সৌম্যা টেণ্ডন (Saumya Tandon; জন্ম: ৩ নৱেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। তেওঁ ভাভী জী ঘৰ পৰ হায়! নামৰ হিন্দী চিটকম টেলিভিছন ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।১২ তেওঁ ডান্স ইণ্ডিয়া ডান্স, বৰ্ণভিটা কুইজ প্ৰতিযোগিতা আৰু মনোৰঞ্জন কি ৰাতকে ধৰি বিভিন্ন টিভি শ্বʼত আয়োজক হিচাপেও সুপৰিচিত।১ তেওঁ জব উই মেট আৰু অক্ষয় খান্নাৰ বিপৰীতে অভিনীত ২০১৫ চনত মুক্তিপ্ৰাপ্ত ব্লকবাষ্টাৰ ছবি ধুৰন্ধৰত অভিনয়েৰেও খ্যাতি লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৮৪ চনৰ ৩ নৱেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ভোপালত টেণ্ডনৰ জন্ম হৈছিল।৩৪ তেওঁলোকৰ পৰিয়ালটো উজ্জয়িনলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ চহৰখনৰ ছেইণ্ট মেৰী কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে।৩ তেওঁৰ পিতৃ বি জি টেণ্ডন এজন লেখক আৰু উজ্জয়িনৰ এখন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।৫
কৰ্মজীৱন
টেণ্ডনে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে মডেলিংৰ দায়িত্ব লয় আৰু ২০০৬ চনত "ফেমিনা কভাৰ গাৰ্ল ফাৰ্ষ্ট ৰানাৰ্ছ আপ" হয়৬ ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ অংশ হিচাপে তেওঁ আফগান ধাৰাবাহিক খুছিতো অভিনয় কৰে, য'ত তেওঁ এগৰাকী আফগান মহিলা চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰে।৭৮৯১০১১ শ্বাহৰুখ খানৰ সৈতে জোৰ কা ঝাটকা: টোটেল ৱাইপআউট (ৱাইপআউট ফৰ্মেটৰ ওপৰত ভিত্তি কৰি) সহ-আয়োজক আছিল। ডেৰেক অ'ব্ৰাইনৰ সৈতে তিনিটা ছিজনৰ বাবে তেওঁ বৰ্ণভিটা কুইজ প্ৰতিযোগিতাৰ সহ-আয়োজক আছিল।১২ ইমতিয়াজ আলীৰ শ্বাহিদ কাপুৰ আৰু কৰীনা কাপুৰ অভিনীত 'জব উই মেট'ত তেওঁ কৰীনাৰ চৰিত্ৰৰ ভগ্নী ৰূপৰ চৰিত্ৰত অভিনয় কৰিছিল।১৩ ইয়াৰ উপৰিও তেওঁ তিনিটা ছিজনৰ বাবে এল জি মল্লিকা-ই-কিচেনৰ আয়োজন কৰিছিল।
২০১৫ চনত টাণ্ডনে ভাভী জী ঘৰ পৰ হায়! নামৰ কমেডী ধাৰাবাহিকখনত অনিতা বিভূতি নাৰায়ণ মিশ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল। ধাৰাবাহিক খনত তেওঁ "গৰি মেম" নামেৰেও জনাজাত।১২ ২০১৮ চনত তেওঁ কালাৰছ টিভিত এণ্টাৰটেইনমেণ্ট কি ৰাত ছিজন ২ আয়োজন কৰে।১৪
২০২০ চনৰ ২১ আগষ্ট তাৰিখে, তেওঁ ভাভী জী ঘৰ পৰ হায়! ধাৰাবাহিকখন ত্যাগ কৰিছিল।১৫১৬
২০২৫ চনত, তেওঁ অক্ষয় খান্নাৰ বিপৰীতে সহ-অভিনীত জনপ্ৰিয় আৰু সফল স্পাই-থ্ৰিলাৰ ধুৰন্ধৰ-ত ৰহমান ডকাইতৰ পত্নী উলফতেৰ চৰিত্ৰত অভিনয়েৰে অধিক খ্যাতি লাভ কৰে।
ব্যক্তিগত জীৱন
২০১৬ চনত তেওঁ তেওঁৰ প্ৰেমিক সৌৰভ দেৱেন্দ্ৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় যাৰ সৈতে তেওঁৰ দহ বছৰীয়া সম্পৰ্ক আছিল।১৭
২০১৯ চনত টেণ্ডনে এটা লʼৰা সন্তান জন্ম দিয়ে।১৮১৯২০
চলচ্চিত্ৰপুঞ্জী
চলচ্চিত্ৰ
টেলিভিছন
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা |
|---|---|---|---|
| ২০০৬ | আইছা দেশ হায় মেৰা | ৰাষ্টী দেওল | |
| ২০০৭ | মেৰী আৱাজ কো মিল গয় ৰোশনি | ৰিয়া সাহানি | |
| ২০০৮ | খুছি | খুছি | আফগান টিভি ধাৰাবাহিক ৮ |
| ২০০৯–২০১২ | ডান্স ইণ্ডিয়া ডান্স | আঁত ধৰোঁতা | |
| ২০১১–২০১৪ | বৰ্ণভিটা কুইজ প্ৰতিযোগিতা | ||
| ২০১০–২০১৩ | মল্লিকা-ই-কিচেন | ||
| ২০১১ | কমেডী চাৰ্কাছ কে টানচেন | ||
| ২০১১ | জোৰ কা ঝাটকা: টোটেল ৱাইপআউট | ||
| ২০১৪ | কমেডী নাইটছ উইথ কপিল | কমেডিয়ান | বিশেষ ৰূপ |
| ২০১৫–২০২০ | ভাভী জী ঘৰ পৰ হায়! | অনিতা বিভূতি নাৰায়ণ মিশ্ৰ | |
| ২০১৮ | মনোৰঞ্জন কি ৰাত | আঁত ধৰোঁতা |
লগতে চাওক
- হিন্দী টেলিভিছন অভিনেত্ৰীসকলৰ তালিকা
- ভাৰতীয় টেলিভিছন অভিনেত্ৰীসকলৰ তালিকা
- ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰীসকলৰ তালিকা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (3 November 2021). Happy Birthday Saumya Tandon: Lesser known facts about Bhabi Ji Ghar Par Hai fame actress. PINKVILLA
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (28 October 2017). Unseen Photo: कॉलेज के दिनों में ऐसी दिखती थीं टीवी की 'गोरी मेम'. NDTVIndia
- ↑ Suri, Rishabh. (23 October 2017). Saumya Tandon: I will never participate in Bigg Boss as I am a very private person. Hindustan Times
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (26 February 2011). Kushal Punjabi Wins Zor Ka Jhatka
- ↑ (25 August 2021). Actress Saumya Tandon Shares Photo From Afghanistan, Says She Is Unable To Contact Her Friends. The Times of India
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (25 August 2021). Ex Bhabiji Ghar Par Hai Actress Saumya Tandon Shares Her Picture From Afghanistan; Says, 'I Am Unable To Reach My Friends'. ABP News
- ↑ (26 February 2011). Kushal Punjabi wins 'Zor Ka Jhatka'. News18
- ↑ (17 October 2017). Bhabhiji Ghar Par Hai's Saumya Tandon reveals her diet, fitness and beauty secrets. Hindustan Times
- ↑ (2 February 2011). Saumya says no to play Geet's sister. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (13 December 2016). Bhabi Ji Ghar Par Hai actor Saumya Tandon ties the knot. The Indian Express
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (19 January 2019). Bhabiji Ghar Par Hain Actress Saumya Tandon Blessed with a Baby Boy. News18
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
- ↑ (13 November 2018). Bhabhi Ji Ghar Par Hai Actress Saumya Tandon
- ↑ (15 June 2023). Saumya Tandon sets the internet on fire with her bikini pictures from Mauritius. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌম্যা টেণ্ডন” প্ৰবন্ধৰ সংশোধন ৫৯৭০৪৭ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।