উষা খড্গী (নেপালী ভাষা: उषा खड्गी; ইংৰাজী ভাষা: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল।১ ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
জীৱনী
নেপালৰ বীৰগঞ্জত উষা খড্গীৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম উত্তম বাহাদুৰ খড্গী আৰু মাতৃৰ নাম উৰ্মিলা খড্গী।
তেওঁ ১৯৯৯ চনৰ মিছ পোখৰাৰ প্ৰথম ৰানাৰ্ছ-আপ আছিল আৰু পিছলৈ তেওঁ ২০০০ চনত মিছ বীৰগঞ্জত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ জিকিছিল। একে বছৰতে তেওঁ মিছ নেপাল ২০০০-ত অংশ লয় আৰু মিছ নেপাল খিতাপ জয় কৰে। তেওঁ সপ্তমগৰাকী মিছ নেপাল আৰু ৰুবী ৰাণাৰ পিছত বীৰগঞ্জৰ পৰা হোৱা দ্বিতীয়গৰাকী বিজয়ী।
২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।২ অনুষ্ঠানটোৰ প্ৰতিটো খণ্ডত এগৰাকী নেপালী চেলিব্ৰিটীক তেওঁলোকৰ মাতৃৰ সৈতে দেখুওৱা হয়।৩৪ অনুষ্ঠানটোত প্ৰিয়ংকা কাৰ্কী, জিতু নেপাল আদি বিভিন্ন অভিনেতা, কৌতুক অভিনেতা আৰু গায়ক-গায়িকাই অংশগ্ৰহণ কৰিছে।
উষাৰ 'উষাজ ষ্টাইলিছ কলকচন' নামৰ এটা ফেশ্বন ডিজাইনাৰ কাপোৰ আৰু বুটিকৰ ব্যৱসায়ো আছে।৫
চলচ্চিত্ৰপঞ্জী
টেলিভিছন
| + | বছৰ | শীৰ্ষক | চেনেল | ছিজন | ধৰণ |
| ২০২২ | আমা | নিউজ ২৪ | ৪ | টক শ্ব’ |
ব্যক্তিগত জীৱন
২০০৩ চনত তেওঁ সংবাদ মাধ্যমৰ ব্যক্তি জি পি তিমালচেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৭ বছৰীয়া দাম্পত্য জীৱনৰ অন্তত ২০২০ চনত তেওঁলোকৰ বিচ্ছেদ ঘটে।৬ তেওঁলোকৰ এজনী ছোৱালী আৰু এজন ল’ৰা সন্তান আছে।৭
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (16 December 2014). List of Miss Nepal – Go Online News
- ↑ 'आमा' को चौथो सिजनमा उषा खड्गीको इन्ट्री. pahilopost.com
- ↑ अभिनेत्री उषा खड्गी अब कार्यक्रम प्रस्तोता. Rautahat Online
- ↑ 'आमा'को चौथो सिजनमा उषा खड्गी. Online Khabar
- ↑ (Aug 2, 2023). Miss Nepal Usha Khadgi's Business Journey: Usha's Stylish Collection. TSCBN
- ↑ Model Usha Khadgi announces the end of her marriage – OnlineKhabar English News. onlinekhabar.com
- ↑ के श्रीमानबाट घरेलु हिंसा भोगिरहेकी थिइन् उषा खड्गी ?. Online Khabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা খড্গী” প্ৰবন্ধৰ সংশোধন ৬০৩২৪১ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।