অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্মিলা বালাৱন্ত আপটে

উৰ্মিলা বালাৱন্ত আপটে: Urmila Balavant Apte;১৯৮৮ চনত নাৰী সবলীকৰণৰ বাবে উৎসৰ্গিত ভাৰতীয়স্ত্ৰী শক্তি সংগঠনৰ ভাৰতীয় প্ৰতিষ্ঠাপক। তেওঁৰ কামৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তিৰ সন্মান লাভ কৰিছিল।

হালনাগাদ: ১০ মে’ ২০২৫ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উৰ্মিলা বালাৱন্ত আপটে: Urmila Balavant Apte;১৯৮৮ চনত নাৰী সবলীকৰণৰ বাবে উৎসৰ্গিত ভাৰতীয়স্ত্ৰী শক্তি সংগঠনৰ ভাৰতীয় প্ৰতিষ্ঠাপক। তেওঁৰ কামৰ বাবে ২০১৮ চনত ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পৰা নাৰী শক্তিৰ সন্মান লাভ কৰিছিল।

জীৱন

আপ্তে এগৰাকী গণিতজ্ঞ, তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৬৯ চনত তেওঁ শিক্ষকতাৰ অৰ্হতা আৰু স্নাতকোত্তৰ ডিগ্ৰী ব্যৱহাৰ কৰি মুম্বাইৰ বিভিন্ন কলেজত গণিত শিকায়।১

উৰ্মিলা বলৱন্ত আপ্তে ৰাষ্ট্ৰপতি কোবিন্দৰ পৰা নাৰী শক্তি বঁটা লাভ কৰি আছিল।
উৰ্মিলা বলৱন্ত আপ্তে ৰাষ্ট্ৰপতি কোবিন্দৰ পৰা নাৰী শক্তি বঁটা লাভ কৰি আছিল।ছবি: Ministry of WCD, government of India · GODL-India

১৯৮৮ চনত ভাৰতীয় স্ত্ৰী শক্তি (Bhartiya Stree Shakti-বি এছ এছ) প্ৰতিষ্ঠা কৰিছিল। বি এছ এছ হৈছে মহিলা সবলীকৰণৰ বাবে এক সংগঠন। সংস্থাটোৱে লিংগৰ ওপৰত ভিত্তি কৰি হোৱা বৈষম্যৰ অন্ত পেলাবলৈ২ আৰু মহিলাসকলক সবলীকৰণ কৰিব বিচাৰে। ই জাতি আৰু পৰিয়াললৈ মহিলাৰ অৱদানক স্বীকৃতি দিয়াৰ কাম কৰে।৩ উৰ্মিলাই ১৯৯৫ চনলৈকে ভাৰতীয় স্ত্ৰী শক্তিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই বছৰতে তেওঁ সৰ্বভাৰতীয় সাংগঠনিক সম্পাদিকা হৈছিল আৰু সেই ভূমিকা তেওঁ ২০১৪ চনলৈকে বজাই ৰাখিছিল। এই বি এছ এছ ভাৰতৰ দহখন ৰাজ্যত কমেও এটা শাখা আছে আৰু মুঠতে ৩৩টা শাখা আছে। ২০১৪ চনৰ পৰা তেওঁ বি এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী পৰিষদত বহিছিল।[1]১

২০১৮ চনত ভাৰতীয় স্ত্ৰী শক্তিৰ প্ৰতিষ্ঠাৰ ত্ৰিশ বছৰ উদযাপনৰ বাবে দুদিনীয়া বৈঠকত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ১০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।৪

২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা নাৰী শক্তিৰ পুৰস্কাৰ সন্মানেৰে সন্মানিত কৰা হৈছিল।৫ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ৰাষ্ট্ৰপতি কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে। সেই বছৰ উনত্ৰিশজন লোক বা সংগঠনক সন্মান জনোৱা হৈছিল। তেওঁলোকে এই বঁটা আৰু এক লাখ টকাৰ পুৰস্কাৰ লাভ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ Smt. Urmila Apte – Bharatiya Stree Shakti
  2. ↑ (15 March 2018). Urmila Balwant Apte - Nari Shakti Awardee 2017 - YouTube. www.youtube.com
  3. ↑ Meet Ms. Urmila Balawant Apte, #NariShakti Puraskar 2017 awardee.. Indian government press site
  4. ↑ (13 Jan 2018). Bharatiya Stree Shakti discusses various issues · Nagpur News - Times of India. The Times of India. TNN
  5. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
  6. ↑ (9 March 2018). International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'. The New Indian Express. IANS

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্মিলা বালাৱন্ত আপটে” প্ৰবন্ধৰ সংশোধন ৫০৭৩৬৮ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।