হাৰিকা দ্ৰোণাভেল্লী (জন্ম: ১২ জানুৱাৰী, ১৯৯১) হৈছে ফিদে(FIDE)ৰ গ্ৰেণ্ডমাষ্টাৰ উপাধি ধাৰণ কৰা এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেওঁ ২০২৪ চনৰ ৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণ জয় কৰা মহিলা দলৰ সভ্য আছিল।১ তেওঁ ২০১২, ২০১৫ আৰু ২০১৭ চনত মহিলাৰ বিশ্ব দবা চেম্পিয়নশ্বিপত তিনি বাৰ ব্ৰঞ্জৰ পদক জয় কৰে। হাৰিকাক ভাৰত চৰকাৰে ২০০৭–০৮ বৰ্ষৰ অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল।২ ২০১৬ চনত তেওঁ চীনৰ চেংডুত অনুষ্ঠিত ফিদে ( FIDE) মহিলাৰ গ্ৰাঁ প্ৰি প্ৰতিযোগিতাত বিজয়ী হৈছিল আৰু ফিদে(FIDE) মহিলাৰ বিভাগত বিশ্বৰ ১১ নম্বৰৰ পৰা ৫ নম্বৰত উন্নীত হৈছিল। ২০১৯ চনত ক্ৰীড়াক্ষেত্ৰলৈ দিয়া অৱদানৰ বাবে তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰে।৩
প্ৰাথমিক জীৱন
হাৰিকা দ্ৰোণাভেল্লিয়ে ১৯৯১ চনৰ ১২ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত শ্ৰী ৰমেশ আৰু শ্ৰীমতী স্বৰ্ণা দ্ৰোণাভেল্লিৰ ঘৰত জন্মগ্ৰহণ কৰে।৪ তেওঁৰ পিতৃ ৰমেশ দ্ৰোণাভেল্লি মঙ্গলগিৰিৰ পঞ্চায়তীৰাজ উপ-বিভাগৰ এজন উপ-কাৰ্যবাহী অভিযন্তা আছিল আৰু বিশ্ববিদ্যালয়-স্তৰৰ দবা খেলুৱৈ আছিল।৫ হাৰিকাই গুণ্টুৰৰ শ্ৰী ভেঙ্কটেশ্বৰ বালা কুটিৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল। অতি সৰু বয়সৰ পৰাই তেওঁ দবাৰ প্ৰতি গভীৰ আগ্ৰহী আছিল। অনূৰ্ধ্ব-৯ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰাৰ পিছত, তেওঁ অনূৰ্ধ্ব-১০ বিশ্ব যুৱ দবা প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। এই সময়ৰ পৰা তেওঁ এন ভি এছ ৰামাৰাজুৰ অধীনত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে আৰু তেওঁৰ খেলৰ শৈলী অধিক পৰিশীলিত হয়। কোনেৰু হাম্পিৰ পিছত, গ্ৰেণ্ডমাষ্টাৰ উপাধি অৰ্জন কৰা হাৰিকা হৈছে দ্বিতীয় ভাৰতীয় মহিলা দবা খেলুৱৈ।
হাৰিকাই তেওঁৰ শিক্ষাৰ পৰা অব্যাহতি লৈ, পৰিয়ালৰ সমৰ্থনত দবাত সম্পূৰ্ণ মনোনিবেশ কৰাৰ সিদ্ধান্ত লৈছিল।
ব্যক্তিগত জীৱন
২০১৮ চনৰ আগষ্টত, তেওঁ কাৰ্তিক চন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ সময়ত, তেওঁ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জীৱনত এক মাহৰ বিৰতি লৈছিল। হাৰিকাই বিশ্বৰ ৪০ খনৰো অধিক দেশ ভ্ৰমণ কৰিছে আৰু তেওঁ বিশ্বাস কৰে যে ৰাছিয়ানসকল দবাৰ প্ৰতি আটাইতকৈ বেছি আগ্ৰহী। তেওঁৰ প্ৰিয় ভ্ৰমণ স্থানসমূহ হৈছে নৰ্ডিক দেশসমূহ – আইচলেণ্ড, নৰৱে আৰু ছুইডেন। খেল নথকা সময়ত, তেওঁ এই মনোমোহা দেশসমূহৰ গ্ৰামাঞ্চল আৰু সমুদ্ৰতীৰত চাইকেল চলাবলৈ ভালপায়। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সময়ত, হাৰিকা সাধাৰণতে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সজাগ থাকে আৰু নিজে আহাৰ তৈয়াৰ কৰিবলৈ বাচনপত্ৰ লগত লৈ যায়, যাতে সহজে দক্ষিণ ভাৰতীয় খাদ্য প্ৰস্তুত কৰিব পাৰে। তেওঁৰ প্ৰিয় ভ্ৰমণ সংগী হৈছে তেওঁৰ মাতৃ-পিতৃ। তেওঁৰ আইতাকেও বহু সময়ত গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত তেওঁৰ সৈতে ভ্ৰমণ কৰিছে।
তেওঁৰ সাফল্যৰ ভিতৰত উল্লেখযোগ্য হৈছে ২০১২, ২০১৫ আৰু ২০১৭ চনৰ মহিলা বিশ্ব দবা চেম্পিয়নশিপত ব্ৰঞ্জ পদক লাভ। ২০০৭-০৮ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল। ২০১৬ চনত, তেওঁ চীনৰ চেংডুত মহিলা ফিদে গ্ৰাঁ পি জয় কৰে আৰু ফিদে বিশ্ব ৰেংকিঙত পঞ্চম স্থানলৈ উন্নীত হয়। ২০১৯ চনত, ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ সন্মান 'পদ্মশ্ৰী' লাভ কৰে।
কৃতিত্ব
দ্ৰোণাভেল্লি হাৰিকাই ২০২৪ চনত মহিলাৰ দবা অলিম্পিয়াডত বৈশালী আৰ, দিব্য দেশমুখ,ৱন্তিকা আগৰৱাল আৰু ছানিয়া সচদেৱৰ সতে ভাৰতক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ জয় কৰে।
২০২১ চনত ফিদে মহিলা বিশ্ব দবা দলীয় চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে।
২০২১ চনত ফিদে অনলাইন দবা অলিম্পিয়াডত ব্ৰঞ্জৰ পদক জয় কৰে।
দ্ৰোণাভেল্লি হাৰিকাই ২০১৯ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ২০১৭ চনত তেওঁ তেহৰান, ইৰানত অনুষ্ঠিত মহিলাৰ বিশ্ব দবা প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।৬৭
২০১৬ চনত খান্তি-মানসিস্কত অনুষ্ঠিত ফিদে মহিলাৰ গ্ৰাঁ পি প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰে আৰু চেংদু, চীনত অনুষ্ঠিত ফিদে মহিলাৰ গ্ৰাঁ পি প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত এছিয়ান মহিলা দলগত দবা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ সদস্য হিচাপে ৰেপিড শাখাত ব্ৰঞ্জ পদক আৰু ব্যক্তিগতভাৱে ৰেপিড শাখাত সোণৰ পদক লাভ কৰে। টপ ব'ৰ্ডত ধ্ৰুপদী শাখাত ব্যক্তিগতভাৱে ৰূপৰ পদক অৰ্জন কৰে।
২০১৫ চনত হাৰিকাই ৰোমত অনুষ্ঠিত বিশ্ব মহিলা অনলাইন ব্লিটজ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত এছিয়ান ৰেপিড মহিলা দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰে। চীনত অনুষ্ঠিত বিশ্ব মহিলা দলগত দবা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ সদস্য হিচাপে চতুৰ্থ স্থান লাভ কৰে আৰু দ্বিতীয় ব'ৰ্ডত ব্যক্তিগতভাৱে ৰূপৰ পদক অৰ্জন কৰে। সোচিত অনুষ্ঠিত বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক আৰু ছাৰজাহত অনুষ্ঠিত ফিদে মহিলাৰ গ্ৰাঁ পি প্ৰতিযোগিতাত ব্ৰঞ্জ পদক অৰ্জন কৰে।
২০১৪ চনত হাৰিকাই ইৰানত অনুষ্ঠিত এছিয়ান মহিলা দলগত দবা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ সদস্য হিচাপে ৰূপৰ পদক, টপ ব'ৰ্ডত ব্যক্তিগতভাৱে সোণৰ পদক, ৰেপিড শাখাত দলগতভাৱে ৰূপৰ পদক আৰু ব্লিটজ শাখাত দলগতভাৱে সোণৰ পদক লাভ কৰে।
২০১২ চনত হাৰিকাই খান্তি-মানসিস্কত অনুষ্ঠিত বিশ্ব মহিলা দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰে। চীনত অনুষ্ঠিত এছিয়ান মহিলা দলগত দবা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ সদস্য হিচাপে ব্ৰঞ্জ পদক লাভ কৰে। তুৰ্কীত অনুষ্ঠিত মহিলা দবা অলিম্পিয়াডত ভাৰতীয় দলৰ সদস্য হিচাপে চতুৰ্থ স্থান লাভ কৰে। তুৰ্কীত অনুষ্ঠিত বিশ্ব মহিলাৰ দলগত দবা চেম্পিয়নশ্বিপত ব্যক্তিগতভাৱে ৰূপৰ পদক আৰু দলগতভাৱে চতুৰ্থ স্থান অৰ্জন কৰে।
২০১১ চনত হাৰিকাই ইৰানত অনুষ্ঠিত এছিয়ান মহিলা দবা চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত কমনৱেলথ মহিলা দবা চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে। তেওঁ দ্বিতীয় ভাৰতীয় মহিলাৰূপে পুৰুষৰ গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে।৮৯)
২০১০ চনত হাৰিকাই নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ মহিলা দবা চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। গুৱাংজুত অনুষ্ঠিত ষোড়শ এছিয়ান গেমছত মহিলাৰ ব্যক্তিগত দবা শাখাত ব্ৰঞ্জ পদক অৰ্জন কৰে।
২০০৯ চনত হাৰিকাই কলকাতাত অনুষ্ঠিত এছিয়ান মহিলা দল দবা চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা দলৰ অধিনায়ক হিচাপে ৰূপৰ পদক আৰু টপ ব'ৰ্ডত ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে। ভিয়েটনামত অনুষ্ঠিত তৃতীয় এছিয়ান ইনড'ৰ গেমছত মহিলাৰ ব্যক্তিগত ৰেপিড দবা শাখাত ব্ৰঞ্জ পদক, দলগত ব্লিটজ দবা শাখাত ব্ৰঞ্জ পদক আৰু দলগত ৰেপিড দবা শাখাত ব্ৰঞ্জ পদক অৰ্জন কৰে।
২০০৮ চনত হাৰিকাই তুৰ্কীত অনুষ্ঠিত বিশ্ব জুনিয়ৰ বালিকাৰ দবা চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে। বিশাখাপত্তনমত অনুষ্ঠিত এছিয়ান মহিলা দলগত দবা চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ অধিনায়ক হিচাপে ৰূপৰ পদক আৰু টপ ব'ৰ্ডত ব্যক্তিগতভাৱে ৰূপৰ পদক অৰ্জন কৰে।
২০০৭ চনত হাৰিকাই পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰৰ উপাধি লাভ কৰে। মেকাওত অনুষ্ঠিত দ্বিতীয় এছিয়ান ইনড'ৰ গেমছত ৰেপিড দবা ব্যক্তিগত শাখাত সোণৰ পদক আৰু সাধাৰণ শাখাত ব্যক্তিগতভাৱে ব্ৰঞ্জ পদক অৰ্জন কৰে। মেকাওত অনুষ্ঠিত দ্বিতীয় এছিয়ান ইনড'ৰ গেমছত ৰেপিড দবা দলগত শাখাত সোণৰ পদক, সাধাৰণ শাখাত দলগতভাৱে ৰূপৰ পদক আৰু ব্লিটজ শাখাত দলগতভাৱে ৰূপৰ পদক লাভ কৰে। বাংলাদেশত অনুষ্ঠিত এছিয়ান জ'নাল মহিলা দবা চেম্পিয়নশ্বিপত সোণৰ পদক আৰু নতুন দিল্লীত অনুষ্ঠিত কমনৱেলথ মহিলা দবা চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে।
২০০৬ চনত হাৰিকাই জৰ্জিয়াত অনুষ্ঠিত বিশ্ব যুৱ চেম্পিয়নশ্বিপত অনূৰ্ধ্ব-১৮ শাখাত সোণৰ পদক আৰু মুম্বাইত অনুষ্ঠিত কমনৱেলথ মহিলা দবা চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰে।
২০০৫
- এচিয়ান জুনিয়ৰ ছোৱালী চেম্পিয়নশ্বিপ, বিকানেৰ - ৰূপৰ পদক।
২০০৪
- মহিলা গ্ৰেণ্ডমাষ্টাৰ (WGM) উপাধি - এছিয়া মহাদেশৰ আটাইতকৈ কম বয়সীয়া মহিলা গ্ৰেণ্ডমাষ্টাৰ।
- কমনৱেলথ অনূৰ্ধ্ব-১৮ ছোৱালী দবা চেম্পিয়নশ্বিপ, মুম্বাই - সোণৰ পদক।
- বিশ্ব যুৱ চেম্পিয়নশ্বিপ অনূৰ্ধ্ব-১৪ ছোৱালী, গ্ৰীচ - সোণৰ পদক।
২০০৩
- এছিয়ান মহিলা দবা চেম্পিয়নশ্বিপ, কালিকট - ৰূপৰ পদক।
- মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ (WIM) উপাধি - এছিয়া মহাদেশৰ আটাইতকৈ কম বয়সীয়া মহিলা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ।
- এছিয়ান মহিলা দলগত দবা চেম্পিয়নশ্বিপ, যোধপুৰ - ভাৰতীয় দলৰ সদস্য
দলীয় ৰূপে ব্ৰঞ্জ পদক।
- চতুৰ্থ ব'ৰ্ডত ব্যক্তিগত সোণৰ পদক |
২০০২
- এছিয়ান অনূৰ্ধ্ব-১৮ ছোৱালী দবা চেম্পিয়নশ্বিপ, বিকানেৰ - সোণৰ পদক।
- এছিয়ান অনূৰ্ধ্ব-১২ ছোৱালী দবা চেম্পিয়নশ্বিপ, ইৰান - সোণৰ পদক।
- বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ অনূৰ্ধ্ব-১২ ছোৱালী, গ্ৰীচ - ব্ৰঞ্জ পদক।
২০০১
- বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ অনূৰ্ধ্ব-১২ ছোৱালী, স্পেইন - ৰূপৰ পদক।
- এছিয়ান অনূৰ্ধ্ব-১২ ছোৱালী দবা চেম্পিয়নশ্বিপ, বিকানেৰ - ৰূপৰ পদক।
২০০০
- বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপ অনূৰ্ধ্ব-১০ ছোৱালী, স্পেইন - ৰূপৰ পদক।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতা
২০০৯ - ৰাষ্ট্ৰীয় মহিলা দবা চেম্পিয়নশ্বিপ, চেন্নাই - সোণৰ পদক।
- ১৬ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত ১৬টা পদক লাভ, য'ত মহিলা 'এ' চেম্পিয়নশ্বিপ, মহিলা 'বি' চেম্পিয়নশ্বিপ, ৰাষ্ট্ৰীয় জুনিয়ৰ ছোৱালী আৰু ছাব-জুনিয়ৰ ছোৱালী শিৰোপা অন্তৰ্ভুক্ত।
অন্যান্য সফলতা
- ২০১৬ আৰু ২০১৭ চনত টাইম্ছ অৱ ইণ্ডিয়া (TOISA বাৰ্ষিক বঁটা) দ্বাৰা 'চেছ প্লেয়াৰ অৱ দ্য ইয়াৰ' হিচাপে সম্মানিত।১০
- ২০১৭ চনত ভাৰ্ভ মেগাজিনত বৰ্ষৰ শীৰ্ষ ৪০জন জনপ্ৰিয় মহিলা ক্ৰীড়াবিদৰ ভিতৰত অন্তৰ্ভুক্ত।
তথ্যসূত্ৰ
- ↑ Burtasova, Anna. (2024-09-22). India triumphs at 45th Chess Olympiad, winning both Open and Women’s competitions. www.fide.com
- ↑ Harika's parents on cloud nine. The Hindu
- ↑ Here is the complete list of Padma awardees 2019- The New Indian Express
- ↑ Subrahmanyam, V. V. (2011-08-03). Calculated moves. The Hindu
- ↑ (2008-08-06). Harika's parents on cloud nine. The Hindu
- ↑ Administrator. Harika, Dronavalli FIDE Chess Profile - Players Arbiters Trainers. ratings.fide.com
- ↑ (2017-02-28). World Women's Chess Championship: Harika Dronavalli won bronze and shockingly, India didn't even cheer. Firstpost
- ↑ Administrator. 2011 Women Grandmaster Chess Tournament September 2011 China FIDE Chess Tournament report. ratings.fide.com
- ↑ Administrator. FIDE Title Applications (GM, IM, WGM, WIM, IA, FA, IO). ratings.fide.com
- ↑ Alter, Jamie. (20 March 2017). Mahindra Scorpio TOISA: Harika Dronavalli is Chess Player of the Year. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰিকা দ্ৰোণাভেল্লি” প্ৰবন্ধৰ সংশোধন ৫২৮৩০৫ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।