অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঊষাদেৱী ভোছলে

ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে। তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে।১ তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ঊষাদেৱী নৰেন্দ্ৰ ভোছলেৰ জন্ম হৈছিল ১৯৪৯ চনৰ ৩০ মাৰ্চত; ভাৰতৰ ঢোলেত। তেখেতৰ পিতৃ আছিল বামনৰাও সিন্ধুজী আৰু মাতৃৰ নাম আছিল সুশীলা পাটিল।২ ১৯৬৯ চনত পুণে বিশ্ববিদ্যালয়ৰ পৰা তেখেতে বিজ্ঞানৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৭১ চনত একেটা শাখাতে শিৱাজী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰে।১১৯৭১ চনৰ পৰা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত তেখেতে স্নাতকোত্তৰ শিক্ষা আৰম্ভ কৰিছিল। ১৯৮০ চনত তেখেতে তত্ত্বাৱধায়ক এছ.ৰামাননৰ অধীনত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈকে তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত গৱেষণা সহযোগী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এনেকৈয়ে তেখেতৰ কৰ্মজীৱনৰো আৰম্ভণি হৈছিল। তাৰপিছত একেখন প্ৰতিষ্ঠানতে ১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈকে তেখেতে গৱেষণা সহযোগী-II হিচাপে কাম কৰে। ১৯৭৭-৮২ লৈকে তেখেত গৱেষণা সহকৰ্মী হিচাপে আৰু পাছলৈ সহকৰ্মী হিচাপে ১৯৮২-৯০ পৰ্যন্ত কাম কৰে। ১৯৯০ চনত তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ত ৰিডাৰ হিচাপে যোগদান কৰে। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে তেখেত সহযোগী অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰে। পৰৱৰ্তী পৰ্যায়ত তেখেত সেইখন শিক্ষানুষ্ঠানৰ অধ্যাপক হয় আৰু ২০০১ চনলৈকে সেইটো পদত থাকে। ২০০১ চনত তেখেত প্ৰতিষ্ঠানটোৰ অধ্যাপক(H) হয়।২

সদস্য

  • FASc, FNASc, and VBACৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ সদস্যা।১
  • ইটালিৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ তেখেতে জ্যেষ্ঠ সহযোগী আছিল।১
  • বাংগালোৰৰ ভাৰত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্যপদো তেখেতে অলংকৃত কৰিছিল।১
  • এলাহাবাদৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰো তেখেত সদস্যা আছিল।৩৪১

গৱেষণাসম্পৰ্কীয় প্ৰবন্ধ আৰু আন কৰ্ম

  • ভোছলে, ঊষা এন. (১৯৮৯). Parabolic vector bundles on curves. Arkiv för Matematik. পৃ. 15–22
  • ভোছলে, ঊষা এন. (১৯৯৯). Picard groups of the moduli spaces of vector bundles. Mathematische Annalen. পৃ. 245–263
  • ভোছলে, ঊষা এন. (১৯৯৬). Generalized parabolic bundles and applications— II. Proceedings Mathematical Sciences. পৃ. 403–420
  • ভোছলে,ঊষা এন. (১৯৯২), Parabolic sheaves on higher dimensional varieties,Math. Ann. 293 177–192৫
  • ভোছলে,ঊষা এন. (১৯৮৬): Nets of quadrics and vector bundles on a double plane. Math. Zeit.192, 29–43৬
  • ভোছলে,ঊষা এন. (১৯৯২), Generalised parabolic bundles and applications to torsion-free sheaves on nodal curves.Ark. Mat. 30 187–215৭
  • ভোছলে,ঊষা এন. (১৯৮৯), Ramanathan, A.: Moduli of parabolicG-bundles on curves. Math. Z.202, 161–180৮
  • ভোছলে,ঊষা (১৯৯৯). VECTOR BUNDLES ON CURVES WITH MANY COMPONENTS. Proceedings of the London Mathematical Society,79(1), 81-106.
  • ভোছলে,ঊষা এন. (১৯৯৫), Representations of the fundamental group and vector bundles,Math. Ann.302 601–608৯

বঁটা আৰু সন্মান

  • ২০০০ চনত ৰামাস্বামী স্মাৰক বঁটা।
  • ২০১০ চনত স্ত্ৰী শক্তি বিজ্ঞান সন্মান বঁটা।১
  • আমেৰিকান গাণিতিক সমাজৰ সভ্য নিৰ্বাচিত।২
  • মাৰ্কুছৰ "Who's Who"ত এগৰাকী আগশাৰীৰ শিক্ষাবিদ আৰু গৱেষক হিচাপে চিহ্নিত।২

ব্যক্তিগত জীৱন

১৯৭৬ চনত নৰেন্দ্ৰ বলৰামজী ভোছলেৰ লগত তেখেতে বৈবাহিক জীৱন আৰম্ভ কৰে। চন্দ্ৰশেখৰ আৰু তৃপ্তি তেওঁলোকৰ সন্তান।২ তেখেতৰ গণিতৰ উপৰিও তেখেতৰ চিত্ৰাংকন, কিতাপ পঢ়া আৰু সংগীতত ৰাপ আছে। বৰ্তমান তেখেত মুম্বাইৰ বাসিন্দা।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ INSA:: Indian Fellow Detail. insaindia.res.in
  2. ↑ Ushadevi Narendra Bhosle
  3. ↑ The National Academy of Sciences, India - Founder Members. Nasi.org.in
  4. ↑ Archived copy
  5. ↑ Bhosle, Usha. (1992-12-01). Parabolic sheaves on higher dimensional varieties. Mathematische Annalen. পৃ. 177–192
  6. ↑ Bhosle, Usha N. (1986-03-01). Nets of quadrics and vector bundles on a double plane. Mathematische Zeitschrift. পৃ. 29–43
  7. ↑ Bhosle, Usha. (1992-12-01). Generalised parabolic bundles and applications to torsionfree sheaves on nodal curves. Arkiv för Matematik. পৃ. 187–215
  8. ↑ Bhosle, Usha; Ramanathan, A. (1989-06-01). Moduli of parabolicG-bundles on curves. Mathematische Zeitschrift. পৃ. 161–180
  9. ↑ Bhosle, Usha N. (1995-05-01). Representations of the fundamental group and vector bundles. Mathematische Annalen. পৃ. 601–608

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঊষাদেৱী ভোছলে” প্ৰবন্ধৰ সংশোধন ৬২৪৭৯৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।