উন চিঅ’ চান মাকাউৰ এগৰাকী চীনা ভাষা কবি আৰু লেখিকা। তেওঁৰ কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। তেওঁৰ সাহিত্যিক কৰ্মৰাজিয়ে চীনৰ উদ্বোধনী 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি' আৰু 'হেনৰী লুচ ফাউণ্ডেচন চাইনীজ পয়েট্ৰি ফেল’শ্বিপ'সহ কেইবাটাও সন্মান লাভ কৰিছে।
জীৱনী
উন চিঅ’ চানৰ জন্ম মাকাওত হৈছিল। তেওঁ পিকিং বিশ্ববিদ্যালয়ৰ পৰা চীনা ভাষা আৰু কলা (চলচ্চিত্ৰ আৰু দূৰদৰ্শন নিৰ্মাণ) বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ইয়াৰ পিছত তেওঁ টৰেণ্টো বিশ্ববিদ্যালয়ৰ পৰা পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় এছিয়া অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২
কেৰিয়াৰ
উন চিঅ’ চানৰ এতিয়ালৈকে কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। সেইসমূহ হৈছে— এক্সাইল ইন দ্য ব্লছম টাইম, ৱাণ্ডাৰলেণ্ড, ইভলিউচন অৱ লাভ, হিয়েৰ, নেকেড পিকনিক আৰু বিটাৰ লটাছ চিড।৩ ইয়াৰ উপৰিও তেওঁ বইষ্টাৰাছ আইলেণ্ডছ শীৰ্ষক এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছে। তেওঁৰ নেকেড পিকনিক গ্ৰন্থখন ২০১৩ চনত হংকঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কবিতা নিশাত পাঠ কৰা কবিতাৰ এক সংকলন, যিখন চীনা আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ পাইছে।৪ তেওঁ মাকাউৰ প্ৰথমটো মৌলিক ইনড’ৰ অপেৰা এ ফ্ৰেগ্ৰেণ্ট ড্ৰিমৰ গীতিকাৰো আছিল।৫
তেওঁৰ সৃষ্টিৰাজিয়ে চীনৰ 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি', আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'হেনৰী লুচ ফাউণ্ডেচন ফেল’শ্বিপ ফৰ চাইনীজ পয়েট্ৰি' আৰু 'হাইজি পয়েট্ৰি প্ৰাইজ' লাভ কৰিছে।১ তেওঁ ভাৰমণ্ট ষ্টুডিঅ’ চেণ্টাৰ আৰু আৰ্কটিক চাৰ্কল প্ৰগ্ৰেমৰ এগৰাকী আৱাসিক শিল্পী (artist-in-residence) আছিল। ইয়াৰোপৰি তেওঁ চীন, টাইৱান, হংকং আৰু মাকাওৰ বাতৰি কাকতত নিয়মীয়াকৈ লেখা-মেলা কৰে। তেওঁ মাকাউত কবিতা প্ৰকাশৰ প্ৰত্যাহ্বান আৰু মাকাউৰ লেখকসকলৰ বাবে হংকং, চীন আৰু টাইৱানৰ প্ৰকাশকসকলৰ সৈতে থকা যোগাযোগৰ সুযোগৰ বিষয়েও আলোকপাত কৰিছে।
গ্ৰন্থপঞ্জী
- (২০০৮) এক্সাইল ইন দ্য ব্লছম টাইম (Exile in the Blossom Time; হংকং: কুব্ৰিক)
- (২০১১) ৱাণ্ডাৰলেণ্ড (Wonderland; টাইপেই: ভিষ্টা পাব্লিছিং)
- (২০১১) হিয়েৰ (Here; মাকাউ: এএছএম)
- (২০১৪) নেকেড পিকনিক (Naked Picnic; কলম্বিয়া ইউনিভাৰ্চিটি প্ৰেছ)
- বিটাৰ লটাছ চিড (Bitter Lotus Seed)
- ইভলিউচন অৱ লাভ (Evolution of Love)
- (২০২০) বইষ্টাৰাছ আইলেণ্ডছ (Boisterous Islands)
বাহ্যিক সংযোগ
- (Spring 2021). The Artichoke. Washington Square Review
তথ্যসূত্ৰ
- ↑ Cha: An Asian Literary Journal - Un Sio San. www.asiancha.com
- ↑ » Sio San Un. Environmental Film Festival
- ↑ Un Sio San. Words Without Borders
- ↑ San, Un Sio. (2014). Naked Picnic. The Chinese University of Hong Kong Press. ISBN 978-962-996-628-7
- ↑ C² Magazine. www.c2magazine.mo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উন চিঅ’ চান” প্ৰবন্ধৰ সংশোধন ৫৯০৯৯৯ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।