উৰ্মি বসু (Urmi Basu) হৈছে এগৰাকী সমাজকৰ্মী৷ তেওঁ কলকাতাত যৌনকৰ্মীক সুৰক্ষাৰ হকে মাত মাতি আহিছে আৰু বাস্তৱ দিশত অনেক কাম সক্ৰিয়ভাৱে জড়িত হৈ সম্পন্ন কৰিছে৷ ২০১৯ চনত তেওঁ ভাৰতীয় মহিলাৰ বাবে উছৰ্গীকৃত সৰ্বোচ্চ বঁটা নাৰী শক্তি পুৰস্কাৰ লাভ কৰে।
জীৱন
উৰ্মি বসুৱে কলিকতাত জন্ম গ্ৰহণ কৰিছিল।১ তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই চিকিৎসাৰ লগত জড়িত আছিল৷ বসুৱে ১৯৮৬ চনত মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল চাইন্সেছৰ পৰা সমাজ কামত এম এ ডিগ্ৰী লাভ কৰে।২
তেওঁ ২০০০ চনত কলকাতাত যৌনকৰ্মীক চোৱাচিতা কৰা "নিউ লাইট" নামৰ সংস্থাটো প্ৰতিষ্ঠা কৰিছিল। নিজৰ ধন ব্যৱহাৰ কৰি তেওঁ এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল। কোৱা হয় যে দ্বিতীয় স্বামীয়ে তেওঁৰ কামৰ প্ৰতি সমৰ্থন নকৰিলে৷ সেয়েহে বসুৱে তেওঁক এৰি থৈ গৈছিল।১ নিউ লাইটত মহিলাসকলে নিশা কটাব পৰাকৈ আশ্ৰয় শিবিৰৰ দিহা আছে৷ তেওঁ ট্ৰেন্স-জেনেৰেচনেল বেশ্যাবৃত্তিৰ প্ৰতি চিন্তিত৩ ৷ যৌনকৰ্মীৰ ৯০% কন্যাই গড় তেৰ বছৰ বয়সৰ পৰাই নিজৰ মাতৃক অনুসৰণ কৰি বেশ্যাবৃত্তিত নামি পৰে।৪
২০১২ চনত তেওঁ আৰু তেওঁৰ সংস্থাটোৱে "হাফ দ্য স্কাই: টাৰ্নিং অপ্ৰেচন ইনটু অপৰ্চনিটি ফৰ ৱমেন ৱৰ্ল্ডৱাইড" নামৰ এখন আমেৰিকান (পিবিএছ) ছবিত অভিনয় কৰে।৪ই আছিল চাৰি ঘণ্টীয়া তথ্যচিত্ৰ যি ২০১২ চনৰ অক্টোবৰ মাহত পিবিএছত প্ৰিমিয়াৰ হৈছিল।৫
২০১৯ চনত আন্তৰ্জাতিক নাৰী দিৱসত উৰ্মি বসুক নাৰী শক্তি পুৰস্কাৰ বঁটা প্ৰদান কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক এই বঁটা প্ৰদান কৰে৬
তথ্যসূত্ৰ
- ↑ Urmi Basu - India · WEF · Women Economic Forum. WEF
- ↑ Alumni Connect with Urmi Basu. Tata Institute of Social Sciences
- ↑ Urmi Basu. thinkglobalschool.org
- ↑ "Prostitution is Absence of Choice" · ITVS. itvs.org
- ↑ Independent Lens: Half the Sky. PBS.org
- ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্মি বসু” প্ৰবন্ধৰ সংশোধন ৪৮০৫৭৮ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।