অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰাছায়া স্পাৰবুন্ড

উৰাছায়া স্পাৰবুণ্ড (জন্ম: ১৮ মাৰ্চ ১৯৯৩, সাধাৰণতে ইয়ায়া বুলি জনা যায়) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে দুটা সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, টিভি গোল্ড এৱাৰ্ড, নাটাৰাজ বঁটা আৰু তিনিটা মেখালা বঁটা।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

উৰাছায়া স্পাৰবুণ্ড (জন্ম: ১৮ মাৰ্চ ১৯৯৩, সাধাৰণতে ইয়ায়া বুলি জনা যায়) এগৰাকী থাই ভাষা অভিনেত্ৰী আৰু মডেল। তেওঁ বহুতো সন্মান লাভ কৰিছে, যাৰ ভিতৰত আছে দুটা সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, টিভি গোল্ড এৱাৰ্ড, নাটাৰাজ বঁটা আৰু তিনিটা মেখালা বঁটা।

উৰাছায়াই ২০০৮ চনত কমেডি ছিটকম ফেউন ছি লং হন'ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে। পিছলৈকে তেওঁ দুৱাঙ জাই অক্কানী (২০১০), গেম ৰাই গেম ৰাক (২০১১), তোৰানী নিনি খ্ৰাই খ্ৰং (২০১২), খ্লুৱেন চিৱিত (২০১৭) আৰু দ্য ক্ৰাউন প্ৰিন্সেছ (২০১৮) আদিত মুখ্য চৰিত্ৰত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে।

তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে 'ব্ৰাদাৰ অৱ দ্য য়েৰ, নাকী ২ (২০১৮) আৰু ফাষ্ট এণ্ড ফিল লাভ (২০২২)। ব্ৰাদাৰ অৱ দ্য য়েৰ আৰু ফাষ্ট এণ্ড ফিল লাভ ছবিৰ বাবে তেওঁ সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

উৰাছায়া স্পাৰবুণ্ডৰ জন্ম ১৮ মাৰ্চ ১৯৯৩ তাৰিখে থাইলেণ্ডৰ পাটায়া চহৰত হয়। তেওঁৰ পিতৃ ছিগাৰ্ড এগৰাকী নৰৱেজিয়ান ষ্টকব্ৰোকাৰ আছিল আৰু মাতৃ উৰাই এগৰাকী গৃহিণী আছিল। তেওঁ এগৰাকী ডাঙৰ ভগ্নী কেটেলিয়াৰ সৈতে ডাঙৰ-দীঘল হয়।১

তেওঁ ৰিজেণ্টছ ইণ্টাৰনেচনেল স্কুল, পাটায়াত পঢ়া-শুনা কৰে আৰু পাছত বেংকক পাটানা স্কুললৈ স্থানান্তৰিত হয়। ২০১৫ চনত তেওঁ চুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ কলা অনুষদৰপৰা ভাষা আৰু সংস্কৃতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।২

অভিনয় জীৱন

২০০৮–২০১৫: আৰম্ভণি আৰু উত্থান

উৰাছায়াই ২০০৮ চনত চেনেল ৩-ৰ ধাৰাবাহিক ফেউন ছি লং হনত সহ-অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে। ২০১০ চনত দুৱাঙ জাই অক্কানী ধাৰাবাহিকত অভিনয় কৰি তেওঁ থাইলেণ্ডজুৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। এই ধাৰাবাহিকৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ নতুন অভিনেত্ৰীৰ বহুতো বঁটা লাভ কৰে।

২০১১ চনত গেম ৰাই গেম ৰাক ধাৰাবাহিকত নাদেচ কুগিমিয়াৰ বিপৰীতে অভিনয় কৰি তেওঁ টেলিভিছন গোল্ড এৱাৰ্ডত মনোনয়ন লাভ কৰে। ২০১২ চনত তেওঁ তোৰানী নিনি খ্ৰাই খ্ৰং ধাৰাবাহিকত অভিনয় কৰে, যিখনে সাহিত্যভিত্তিক ধাৰাবাহিক হিচাপে বিশেষ প্ৰশংসা লাভ কৰে।

২০১৬–বৰ্তমান: সফলতা আৰু পৰিণতি

২০১৭ চনত খ্লুৱেন চিৱিত ধাৰাবাহিকত অভিনয় কৰি তেওঁ টিভি গোল্ড এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ২০১৮ চনত মুক্তিপ্ৰাপ্ত ব্ৰাদাৰ অৱ দ্য য়েৰ ছবিখনে বাণিজ্যিকভাৱে বৃহৎ সফলতা লাভ কৰে আৰু ইয়াৰ বাবে উৰাছায়াই সুপান্নাহং ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

২০২২ চনত মুক্তিপ্ৰাপ্ত ফাষ্ট এণ্ড ফিল লাভ ছবিখনত কৰা অভিনয়ক সমালোচকে তেওঁৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ অভিনয় বুলি আখ্যা দিয়ে।

ব্যক্তিগত জীৱন

উৰাছায়া স্পাৰবুণ্ডে থাই অভিনেতা নাদেচ কুগিমিয়াৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল আৰু ২০২৩ চনত তেওঁলোকৰ বাগদান সম্পন্ন হয়।

তথ্যসূত্ৰ

  1. ↑ (November 19, 2010). เปิดดวงใจ 'ยัยจี๊ด'. Manager Daily
  2. ↑ ญาญ่า-อุรัสยา เสปอร์บันด์

সম্পৰ্কিত শ্ৰেণী

থাই অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰাছায়া স্পাৰবুন্ড” প্ৰবন্ধৰ সংশোধন ৫৭৬৯৫৯ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।