অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমা ৰামা ৰাও

কে উমা ৰামা ৰাও (: K. Uma Rama Rao জন্ম উমা মহেশ্বৰী, ৪ জুলাই ১৯৩৮ – ২৭ আগষ্ট ২০১৬) এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, নৃত্য পৰিচালিকা, গৱেষক পণ্ডিত, লেখিকা আৰু নৃত্য শিক্ষয়ত্ৰী।১৯৮৫ চনত ভাৰতৰ হায়দৰাবাদত স্থাপিত লাস্য প্ৰিয়া ডান্স একাডেমীৰ প্ৰতিষ্ঠাপক আৰু পৰিচালিকা আছিল।

হালনাগাদ: ৮ জুলাই ২০২৫ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কে উমা ৰামা ৰাও (: K. Uma Rama Rao জন্ম উমা মহেশ্বৰী, ৪ জুলাই ১৯৩৮ – ২৭ আগষ্ট ২০১৬) ১ এগৰাকী ভাৰতীয় কুচিপুডী নৃত্যশিল্পী, নৃত্য পৰিচালিকা, গৱেষক পণ্ডিত, লেখিকা আৰু নৃত্য শিক্ষয়ত্ৰী।২১৯৮৫ চনত ভাৰতৰ হায়দৰাবাদত স্থাপিত লাস্য প্ৰিয়া ডান্স একাডেমীৰ প্ৰতিষ্ঠাপক আৰু পৰিচালিকা আছিল। ৩

২০০৩ চনত ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমীয়ে কুচিপুডীত দক্ষতাৰ বাবে সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে।৪ সংগীত নাটক একাডেমীৰ জৰিয়তে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা ৰাষ্ট্ৰীয় জ্যেষ্ঠ ফেল’শ্বিপ লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

উমা ৰামা ৰাওৰ প্ৰাৰম্ভিক কেৰিয়াৰত
উমা ৰামা ৰাওৰ প্ৰাৰম্ভিক কেৰিয়াৰতছবি: KeerthiRamesh · CC BY 3.0

১৯৩৮ চনৰ ৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ড° ভি ভি কৃষ্ণ ৰাও আৰু সৌভাগ্যমৰ ঘৰত "উমা মহেশ্বৰী" নামেৰে জন্মগ্ৰহণ কৰিছিল। হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৫

শিক্ষকতাৰ জীৱন

১৯৬৯ চনৰ পৰা ১৯৮৮ চনলৈকে হায়দৰাবাদৰ শ্ৰী ত্যাগৰাজা চৰকাৰী সংগীত আৰু নৃত্য মহাবিদ্যালয়ত ভাৰত নাট্যমৰ পাঠদান কৰি নৃত্যৰ জ্যেষ্ঠ প্ৰবক্তা হিচাপে কৰ্মৰত, তাৰ পিছত হায়দৰাবাদৰ পট্টি শ্ৰীৰামলু তেলেগু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা আছিল।

১৯৯৪ চনত তেওঁ তেলেগু বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি আৰু 'যক্ষগণ৬ ৰজা শ্বাহাজীৰ প্ৰবন্ধসমূহ ' -(১৬৮৪ চনৰ পৰা ১৭১২ খ্ৰীষ্টাব্দলৈকে থাঞ্জাৱুৰত শাসন কৰা আৰু তেলেগু ভাষাত ২০খন যক্ষগন -নৃত্য নাটক ৰচনা কৰা এগৰাকী মহাৰাষ্ট্ৰীয়) থিছিছৰ বাবে স্বৰ্ণ পদক লাভ কৰিছিল।

লাস্য প্ৰিয়া ডান্স একাডেমী

১৯৮৫ চনত হায়দৰাবাদত লাস্য প্ৰিয়া নামৰ নৃত্য প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে, য'ত কুচিপুডী আৰু ভাৰত নাট্যম শাস্ত্ৰীয় নৃত্যৰ তত্ত্ব আৰু অনুশীলনত শিকোৱা হয়। লাস্য প্ৰিয়া ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ এটা সংযুক্ত অধ্যয়ন কেন্দ্ৰ।৭

বঁটা আৰু সন্মান

সংগীত নাটক একাডেমী৮ in 2004. ২০০৪ চনত।

কৰ্ম

২০১০ চনত ৰাও (বাওঁফালে)। কুচিপুডী নৃত্যৰ কুচিপুডী ভাৰতম: দক্ষিণ ভাৰতীয় ধ্ৰুপদী নৃত্য পৰম্পৰা। শ্ৰী সতগুৰু প্ৰকাশন, ১৯৯২।আই এছ বি এন ৮১-৭০৩০-২৯১-৯।

তথ্যসূত্ৰ

  1. ↑ (28 August 2016). Kuchipudi doyenne passes away
  2. ↑ Kothari, p. 11
  3. ↑ Profile: K Uma Rama Rao Narthaki website
  4. ↑ SNA: List of Akademi Awardees. সংগীত নাটক একাডেমী Official website
  5. ↑ Profiles - K Uma Rama Rao - dancer, choreographer, research scholar, author & teacher Compiled by Padma Chebrolu. narthaki.com
  6. ↑ Yakshagana research Hindu news
  7. ↑ IGNOU Study Centers
  8. ↑ Sangeet Natak Academy Hindu News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা ৰামা ৰাও” প্ৰবন্ধৰ সংশোধন ৫২২৮০৯ (৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।