অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰ্ণলতা

স্বৰ্ণলতা (Swarnalatha; ২৯ এপ্ৰিল ১৯৭৩ – ১২ ছেপ্টেম্বৰ ২০১০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৮৭ চনৰ পৰা মৃত্যুৰ আগলৈকে, প্ৰায় ২২ বছৰীয়া সাংগীতিক জীৱনত তেওঁ তামিল, মালায়ালম, তেলেগু, কানাড়া, হিন্দী, উৰ্দু, বঙালী, উড়িয়া, পাঞ্জাবী আৰু বদাগাকে ধৰি বহু ভাৰতীয় ভাষাত ১০,০০০ৰো অধিক গীত বাণীবদ্ধ…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

স্বৰ্ণলতা (Swarnalatha; ২৯ এপ্ৰিল ১৯৭৩ – ১২ ছেপ্টেম্বৰ ২০১০) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী। ১৯৮৭ চনৰ পৰা মৃত্যুৰ আগলৈকে, প্ৰায় ২২ বছৰীয়া সাংগীতিক জীৱনত তেওঁ তামিল ভাষা, মালয়ালম ভাষা, তেলুগু ভাষা, কন্নড় ভাষা, হিন্দী ভাষা, উৰ্দু ভাষা, বঙালী ভাষা, উড়িয়া, পাঞ্জাবী আৰু বদাগাকে ধৰি বহু ভাৰতীয় ভাষাত ১০,০০০ৰো অধিক গীত বাণীবদ্ধ কৰিছিল।১

কাৰুত্থাম্মা ছবিৰ ‘পোৰালে পন্নুথায়ী’ শীৰ্ষক গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। গীতটিৰ সুৰ কৰিছিল এ আৰ ৰহমানে। ৰহমানৰ সংগীত পৰিচালনাত তেওঁ বহুতো স্মৰণীয় গীত বাণীবদ্ধ কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰথম মহিলা নেপথ্য কণ্ঠশিল্পী, ৰহমানৰ সংগীতত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।২

ব্যক্তিগত জীৱন

কেৰালাত, কে চি চেৰুকুট্টী আৰু কল্যানীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল এজন হাৰমনিয়াম বাদক আৰু গায়ক। মাকৰো সংগীতৰ প্ৰতি আগ্ৰহ আছিল। স্বৰ্ণলতাক হাৰমনিয়াম আৰু কীবৰ্ড বজাবলৈ প্ৰশিক্ষণ দিয়া হৈছিল।৩ পিছলৈ স্বৰ্ণলতাৰ পৰিয়াল কৰ্ণাটকৰ শিৱমোগ্গা জিলাৰ ভদ্ৰাৱতীলৈ গুচি যায় আৰু তাতেই তেওঁ শিক্ষা গ্ৰহণ কৰে।৪ ৩ বছৰ বয়সৰ পৰা তেওঁ গান গাবলৈ আৰম্ভ কৰে। সংগীতজ্ঞ আৰু সংগীতপ্ৰেমী পৰিয়াল এটাত ডাঙৰ হোৱা স্বৰ্ণলতাই কৰ্ণাটকী আৰু হিন্দুস্তানী সংগীতৰ প্ৰশিক্ষণ লয়। তেওঁৰ বায়েক সৰোজা আছিল তেওঁৰ প্ৰথম সংগীত শিক্ষয়িত্ৰী।

কৰ্মজীৱন

স্বৰ্ণলতাৰ গায়কী প্ৰতিভাৰ বাবে চলচ্চিত্ৰ জগতত সুযোগ বিচাৰি তেওঁৰ পৰিয়াল চেন্নাইলৈ গুচি যায়। ১৯৮৭ চনত এম. এচ. বিশ্বনাথনে তেওঁক প্ৰথম চলচ্চিত্ৰত গীত গোৱাৰ প্ৰথম সুযোগ দিয়ে। তেওঁ কে. জে. য়েচুদাসৰ সৈতে নীথিক্কু থান্দানাই ছবিৰ ‘চিন্নাচিৰু কিলিয়ে’ শীৰ্ষক এটা গীতত কণ্ঠদান কৰে।৪ ইয়াৰ পিছত বহু সংগীত পৰিচালকৰ পৰা তেওঁলৈ কণ্ঠদান কৰাৰ বাবে আমন্ত্ৰণ আহে। পৰিচালক পি বেনুৰ সৈতেও তেওঁ কাম কৰাৰ সুযোগ পাইছিল। ইলায়াৰাজা আৰু এ আৰ ৰহমানৰ দৰে সংগীতজ্ঞৰ সংগীত পৰিচালনাত তেওঁ গীত গাইছিল। ইয়াৰ উপৰিও তেওঁ কেইটামান হিন্দী গীতো বাণীবদ্ধ কৰে। আটাইতকৈ উল্লেখযোগ্য গীতটো হ'ল গায়ক হৰিহৰণৰ সৈতে ৰংগীলা ছবিৰ ‘হায় ৰামা য়েহ ক্যা হুয়া’ শীৰ্ষক গীতটো।

তেলেগু ভাষাত তেওঁ মণি শৰ্মা, ৰমনা গগুলা, ৰাজ–কোটি, আৰু বন্দেমাতৰম শ্ৰীনিবাসৰ সংগীত পৰিচালনাত অধিক গীত বাণীবদ্ধ কৰে। ইয়াৰ ভিতৰত আছে ‘ৰাম্মা চিলাকাম্মা’, ‘অচে ৰামুলাম্মা’, ‘নিজাম বাবুলু’ আদি উচ্চ ৰেটিং পোৱা গীত। এ আৰ ৰহমানে বহু কেইখন তেলেগু ভাষাৰ চলচ্চিত্ৰৰ বাবে স্বৰ্ণলতাৰ দ্বাৰা গীত গোৱাইছিল। সাথৰিয়ানৰ২ ‘মালায়িল ইয়াৰো মানথোদু পেছা’ বা কৰুথাম্মাৰ ‘পোৰালে পন্নুথায়ী’ আদি গীতত কণ্ঠ নিগৰোৱা স্বৰ্ণলতা তেওঁৰ সময়ৰ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী আছিল। কাধলানৰ ‘মুক্কাবলা’ বা পবিত্ৰৰ ‘মট্টু বিত্তধা’ দৰে ৰহমানৰ পৰীক্ষামূলক গীতো তেওঁ গাইছিল।

এ. আৰ. ৰহমানৰ সংগীত পৰিচালনাত "পোৰালে পন্নুথায়ী" শীৰ্ষক গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ কাম কৰা কেইজনমান সংগীত পৰিচালক হ’ল- দেৱা, বিদ্যাসাগৰ, হেৰিছ জয়ৰাজ, অনু মালিক, শংকৰ–এহছান–লয়, ৰাজ–কোটি, যুৱ শংকৰ ৰাজা, মণি শৰ্মা, হামছালেখা আদি।

হিন্দী চলচ্চিত্ৰ মুগল ই আজমক আনাৰকলি নামেৰে তামিল ভাষালৈ ডাবিং কৰা হৈছিল। মূল ছবিখন লতা মংগেশকাৰৰ আৰু শমশাদ বেগমে গোৱা গীতবোৰ তামিল সংস্কৰণত স্বৰ্ণলতাৰ দ্বাৰা বাণীবদ্ধ কৰোৱা হৈছিল। বলীউডৰ সংগীত পৰিচালক নৌছাদ আলীয়ে তেওঁৰ গায়কী শৈলীক প্ৰশংসা কৰিছিল, যিটোক তেওঁ কৰ্মজীৱনৰ শ্ৰেষ্ঠ মুহূৰ্ত বুলি গণ্য কৰিছিল।৫৬

টেলিভিছন

স্বৰ্ণলতাই বহু কেইটা টেলিভিছন সংগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে অভিনয় দায়িত্ব লৈছিল; বিশেষকৈ ২০০১ চনৰ বিজয় টিভিৰ ৰিয়েলিটি শ্ব' আৰু ২০০৪ চনৰ জয়া টিভি ৰাগমালিকাত।৭৮

তথ্যসূত্ৰ

  1. ↑ (12 September 2010). Playback singer Swarnalatha passes away. The Hindu
  2. ↑ National award winning playback singer Swarnalatha passes away, Asian Tribune, Tue, 14 September 2010 03:25
  3. ↑ Swarnalatha Biography
  4. ↑ Home
  5. ↑ Singer swarnalatha captain TV marakka mudiyuma show
  6. ↑ ஸ்வர்ணலதாவிற்கு கண்ணீர் அஞ்சலி
  7. ↑ இசை பொக்கிஷம் கலைமாமணி இசைப்பேரரசி ஸ்வர்ணலதாவின் அபூர்வராகங்கள் #Swarnalathaofficial
  8. ↑ JayaTV Rewind: ஸ்வர்ணலதா கலந்துகொண்ட ராகமாலிகா · · Swarnalatha · Ragamalika

সম্পৰ্কিত শ্ৰেণী

মালায়ালম চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীতামিল চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীতেলুগু চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীকানাড়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰ্ণলতা” প্ৰবন্ধৰ সংশোধন ৬৪০৩০৪ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।