অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উপিন্দৰজিৎ কৌৰ

উপিন্দৰজিৎ কৌৰ (Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

উপিন্দৰজিৎ কৌৰ (Upinderjit Kaur) হ'ল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু শাসকীয় শিৰোমণি আকালি দলৰ সদস্য।

প্ৰাৰম্ভিক জীৱন

তাইৰ পিতৃ এছ.আত্মা সিং আছিল পঞ্জাৱৰ মন্ত্ৰী আৰু আকালি দলৰ নেতা। তেওঁৰ মাতৃৰ নাম বিবি তেজ কৌৰ। তেওঁ দিল্লী বিশ্ববিদ্যালয় পৰা অৰ্থনীতিত এম.এ. আৰু চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা পাঞ্জাৱী ভাষাত এম.এ। তেওঁ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয় পৰা অৰ্থনীতি বিষয়ত পি. এইচডি. ডিগ্ৰী লাভ কৰিছিল।

একাডেমিক কেৰিয়াৰ

তেওঁ পাঞ্জাৱী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিষয়ত পাঠদান কৰাৰ লগতে অৰ্থনীতি বিভাগৰ অধ্যাপিকাও আছিল। কাপুৰথালা জিলাৰ চুলতানপুৰ লোধিৰ গুৰু নানক খালছা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে লিখিছে দুখন গ্ৰন্থ ‘ডিভেলপমেণ্ট অৱ থিয়ৰী অৱ ডিমাণ্ড’ আৰু ‘শিখ ধৰ্ম আৰু অৰ্থনৈতিক উন্নয়ন’।১ তেওঁৰ দ্বিতীয়খন কিতাপ অৰ্থনৈতিক উন্নয়নত অ-অৰ্থনৈতিক কাৰকৰ, বিশেষকৈ ধৰ্মৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হৈছে‍। তেখেতে তেখেতৰ মূল গৱেষণা পত্ৰ 'শিখ সমাজত মহিলাৰ স্থান আৰু অৱস্থা'ৰ বাবে ড° গণ্ডা সিং সোঁৱৰণী বঁটা লাভ কৰে।

ৰাজনৈতিক জীৱন

১৯৯৭ চনত চুলতানপুৰৰ পৰা আকালি দলৰ টিকেটত প্ৰথমবাৰৰ বাবে পঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হৈছিল।২ তেওঁক প্ৰকাশ সিং বাদল চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল আৰু কাৰিকৰী শিক্ষা আৰু ঔদ্যোগিক প্ৰশিক্ষণ, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন, গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল।৩ ২০০২ আৰু ২০০৭ চনত তেওঁ চুলতানপুৰৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল।৪৫ ২০০৭ চনত তেওঁক পুনৰ কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ শিক্ষা, অসামৰিক বিমান পৰিবহণ, সতৰ্কতা আৰু ন্যায় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চনৰ অক্টোবৰ মাহত মনপ্ৰীত সিং বাদলক অপসাৰণ কৰাৰ পাছত তেওঁক বিত্ত মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।৬ তেওঁ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী আছিল।৭ তেওঁ ৰাজহুৱা একাউণ্ট কমিটি, প্ৰাক্কলন সমিতি, ৰাজহুৱা প্ৰতিষ্ঠান সমিতি, গৃহ সমিতি আদি বিভিন্ন বিধান সভা সমিতিৰ সদস্য হৈ আছে। ২০১২ চনৰ পঞ্জাৱ নিৰ্বাচনত তেওঁ ৭২ বছৰ বয়সৰ লেখেৰে‍ মহিলাসকলৰ ভিতৰত আটাইতকৈ বয়োজ্যেষ্ঠ প্ৰাৰ্থী আছিল।৮

তথ্যসূত্ৰ

  1. ↑ Sikh Religion and Economic Development
  2. ↑ Punjab election 1997
  3. ↑ Upinderjit Kaur Bio
  4. ↑ Punjab Assembly Election 2002 Results
  5. ↑ Punjab Assembly Elections-2002 winners
  6. ↑ Upinderjit Kaur is Punjab's new finance minister
  7. ↑ Upinderjit Kaur becomes first woman Finance Minister of Punjab
  8. ↑ www.dnaindia.com/india/1642010/report-punjab-pol

সম্পৰ্কিত শ্ৰেণী

মহিলা ৰাজনীতিবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপিন্দৰজিৎ কৌৰ” প্ৰবন্ধৰ সংশোধন ৪৯১০৪৬ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।