠানৰ অনুষদ সদস্য আছিল। তেওঁ সাহিত্যিক আৰু সাংস্কৃতিক সংগঠন ইন্দ্ৰধনুশৰ সভানেত্ৰী আৰু অৰিয়েণ্টেল ৰিচাৰ্চ ইনষ্টিটিউটৰ সম্পাদিকা। লক্ষ্ণৌৰ উত্তৰ প্ৰদেশ হিন্দী প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদত্ত শিশু সাহিত্যৰ সৰ্বোচ্চ সন্মান বালসাহিত্য ভাৰতীকে ধৰি ১০টাতকৈও অধিক গুৰুত্বপূৰ্ণ সন্মানেৰে তেওঁক বিভূষিত কৰা হৈছে। তেওঁ এশৰো অধিক গ্ৰন্থ প্ৰকাশ কৰিছে, যাৰ ভিতৰত তেওঁৰ উপন্যাস কাহে ৰি নলিনীক মধ্য প্ৰদেশ সাহিত্য অকাডেমীয়ে সৰ্বভাৰতীয় বীৰসিং দেৱ বঁটা প্ৰদান কৰিছিল। ২০২১ চনত ভাৰত চৰকাৰে তেওঁক হিন্দী সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত কৰে।২৩

জীৱনী

১৯৪৮ চনত কানপুৰত জন্মগ্ৰহণ কৰা উষাই চহৰখনতে শৈশৱ অতিবাহিত কৰাৰ লগতে তাতেই স্কুলীয়া আৰু কলেজীয়া শিক্ষাও গ্ৰহণ কৰিছিল।৪৫৬

সৰুৰে পৰাই ড° উষা যাদৱৰ কবিতা লিখাৰ প্ৰতি এক তীব্ৰ ইচ্ছা আছিল, যাৰ আৰম্ভণি ঘটিছিল ন বছৰ বয়সত যেতিয়া তেওঁৰ প্ৰথমটো কবিতা বিদ্যালয়ৰ আলোচনীত প্ৰকাশ পাইছিল।১ তেওঁৰ পিতৃ চন্দ্ৰপাল সিং ময়ংক এগৰাকী শিশু সাহিত্যিক২ আৰু অধিবক্তা আছিল। পিতৃয়ে উষাই আইনৰ পেচা বাছি লোৱাটো বিচাৰিছিল।৩ যি নহওক, তেওঁৰ আগ্ৰহ আছিল অধ্যাপনা আৰু লিখনিত,৬ আৰু তেওঁ ১২ বছৰ বয়সতে হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।৩৭

১৯৬৬ চনত তেওঁ আগ্ৰালৈ স্থানান্তৰিত হয় আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক তথা উত্তৰ প্ৰদেশ উচ্চ শিক্ষা সেৱা আয়োগৰ প্ৰাক্তন সদস্য ড° ৰাজ কিশোৰ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭৬ উষা লিখা-মেলাৰ প্ৰতি অতি উৎসাহী আছিল যদিও স্বামীৰ অমান্তি হোৱাৰ ভয়ত তেওঁ নিজৰ ৰচনাসমূহ পুৰি পেলাইছিল। এদিন তেওঁৰ স্বামীয়ে লিখাবোৰ আৱিষ্কাৰ কৰে আৰু তেওঁক ডাবি দিয়াৰ পৰিৱৰ্তে লিখা-মেলা অব্যাহত ৰাখিবলৈহে উৎসাহিত কৰে।৮ উষাই পৰৱৰ্তী ৩০ বছৰ আগ্ৰাত থাকি শিক্ষয়িত্ৰী আৰু অধ্যাপিকা হিচাপে কাম কৰিছিল।৫৩ তেওঁৰ পৰিয়ালটোও তাতেই নিগাজীকৈ থাকিবলৈ লয়।২

উষাই কানপুৰ বিশ্ববিদ্যালয়ৰ (বৰ্তমানৰ ছত্ৰপতি শাহু জী মহাৰাজ বিশ্ববিদ্যালয়) পৰা পিএইচডি সম্পূৰ্ণ কৰে আৰু পৰৱৰ্তী সময়ত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা ডি লিট ডিগ্ৰী লাভ কৰে।৬১ ইয়াৰ পিছত তেওঁ আগ্ৰাৰ এখন শিক্ষানুষ্ঠানত অধ্যাপনাৰ কামত যোগদান কৰে। পাছলৈ তেওঁ আগ্ৰাৰ ড° ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে।১ শৈক্ষিক কৰ্মজীৱনৰ লগতে ড° উষা যাদৱ ব্ৰজ সংস্কৃতি সংৰক্ষণৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁৰ প্ৰবন্ধসমূহ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে। তেওঁ এশৰো অধিক গ্ৰন্থ ৰচনা কৰিছে, যাৰ ভিতৰত আছে গল্প সংকলন টুকডে টুকডে সুখ, সপনো কা ইন্দ্ৰধনুশ, উপন্যাস আঁখো কা আকাশ আৰু প্ৰকাশ কি অৰ।২৫

বঁটা আৰু সন্মান

ড° উষা যাদৱক তেওঁৰ উপন্যাস ধূপ-ৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মহাত্মা গান্ধী দ্বিবৰ্ষীয় হিন্দী লিখন বঁটাৰে স্বীকৃতি প্ৰদান কৰা হৈছে।২ ইয়াৰ উপৰিও তেওঁ ১৯৯৮ চনত উত্তৰ প্ৰদেশ হিন্দী প্ৰতিষ্ঠানৰ পৰা বাল সাহিত্য ভাৰতী পুৰস্কাৰ, এলাহাবাদৰ মীৰা ফাউণ্ডেচনৰ পৰা মীৰা স্মৃতি সন্মান, মধ্যপ্ৰদেশ সাহিত্য অকাডেমি বঁটা২ আৰু ২০০৪ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা ভাৰতেন্দু হৰিশ্চন্দ্ৰ বঁটাকে ধৰি ১০টাতকৈও অধিক বঁটা লাভ কৰিছে।৫ ভূপালৰ শিশু কল্যাণ আৰু শিশু সাহিত্য গৱেষণা কেন্দ্ৰৰ দ্বাৰাও তেওঁক সন্মানিত কৰা হৈছিল।৬৩৯

তথ্যসূত্ৰ

  1. ↑ Meet the educators that were honored with the Padma awards 2021. www.telegraphindia.com
  2. ↑ सम्मान: आगरा की साहित्यकार डॉ. उषा यादव को आज मिलेगा पद्मश्री, सौ से अधिक पुस्तकें लिखीं. Amar Ujala
  3. ↑ (2021-01-31). डॉ. उषा यादव ने कलम से पाई सफलता! कभी पति से डरकर जला देती थी रचनाएं, अब मिलेगा पद्मश्री. punjabkesarinari
  4. ↑ डा. ऊषा यादव को मिला पदमश्री सम्मान. Amar Ujala
  5. ↑ आगरा की साहित्यकार उषा यादव को पद्मश्री सम्मान, कहा- लंबी साधना का फल मिला. Amar Ujala
  6. ↑ Padma Shri Award 2021: पिता की विरासत को संभाल फलक पर पहुंची बेटी ने बढ़ाया कानपुर का मान. Dainik Jagran
  7. ↑ उपाध्याय, नितिन. (2021-01-27). साहित्यकार उषा यादव को मिलेगा पद्म श्री पुरस्कार, बोलीं- साहित्य को घुट्टी में पीया है. www.abplive.com
  8. ↑ न लेखनी थकी और न ही कभी कलम, पद्मश्री डा. उषा यादव से जानिए उनकी कहानी. Dainik Jagran
  9. ↑ Padma Award 2021: আজ शाम आगरा के साहित्यजगत को गौरावन्वित करेंगी प्रो. उषा यादव. Dainik Jagran

সম্পৰ্কিত শ্ৰেণী

হিন্দী সাহিত্যিকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা যাদৱ (লেখিকা)” প্ৰবন্ধৰ সংশোধন ৫৮৫৭৯৩ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।