উপেন্দ্ৰনাথ বৰ্মন ( Upendranath Barman; ১ ডিচেম্বৰ ১৮৯৯ – ৭ ফেব্ৰুৱাৰী ১৯৮৮) এজন ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেওঁ পশ্চিম বংগৰ কোচবিহাৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।১২৩৪
ব্যক্তিগত জীৱন
বৰ্মন ৰাজবংশী পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ বীৰনাৰায়ণ বৰ্মনৰ ঘৰ কোচবিহাৰত। কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কলিকতাৰ ইউনিভাৰ্চিটি ল কলেজৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে। কিছু বছৰ জলপাইগুৰিতে আইন চৰ্চা কৰিছিল। ১৯২৬ চনত ক্ষীৰোদাবালা দেৱীক বিয়া কৰাই দুজন পুত্ৰ আৰু চাৰিগৰাকী কন্যা সন্তান জন্ম দিয়ে। ১৯৮৮ চনত তেওঁৰ মৃত্যু হয়।১
ৰাজনৈতিক কেৰিয়াৰ
বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আছিল আৰু ১৯৩৭ চনৰ পৰা ১৯৪৫ চনলৈ বংগ বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৪১ চনৰ পৰা ১৯৪৩ চনৰ ভিতৰত ৰাজ্যখনত মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫২ চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তেওঁ উত্তৰ বংগ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে। ১৯৫৭ চনত তেওঁ পুনৰ কোচবিহাৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত যুঁজি জয়ী হয়।১
মতাদৰ্শ
পিছপৰা জাতিৰ অধিকাৰক লৈ বৰ্মন এক আৱাজ আছিল। তেতিয়াৰ ‘ডিপ্ৰেছড ক্লাছ’ নামেৰে জনাজাত অনুসূচিত জাতিসমূহৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ভাৰত চৰকাৰৰ আইন, ১৯৩৫ত অন্তৰ্ভুক্ত কৰা হৈছিল যিখন ব্ৰিটিছ সংসদে গৃহীত কৰিছিল যদিও বৰ্মনে বিশ্বাস কৰিছিল যে পিছপৰা জাতিৰ অৱস্থাৰ উন্নতি হোৱা নাই। তেওঁৰ মতে, শিক্ষা লাভৰ সুযোগ পোৱা বিশেষ সুবিধাপ্ৰাপ্ত কিছুমানৰহে অৱস্থা ভাল আছিল।১
সাহিত্যিক কৃতী
বৰ্মনে ৰাজবংশী সম্প্ৰদায়ৰ ইতিহাস আৰু ৰাজবংশী সাহিত্যৰ ইতিহাস ৰচনা কৰিছিল।১
তথ্যসূত্ৰ
- ↑ (22 December 2018). Upendranath Barman, the voice in Constituent Assembly for uplift of backward classes. Rupanwita Bhattacharjee. The Print
- ↑ India. Parliament. Lok Sabha; India. Parliament. Lok Sabha. Secretariat. (1957). Who's who. Lok Sabha. পৃ. 38
- ↑ Paswan, S.; Jaideva, P. (2002). Encyclopaedia of Dalits in India: Leaders. পৃ. 224. ISBN 978-81-7835-033-2
- ↑ (1948). The Constituent Assembly of India (Legislative) Debates: Official Report. Manager of Publications. পৃ. 648
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপেন্দ্ৰনাথ বৰ্মন” প্ৰবন্ধৰ সংশোধন ৫৬৫৩১৩ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।