উমা ৰামাকৃষ্ণণ(Uma Ramakrishnan) এগৰাকী ভাৰতীয় পৰিস্থিতি বিজ্ঞানী (ecologist)৷ তেওঁ বৰ্তমান বেংগালুৰুৰ ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে৷ তেওঁৰ গৱেষণাৰ মূল বিষয় হ’ল ভাৰতৰ স্তন্যপায়ী জন্তুৰ সংখ্যাগত আনুবংশিক বিজ্ঞান (population genetics) আৰু ক্ৰমবিৱৰ্ত্তনৰ ইতিহাস (evolutionary history)৷ বিশেষকৈ ভাৰতত ঢেঁকীয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷১ ২০১৯ চনৰ জুলাই মাহত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (Indian National Science Academy) ৰ সদস্য হিচাপে নিৰ্বাচিত হয়৷ ২
শিক্ষা
ৰামাকৃষ্ণণে পদাৰ্থবিজ্ঞান, ৰায়ন বিজ্ঞান আৰু গণিতসহ বিজ্ঞান বিভাগত স্নাতক আৰু বায়’টেকন’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ৩ পৰৱৰ্ত্তী সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব কেলিফৰ্ণিয়া, ছান ডিয়েগোৰ পৰা ডক্টৰেট আৰু ষ্টেনফৰ্ড ইউনিভাৰ্ছিটিৰ পৰা প’ষ্ট ডক্টৰেল ডিগ্ৰী লাভ কৰে৷৪ এইসময়ত তেওঁ প্ৰাচীন ডি এন এ ব্যৱহাৰ কৰি স্তন্যপায়ী জন্তুৰ ওপৰত জলবায়ুৰ পৰিৱৰ্ত্তন অধ্যয়ন কৰে৷৫
কেৰিয়াৰ আৰু গৱেষণা
ৰামাকৃষ্ণণে ২০০৫ চনত ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰত সহকাৰী অধ্যাপিকা পদত যোগদান কৰে৷ ৬তেওঁৰ গৱেষণাৰ মূল বিষয় বংশগতি বিজ্ঞানৰ সহায়ত পৰিস্থিতিতন্ত্ৰই জৈৱবৈচিত্ৰ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ ওপৰত আলোচনা কৰা৷৭ তেওঁৰ অধীনত গৱেষকৰ দলে ঢেঁকীয়াপতীয়া বাঘৰ মলৰ নমুনা পৰীক্ষা কৰি বাঘৰ সংখ্যা আৰু জিনগত জৰীপ কৰাৰ পদ্ধতি বিকাশ কৰে৷৮ তাৰোপৰি তেওঁৰ গৱেষণাই বনৰীয়া নিগনি আৰু পশ্চিমঘাট পৰ্বতমালাৰ চৰাইৰ জিনগত অধ্যয়নো সামৰি লৈছে৷৮৯ কানহা পেঞ্চ কৰিড’ৰৰ মাজেৰে পাৰ হৈ যোৱা সাত নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বহলীকৰণ ৰোধ কৰিবলৈ আদালতত হোৱা শুনানিত ৰামাকৃষ্ণণৰ কেন্দ্ৰীয় ভাৰতৰ ঢেঁকীয়াপতীয়া বাঘৰ সংযোগ (connectivity) ৰ ওপৰত কৰা গৱেষণাৰ তথ্য ব্যৱহাৰ কৰা হৈছিল৷ ১০
বঁটা আৰু স্বীকৃতি
- ৰামানুজণ ফেল’শ্বিপ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰত চৰকাৰ; ২০১০ ১১
- ফুলব্ৰাইট ভিজিটিং ফেল’শ্বিপ; ২০১৫ ১২
- পাৰ্কাৰ জেন্ট্ৰি বঁঁটা, ফিল্ড মিউজিয়াম অব নেচাৰেল হিষ্ট’ৰি, চিকাগো; ২০১৬১৩১৪
- অসাধাৰণ বিজ্ঞানী বঁটা (Outstanding Scientist Award), এট’মিক এনাৰ্জি বিভাগ; ২০১২১১
- সদস্য, ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী১৫
বাহ্যিক সংযোগ
- উমা ৰামাকৃষ্ণণৰ ভাষণ: প্ৰজাতিৰ ভৌগোলিক বিস্তৃতিৰ অধ্যয়ন- প্ৰথম খণ্ড
- উমা ৰামাকৃষ্ণণৰ ভাষণ: প্ৰজাতিৰ ভৌগোলিক বিস্তৃতিৰ অধ্যয়ন- দ্বিতীয় খণ্ড
- উমা ৰামাকৃষ্ণণৰ ভাষণ: ডিএনএৰ সহায়ত জৈৱবৈচিত্ৰ্যৰ মেপিং
- উমা ৰামাকৃষ্ণণৰ টেডএক্সত ভাষণ
তথ্যসূত্ৰ
- ↑ Dr. Uma Ramakrishnan · NCBS. www.ncbs.res.in
- ↑ Congratulations! Dr Uma Ramakrishnan elected fellow of INSA · NCBS News. news.ncbs.res.in
- ↑ (2018-03-16). On the tiger trail with Uma. The Life of Science
- ↑ www.ibiology.org/speakers/uma-ramakrishnan/
- ↑ আৰ্কাইভ কপি
- ↑ www.ibiology.org/speakers/uma-ramakrishnan/
- ↑ www.ibiology.org/speakers/uma-ramakrishnan/
- ↑ Uma Ramakrishnan « CEHG Symposium
- ↑ (2018-03-16). On the tiger trail with Uma. The Life of Science
- ↑ (2018-03-16). On the tiger trail with Uma. The Life of Science
- ↑ Honors & Awards(2010-2012) · NCBS. www.ncbs.res.in
- ↑ www.ibiology.org/speakers/uma-ramakrishnan/
- ↑ (22 April 2016). Bengaluru based ecologist bags Parker-Gentry award for work on tiger conservation. www.thenewsminute.com
- ↑ 2016 Dr. Uma Ramakrishnan · Parker/Gentry Award. parkergentry.fieldmuseum.org
- ↑ Congratulations! Dr Uma Ramakrishnan elected fellow of INSA · NCBS News. news.ncbs.res.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা ৰামাকৃষ্ণণ” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৩১ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।