জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সোমনাথ বড়া
সোমনাথ বড়া একাধাৰে গীতিকাৰ, সুৰকাৰ, ঢোলবাদক, সংগীত পৰিচালক৷ অসমীয়া সংগীতৰ কেছেটৰ যুগটোৰ শিল্পী সকলৰ ভিতৰত সোমনাথ বড়াৰ নাম উল্লেখযোগ্য৷ বিহুগীত, টোকাৰী গীত আৰু বিশেষকৈ ঢোল বাদনৰ ক্ষেত্ৰখনত তেওঁ খ্যাতি অৰ্জন কৰিছে৷ ঢোল বাদ্যক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰি দিয়াত বড়াৰ অৱদান আছে৷ বৰ্তমান তেওঁ বিহু নাচ…
-
সোমলতা আচাৰ্য্য চৌধুৰী
সোমলতা আচাৰ্য্য চৌধুৰী (Somlata Acharyya Chowdhury; জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় বঙালী কণ্ঠশিল্পী আৰু অধ্যাপিকা। তেওঁ ২০১১ চনৰ বঙালী চলচ্চিত্ৰ ৰঞ্জনা আমি আৰ আসবনাৰ 'তুমি আসবে বলে' আৰু 'জাগৰণে যায় বিভাবৰী' শীৰ্ষক গীতদুটিৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
-
সৌন্দৰ্য ৰজনীকান্ত
সৌন্দৰ্য ৰজনীকান্ত (ইংৰাজী: Soundarya Rao Gaikwad; জন্ম: শকু বাই ৰাও গাইকৱাড; ২০ ছেপ্টেম্বৰ ১৯৮৪) এজন ভাৰতীয় গ্ৰাফিক ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু চলচ্চিত্ৰ পৰিচালক যিয়ে মূলতঃ তামিল চিনেমাত কাম কৰে। তেওঁ অচেৰ পিকচাৰ প্ৰডাকচনৰ প্ৰতিষ্ঠাপক আৰু মালিক।
-
সৌমেন্দু ৰায়
সৌমেন্দু ৰায় (৭ ফেব্ৰুৱাৰী ১৯৩৩ – ২৭ ছেপ্টেম্বৰ ২০২৩) এজন প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ চিত্ৰগ্ৰাহক আছিল। তেওঁ বিশেষকৈ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা দীৰ্ঘদিনীয়া সহযোগিতাৰ বাবে সুপৰিচিত। সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ তিন কন্যা (১৯৬১)ৰপৰা আৰম্ভ কৰি তেওঁ বহু গুৰুত্বপূৰ্ণ চলচ্চিত্ৰত কাম কৰিছিল।
-
সৌম্য সৰকাৰ
সৌম্য সৰকাৰ(Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত।
-
সৌম্যা টেণ্ডন
সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
স্কাৰলেট জ'হানছন
স্কাৰলেট জ'হানছন (Scarlett Johansson) (জন্ম ২২ নৱেম্বৰ, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু গায়িকা। তেওঁৰ পিতৃৰ নাম কাৰ্ষ্টেন জ'হানছন আৰু মাতৃ মেলানি স্ল'ৱান।
-
স্নেহলতা নাথ
স্নেহলতা নাথ ( Snehlata Nath; জন্ম: ২৭ ডিচেম্বৰ ১৯৬৫) এগৰাকী ভাৰতীয় সমাজকৰ্মী, নীলগিৰিত কৰা সমাজসেৱাৰ কামৰ বাবে পৰিচিত। তেওঁ জামনালাল বাজাজ বঁটা আৰু নাৰী শক্তি বঁটা লাভ কৰিছে।
-
স্বৰণ লতা (অভিনেত্ৰী)
স্বৰণ লতা (উৰ্দু: سوَرن لتا, হিন্দী: स्वर्न लता, ইংৰাজী: Swaran Lata) ২০ ডিচেম্বৰ ১৯২৪ – ৮ ফেব্ৰুৱাৰী ২০০৮) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ প্ৰথমে ব্ৰিটিছ ভাৰতৰ চলচ্চিত্ৰ জগতত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে আৰু পিছলৈ পাকিস্তানলৈ গুচি যায়।
-
স্বৰূপ ৰাণী নেহৰু
স্বৰূপ ৰাণী নেহেৰু (জন্ম হৈছিল ১৮৬৮ চনত – মৃত্যু হৈছিল ১৯৩৮ চনত) আছিল এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী। তেওঁ বেৰিষ্টাৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছী নেতা মতিলাল নেহৰুৰ পত্নী আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মাতৃ আছিল।
-
স্বৰ্ণলতা
স্বৰ্ণলতা (Swarnalatha; ২৯ এপ্ৰিল ১৯৭৩ – ১২ ছেপ্টেম্বৰ ২০১০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৮৭ চনৰ পৰা মৃত্যুৰ আগলৈকে, প্ৰায় ২২ বছৰীয়া সাংগীতিক জীৱনত তেওঁ তামিল, মালায়ালম, তেলেগু, কানাড়া, হিন্দী, উৰ্দু, বঙালী, উড়িয়া, পাঞ্জাবী আৰু বদাগাকে ধৰি বহু ভাৰতীয় ভাষাত ১০,০০০ৰো অধিক গীত বাণীবদ্ধ…
-
সৰলা ৰয়
সৰলা ৰয় (ইংৰাজী: Sarala Roy; ১৮৬১-১৯৪৬) এগৰাকী ভাৰতীয় শিক্ষাবিদ, নাৰীবাদী আৰু সমাজ কৰ্মী আছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম, আৰু বিশ্ববিদ্যালয়ৰ চেনেটৰ সদস্য হোৱা প্ৰথম মহিলা।
-
সৰৱজিৎ সিং
সৰৱজিৎ সিং (জন্ম: ১৯৬৪ - মৃত্যু: ২ মে’,২০১৩) পাকিস্তান চৰকাৰে মঞ্জিত সিং হিচাপে সৰৱজিৎ সিঙক দোষাৰোপ কৰিছিল আৰু ১৯৯০ চনত লাহোৰ আৰু ফেইচলবাদ চহৰত সংঘটিত এলানি ধাৰাবাহিক বিস্ফোৰণৰ বাবে জগৰীয়া কৰি কাৰাবন্দী কৰি ৰাখিছিল।
-
হংসিকা মোটৱানী
হংসিকা মোটৱানী (ইংৰাজী: Hansika Motwani; জন্ম: ৯ আগষ্ট ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। মোটৱানীয়ে হিন্দী ছবিত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ দেশমুদুৰু (২০০৭), কান্তি (২০০৮) আৰু মাস্কা (২০০৯) আদিকে ধৰি কেইবাখনো তেলেগু…
-
হাজৰা মাছৰুৰ
হাজৰা মাছৰুৰ (Hajra Masroor; জন্ম: ১৭ জানুৱাৰী, ১৯৩০, মৃত্যু: ১৫ ছেপ্টেম্বৰ ২০১২) এগৰাকী পাকিস্তানী গল্পকাৰ আৰু নাৰীবাদী লেখক। উৰ্দু সাহিত্যত অফছানা নামেৰে জনাজাত একপ্ৰকাৰ চুটি কল্পকাহিনী লেখনৰ জৰিয়তে মাছৰুৰে নিজকে প্ৰতিষ্ঠা কৰিছিল।
-
হাতীমূৰা মন্দিৰ
হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ। আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।
-
হাদিছ নাজাফীৰ হত্যা
হাদিছ নাজাফী (৫ জানুৱাৰী, ২০০০ – ২১ ছেপ্টেম্বৰ, ২০২২) ২০২২ চনত মাহছা আমিনিৰ মৃত্যুৰ পাছত ইৰাণৰ প্ৰতিবাদৰ সময়ত কাৰাজৰ মেহৰশ্বহৰত এই ইৰাণী মহিলাগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল।
-
হান কাং
হান কাং (Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে।
-
হানিফ কুৰেছি
হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া’ উপন্যাসৰ বাবে পৰিচিত।
-
হান্না সেন
হান্না সেন (১৮৯৪–১৯৫৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী আছিল। ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ প্ৰথম ভাৰতীয় ৰাজ্যসভা (সংসদৰ উচ্চ সদন)ৰ সদস্য আৰু ১৯৫১–৫২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল। দিল্লীৰ লেডী আৰউইন কলেজৰ তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক।
-
হামজা মাখডুম
হামজা মাখডুম, জনপ্ৰিয়ভাৱে মাখডুম চাহাব (প্ৰায় ১৪৯৪ – প্ৰায় ১৫৭৬) নামেৰে পৰিচিত, কাশ্মীৰ উপত্যকাত বাস কৰা এজন চুফী ৰহস্যবাদী আছিল। তেওঁক কেতিয়াবা মেহবুব-উল-আলম (আক্ষৰিক অৰ্থত, "পৃথিৱীৰ প্ৰিয়") আৰু চুলতান-উল-আৰিফিন (আক্ষৰিক অৰ্থত, "ঈশ্বৰ চিনি পোৱাসকলৰ মাজৰ ৰজা") বুলিও কোৱা হয়।
-
হাৰজিৎ সিং অৰোৰা
এয়াৰ মাৰ্শ্বেল হাৰজিৎ সিং অৰোৰা(Harjit Singh Arora) পিভিএছএম, এভিএছএম, এডিচি ভাৰতীয় বায়ু সেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া আৰু 1 অক্টোবৰ 2019 ৰ পৰা 30 জুন 2021 লৈকে বিমান কৰ্মচাৰীৰ প্ৰাক্তন উপ-প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ পিছত এয়াৰ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰী আছে।
-
হাৰিকা দ্ৰোণাভেল্লি
হাৰিকা দ্ৰোণাভেল্লী (জন্ম: ১২ জানুৱাৰী, ১৯৯১) হৈছে ফিদে(FIDE)ৰ গ্ৰেণ্ডমাষ্টাৰ উপাধি ধাৰণ কৰা এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেওঁ ২০২৪ চনৰ ৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণ জয় কৰা মহিলা দলৰ সভ্য আছিল। তেওঁ ২০১২, ২০১৫ আৰু ২০১৭ চনত মহিলাৰ বিশ্ব দবা চেম্পিয়নশ্বিপত তিনি বাৰ ব্ৰঞ্জৰ পদক জয় কৰে।
-
হাৰুকি মুৰাকামি
হাৰুকি মুৰাকামি (Haruki Murakami) এগৰাকী প্ৰখ্যাত জাপানী লেখক তথা সমসাময়িক লেখক।
-
হাৰ্বাট ক্লেবাৰ
হাৰ্বাট ডেভিদ ক্লেবাৰ (১৯ জুন ১৯৩৪ – ৫ অক্টোবৰ ২০১৮) এগৰাকী আমেৰিকান মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰৱ্য আসক্তিৰ গৱেষক।
-
হাৰ্বাৰ্ট গিণ্টিছ
হাৰ্বাৰ্ট গিণ্টিছ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ব্যৱহাৰ বিজ্ঞানী আৰু শিক্ষক। তেওঁৰ সমাজ-জীৱবিজ্ঞান, বিশেষকৈ পৰোপকাৰিতা, সহযোগিতা, জ্ঞানতত্ত্বিক খেল সূত্ৰ, জীন-সংস্কৃতি সহ-ক্ৰমবিকাশ, দক্ষতা মজুৰি, বলৱান পাৰস্পৰিকতা আৰু মানৱ সম্পদ সূত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত।
-
হাৰ্বাৰ্ট ছাইমন
হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন (১৫ জুন ১৯১৬ - ৯ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে।
-
হিউমেন সাগৰ
হিউমেন সাগৰ (ওড়িয়া: ହ୍ୟୁମାନ ସାଗର) হ'ল ওড়িয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট গায়ক। স্থানীয় ৰাইজে তেওঁক ওড়িশাৰ অৰিজিৎ সিং বুলিও সম্বোধন কৰে। "তৰংগ" টিভি চেনেলত প্ৰচাৰিত "ভয়েচ ওড়িশা ছিজন ২"ৰ ৰিয়েলিটি শ্ব' বিজয়ী হোৱাৰ পিছত তেওঁ খ্যাতি লাভ কৰে।
-
হিমা কোহলী
হিমা কোহলী (Hima Kohliজন্ম ২ ছেপ্টেম্বৰ ১৯৫৯) ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। ইয়াৰ পূৰ্বে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বিতীয় মুখ্য ন্যায়াধীশ আছিল।
-
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য
হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।