অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৌম্য সৰকাৰ

সৌম্য সৰকাৰ(Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত।

হালনাগাদ: ১২ জুলাই ২০২৬ ৩৩২ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সৌম্য সৰকাৰ(Soumya Sarkar; জন্ম ২৫ ফেব্ৰুৱাৰী ১৯৯৩) এজন বাংলাদেশী ক্ৰিকেটাৰ। তেওঁ এজন বাওঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যমীয়া-বেগী বলাৰ; যি মূলতঃ অপেনিং বেটছমেন হিচাপে পৰিচিত। টি-২০ বিশ্বকাপৰ মেচত প্ৰথম অভাৰত ২ ছয় কৰা একমাত্ৰ বেটছমেন আৰু এদিনীয়া ইনিংছত বাংলাদেশৰ হৈ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত ৰাণ সংগ্ৰহকাৰী বেটছমেন। সৰকাৰে কুমিলা ৱাৰিয়ৰ্ছৰ হৈ বাংলাদেশ প্ৰিমিয়াৰ লীগ, খুলনা বিভাগ ৰাষ্ট্ৰীয় ক্ৰিকেট লীগ আৰু ঢাকা প্ৰিমিয়াৰ ডিভিজনত প্ৰাইম বেংক ক্ৰিকেট ক্লাববাংলাদেশ প্ৰিমিয়াৰ লীগ ড্ৰাফটত তেওঁক ঢাকা ডমিনেটৰছ দ্বাৰা ড্ৰাফট কৰা হৈছে। তেওঁ ক্ৰিকেটৰ "পেৰিস্কোপ শ্বট"ৰ উদ্ভাৱক।

ব্যক্তিগত জীৱন

সৰকাৰৰ জন্ম হৈছিল সতখিৰা, বাংলাদেশৰ এটি বঙালী হিন্দু পৰিয়ালত। তেওঁৰ নাম সৌম্য শান্তো সৰকাৰ আছিল যদিও পিছলৈ তেওঁৰ নামৰ পৰা ‘শান্ত’ শব্দটো বাদ পৰিল। ২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত সৰকাৰে দীৰ্ঘদিনীয়া প্ৰেমিকা প্ৰিয়ন্তী দেৱনাথ পূজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ

২০১৩ চনৰ নৱেম্বৰ মাহত সৰকাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এককালীন খেলৰ বাবে বাংলাদেশৰ টি-২০ দলত অন্তৰ্ভুক্ত হৈছিল যদিও চূড়ান্ত একাদশত স্থান নাপালে।২ ২০১৪ চনত জিম্বাৱেৰ বিৰুদ্ধে বাংলাদেশৰ ঘৰুৱা শৃংখলাৰ বাবে সৰকাৰক দলত অন্তৰ্ভুক্ত কৰা হয় আৰু ২০১৪ চনৰ ১ ডিচেম্বৰত বাংলাদেশৰ হৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অভিষেক আৰম্ভ কৰে।৩৪ সৰকাৰে ২০১৫ ক্ৰিকেট বিশ্বকাপ বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ মহম্মদ কাইফ আৰু উমৰ আকমলৰ দৰে বিশ্বকাপৰ এখন খেলত সৰ্বাধিক কেচ ধৰাৰ অভিলেখ সৃষ্টি কৰে।৫ সৰকাৰে ২০১৫ চনৰ এপ্ৰিল মাহত বাংলাদেশৰ হৈ পাকিস্তানৰ বিৰুদ্ধে সুন্দৰ খেল প্ৰদৰ্শন কৰে।১ তেওঁ ২০১৫ চনৰ এপ্ৰিল মাহত টেষ্টত পাকিস্তানৰ বিৰুদ্ধে ভাল খেল দেখুৱায়।৬৭৮ বাংলাদেশৰ ১০০ সংখ্যক টেষ্ট মেচতো সৰকাৰে খেলিছিল য’ত তেওঁলোকে নিজৰ ঘৰুৱা মাটিত শ্ৰীলংকাক পৰাস্ত কৰিছিল।৯১০১১১২ সেই ঐতিহাসিক টেষ্ট মেচখনত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম ইনিংছত ৬১ ৰান সংগ্ৰহ কৰিছিল আৰু ৫টা কেচ ধৰিছিল। যিটো বাংলাদেশৰ হৈ যিকোনো খেলুৱৈয়ে এখন টেষ্ট মেচত সৰ্বাধিক কেচ ধৰিছিল। ২০১৯ চনত সৰকাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে Seddon Park ত প্ৰথম টেষ্ট শতক অৰ্জন কৰি তামিম ইকবালৰ সমান অভিলেখ কৰে।১৩১৪ ২০২১ চনৰ জুলাই মাহত জিম্বাবুৱেৰ বিৰুদ্ধে খেলা টি-২০ দলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়।১৫ প্ৰথম টি-২০ এদিনীয়া ক্ৰিকেটত তেওঁ ১০০০ সংখ্যক টি-২০ ৰান সংগ্ৰহ কৰি ১০০০ টি-২০ ৰান কৰা মাত্ৰ পঞ্চমজন বাংলাদেশী বেটছমেন হিচাপে পৰিগণিত হয়। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁক আইচিচি টি২০ পুৰুষ বিশ্বকাপ (2021 ICC Men's T20 World Cup) বাংলাদেশ দলত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হয়।১৬ ১৭২০২৩ চনৰ ডিচেম্বৰ মাহত নিউজিলেণ্ড ভ্ৰমণ সৰকাৰে সুন্দৰ খেল প্ৰদৰ্শন কৰে।

তথ্যসূত্ৰ

  1. ↑ Pakistan tour of Bangladesh, Only T20I: Bangladesh v Pakistan at Dhaka, Apr 24, 2015. ESPNcricinfo
  2. ↑ Zimbabwe tour of Bangladesh, 5th ODI: Bangladesh v Zimbabwe at Dhaka, Dec 1, 2014. ESPNcricinfo
  3. ↑ Bangladesh Squad. ESPNcricinfo
  4. ↑ ICC ODI Championship Batting Rankings. LGICCRANKINGS.COM
  5. ↑ type=trophy Cricket Records · Records · World Cup · Most catches in an innings · ESPNcricinfo. ESPNcricinfo
  6. ↑ Sarkar ton powers Bangladesh to 3–0. ESPN
  7. ↑ Soumya Sarkar graduates to the next level – Cricket – ESPNcricinfo. ESPN
  8. ↑ Pakistan tour of Bangladesh, 1st Test: Bangladesh v Pakistan at Khulna, Apr 28 – May 2, 2015. ESPNcricinfo
  9. ↑ id=25; type=team Cricket Records · Records · Bangladesh · Test matches · Most catches in a match · ESPNcricinfo. ESPNcricinfo
  10. ↑ 2nd Test: Sri Lanka v Bangladesh at Colombo (PSS), Mar 15–19, 2017 · Cricket Scorecard · ESPNcricinfo. ESPNcricinfo
  11. ↑ Five things Bangladesh got right in Colombo. ESPNcricinfo
  12. ↑ id=25; type=team Cricket Records · Records · Bangladesh · Test matches · Most catches in an innings · ESPNcricinfo. ESPNcricinfo
  13. ↑ Karthik Krishnaswamy. New Zealand wrap up victory after defiant tons from Soumya Sarkar and Mahmudullah. ESPNCricinfo
  14. ↑ Mohammad Isam. 'My aim was to survive' - Soumya Sarkar makes a statement, finally. ESPNCricinfo
  15. ↑ Bangladesh Cricket Team Records & Stats · ESPNcricinfo.com. Cricinfo
  16. ↑ No surprises as Bangladesh name Mahmudullah-led squad for T20 World Cup. ESPN Cricinfo
  17. ↑ Soumya Sarkar and Shoriful Islam added to Bangladesh T20 World Cup squad. ESPNcricinfo

সম্পৰ্কিত শ্ৰেণী

ক্ৰীড়াবিদবাংলাদেশী হিন্দু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌম্য সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৬৮১৪ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।