অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উপাসনা সিং ঠাকুৰী

উপাসনা সিং ঠাকুৰী (उपासना सिंह ठकुरी) এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ নেপালৰ নৱ প্ৰজন্মৰ মেধাৱী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। তেওঁৰ অভিনয়ৰ নিজস্ব সুকীয়া শৈলী আৰু চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ ক্ষমতা আছে।

হালনাগাদ: ১৫ এপ্ৰিল ২০২৫ ৪৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

উপাসনা সিং ঠাকুৰী (उपासना सिंह ठकुरी) এগৰাকী নেপালী অভিনেত্ৰী। তেওঁ নেপালৰ নৱ প্ৰজন্মৰ মেধাৱী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম। তেওঁৰ অভিনয়ৰ নিজস্ব সুকীয়া শৈলী আৰু চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ ক্ষমতা আছে।

প্ৰাৰম্ভিক জীৱন

১৯৯৮ চনৰ ২০ ছেপ্টেম্বৰত উপাসনা সিং ঠাকুৰীয়ে জন্মগ্ৰহণ কৰিছিল।১

কৰ্মজীৱন

২০১৯ চনত, ঠাকুৰীয়ে দিবাকৰ ভট্টৰাইৰ দ্বাৰা পৰিচালিত ক্ৰীড়ামূলক চলচ্চিত্ৰ কেপ্টেইনত অনমোল কে.চি.-ৰ বিপৰীতে অভিনয়েৰে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।২ চুপাৰ কাজল ফিল্মছৰ অধীনত ভুৱন কে.চি. আৰু জিয়া কে.চি.-য়ে ছবিখনৰ প্ৰযোজনা কৰিছিল।৩ তেওঁৰ অভিনয়ে সমালোচক সমাজৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল। নিজৰ ভূমিকাত কৰা দক্ষ অভিনয়ৰ বাবে স্বীকৃতি লাভ কৰিলেও কিছুমান সমালোচকে কাহিনীৰ ভিতৰত এক পৰিসৰৰ আৱেগ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানৰ উমান পাইছিল। তেওঁৰ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ডিচিনে বঁটা আৰু নেফটা চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত হয়।৪৫ এই মনোনয়নসমূহে তেওঁৰ চৰিত্ৰসমূহৰ ফলপ্ৰসূ চিত্ৰণ আৰু নেপালী চলচ্চিত্ৰ উদ্যোগত তেওঁৰ প্ৰভাৱক দৃঢ় কৰি তুলিছিল, যিয়ে তেওঁক এগৰাকী প্ৰতিভাৱান নৱাগতা হিচাপে প্ৰতিষ্ঠা কৰিছিল।

অৱশ্যে ৰাম বাবু গুৰুঙৰ দ্বাৰা পৰিচালিত ৰোমাণ্টিক কমেডী ছবি কাবাডী কাবাডী কাবাডীত অভিনয় কৰি একে বছৰতে ঠাকুৰীৰ কেৰিয়াৰে উৰ্ধমুখী ৰূপ লয়।৬ এই ছবিখনে নেপালত এখন ছবিৰ সৰ্বাধিক উপাৰ্জনকাৰী উন্মোচনৰ অভিলেখ গঢ়িছিল।৭৮৯ ছবিখনত তেওঁৰ অভিনয়ক ব্যাপকভাৱে প্ৰশংসা কৰা হৈছিল, এজন সমালোচকে লিখিছিল: "কেপ্টেইনত তেওঁৰ পূৰ্বৰ চৰিত্ৰৰ তুলনাত ঠাকুৰীয়ে যথেষ্ট উন্নতি কৰিছে। চলচ্চিত্ৰখনত, তাইক বিভিন্ন আৱেগিক পৰিস্থিতিত ৰখা হৈছে, কিন্তু তাই দক্ষতাৰে আৰু বাস্তৱিকভাৱে সেইবোৰ তাইৰ মুখৰ অভিব্যক্তি, ভঙ্গী আৰু সংলাপত প্ৰতিফলিত কৰে।" ১০ ২০২১ চনত প্ৰবীণ ঝাৰ "ডিচেম্বৰ ফলছ" নামৰ ছবিখনৰ বাবে স্বাক্ষৰ কৰিছিল, ছবিখনত আৰ্যন চিগডেলৰ বিপৰীতে অভিনয় কৰি ঠাকুৰীয়ে তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ গতিপথ অব্যাহত ৰাখিছিল।১১ কৌতুকৰ উপৰিও, এই চৰিত্ৰটোৱে তেওঁৰ অভিনয়ৰ বহুমুখী তাৎপৰ্য আৰু বিভিন্ন ধাৰাৰ সৈতে খাপ খুৱাব পৰা সামৰ্থ্য প্ৰদৰ্শন কৰিছিল। একে বছৰতে, তেওঁ নিষ্ঠাৰে নেপালী চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আন নগৰাকী সন্মানীয় অভিনেত্ৰীৰ সৈতে ৰাষ্ট্ৰীয় নৱদুৰ্গা বঁটা লাভ কৰে।১২

২০২২ চনত দয়াহাং ৰায় আৰু সৌগাট মাল্লাৰ বিপৰীতে “দুই নম্বৰী” নামৰ ছবিত অভিনয় কৰিছিল। ছবিখন পৰিচালনা কৰিছিল দীপেন্দ্ৰ লামাই। ছবিখন বক্স অফিচত ব্যৱসায়িকভাৱে সফল হৈছিল।১৩১৪

২০২৪ চনত ঠাকুৰীৰ দুখন ছবিয়ে মুক্তি লাভ কৰিছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা সামাজিক কমেডীধৰ্মী ছবি “হাট্টিছাপ”ত তেওঁ পুনৰবাৰ দয়াহাং ৰায় আৰু সৌগট মাল্লাৰ বিপৰীতে অভিনয় কৰে।১৫১৬

বছৰৰ শেষৰ ফালে ঠাকুৰীয়ে অভিনেতা ধীৰাজ মগৰৰ বিপৰীতে,১৭ আন্তঃৰাষ্ট্ৰীয় প্ৰশংসিত তথ্যচিত্ৰ পৰিচালক অশোক থাপা মগৰৰ পৰিচালনাত নিৰ্মিত “খুছমা” ছবিখনত শিৰোনামৰ চৰিত্ৰত অভিনয় কৰে।১৮১৯২০২১ চলচ্চিত্ৰখন নেপালী গৃহযুদ্ধৰ সময়ৰ এটা প্ৰেমকাহিনীৰ ওপৰত আধাৰিত। ঠাকুৰীয়ে প্ৰকল্পটোৰ প্ৰতি দায়বদ্ধ অনুভৱ কৰিছিল কাৰণ ই বাস্তৱ ঘটনাৰ বিষয়ে আছিল, আৰু তেওঁৰ ভূমিকাৰ বাবে প্ৰস্তুতি হিচাপে ৰুকুম জিলাৰ মাইকোট গাঁৱৰ স্থানীয় লোকসকলক লগ কৰিবলৈ গৈছিল। তেওঁ কৰ্মশালাৰ সময়ত কেইবাবাৰো আৱেগিক হোৱাৰ কথাও স্বীকাৰ কৰে যেতিয়া তেওঁ সমগ্ৰ সংঘৰ্ষৰ কষ্টৰ বিষয়ে শুনিছিল।২২ এক আকৰ্ষণীয় কাহিনীৰ সৈতে, সতেজ যুটিটোৱে এক স্তৰযুক্ত আৰু আৱেগিক প্ৰদৰ্শন দিছিল। ছবিখন মানুহৰ মুখে মুখে প্ৰচাৰিত হৈছিল। দুয়োগৰাকী অভিনয় শিল্পীৰ অনস্ক্ৰীণ ৰসায়নক উদ্যোগটোত সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হৈছে।২৩২৪২৫ চলচ্চিত্ৰখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে আৰু কেইবাজনো ভাষ্যকাৰে ঠাকুৰীৰ অভিনয়ক আজিলৈকে তেওঁৰ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰিছে।২৬২৭২৮ ইউটিউবত ছবিখনৰ ট্ৰেইলাৰ আৰু গানবোৰ ১ম স্থানত ট্ৰেণ্ড কৰাৰ বাবে মুক্তিৰ আগতে ছবিখন ইতিমধ্যে সফল বুলি গণ্য কৰা হৈছিল। চলচ্চিত্ৰখনৰ 'ৰুকুম মাইকোট' গানটো ইউটিউবত বিশ্বব্যাপী ট্ৰেণ্ড কৰা প্ৰথমটো নেপালী চলচ্চিত্ৰৰ গীত হিচাপে পৰিগণিত হয়। গীতটি দুসপ্তাহকৈও অধিক সময় নেপালৰ সংগীত শাখাৰ ট্ৰেণ্ডিং তালিকাৰ শীৰ্ষত আছিল।২৯৩০ গীতটোৱে জনপ্ৰিয়তা লাভ কৰাৰ লগতে ছবিখন ব্যৱসায়িকভাৱেও লাভৱান হৈছে।৩১৩২

চলচ্চিত্ৰপুঞ্জী

বৰ্ষচলচ্চিত্ৰভূমিকাতথ্য.
২০১৯কেপ্টেইনশ্ৰেয়া২
কাবাডী কাবাডী কাবাডীকাছী৩৩
২০২২ডিচেম্বৰ ফলছসাদিক্ষা
২০২২দুই নম্বৰীবালিকা৩৪
২০২৪হাট্টীছাপলক্ষ্মী৩৫
খুছমাখুছমা৩৬
কে ঘৰ কে ডেৰা: ঘৰ নং ২
কৰ্ম

বঁটা

+বৰ্ষবঁটাশিতানচলচ্চিত্ৰফলাফলতথ্য.
২০১৯ডিচিনে বঁটাশ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীকেপ্টেইন৪
নেফটা চলচ্চিত্ৰ বঁটা৫
২০২১ৰাষ্ট্ৰীয় নৱদুৰ্গা বঁটাপ্ৰযোজ্য নহয়সন্মানিত১২

তথ্যসূত্ৰ

  1. ↑ जन्मदिनमा उपासना भन्छिन्–'३ वटा स्क्रिप्ट पढेँ, काम गर्ने पक्का छैन'. Online Khabar
  2. ↑ (3 March 2019). Captain movie review: This Anmol KC starrer is a story of makers' misses. OnlineKhabar
  3. ↑ (19 February 2019). Meet Anmol KC's one of the 'Captain' girl Upasana Singh Thakuri.
  4. ↑ 'डी सिने अवार्ड'मा अनमोल, प्रदिप, विपिन, आकाश, आर्यन र सलिमानको भिडन्त. Online Khabar
  5. ↑ Upasana Singh Thakuri. Lens Nepal
  6. ↑ Mahat, Sunny. (25 September 2019). A complete family entertainer. The Annapurna Express
  7. ↑ (21 September 2019). कबड्डी ३ ले तोड्यो हालसम्मकै रेकर्ड. Himal Post
  8. ↑ Dayahang Rai-starrer 'Kabaddi Kabaddi Kabaddi' collects over Rs 14 Million gross nations wide on day one. My City
  9. ↑ 'कबड्डी कबड्डी कबड्डी'को बम्पर व्यापार. Online Khabar
  10. ↑ (22 September 2019). Kabaddi Kabaddi Kabaddi movie review: With a cliched story, can this well-acted comedy sustain the brand?. OnlineKhabar
  11. ↑ 'डिसेम्बर फल्स'मा आर्यन र उपासनाको यस्तो लुक्स. Online Khabar
  12. ↑ चैत्यदेवी, केकी, उपासनासहित ९ नायिकालाई 'राष्ट्रिय नवदुर्गा सम्मान'. Online Khabar
  13. ↑ 2022
  14. ↑ (2022). Dui Numbari
  15. ↑ (2024). Hattichhap
  16. ↑ Hattichhap 2024
  17. ↑ (2024). Dhiraj Magar Instagram
  18. ↑ (2024). Khusma Movie review
  19. ↑ (2024). Khusma 2024
  20. ↑ (2024). ‘Khusma’ Trailer Evokes Emotional Empathy
  21. ↑ (2024). ‘खुस्मा’ ट्रेलर: धीरजको पखाईमा बसेकी उपासना
  22. ↑ (2024). जब ‘खुस्मा’को स्क्रिप्ट सुनेर रोइन् उपासना
  23. ↑ (2024). ‘खुस्मा’मा धीरज र उपासनाको विवाह (फोटोसहित)
  24. ↑ (2024). ‘खुस्मा’को गीतमा धीरज र उपासनाको फक्रिएको प्रेम
  25. ↑ (2024). 'खुस्मा' को पहिलो गीतमा धिरज र उपासनाको प्रेमभाव
  26. ↑ Khusma Premier
  27. ↑ (2024). ‘Khusma’ Premiere- Acknowledgement of Actors’ Performances and Story-telling
  28. ↑ (2024). चलचित्र ‘खुस्मा’ले उठाएका सवाल
  29. ↑ (2024). 'Rukum Maikot' song popularity
  30. ↑ (2024). ग्लोबल ट्रेन्डिङमा पर्‍यो ‘खुस्मा’को ‘रुकुम मैकोट’ गीत
  31. ↑ (2024). Khusma Box office
  32. ↑ (2024). Khusma box office collection
  33. ↑ On location in Pokhara. Nepali Times
  34. ↑ फिल्म 'डिसेम्बर फल्स'का लागि उपासना सिंह ठकुरी अनुबन्धित, माघदेखि छायाँकन. PahiloPost
  35. ↑ (2024). Hattichhap (2041) IMDB
  36. ↑ (2024). Khusma (2024) - IMDB

সম্পৰ্কিত শ্ৰেণী

নেপালৰ ব্যক্তিনেপালী অভিনেত্ৰীনেপালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপাসনা সিং ঠাকুৰী” প্ৰবন্ধৰ সংশোধন ৫০৩৬৪৩ (১৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।