অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হানিফ কুৰেছি

হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া’ উপন্যাসৰ বাবে পৰিচিত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৮৬৩ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া''’ উপন্যাসৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৪ চনৰ ৫ ডিচেম্বৰত১ দক্ষিণ লণ্ডনৰ ব্ৰুমলিত হানিফ কুৰেছিৰ জন্ম হয়। তেওঁৰ দেউতাক ৰফিউছান (ছানু) কুৰেছি এগৰাকী পাকিস্তানী আৰু মাক অড্ৰে বাচ এগৰাকী ইংৰাজ।২ তেওঁৰ পিতৃ চেন্নাই (বৰ্তমান চেন্নাই) নিবাসী এটা ধনী পৰিয়ালৰ সন্তান আছিল, যি ১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত পাকিস্তানলৈ গুচি গৈছিল।৩

১৯৫০ চনত ৰফিউছানে আইন অধ্যয়নৰ বাবে ব্ৰিটেইনলৈ গৈছিল৪ যদিও হাতত থকা ধন শেষ হোৱাৰ বাবে তেওঁ পঢ়াৰ পৰিৱৰ্তে পাকিস্তানৰ হাইকমিচনত চাকৰি কৰিবলৈ লৈছিল।৫২ তাতে তেওঁ তেওঁৰ হ’বলগীয়া পত্নী অড্ৰে বাচক লগ পায়।৬তেওঁ এগৰাকী লেখক হ’ব খুজিছিল আৰু পাকঘৰৰ টেবুলত বহি উপন্যাস লেখিছিল যদিও এইবোৰ নাকচ হৈছিল। এই কথাই তেওঁৰ উচ্চাকাংক্ষাক প্ৰভাৱিত কৰিছিল আৰু তেওঁ হতাশাত ভুগিছিল। বিয়াৰ পিছত তেওঁলোক ব্ৰুমলিত থাকিবলৈ আৰম্ভ কৰে আৰু তাতে তেওঁলোকৰ পুত্ৰ হানিফৰ জন্ম হয়।

এটা সাক্ষাৎকাৰত কুৰেছিয়ে কৈছে;

মোৰ ককাদেউতা (পৈতৃক) আছিল এগৰাকী সৈন্যবাহিনীৰ চিকিৎসক, ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীৰ কৰ্ণেল। ডাঙৰ পৰিয়াল। চাকৰ। টেনিছ ক’ৰ্ট। ক্ৰিকেট। সকলো। মোৰ দেউতা চলমান ৰুছদি পঢ়িবলৈ যোৱা কেথেড্ৰেল স্কুললৈ গৈছিল। পাছলৈ পাকিস্তানত মোৰ পৰিয়ালটো ভুট্টোৰ ঘনিষ্ঠ আছিল। মোৰ খুড়া ওমৰ আছিল বাতৰি কাকতৰ স্তম্ভলেখক আৰু পাকিস্তান ক্ৰিকেট দলৰ মেনেজাৰ...মোৰ ককাদেউতা, কৰ্ণেলজন, অতি ভয়ংকৰ আছিল। কঠোৰ জীৱন নিৰ্বাহ কৰা, সাংঘাটিক মদ খাব পৰা জুৱাৰী। নাৰীপ্ৰিয়। তেওঁৰ চৌপাশ আছিল দ্য গডফাদাৰ চিনেমাৰ দৰে। তেওঁলোকে মদ খাইছিল আৰু গুজৱ কৰিছিল। মহিলাসকলৰ অহা-যোৱা চলিছিল।

হানিফ কুৰেছিয়ে ব্ৰুমলি টেকনিকেল হাইস্কুলত পঢ়িছিল আৰু ব্ৰুমলি কলেজ অৱ টেকনলজিৰপৰা স্কুলীয়া শিক্ষা (এ-লেভেল) সাং কৰিছিল।৭ ইয়াত পঢ়ি থাকোঁতে, ১৯৭২ চনত তেওঁ ছাত্ৰ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল। তেওঁৰ দ্য বুদ্ধা অৱ চাবাৰ্বিয়া শীৰ্ষক অৰ্ধ-আত্মজীৱনীমূলক উপন্যাসখনৰ কিছু চৰিত্ৰ এই সময়ৰ।৮ লেংকাষ্টাৰ বিশ্ববিদ্যালয়ত তেওঁ এবছৰৰ বাবে দৰ্শন অধ্যয়ন কৰি এৰি দিয়ে। পিছত তেওঁ লণ্ডনৰ কিংছ কলেজত ভৰ্তি হয় আৰু ইয়াৰপৰাই দৰ্শন বিষয়ত ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

১৯৭০ চনত, এণ্টনিয়া ফ্ৰেন্স৯ আৰু কৰিম ছদ্মনামেৰে১০ পৰ্ণগ্ৰাফী লেখক হিচাপে কুৰেছিয়ে লেখক জীৱন আৰম্ভ কৰিছিল।১১১২ তাৰ পিছত তেওঁ হেম্পষ্টেড থিয়েটাৰ আৰু চ’হ’ পলিৰ বাবে নাটক লিখিছিল আৰু ১৮ বছৰ বয়সলৈকে ৰয়েল ক’ৰ্ট থিয়েটাৰৰ সৈতে কাম কৰিছিল।

ব্যক্তিগত জীৱন

কুৰেছি এজন বাইচেক্সুৱেল।১৩ তেওঁ পশ্চিম লণ্ডনত থাকে। হুজ হু (Who's Who (UK)ত তেওঁৰ বিনোদনসমূহক সংগীত, ক্ৰিকেট আৰু পাবত বহি থকা বুলি তালিকাভুক্ত কৰা হৈছে।১

চলচ্চিত্ৰ প্ৰযোজক ট্ৰেচি স্কফিল্ডৰ সৈতে তেওঁৰ সম্পৰ্কৰ ফালৰপৰা তেওঁৰ দুটি যমজ ল’ৰা আছে১৪ আৰু পূৰ্বৰ আন এটা সম্পৰ্কৰপৰাও তেওঁ আন এটি পুত্ৰ সন্তানৰ পিতৃ।৩ তেওঁ তেওঁৰ পিতৃৰ পাকিস্তানী শিপাক স্বীকাৰ কৰে যদিও খুব কমেইহে পাকিস্তান ভ্ৰমণ কৰিছে। ব্ৰিটিছ কাউন্সিলৰ পৃষ্ঠপোষকতাত ২০১২ চনত কৰা ভ্ৰমণৰ সময়ত তেওঁ এইকথা স্বীকাৰ কৰে যে, যোৱা ২০ বছৰৰ ভিতৰত এইটোৱেই তেওঁৰ প্ৰথম পাকিস্তান ভ্ৰমণ।১৫

লেখক, স্তম্ভলেখক আৰু পাকিস্তানী ক্ৰিকেটৰ ধাৰাভাষ্যকাৰ আৰু দলৰ পৰিচালক ওমৰ কুৰেছি আছিল হানিফ কুৰেছিৰ খুৰাক।১৬ কবি মাকি কুৰেছি তেওঁৰ পেহীয়েক আছিল।১৭

কুৰেছিৰ পৰিয়ালে সীমাৰ বাহিৰলৈ গৈ, কুৰেছিয়ে তেওঁলোকক নিজৰ উপন্যাসত ছদ্মবেশত উল্লেখ কৰি শোষণ কৰাই নহয়, নিজৰ লাভৰ বাবে বেচাৰ অভিযোগ কৰিছে। অৱশ্যে কুৰেছিয়ে নিজে এই দাবী অস্বীকাৰ কৰিছে।

লেখক জীৱনৰ উত্থান-পতনক সামৰিবলৈ গৈ কুৰেছিয়ে ২০১৩ চনৰ আৰম্ভণিতে প্ৰৱঞ্চনাৰ বলি হৈ নিজা সঞ্চয়ৰ সকলোখিনি হেৰুৱায়।১৮ সেই বছৰৰ অক্টোবৰ মাহত কুৰেছিক লণ্ডনৰ কিংষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লেখা বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়, ইয়াত তেওঁ আবাসী লেখক আছিল।১৯

স্বীকৃতি, বঁটা আৰু সন্মান

সাহিত্য আৰু নাট্য ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে ২০০৮ চনত কুৰেছিক নৱবৰ্ষৰ পুৰস্কাৰ ৰূপে কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ(CBE) সন্মানেৰে সন্মানিত কৰা হয়।২০২১ একে বছৰতে দ্য টাইম আলোচনীয়ে কুৰেছিক ১৯৪৫ চনৰপৰা এতিয়ালৈকে লিখি থকা ৫০ জন সবাতোকৈ মহান ব্ৰিটিছ লেখকৰ তালিকাত অন্তৰ্ভুক্ত কৰে।২২

  • ১৯৮০ থেমছ টেলিভিছন প্লেৰাইট এৱাৰ্ড, দ্য মাডাৰ কাণ্ট্ৰি
  • ১৯৮১ জৰ্জ ডিভাইন এৱাৰ্ড, আউটস্কাৰ্টচ্‌
  • ১৯৮৬ নিউয়ৰ্ক মহানগৰ ফিল্ম ক্ৰিটিকচ্‌ চাৰ্কল এৱাৰ্ড, শ্ৰেষ্ঠ চিত্ৰনাট্য, মাই বিউটিফুল লণ্ড্ৰেট
  • ১৯৮৬ অস্কাৰ বঁটাৰ বাবে মনোনয়ন, শ্ৰেষ্ঠ চিত্ৰনাট্য, মাই বিউটিফুল লণ্ড্ৰেট
  • ১৯৯০ হোৱাইটব্ৰেড ফাৰ্ষ্ট নভেল এৱাৰ্ড, দ্য বুদ্ধা অৱ চাবাৰ্বিয়া
  • ২০০৭ আন্তঃৰাষ্ট্ৰীয় চুটি গল্প প্ৰতিযোগিতা, চৰ্টলিষ্ট, ৱেডিংচ্‌ এণ্ড বিহেডিংচ্‌
  • ২০১০ পেন/পিণ্টাৰ প্ৰাইজ
  • ২০১৩ দ্য এছিয়ান এৱাৰ্ডত কলাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰাপ্তি (Outstanding Achievement in the Arts)২৩

এইসমূহৰ উপৰিও তেওঁ অন্যান্য বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।

সৃষ্টিৰাজি

উপন্যাস

  • ১৯৯০ দ্য বুদ্ধা অৱ চাবাৰ্বিয়া, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৫ দ্য ব্লেক এলবাম, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৮ ইনটিমেচি, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০১ গ্ৰেবিয়েলচ্‌ গিফ্ট‌, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৩ দ্য বডি, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৮ চামথিং টু টেল য়্যু, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০১৪ দ্য লাষ্ট ৱৰ্ড, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০১৭ দ্য নাথিং, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০১৯ হোৱাট হেপেনড্‌?, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ

চুটি ৰচনা

  • ১৯৯৭ লাভ ইন আ ব্লু টাইম, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৯ মিডনাইট অল ডে, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০১৯ "চি চেইড, হি চেইড", দ্য নিউ য়ৰ্কাৰ

চুটি গল্প আৰু ৰচনা সংগ্ৰহ

  • ২০১১ কালেক্টেড এচেজ, ফেবাৰ এণ্ড ফেবাৰ২৪২৫
  • ২০১৫ লাভ + হেট: ষ্ট’ৰিজ এণ্ড এচেজ, ফেবাৰ এণ্ড ফেবাৰ

নাটক আৰু চিত্ৰনাট্য

  • ১৯৮০ দ্য কিং এণ্ড মি, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৮১ আউটস্কাৰ্টচ্‌, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৮১ বৰ্ডাৰলাইন, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৮৩ বাৰ্ডচ অৱ পেছেজ, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৮৮ চেম্মি এণ্ড ৰৌজি গেট লেইড, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯১ লণ্ডন কিলচ্‌ মি, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৬ মাই বিউটিফুল লণ্ড্ৰেট এণ্ড আডাৰ ৰাইটিংচ্‌, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৭ মাই চান দ্য ফেনেটিক, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৯ হানিফ কুৰেছি প্লেচ ওৱান, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ১৯৯৯ শ্লিপ উইথ মি, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০২ কলেক্টেড স্ক্ৰীণপ্লেজ ভলিউম ওৱান, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৩ দ্য মাডাৰ, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৪ হোৱেন দ্য নাইট বিগিনচ্‌, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৭ ভেনাচ, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৯ দ্য ব্লেক এলবাম (adapted from the novel), লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ

নন ফিকচন

  • ২০০২ ডিম্ৰিং এণ্ড স্কেমিং: ৰিফ্লেকচনচ্‌ অন ৰাইটিং এণ্ড পলিটিক্স, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৪ মাই ইয়াৰ (Ear) এট হিজ হাৰ্ট, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০০৫ দ্য ৱৰ্ড এণ্ড দ্য বম্ব, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০১৪ আ থেফ্ট‌: মাই কন ম্যেন, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ
  • ২০২৪ চেটাৰড: আ মেমৰ (Memoir), লণ্ডন: পেংগুইন

সম্পাদক হিচাপে

  • ১৯৯৫ দ্য ফেবাৰ বুক অৱ পপ, লণ্ডন: ফেবাৰ এণ্ড ফেবাৰ

তথ্যসূত্ৰ

  1. ↑ Subscription needed
  2. ↑ Emily Ballou, "Whims of the father", The Australia, 15 November 2008
  3. ↑ Brown, Mick. (2024-11-20). ‘The worst thing is losing your hands’: Hanif Kureishi on life as a tetraplegic. The Sydney Morning Herald
  4. ↑ Creative media, Five on a bike. Interview – Hanif Kureishi in conversation with Kenan Malik
  5. ↑ Kureishi, Hanif. (19 January 2014). Hanif Kureishi interview: 'Every 10 years you become someone else'. The Observer
  6. ↑ Lacher, Irene. (25 May 1990). No Fear He May Offend: Literary bad boy Hanif Kureishi knows that the racial and sexual themes in his works will scandalize many. But those elements, he says, reflect the realities of a diverse, changing world.. Los Angeles Times
  7. ↑ Official website . Retrieved 14 January 2016
  8. ↑ Lawley, Sue. (1996). Hanif Kureishi: Desert Island Discs. BBC
  9. ↑ Sharma, Surbhi. (May 2017). Kureishi, Hanif. Postcolonial Studies @ Emory
  10. ↑ Nahem Yousaf. Hanif Kureishi's The Buddha of Suburbia: a reader's guide, p. 8
  11. ↑ Donadio, Rachel. (8 August 2008). My Beautiful London. The New York Times
  12. ↑ Interview with Hanif Kureishi, The Book Show, Episode 18, Sky Arts
  13. ↑ Lacher, Irene. (25 May 1990). No Fear He May Offend. Los Angeles Times
  14. ↑ Law, Katie. (3 June 2015). I had to write about the theft — it was all that was left to me. Evening Standard
  15. ↑ Galvin, Cathy. (13 December 2012). Hanif Kureishi: the pariah of suburbia. The Daily Telegraph
  16. ↑ Andreas Athanasiades, "Re-imagining Identity: Revisiting Hanif Kureishi's My Beautiful Laundrette", University of Cyprus
  17. ↑ B. J. Moore-Gilbert. (2001). Hanif Kureishi. Manchester University Press. ISBN 978-0-7190-5535-5
  18. ↑ Brignall, Miles; Jones, Rupert. (3 May 2013). Author Hanif Kureishi loses life savings to suspected fraud. The Guardian
  19. ↑ Elmes, John. (14 November 2013). Q&A with Hanif Kureishi. Times Higher Education
  20. ↑ Hanif Kureishi. Centre de Cultura Contemporània de Barcelona
  21. ↑ (28 December 2007). New Year Honours —United Kingdom. The London Gazette
  22. ↑ (5 January 2008). The 50 greatest British writers since 1945. The Times
  23. ↑ (18 April 2013). Winners at the Asian Awards. Bollyspice.com
  24. ↑ Kureishi, Hanif. (1 March 2011). Collected Essays. Faber & Faber. ISBN 978-0571249831
  25. ↑ Robson, Leo. (13 March 2011). Collected Essays by Hanif Kureishi – review. The Guardian

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকনাট্যকাৰচিত্ৰনাট্য লেখকঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হানিফ কুৰেছি” প্ৰবন্ধৰ সংশোধন ৬৩১৫৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।