অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হান কাং

হান কাং (Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হান কাং (Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে। ২০১৬ চনত ইয়াৰ ইংৰাজী অনুবাদটো প্ৰকাশ পোৱাৰ পিছত উপন্যাসখনে কল্পকাহিনীৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা অৰ্জন কৰা প্ৰথমখন কোৰিয়ান ভাষাৰ উপন্যাস ৰূপে স্বীকৃতি লাভ কৰে। ২০২৪ চনত প্ৰথমগৰাকী কোৰিয়ান লেখক ৰূপে হানে সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।১ ন'বেল বঁটা লাভ কৰা হান প্ৰথমগৰাকী এছীয় মহিলা লেখক। তেওঁৰ সাহিত্যত উপলব্ধ কাব্যিক গদ্যৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭০ চনৰ নৱেম্বৰ মাহৰ ২৭ তাৰিখে গোৱেংজুত হানৰ জন্ম হয়।২ তেওঁ সাহিত্য ক্ষেত্ৰত এটা নাম থকা পৰিয়ালৰ সন্তান আছিল। হানৰ দেউতাক হান চিউং ৱন এগৰাকী ঔপন্যাসিক। সমান্তৰালকৈ ডাঙৰ ককায়েক হান ডং-ৰিম এগৰাকী ঔপন্যাসিক আৰু ভায়েক হান কং-ইন এগৰাকী ঔপন্যাসিক তথা কাৰ্টুনিষ্ট।৩

ন বছৰ বয়সত, হানৰ দেউতাকে যেতিয়া লেখাকে বৃত্তি হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তৰে তেওঁৰ শিক্ষকতাৰ চাকৰি এৰে; হান চিউলৰ চুয়ু-ৰিলৈ আহে। এয়া আছিল গোৱেংজু বিদ্ৰোহৰ চাৰি মাহৰ আগৰ সময়; সামৰিক বাহিনীৰ হাতেৰে ছাত্ৰ আৰু নাগৰিক হত্যাৰে, গণতন্ত্ৰৰ সমৰ্থনত হোৱা এই বিদ্ৰোহৰ অন্ত পৰিছিল। ১২ বছৰ বয়সত, এগৰাকী বিদেশী সাংবাদিকে তোলা আলোকচিত্ৰৰে গোপনে প্ৰকাশ হোৱা এখন স্মৰণিকা ঘৰতে আৱিস্কাৰ কৰাৰ পিছত হানে এই হত্যাকাণ্ডৰ বিষয়ে গম পায়। এই আৱিস্কাৰে মানৱতা সম্পৰ্কে হানৰ দৃষ্টিভংগী তথা তেওঁৰ সাহিত্যক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।২৪

লেখা-মেলাৰে জীৱন নিৰ্বাহ কৰিবলৈ গৈ হানৰ দেউতাকে যথেষ্ট সংগ্ৰাম কৰিছিল আৰু স্বাভাৱিকতে পৰিয়ালটোৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছিল। হানে এই বিষয়ে উল্লেখ কৰি কৈছে যে; যদিও চাৰিওফালৰপৰা আৱৰি থকা কিতাপবোৰে তেওঁ সকাহ দিছিল, তথাপি এটি কনমানি শিশু হিচাপে তেওঁৰ শৈশৱ যথেষ্ট সংঘৰ্ষময় আছিল।৫ ১৯৯৩ চনত কোৰিয়ান ভাষা সাহিত্যত অনাৰ্চসহ হানে য়ুনচেই বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে২ আৰু ১৯৯৮ চনত তেওঁ লোৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখন কৰ্যসূচীত অন্তৰ্ভুক্ত হয়।২৬

তথ্যসূত্ৰ

  1. ↑ Lee, Dae Woong. (11 October 2024). 소설가 한강, 노벨문학상 수상 쾌거… 아시아 여성 작가 최초. Christian Today
  2. ↑ Han Kang. Literary Encyclopedia
  3. ↑ (October 11, 2024). "딸이 쓴 문장에 질투심이 동했다"..아버지 한승원 작가의 고백. 매일경제
  4. ↑ Armitstead, Claire. (2016-02-05). Han Kang: ‘Writing about a massacre was a struggle. I’m a person who feels pain when you throw meat on a fire’. The Guardian
  5. ↑ Alter, Alexandra. (February 2, 2016). 'The Vegetarian,' a Surreal South Korean Novel. The New York Times
  6. ↑ HAN Kang. The International Writing Program

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ীদক্ষিণ কোৰিয়াৰ ব‍্যক্তিবুকাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হান কাং” প্ৰবন্ধৰ সংশোধন ৪৭৫৯১৭ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।