অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উভয় ভাৰতী

উভয় ভাৰতী (ইংৰাজী: Ubhaya Bharati) আছিল অষ্টম শতিকাৰ ভাৰতৰ মিথিলা অঞ্চলৰ এগৰাকী ভাৰতীয় মহিলা পণ্ডিত আৰু দাৰ্শনিক। তেওঁ মীমাংসা পণ্ডিত মণ্ডন মিশ্ৰৰ পত্নী আছিল। তেওঁ মণ্ডন মিশ্ৰ আৰু আদি শংকৰাচাৰ্য নামৰ দুই বিশিষ্ট পণ্ডিতৰ মাজত হোৱা দাৰ্শনিক তৰ্কৰ বিচাৰক হিচাপে কাম কৰিছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ৩৫০ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

উভয় ভাৰতী (ইংৰাজী ভাষা: Ubhaya Bharati) আছিল অষ্টম শতিকাৰ ভাৰতৰ মিথিলা অঞ্চলৰ এগৰাকী ভাৰতীয় নাৰী পণ্ডিত আৰু দাৰ্শনিক।১২ তেওঁ মীমাংসা পণ্ডিত মণ্ডন মিশ্ৰৰ পত্নী আছিল। তেওঁ মণ্ডন মিশ্ৰ আৰু আদি শংকৰাচাৰ্য নামৰ দুই বিশিষ্ট পণ্ডিতৰ মাজত হোৱা দাৰ্শনিক তৰ্কৰ বিচাৰক হিচাপে কাম কৰিছিল।৩৪৫

প্ৰাৰম্ভিক জীৱন

উভয় ভাৰতীৰ জন্ম ভাৰতৰ মিথিলা অঞ্চলৰ ‘ভাটপুৰা’ গাঁৱৰ এটা মৈথিল ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ এগৰাকী ‘জ্যোতিষাচাৰ্য’ আছিল। তেওঁ নিজৰ পিতৃৰ তত্ত্বাৱধানতে ঘৰতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল। সৰু কালতেই তেওঁ সংস্কৃত সাহিত্যত পাৰদৰ্শিতা লাভ কৰিছিল।৬ কিংবদন্তি অনুসৰি, উভয় ভাৰতীক হিন্দু ধৰ্মৰ দেৱী সৰস্বতীৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়।৭ ‘শংকৰ দিগ্বিজয়’ গ্ৰন্থত এটা কাহিনী আছে যে এসময়ত বৈদিক ঋষি দুৰ্বাসাৰ বৈদিক মন্ত্ৰ উচ্চাৰণ কৰোঁতে জিভা পিছলি গৈছিল। তাকে দেখি দেৱী সৰস্বতীয়ে হাঁহিছিল। ইয়াতে ঋষি দুৰ্বাসা ক্ৰোধিত হৈ তেওঁক পৃথিৱীত মানৱী ৰূপত জন্ম ল’বলৈ অভিশাপ দিছিল।৮

পৰৱৰ্তী জীৱন

কিছুমান সাহিত্যিক উৎস অনুসৰি, উভয় ভাৰতী কুমাৰিল ভট্টৰ 'ভগ্নী' (ভনীয়েক বা ভাগিনীয়েক) আছিল বুলি কোৱা হয়। মণ্ডন মিশ্ৰই ছাত্ৰ অৱস্থাত মীমাংসা শাস্ত্ৰৰ প্ৰখ্যাত শিক্ষক কুমাৰিল ভট্টৰ ওচৰত শিক্ষা লাভ কৰিবলৈ 'ভাটপুৰা' গাঁৱলৈ আহিছিল। ভাটপূৰা গাঁৱত 'কুমাৰিল ভট্ট ডিহ' নামৰ এখন ঐতিহাসিক স্থান আছে, য'ত মণ্ডন মিশ্ৰই তেওঁৰ আচাৰ্য কুমাৰিল ভট্টৰপৰা মীমাংসা শাস্ত্ৰ শিকিছিল। মণ্ডন মিশ্ৰৰ শিক্ষা সমাপ্ত হোৱাৰ পিছত কুমাৰিল ভট্টই তেওঁৰ শিষ্য মণ্ডন মিশ্ৰৰ সৈতে উভয় ভাৰতীৰ বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল বুলি কোৱা হয়। মণ্ডন মিশ্ৰ, উভয় ভাৰতী আৰু তেওঁৰ পিতৃৰ মাজত এই প্ৰস্তাৱত সন্মতি হোৱাৰ পিছত বিহাৰৰ মিথিলা অঞ্চলৰ সহৰসা জিলাৰ মহিষী গাঁৱৰ মীমাংসা পণ্ডিত মণ্ডন মিশ্ৰৰ সৈতে উভয় ভাৰতী বিবাহপাশত আবদ্ধ হয়।৯১০

আদি শংকৰাচাৰ্য আৰু মণ্ডন মিশ্ৰৰ শাস্ত্ৰাৰ্থ

কুমাৰিল ভট্টই আদি শংকৰাচাৰ্যক তেওঁৰ শিষ্য মণ্ডন মিশ্ৰৰ আশ্ৰমলৈ যাবলৈ নিৰ্দেশ দিছিল যাতে অদ্বৈত বেদান্তৰ ওপৰত কৰা কামসমূহ প্ৰমাণ আৰু প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ সৈতে এক দাৰ্শনিক তৰ্কত লিপ্ত হ'ব পাৰে। তাৰ পিছত আদি শংকৰাচাৰ্যই মিথিলা অঞ্চলৰ মহিষী গাঁৱত উপস্থিত হয় য'ত মণ্ডন মিশ্ৰই বাস কৰিছিল। মণ্ডন মিশ্ৰই পত্নী উভয় ভাৰতীৰ সৈতে বাস কৰা সেই ঐতিহাসিক স্থানখন বৰ্তমান ‘মণ্ডন ভাৰতী ধাম’ নামেৰে জনাজাত। তাত আদি শংকৰাচাৰ্যই মণ্ডন মিশ্ৰক তেওঁলোকৰ মাজত এক দাৰ্শনিক তৰ্কৰ বাবে অনুৰোধ জনায়।৪ তৰ্কৰ বাবে মণ্ডন মিশ্ৰৰ সন্মতি লাভ কৰাৰ পাছত আদি শংকৰাচাৰ্যই উভয় ভাৰতীক সেই দাৰ্শনিক তৰ্কৰ বিচাৰক হিচাপে নিযুক্ত কৰে। কোৱা হয় যে সংস্কৃত সাহিত্যত ‘শাস্ত্ৰাৰ্থ’ বুলিও কোৱা এই দাৰ্শনিক তৰ্ক বহু দিন ধৰি চলিছিল কিন্তু শেষত আদি শংকৰাচাৰ্যৰ হাতত মণ্ডন মিশ্ৰ পৰাস্ত হয়।৪

উভয় ভাৰতী আৰু আদি শংকৰাচাৰ্যৰ শাস্ত্ৰাৰ্থ

কোৱা হয় যে নিজৰ স্বামী মণ্ডন মিশ্ৰৰ পৰাজয় দেখি বিদুষী পত্নী উভয় ভাৰতীয়ে বিজয়ী আদি শংকৰাচাৰ্যক তেওঁৰ সৈতে তৰ্ক কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল। তাৰ পিছত উভয় ভাৰতী আৰু আদি শংকৰাচাৰ্যৰ মাজত শাস্ত্ৰাৰ্থ আৰম্ভ হয়। এই দ্বিতীয় শাস্ত্ৰাৰ্থত উভয় ভাৰতীয়ে প্ৰতিপক্ষ আদি শংকৰাচাৰ্যক কামশাস্ত্ৰৰ বিষয়ত প্ৰশ্ন কৰিছিল। যিহেতু আদি শংকৰাচাৰ্য সন্ন্যাসী পৰম্পৰাৰ পণ্ডিত আছিল আৰু জীৱনত ব্ৰহ্মচৰ্য পালন কৰিছিল, সেয়েহে তেওঁ কামশাস্ত্ৰৰ জ্ঞানৰ বিষয়ে অৱগত নাছিল। গতিকে উভয় ভাৰতীৰ হাতত তেওঁ শাস্ত্ৰাৰ্থত পৰাস্ত হয়। আদি শংকৰাচাৰ্যক পৰাস্ত কৰাৰ পাছত তেওঁক 'বিদুষী' সন্মানেৰে সন্মানিত কৰা হৈছিল।৬

কিংবদন্তি অনুসৰি, পৰাজয়ৰ পিছত আদি শংকৰাচাৰ্যই উভয় ভাৰতীৰ ওচৰত এমাহ সময় বিচাৰিছিল যাতে তেওঁ কামশাস্ত্ৰৰ জ্ঞান আহৰণ কৰি এই বিষয়ত তেওঁৰ সৈতে পুনৰবাৰ তৰ্কত লিপ্ত হ’ব পাৰে। উভয় ভাৰতীয়ে তেওঁৰ প্ৰস্তাৱত সন্মতি জনায়। তাৰ পিছত আদি শংকৰাচাৰ্য তাৰপৰা গুচি যায়।

কোৱা হয় যে নিজৰ যোগবলৰদ্বাৰা তেওঁৰ আত্মাই অমৰুক ৰজাৰ মৃতদেহত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ ৰজাৰ ৰাজপ্ৰাসাদলৈ গৈ ৰাণীৰ সৈতে এমাহ কটাইছিল। তাতেই তেওঁ কামশাস্ত্ৰৰ যৌন প্ৰেমৰ কলা শিকিছিল। কামশাস্ত্ৰৰ এই জ্ঞান লাভ কৰাৰ পাছত তেওঁ পুনৰ উভয় ভাৰতীৰ ঘৰলৈ উভতি আহে আৰু তৰ্কৰ বাবে আমন্ত্ৰণ জনায়। এইবাৰ উভয় ভাৰতীয়ে আদি শংকৰাচাৰ্যৰ শক্তি চিনি পাইছিল, সেয়েহে তেওঁ আৰু তৰ্ক নকৰিলে আৰু আদি শংকৰাচাৰ্যক পৃথিৱীৰ শ্ৰেষ্ঠ পণ্ডিত হিচাপে গ্ৰহণ কৰিলে।১১

কিছুমান পণ্ডিতৰ মতে, আদি শংকৰাচাৰ্যক শ্ৰেষ্ঠ পণ্ডিত হিচাপে গ্ৰহণ কৰাৰ পাছত উভয় ভাৰতীয়ে পৃথিৱীত নিজৰ ভৌতিক দেহ ত্যাগ কৰি নিজৰ মূল লক্ষ্যস্থান 'ব্ৰহ্মলোক'লৈ গমন কৰে। তেওঁৰ স্বামী মণ্ডন মিশ্ৰই সুৰেশ্বৰ নাম লৈ গুৰু আদি শংকৰাচাৰ্যৰ শিষ্য হয়। দক্ষিণ ভাৰতত মণ্ডন মিশ্ৰক সুৰেশ্বৰ নামেৰে জনা যায়।১১

তথ্যসূত্ৰ

  1. ↑ Denton, Lynn Teskey. (2012-02-01). Female Ascetics in Hinduism. State University of New York Press. ISBN 978-0-7914-8462-3
  2. ↑ Conference, International Society for Metaphysics International. (1988). Person and Nature. CRVP. ISBN 978-0-8191-7025-5
  3. ↑ www.wisdomlib.org. (2024-09-25). Ubhaya Bharati: Significance and symbolism. www.wisdomlib.org
  4. ↑ (2019-01-25). शास्त्रार्थ में शंकराचार्य को मंडन मिश्र की पत्नी भारती ने किया था पराजित, जानिए कौन थीं ये. Jansatta
  5. ↑ Mukhopadhyay, Anway. (2020-08-27). The Authority of Female Speech in Indian Goddess Traditions: Devi and Womansplaining. Springer Nature. ISBN 978-3-030-52455-5
  6. ↑ (2024-07-10). विद्वान पति को हारता देख पत्नी ने शंकराचार्य को किया था पराजित, 21 दिन होते रहे सवाल-जवाब, ऐसे बनीं भारती से विदुषी भारती. News18 हिंदी
  7. ↑ Bhattacharya, Vivek Ranjan. (1982). Famous Indian Sages, Their Immortal Messages. Sagar Publications. পৃ. 115
  8. ↑ Mādhava. (1865). Śaṅkaradigvijaya: prasiddha Mādhavī Śaṅkara digvijaya. Muṃśī Navalakiśora
  9. ↑ (1997). Calcutta Geographical Review. Geographical Society of India
  10. ↑ (1970). Bhāratī-Maṇḍana Smr̥ti Mahāsamr̄oha, Mahishī, Saharshā (Bihāra): smārikā, 25 Mārca, 1970 ī
  11. ↑ Conference, International Society for Metaphysics International. (1988). Person and Nature. CRVP. ISBN 978-0-8191-7025-5

সম্পৰ্কিত শ্ৰেণী

শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উভয় ভাৰতী” প্ৰবন্ধৰ সংশোধন ৬০১৯৯৪ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।