জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইন্দু মিঠা
ইন্দু মিঠা (Indu Mitha, জন্ম ১৯২৯) হ'ল এগৰাকী ভাৰতনাট্যমৰ পাকিস্তানী প্ৰচাৰক, তেওঁ দেশৰ মাত্ৰ দুজনৰ ভিতৰৰ এজন প্ৰচাৰক আৰু আনজন হৈছে শ্বীমা কেৰমানী। তেওঁ ৰাৱালপিণ্ডিৰ নেচনেল কলেজ অৱ দ্য আৰ্টছৰ চৌহদৰ অধ্যাপক আছিল আৰু তাৰ পৰাই তেওঁ অৱসৰ গ্ৰহণ কৰিছিল।
-
ইন্দুমতী বাবুজী পতংকৰ
ইন্দুমতী পতংকৰ (ইন্দুটাই) (১৯২৫ – ২০১৭) ভাৰতৰ গ্ৰাম্য অঞ্চলৰ মহাৰাষ্ট্ৰৰ কাছেগাঁৱৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু প্ৰবীণ কৰ্মী আছিল। ইন্দুতাইৰ পিতৃ দিংকৰাও নিকাম ১৯৩০ চনৰপৰা স্বাধীনতা আন্দোলনত জড়িত হৈ সত্যাগ্ৰহৰ বাবে কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত কমিউনিষ্ট হৈ ভাতৃ ভি.ডি. চিতালে।
-
ইন্দ্ৰাণী পাল-চৌধুৰী
ইন্দ্ৰাণী পাল-চৌধুৰী (ইংৰাজী: Indrani Pal-Chaudhuri) এগৰাকী ভাৰতীয়-কানাডিয়ান প্ৰতিষ্ঠাপক, ভৱিষ্যতদ্ৰষ্টা, চলচ্চিত্ৰ পৰিচালক আৰু শিল্পী। তেওঁ লেডী গাগা, বিয়ন্স, জেনিফাৰ লোপেজ, আলিচিয়া কিজ, জয়-জি আৰু কান্যে ৱেষ্টৰ সৈতে কাম কৰিছে।
-
ইন্দ্ৰাণী পেৰেৰা
ইন্দ্ৰাণী পেৰেৰা ( Indrani Perera) (জন্ম তাৰিখ: ১৫ ফেব্ৰুৱাৰী), এগৰাকী শ্ৰীলংকাৰ সংগীত শিল্পী আৰু নেপথ্য গায়িকা। ক্লেৰেন্স উইজেৱাৰ্ডেনা আৰু এন্সলি মালেৱানাৰ লগত একেলগে ইন্দ্ৰানীক "দ্য অৰিজিনেল সিংহলী পপ ত্ৰিমূৰ্তি" বুলি জনা যায়।
-
ইন্দ্ৰিৰা হিন্দুজা
ইন্দিৰা হিন্দুজা মুম্বাইত বাস কৰা এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ, প্ৰসূতি আৰু বন্ধ্যাত্ব বিশেষজ্ঞ। তেখেত গেমেট ইণ্ট্ৰাফেলপিয়ান ট্ৰেন্সফাৰ (GIFT) কৌশলৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিছিল যাৰ ফলত ১৯৮৮ চনৰ ৪ জানুৱাৰীত ভাৰতৰ প্ৰথমটো GIFT শিশুৰ জন্ম হয়।
-
ইপ্সিতা পতি
ইপ্সিতা পতি (ওড়িয়া: ଇପ୍ସିତା ପତି; ইংৰাজী: Ipsita Pati) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১১ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেলত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল, য'ত তেওঁ শীৰ্ষ ১৫ স্থান দখল কৰিছিল। পতিয়ে হিন্দী চলচ্চিত্ৰ চোৰ বজাৰী (২০১৪)তো অভিনয় কৰিছে।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
ইব্ৰাহিম হাতামিকিয়া
ইব্ৰাহিম হাতামিকিয়া (ফাৰ্চী: ابراهیم حاتمیکیا; জন্ম ২৩ ছেপ্টেম্বৰ ১৯৬১) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ আৰু অভিনেতা। হাতামিকিয়া ইৰানৰ ওপৰত ইৰান-ইৰাক যুদ্ধৰ প্ৰভাৱ চিত্ৰিত কৰা চলচ্চিত্ৰসমূহৰ এজন প্ৰধান পৃষ্ঠপোষক।
-
ইভা এঞ্জেলিনা
ইভা এঞ্জেলিনা এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰী। ২০০৭ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে নাইটমুভছ বঁটা, ২০০৮ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে এভিএন বঁটা, ২০০৮ চনৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে এক্সআৰচিঅ' বঁটা, আৰু ২০০৮ চনৰ বছৰৰ মহিলা অভিনেতাৰ বাবে এক্সবিআইজ বঁটা আদি কেইবাটাও উদ্যোগ বঁটা লাভ কৰিছে।
-
ইভা গঞ্জালেছ
ইভা মাৰিয়া গঞ্জালেছ ফাৰ্নাণ্ডেজ (ইংৰাজী: Eva María González Fernández; জন্ম: ৫ নৱেম্বৰ ১৯৮০) এগৰাকী স্পেনিছ অভিনেত্ৰী, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
ইভা মুৰাটী
ইভা মুৰাটী (ইংৰাজী: Eva Murati; জন্ম: ২৫ মে' ১৯৯৫) এগৰাকী আলবেনিয়ান ক্ৰীড়া সাংবাদিক, মডেল আৰু অভিনেত্ৰী। ১৫ বছৰ বয়সৰপৰাই কেৰিয়াৰ আৰম্ভ কৰা ইভাই বিজ্ঞাপন আৰু মডেলিঙৰ জৰিয়তে আলবেনিয়াৰ মনোৰঞ্জন জগতত পৰিচিত হৈ পৰে।
-
ইভা ৰণৱীৰা
ইভা ৰণৱীৰা (ইংৰাজী: Eva Ranaweera; ১৯২৪ — ৯ ফেব্ৰুৱাৰী ২০১০) এগৰাকী নাৰীবাদী লেখিকা, কবি আৰু সাংবাদিক আছিল, যিয়ে ইংৰাজী আৰু সিংহল দুয়োটা ভাষাতে লিখিছিল। তেওঁ বনিতা বিত্থী নামৰ জনপ্ৰিয় মহিলা আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদিকা আছিল।
-
ইভাংকা দাস
ইভাংকা দাস (জন্ম নাম: অৰণদীপ দাস) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী, নৃত্য পৰিচালক, আৰু মডেল। ভাৰতীয় ৰিয়েলিটি টেলিভিছন শ্ব ' ডান্স দীৱানে, হদ্দী আৰু ঘূমেৰ ছবিৰ লগতে নেটফ্লিক্সৰ ধাৰাবাহিক বম্বে বেগমছত অংশগ্ৰহণৰ বাবে তেওঁ পৰিচিত৷
-
ইভানা লিঞ্চ
ইভানা পেট্ৰিচিয়া লিঞ্চ (Evanna Lynch জন্ম: ১৬ আগষ্ট, ১৯৯১) এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড (ইংৰাজী: Luna Lovegood) চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ।
-
ইভেট নিকোল ব্ৰাউন
ইভেট নিকোল ব্ৰাউন (ইংৰাজী: Ivette Nicole Brown; জন্ম: ১২ আগষ্ট, ১৯৭১) এগৰাকী আমেৰিকান অভিনেত্ৰী, কণ্ঠশিল্পী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ এনবিচি আৰু পিছলৈ য়াহু স্ক্ৰীণত প্ৰচাৰিত হোৱা চিটকম কমিউনিটিত শ্বাৰ্লি বেনেটৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
ইভেলিন গ্লেনি
ডেম ইভেলিন এলিজাবেথ এন গ্লেনি, (জন্ম ১৯ জুলাই ১৯৬৫) এগৰাকী স্কটলেণ্ডৰ পাৰ্কাচন সংগীতজ্ঞ। ২০১৫ চনত মেৰু সংগীত বঁটা লাভ কৰা দুগৰাকী বিজয়ীৰ ভিতৰত তেওঁ অন্যতম আছিল।
-
ইম ছে-মি
ইম ছে-মি (কোৰিয়ান: 임세미; জন্ম: ২৯ মে', ১৯৮৭) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী। তেওঁ ২০২৩ চনৰ ৱেব ধাৰাবাহিক দ্য ৱৰ্ষ্ট অৱ ইভিলৰ জৰিয়তে অধিক স্বীকৃতি লাভ কৰে।
-
ইমাইল দুৰখেইম
ডেভিদ ইমাইল দুৰখেইম ( or; ১৫ এপ্ৰিল ১৮৫৮ – ১৫ নবেম্বৰ ১৯১৭) আছিল এগৰাকী ফৰাচী সমাজতত্ত্ববিদ। তেওঁ আনুষ্ঠানিকভাৱে সমাজতত্ত্বক এক শৈক্ষিক বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছিল, আৰু কাৰ্ল মাৰ্ক্স তথা মেক্স ৱেবাৰৰ লগতে তেওঁকো আধুনিক সমাজ বিজ্ঞানৰ অন্যতম প্ৰধান খনিকৰ হিচাপে গণ্য কৰা হয়।
-
ইমাৰ মেকব্ৰাইড
ইমাৰ মেকব্ৰাইড (ইংৰাজী: Eimear McBride; জন্ম ৬ অক্টোবৰ ১৯৭৬) এগৰাকী আইৰিছ ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস, এ গাৰ্ল ইজ এ হাফ-ফৰ্মড থিং-এ ২০১৩ চনত প্ৰথম গ'ল্ডস্মিথ বঁটা আৰু ২০১৪ চনত বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। তেওঁ ২০১৮ চনত ৰয়েল ছচাইটি অৱ লিটাৰেচাৰৰ ফেলো নিৰ্বাচিত হয়।
-
ইমুনা ইলন
ইমুনা ইলন (Emuna Elon; জন্ম-১৯৫৫) এগৰাকী ইজৰাইলী লেখিকা, ঔপন্যাসিকা, সাংবাদিক আৰু মহিলা অধিকাৰ কৰ্মী।
-
ইয়ন ফ'ছে
ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
ইয়লপি এডামছন
ইমিয়াৰী ইয়লপি এডামছন (জন্ম ১৯৫৪) মধ্য অষ্ট্ৰেলিয়াৰ এগৰাকী আদিবাসী শিল্পী। তেওঁ চিত্ৰকলা, ভাস্কৰ্য, বয়ন, গোঁঠা আৰু চিলাই আদি বিভিন্ন শিল্পৰ কামৰ বাবে পৰিচিত। উত্তৰ টেৰিটৰীৰ উলুৰুৰ ওচৰৰ এটা ঠাইত য়িলপিৰ জন্ম হৈছিল। মাক পিটজাণ্টজাটজাৰা জনগোষ্ঠীৰ সদস্য আৰু পিতৃ য়ংকুনিৎজাটজাৰা।
-
ইয়াং ডেন
ডেন ইয়াং (চীনা: 丹扬; পিনয়ন: Dān Yáng) এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ স্নায়ুজীৱবিজ্ঞানৰ পল লিচ্ট বিশিষ্ট অধ্যাপিকা আৰু হাৱাৰ্ড হিউজেছ মেডিকেল ইনষ্টিটিউট (এইচ এইচ এম আই)ৰ তদন্তকাৰী।
-
ইয়াং ৱান
ইয়াং ৱান (প্ৰায় ১৬০২–১৬৪৪; সৰলীকৃত চীনা: 杨宛; পৰম্পৰাগত চীনা: 楊宛; পিনয়ন: Yáng Wǎn, সৌজন্যমূলক নাম: Wǎnshū 宛叔), মিং ৰাজবংশৰ শেষ সময়ত নানজিং চহৰৰ চিনহুৱাই বিনোদন অঞ্চলৰ এজন বিখ্যাত কৰ্টেছান (গণিকা) কবি আছিল।
-
ইয়াছমিন আমহিছ
ইয়াছমিন আমহিছ (জন্ম ১৯৮২, আলজিয়াৰ্ছ) এজন ফৰাচী-আলজেৰিয়ান অণু পদাৰ্থবিজ্ঞানী। ২০১৬ চনত তেওঁক জেক হাৰব্ৰাণ্ড বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আলজেৰিয়াৰ কবি আৰু লেখক ড্জোহেৰ আমহিছ-অউচেলৰ নাতিনী।
-
ইয়াছমিন আহমদ
ইয়াছমিন বিন্তি আহমদ (৭ জানুৱাৰী ১৯৫৮ – ২৫ জুলাই ২০০৯) আছিল এগৰাকী মালয়েছিয়ান চলচ্চিত্ৰ পৰিচালক, লেখক আৰু চিত্ৰনাট্যকাৰ। তেওঁ লিঅ’ বাৰ্নেট কুৱালালামপুৰৰ কাৰ্যবাহী সৃষ্টিশীল পৰিচালক আছিল। তেওঁৰ টেলিভিছন বিজ্ঞাপন আৰু চলচ্চিত্ৰসমূহ মালয়েছিয়াত হাস্যৰস আৰু মৰ্মস্পৰ্শী বিষয়-বস্তুৰ বাবে সুপৰিচিত।
-
ইয়াছমিন ৱাইনালডাম
ইয়াছমিন ৱাইনালডাম (জন্ম ১০ জুলাই ১৯৯৮) এগৰাকী ডাচ ফেশ্বন মডেল। তেওঁ নিজৰ আত্মবিশ্বাসী ৰানৱে ৱাকৰ বাবে পৰিচিত।
-
ইয়ান কেৰশ্ব
ছাৰ ইয়ান কেৰশ্ব (Ian Kershaw) FRHistS FBA (জন্ম ২৯ এপ্ৰিল ১৯৪৩) এজন ইংৰাজ ইতিহাসবিদ যাৰ কাম মূলতঃ ২০ শতিকাৰ জাৰ্মানীৰ সামাজিক ইতিহাসৰ ওপৰত কেন্দ্ৰিত। তেওঁক বহুতে এডল্ফ হিটলাৰ আৰু নাজী জাৰ্মানীৰ বিশ্বৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ হিচাপে গণ্য কৰে আৰু বিশেষকৈ হিটলাৰৰ জীৱনীৰ বাবে তেওঁক বিখ্যাত।
-
ইয়াহ (ৰাণী)
ইয়াহ (ইয়াহ, জাহ বা আহ অথবা "চন্দ্ৰ"; আনুমানিক ২০৬০ খ্ৰীষ্টপূৰ্ব) একাদশ বংশৰ মাজভাগত (খ্ৰীষ্টপূৰ্ব ২১৩৪–১৯৯১) প্ৰাচীন মিচৰৰ এগৰাকী ৰজাৰ মাতৃ আৰু ৰাণী আছিল। এজন ৰজাৰ কন্যা, সম্ভৱতঃ দ্বিতীয় ইণ্টেফ আৰু ৰজা দ্বিতীয় মেণ্টুহোটেপৰ মাতৃ, তেওঁ তৃতীয় ইণ্টেফৰ ৰাণী পত্নী আছিল।
-
ইলচে ক’লাৰ-ৰলেফছন
ইলচে ক’লাৰ-ৰলেফছন: Ilse Köhler-Rollefson; এগৰাকী জাৰ্মান বৈজ্ঞানিক, যি চৰণভূমি জীৱনধাৰা, জাতিগত পশুচিকিৎসা আৰু উটৰ সংৰক্ষণ বিশেষকৈ ভাৰতৰ প্ৰসংগত প্ৰসিদ্ধ। উটৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে জীৱনশৈলী ভাবুকিৰ সন্মুখীন হোৱা ৰাইকা মানুহবোৰক তেওঁ সহায় কৰাৰ সিদ্ধান্ত লয়।