হাৰ্বাট ডেভিদ ক্লেবাৰ (১৯ জুন ১৯৩৪ – ৫ অক্টোবৰ ২০১৮)১ এগৰাকী আমেৰিকান মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰৱ্য আসক্তিৰ গৱেষক।
কৰ্মজীৱন
১৯৬৮ চনত তেওঁ য়েল বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগৰ অধ্যাপক হৈ থাকোঁতে বিশ্ববিদ্যালয়খনত মাদক দ্ৰৱ্য আসক্তি নিবাৰণ কেন্দ্ৰ স্থাপন কৰিছিল। ১৯৮৯ চনলৈ তেওঁ এই কেন্দ্ৰৰ মুৰব্বী আছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত অৱস্থিত ৰাষ্ট্ৰীয় মাদক দ্ৰৱ্য নিয়ন্ত্ৰণ নীতি কাৰ্যালয়ত দুই বছৰ আৰু ৬ মাহ চাহিদা নিয়ন্ত্ৰণৰ উপ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।২
১৯৯২ চনত ক্লেবাৰ আৰু তেওঁৰ পত্নী মেৰিয়ান ফিছমেনে কলম্বিয়া বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগত মাদক দ্ৰৱ্য আসক্তি কেন্দ্ৰ স্থাপন কৰে। পিছলৈ এই কেন্দ্ৰ গোটেই আমেৰিকাৰ ভিতৰতে মাদক দ্ৰৱ্য নিৰাময়ৰ উল্লেখযোগ্য কেন্দ্ৰৰ পৰিণত হয়। তেওঁ এই কেন্দ্ৰৰ নিৰ্দেশক আছিল। ইয়াৰ লগতে তেওঁ কেইবাটাও প্ৰকল্পৰ মুৰব্বী আছিল। ইয়াত তেওঁ কোকেইন, হিৰোয়িন, অপিয়ড, এলক'হল আৰু মাৰিজোৱানা আসক্তিৰ নতুন নতুন চিকিৎসা পদ্ধতি উদ্ভাৱনত অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ জোচেফ কালিফান'ৰ সৈতে কলম্বিয়াত ৰাষ্ট্ৰীয় মাদক দ্ৰৱ্য আসক্তি নিবাৰণ কেন্দ্ৰ স্থাপন কৰিছিল।
ড° ক্লেবাৰে ২৫০ খনতকৈ বেছি গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেওঁ মাদক দ্ৰৱ্যৰ আসক্তিৰ চিকিৎসাৰ ওপৰত আমেৰিকান মনোৰোগ প্ৰেছ পাঠ্যপুথিৰ সহ-সম্পাদক আছিল।
বঁটা আৰু সন্মান
তেওঁৰ অৱদানৰ বাবে বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে আৰু দুটা সন্মানীয় ডিগ্ৰীও লাভ কৰিছে।
তেওঁক "আমেৰিকাৰ শ্ৰেষ্ঠ চিকিৎসক" আৰু "নিউয়ৰ্কৰ শ্ৰেষ্ঠ চিকিৎসক"ৰ তালিকাত তালিকাভুক্ত কৰা হৈছিল। ১৯৯৬ চনত তেওঁ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ চিকিৎসা প্ৰতিষ্ঠানৰ সদস্য নিৰ্বাচিত হৈছিল।৩৪ তেওঁ বহুতো সংগঠন আৰু সমিতিৰ লগত জড়িত আছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল পেনচেলভেনিয়া বিশ্ববিদ্যালয় আৰু বেটি ফৰ্ড প্ৰতিষ্ঠানৰ যুটীয়া প্ৰচেষ্টাত স্থাপিত হোৱা পাৰ্টনাৰশ্বিপ ফৰ এ ড্ৰাগ ফ্ৰী আমেৰিকা নামৰ নিচা আসক্তি অনুসন্ধান সংস্থা।
২০১৯ চনৰ ১ অক্টোবৰ তাৰিখে গুগলে তেওঁৰ সন্মানৰ্থে বিশেষ ডুডুল প্ৰদৰ্শন কৰে।৫
তথ্যসূত্ৰ
- ↑ (October 11, 2018). HERBERT KLEBER Obituary. The New York Times
- ↑ Dr Herbert Kleber – Google dedicates doodle to doctor who pioneered addiction research treatment. Newsd.in
- ↑ How Dr. Herbert D. Kleber Changed Addiction Medicine · Center on Addiction. www.centeronaddiction.org
- ↑ (30 September 2019). Herbert Kleber: How one man changed the way we view drug addiction. The Independent
- ↑ (1 October 2019). Celebrating Dr. Herbert Kleber. Google
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্বাট ক্লেবাৰ” প্ৰবন্ধৰ সংশোধন ৩৮৬০১৬ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।