জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ঋচা শৰ্মা
ঋচা শৰ্মা (ऋचा शर्मा) এজনী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল, আৰু ভিডিঅ’ জকী। তেওঁ মিছ নেপাল ২০০৭ প্ৰতিযোগিতাৰ শীৰ্ষ দহজনৰ ভিতৰত আছিল তেওঁৰ অভিনয় আৰম্ভ হয় নেপালী চলচ্চিত্ৰ ফাৰ্ষ্ট লভ (২০১০)ৰ জৰিয়তে। পিছত ২০১১ চনত মেৰো লভ ষ্ট’ৰি আৰু হাইৱেত অভিনয় কৰে।
-
ঋতিকা খেৰা
ঋতিকা খেৰা এগৰাকী ভাৰতীয় উন্নয়নশীল অৰ্থনীতিবিদ। খেৰা দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি দিল্লী)ৰ অধ্যাপক (অৰ্থনীতি)। ২০১৮-২০ চনলৈকে তেওঁ আহমেদাবাদৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আই এম আহমেদাবাদ)ৰ সহযোগী অধ্যাপিকা (অৰ্থনীতি আৰু ৰাজহুৱা ব্যৱস্থা গোট) আছিল।
-
ঋতু বসু প্ৰিমলানী
ঋতু বসু প্ৰিমলানী:Ritu Vasu Primlani এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু পৰিৱেশবিদ। তেওঁৰ কামৰ বাবে ভাৰত চৰকাৰৰ পৰা ২০১৫ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।
-
এ এইচ হুইলাৰ এণ্ড কোম্পানী
এ এইচ হুইলাৰ এণ্ড কোম্পানী (প্ৰাইভেট) লিমিটেড (A H Wheeler & Co (P) Ltd) এটা ভাৰতীয় মালিকানাধীন কোম্পানী। এইটো এটা গ্ৰন্থ বিপনীৰ শৃংখলা। ১৮৭৭ চনত এলাহাবাদ ৰেল ষ্টেচনত ইয়াৰ আৰম্ভণি কৰিছিল ফৰাচী দেশীয় লেখক Émile Moreau, ভাৰতীয় ব্যৱসায়ী টি. কে. বেনাৰ্জী আদি কেইজনমান ব্যক্তিয়ে।
-
এ জে টি জনসিং
আছিৰ জৱাহৰ থমাছ জনসিং (A. J. T. Johnsingh, ১৪ অক্টোবৰ ১৯৪৫ – ৭ জুন ২০২৪) হ'ল তামিলনাডুৰ এজন ভাৰতীয় মেৰুদণ্ডী প্ৰাণীৰ পৰিৱেশবিদ। জনসিঙে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাংকুকুৰৰ বিষয়ে কৰা অধ্যয়ন ভাৰতীয় বিজ্ঞানীয়ে মুক্তভাৱে চলা স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা প্ৰথমেটাে অধ্যয়ন আছিল।
-
এ ন্যেইন ফ্যু
এ ন্যেইন ফ্যু (ဧငြိမ်းဖြူ; জন্ম ২৪ এপ্ৰিল ১৯৯৬) এগৰাকী ম্যানমাৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নৃত্যশিল্পী হিচাপে নিজৰ বিনোদনজগতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৩ চনত চলচ্চিত্ৰ জগতত সফলতা লাভ কৰে।
-
এ. সীমা
এ. সীমা: A. Seema;কেৰালাৰ এগৰাকী ভাৰতীয় বিজ্ঞানী, যিয়ে এটা গৱেষণা দলৰ নেতৃত্বত এনে এটা ব্ৰা প্ৰস্তুত কৰিছিল, যিটো ব্ৰা পিন্ধাৰ পিছত ব্যক্তিজনৰ স্তন কেন্সাৰ হৈছে নে নাই সেইটো চিনাক্ত কৰিব পাৰি। এই উদ্ভাৱনক বাণিজ্যিক বিকাশৰ বাবে প্ৰেৰণ কৰা হৈছিল।
-
এইচ. এছ. মুক্তায়াক্কা
এইচ. এছ. মুক্তায়াক্কা (ইংৰাজী: H. S. Mukthayakka) কন্নড় ভাষাৰ এগৰাকী লেখিকা। তেওঁ কন্নড় সাহিত্যত আধুনিক মহিলা কবিতাৰ এগৰাকী অগ্ৰণী শিল্পী। তেওঁ প্ৰয়াত কবি শান্তৰসৰ কন্যা।
-
একলব্য শৰ্মা
একলব্য শৰ্মা (Eklabya Sharma; জন্ম: ১১ মে' ১৯৫৮) হিমালয় অঞ্চলৰ পাহাৰীয়া পৰিৱেশ তন্ত্ৰৰ গৱেষণা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত আগ বঢে়াৱা অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় পৰিৱেশ বিজ্ঞানী। পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰত কৰা কামৰ বাবে ২০২৪ চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।
-
এগনেচ টাইৰেল
এগনেছ টাইৰেল (Agnes Tyrrell ), যাৰ জন্ম ২০ ছেপ্টেম্বৰ ১৮৪৬ চন আৰু মৃত্যু ১৮ এপ্ৰিল ১৮৮৩ চন আছিল, তেওঁ আছিল ইংৰাজী আৰু চেক বংশৰ এগৰাকী সুৰকাৰ আৰু পিয়ানোবাদক।
-
এগনেছ খাৰসিং
এগনেছ খাৰসিং (Agnes Kharshiing) ভাৰতৰ মেঘালয়ৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। তেওঁ নাগৰিক সমাজৰ মহিলা সংগঠন (CSWO) ৰ সভানেত্ৰী। তেওঁৰ স্পষ্টবাদিতাৰ পোষকতা কৰে৷ তেওঁ মহিলা আৰু সম্প্ৰদায়ৰ অধিকাৰৰ হকে মাত মতাৰ বাবে তেওঁ গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল৷
-
এগনেছ পাৰেয়
এগনেছ পাৰেয় (Agnes PareyioAgnes Pareyo; জন্ম: ২৪ জুন ১৯৫৬) এগৰাকী মাছাই কেনিয়াৰ মহিলা অধিকাৰ কৰ্মী, ৰাজনীতিবিদ আৰু মহিলাৰ যৌনাংগ কটাৰ বিৰুদ্ধে অভিযান চলোৱা টাছাৰু ণ্টোমনোক ৰেচকিউ চেণ্টাৰ ফৰ গাৰ্লছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক।
-
এগনেছ ব্লুম
এগনেছ ব্লুম (৯ জানুৱাৰী ১৮৬২ – ১২ নৱেম্বৰ ১৯৪৩) এগৰাকী জাৰ্মান চিকিৎসক, ইউজেনিষ্ট আৰু গ'থে পদক বিজয়ী আছিল। তেওঁৰ বিশ্বাস আছিল যে জাৰ্মান মহিলাসকলে ইউজেনিক্স আৰু বলপূৰ্বক বন্ধ্যাকৰণ ব্যৱহাৰ কৰি জাতিটোৰ উন্নতি সাধন কৰিব পাৰে।
-
এগ্ন’ডাইছ
এগ্ন’ডাইছ বা এগ্ন’ডাইক (Agnodice; Agnodikē; খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকা) এগৰাকী কিংবদন্তি ব্যক্তি, যাক প্ৰাচীন এথেন্সৰ প্ৰথম মহিলা ধাত্ৰী বা চিকিৎসক হিচাপে কৃতিত্ব দিয়া হয়। তেওঁৰ কাহিনী ৰোমান লেখক গাইয়াছ জুলিয়াছ হাইজিনাছৰ ফেবুলেত উল্লেখ কৰা হৈছে।
-
এচএচএচ ডট্ কম্
এচএচএচ ডট্ কম্ (ইংৰাজী: Sssh.com; আৰম্ভণি: ১৯৯৯) হৈছে কেৱল সদস্যসকলৰ বাবে উপলব্ধ এটা স্বতন্ত্ৰ মহিলাৰ ইৰ’টিকা ছাইট। মূলসুঁতিৰ প্ৰাপ্তবয়স্ক উদ্যোগৰ দ্বাৰা স্বীকৃতি লাভ কৰা এয়া প্ৰথমটো "মহিলাৰ বাবে পৰ্ণ" ৱেবছাইট, যিয়ে শ্ৰেষ্ঠ বিকল্প ৱেবছাইটৰ বাবে এক্সবিআইজেড বঁটা লাভ কৰিছিল।
-
এছ অপূৰ্বা
ছাইকুমাৰ অপূৰ্বা (জন্ম ১৯৮১), যি চমুকৈ এছ অপূৰ্বা নামেৰেও অধিক পৰিচিত, এগৰাকী ভাৰতীয় কেৰম খেলুৱৈ আৰু মহিলাৰ একক শাখাৰ বৰ্তমানৰ কেৰম বিশ্ব চেম্পিয়ন। তেওঁ বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমৰ এগৰাকী জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত।
-
এছ জেট এ
সোলানা ইমানি ৰ'ৱে (জন্ম ৮ নৱেম্বৰ, ১৯৮৯, পেছাগতভাৱে SZA নামেৰে জনাজাত) এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ। ডায়েৰিষ্টিক গীতৰ ৰচনা আৰু ধাৰা অন্বেষণৰ বাবে পৰিচিত। তেওঁক সমসাময়িক R&B (আৰ এণ্ড বি) সংগীতক প্ৰভাবিত কৰে।
-
এছ স্বপ্না
এছ স্বপ্না (জন্ম ৩ জুলাই ১৯৯০) এজন ভাৰতীয় চৰকাৰী কৰ্মচাৰী। তেওঁ ভাৰতৰ প্ৰথম ট্ৰান্সজেণ্ডাৰ গেজেটেড অফিচাৰ। তেওঁ তামিলনাডু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী নিযুক্তি পৰীক্ষা TNPSC-ত অংশগ্ৰহণ কৰা প্ৰথম ট্ৰান্সজেণ্ডাৰ ব্যক্তি। স্বপ্না তামিলনাডু চৰকাৰৰ বাণিজ্যিক কৰ বিভাগত সহকাৰী আয়ুক্ত হিচাপে কাৰ্যৰত।
-
এঞ্জেল গ্লেডি
এঞ্জেল গ্লেডি এগৰাকী ভাৰতীয় সামাজিক কৰ্মী, শিক্ষাবিদ আৰু নাট্য শিল্পী। তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুত। তেওঁ বিশেষকৈ LGBTQ+ সমাজৰ অধিকাৰৰ বাবে কৰা কাম আৰু নাট্যকলাৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে পৰিচিত।
-
এঞ্জেল দেশাই
এঞ্জেল দেশাই (জন্ম: অস্পৰা দেশাই) এগৰাকী আমেৰিকান অভিনেত্ৰী।
-
এঞ্জেলা চাং
এঞ্জেলা চাং ছাও-হান (ইংৰাজী: Angela Zhang Shao-han; জন্ম: ১৯ জানুৱাৰী ১৯৮২), যাক এঞ্জেলা চাং নামেৰেও জনা যায়, এগৰাকী টাইৱানী আৰু কানাডীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। চাঙে টাইৱানী টেলিভিছন ধাৰাবাহিক মাই এমভিপি ভেলেণ্টাইন (২০০২) আৰু এট ডলফিন বে (২০০৩)ৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।
-
এঞ্জেলা ডেভিছ
এঞ্জেলা ইভ'ন ডেভিছ (জন্ম ২৬ জানুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান ৰাজনৈতিক সক্ৰিয়তাবাদী, দাৰ্শনিক, শিক্ষাবিদ আৰু লেখিকা। তেওঁ কেলিফ'ৰ্ণিয়া বিশ্ববিদ্যালয়, চান্তা ক্ৰুজৰ নাৰীবাদী অধ্যয়ন আৰু চেতনাৰ ইতিহাস বিভাগৰ সন্মানীয় প্ৰফেছৰ এমেৰিটা।(৩) ডেভিছ কমিউনিষ্ট পাৰ্টি ইউ.এছ.এ.ৰ দীৰ্ঘদিনীয়া সদস্য আছিল আৰু…
-
এঞ্জেলা বিয়াঞ্চিনি
এঞ্জেলা বিয়াঞ্চিনি ( ২১ এপ্ৰিল ১৯২১ – ২৭ অক্টোবৰ ২০১৮) ইহুদী বংশৰ এজন ইটালীয় কল্পকাহিনী লেখক আৰু সাহিত্য সমালোচক আছিল। ইটালীত ডাঙৰ-দীঘল হোৱা এঞ্জেলাই মুছলিনীৰ মুকলিকৈ ইহুদী বিৰোধী বৰ্ণ আইন প্ৰণয়ন হোৱাৰ পিছত ১৯৪১ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে।
-
এঞ্জেলা মাৰ্কেল
এঞ্জেলা ড'ৰথিয়া মাৰ্কেল ( Angela Dorothea Merkel; জন্ম: ১৭ জুলাই ১৯৫৪) এগৰাকী জাৰ্মান অৱসৰপ্ৰাপ্ত ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০২১ চনলৈকে জাৰ্মানীৰ চ্যান্সেলৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এঞ্জেলা হোৱাইট
এঞ্জেলা গেব্ৰিয়েল হোৱাইট (ইংৰাজী: Angela Gabrielle White; জন্ম: ১৯৮৪ বা ১৯৮৫) এগৰাকী অষ্ট্ৰেলিয়ান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু পৰিচালক। তেওঁ এভিএন হল অৱ ফেম আৰু এক্সআৰচিঅ' হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০২০ চনত এভিএনৰ প্ৰথম তিনিবাৰৰ বছৰৰ মহিলা অভিনেতা বিজয়ী হয়।
-
এঞ্জেলিকা আৰিবাম
এঞ্জেলিকা আৰিবাম (Angellica Aribam; জন্ম: ২২ জানুৱাৰী ১৯৯২) এগৰাকী ভাৰতীয় ৰাজনৈতিক কৰ্মী। লিংগ, জাতি আৰু ৰাজনীতিৰ গণতন্ত্ৰকৰণৰ বিষয়ত তেওঁ কাম কৰি আছে।ভাৰতত মহিলাৰ ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংস্থা ফেম ফাৰ্ষ্ট ফাউণ্ডেশ্যনৰ তেওঁ প্ৰতিষ্ঠাপক।
-
এঞ্জেলিয়া অং
এঞ্জেলিয়া গেব্ৰিনা পাগলিকাৱান অং (Angelia Gabrena Paglicawan Ong; জন্ম:২৭ জুন, ১৯৯০) হৈছে ফিলিপাইনৰ এগৰাকী ফিলিপিনী সুন্দৰী। তেওঁ ২০১৫ বৰ্ষৰ মিছ আৰ্থ আৰু একে বৰ্ষৰে মিছ ফিলিপিনচ আৰ্থ সুন্দৰী প্ৰতিযোগিতাৰ বিজয়ী আছিল।
-
এডনা আডান ইছমাইল
এডনা আডান ইছমাইল ( Edna Adan Ismaaciil; জন্ম ৮ ছেপ্টেম্বৰ ১৯৩৭) এগৰাকী নাৰ্ছ ধাত্ৰী, কৰ্মী, আৰু ২০০৩ চনৰ পৰা ২০০৬ চনলৈকে ছোমালিলেণ্ডৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী আছিল। ইয়াৰ পূৰ্বে তেওঁ ছোমালিয়াৰ পৰিয়াল কল্যাণ আৰু সামাজিক উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এডভিজো
এডভিজো এটা ভাৰতীয় শিক্ষা ভিত্তিক ষ্টাৰ্টআপ, যাৰ মুখ্য কাৰ্যালয় বেংগালুৰু, কৰ্ণাটকত অৱস্থিত। ইয়াৰ প্ৰতিষ্ঠা ২০১৭ চনত আইআইটি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ ৰৱি নিশান্তই কৰিছিল।
-
এডাম গ্ৰাণ্ট
এডাম এম. গ্ৰাণ্ট (Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।