উষা শেৰচন (জন্ম: ২২ আগষ্ট ১৯৫৫) এগৰাকী নেপালী ভাষা কবি, গীতিকাৰ আৰু লেখিকা।১ তেওঁ তিনিখন কবিতা সংকলন, এখন চুটি গল্প সংকলন আৰু এখন উপন্যাস প্ৰকাশ কৰিছে। লগতে তেওঁ পাঁচটা সংগীত এলবামৰ বাবে গীত ৰচনা কৰিছে। তেওঁৰ কবিতা আৰু গল্পসমূহত সামাজিক বিষয় আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰতিফলন দেখা যায়। নেপালত কুইয়াৰ ব্যক্তিসকলক কেন্দ্ৰ কৰি গল্প লিখা লেখিকাসকলৰ ভিতৰত তেওঁ অন্যতম।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
উষা শেৰচনৰ জন্ম ২২ আগষ্ট ১৯৫৫ (৬ ভাদ্ৰ ২০১২ বিক্ৰম সংবত) তাৰিখে পোখাৰা নগৰৰ নালামুখ অঞ্চলত এটা থাকালি পৰিয়ালত হৈছিল। তেওঁৰ পিতৃৰ নাম ঝপত বাহাদুৰ ভট্টাচন আৰু মাতৃৰ নাম য়ম কুমাৰী ভট্টাচন। বিদ্যালয় পৰ্যায়ৰ শিক্ষা (এছ. এল. চি.) সম্পূৰ্ণ কৰাৰ পাছত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক বিবাহ কৰিবলৈ অনুৰোধ কৰিছিল যদিও তেওঁ অধিক শিক্ষাৰ বাবে কাঠমাণ্ডুলৈ যাবলৈ সিদ্ধান্ত লয়। তেওঁৰ পিতৃয়ে পোখৰাৰ হিমা গৃহ প্ৰাসাদত ৰাজপৰিয়ালৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিল আৰু ৰাজপৰিয়ালে তেওঁৰ উচ্চ শিক্ষাত সহায় কৰিছিল। তেওঁ কাঠমাণ্ডুৰ ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাছত অধ্যয়ন কৰে।৩ তাৰ পাছত তেওঁ স্নাতক শিক্ষাৰ বাবে পোখৰাৰ পৃথ্বী নাৰায়ণ কেম্পাছত অধ্যয়ন কৰে।
সাহিত্যিক জীৱন
পৃথ্বী নাৰায়ণ কেম্পাছত অধ্যয়নকালত তেওঁ সাৰু ভক্ত, তীৰ্থ শ্ৰেষ্ঠ, প্ৰকট প্ৰগেনী শিৱ, বিনোদ গৌচন আদি বহু লেখকৰ সৈতে পৰিচিত হয়। ৰত্ন ৰাজ্য লক্ষ্মী কেম্পাছত পঢ়াৰ সময়ৰে পৰা তেওঁ কবিতা লিখি আহিছিল যদিও প্ৰকাশ কৰা নাছিল। তেওঁৰ বন্ধু বিনোদ গৌচনে তেওঁৰ কবিতা জিন্দগী দেখি সেইটো নেপালৰ ৰাষ্ট্ৰীয় দৈনিক গোৰ্খাপত্ৰলৈ প্ৰেৰণ কৰে আৰু ১৯৭৮ চনত কবিতাখন প্ৰকাশ পায়। তেওঁ সহলেখকসকলৰ সৈতে দুৰ্গা বৰাল (বাৎসায়ন)ৰ নেতৃত্বত পোখৰাত পোখ্ৰেলী যুৱ সংস্কৃতি পৰিয়াল নামৰ এটা সাহিত্যিক সংগঠন প্ৰতিষ্ঠা কৰে।৪
১৯৯১ চনত তেওঁ তেওঁৰ প্ৰথম কবিতা সংকলন নজন্মেকা আস্থাহৰু প্ৰকাশ কৰে।৫ ১৯৯৯ চনত প্ৰকাশিত অক্ষৰহৰুকা শিৱিৰবাটা এখন মুকতকৰ সংকলন। ২০০৬ চনত তেওঁৰ তৃতীয় কবিতা সংকলন সৰ্বকালীন পিণ্ড ৰ জাগৃতিক শংখঘোষ প্ৰকাশ পায়।
২০০৯ চনত তেওঁ এজন গোপন সমলিঙ্গিক পুৰুষক জোৰকৈ বিবাহ কৰাবলৈ চেষ্টা কৰাৰ কাহিনী লৈ এটা চুটি গল্প প্ৰকাশ কৰে।৬ ২০১৩ চনত তেওঁৰ প্ৰথম চুটি গল্প সংকলন তেস্ৰো ৰং প্ৰকাশ পায়।৭ এই সংকলনত LGBTQI+ সমাজৰ বহু চৰিত্ৰ অন্তৰ্ভুক্ত আছে।৮
২০১৯ চনত তেওঁ তেওঁৰ প্ৰথম উপন্যাস আধি প্ৰকাশ কৰে।৯১০ এই উপন্যাসখন যৌন নিপীড়নৰ সন্মুখীন হোৱা এগৰাকী মহিলাৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত।১১
বঁটা
সাহিত্য আৰু সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ প্ৰায় ১৩টা বঁটা লাভ কৰিছে, যাৰ ভিতৰত পাৰিজাত ৰাষ্ট্ৰ প্ৰতিভা পুৰাস্কৰ আৰু ৰত্নশ্ৰী সুৱৰ্ণ পদক উল্লেখযোগ্য।৩
উল্লেখযোগ্য ৰচনা
গ্ৰন্থ
| + | শীৰ্ষক | ধৰণ | প্ৰকাশ বৰ্ষ |
| নাজন্মেকা আস্থা হৰু | কবিতা সংকলন | ১৯৯১ | |
| অক্ষৰহৰুকা শিৱিৰবাটা | কবিতা সংকলন | ১৯৯৯ | |
| সৰ্বকালীন পিণ্ডা ৰা জাগৃতিক শঙ্খঘোষ | কবিতা সংকলন | ২০০৬ | |
| তেছ্ৰো ৰং | চুটি গল্প সংকলন | ২০১৩ | |
| আধি | উপন্যাস | ২০১৯ |
সংগীত এলবাম
| + | শীৰ্ষক | মুক্তি বৰ্ষ | ভূমিকা |
| অভিপ্সা | ২০০১ | গীতিকাৰ | |
| সঞ্চয়ন | ২০০২ | গীতিকাৰ | |
| মেৰো মাটো মেৰো গীত | ২০০৩ | গীতিকাৰ | |
| সংবেদন | ২০১০ | গীতিকাৰ | |
| আকাশ ছুঁনে ৰহৰ | ২০১০ | গীতিকাৰ |
ব্যক্তিগত জীৱন
১৯৮২ চনত তেওঁ ডি.বি. শেৰচনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী কন্যা আছে।৪
তথ্যসূত্ৰ
- ↑ Inspired by reality. kathmandupost.com
- ↑ Swechcha, Sangita. (2019-11-03). Three poets, three poems from Nepal: Tulasi Diwasa, Usha Sherchan and Govinda Giri Prerna. Global Literature in Libraries Initiative
- ↑ Gurung, Muna. Usha Sherchan: Humming a tune of her own
- ↑ आँधीअघिको उषा. आँधीअघिको उषा
- ↑ The sound of women's voices-- Nepali Times. archive.nepalitimes.com
- ↑ NESSMAN, RAVI. Nepal beckons gay tourism market. chicagotribune.com
- ↑ साहित्यकार उषा शेरचनको पुस्तक तेश्रो रंग अमेरिकामा विमोचित विजय थापा. Nepal Japan
- ↑ जीवनको उत्तरार्धमा पहिलो उपन्यास लेख्ने दुस्साहस गरेकी छु: उषा शेरचन. Kharibot
- ↑ काठमाडौँ, रञ्जना निरौला. हिंसाका ज्वारभाटामा अस्मिताको यात्रा. nagariknews.nagariknetwork.com
- ↑ आधि लिएर आइन् उषा शेरचन. ThahaKhabar
- ↑ उषा शेरचनको 'आधि'. उषा शेरचनको ‘आधि’
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা শেৰচন” প্ৰবন্ধৰ সংশোধন ৫৭৬৯৫৮ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।