অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সৰৱজিৎ সিং

সৰৱজিৎ সিং (জন্ম: ১৯৬৪ - মৃত্যু: ২ মে’,২০১৩) পাকিস্তান চৰকাৰে মঞ্জিত সিং হিচাপে সৰৱজিৎ সিঙক দোষাৰোপ কৰিছিল আৰু ১৯৯০ চনত লাহোৰ আৰু ফেইচলবাদ চহৰত সংঘটিত এলানি ধাৰাবাহিক বিস্ফোৰণৰ বাবে জগৰীয়া কৰি কাৰাবন্দী কৰি ৰাখিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সৰৱজিৎ সিং (জন্ম: ১৯৬৪ - মৃত্যু: ২ মে’,২০১৩) পাকিস্তান উচ্চতম ন্যায়ালয়ৰ দ্বাৰা মৃত্যুদণ্ডৰে দণ্ডিত এগৰাকী ভাৰতীয় নাগৰিক।১২ পাকিস্তান চৰকাৰে মঞ্জিত সিং হিচাপে সৰৱজিৎ সিঙক দোষাৰোপ কৰিছিল আৰু ১৯৯০ চনত লাহোৰ আৰু ফেইচলবাদ চহৰত সংঘটিত এলানি ধাৰাবাহিক বিস্ফোৰণৰ বাবে জগৰীয়া কৰি কাৰাবন্দী কৰি ৰাখিছিল।৩ বহুদিন ধৰি লাহোৰ উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা সৰৱজিৎ সিঙৰ বন্দীত্বৰ ঘটনাটো পিছলৈ পাকিস্তান উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হয় আৰু ন্যায়ালয়ে ১৯৯১ চনত তেওঁক ভাৰত চৰকাৰৰ চোৰাংচোৱা আৰু বোমা বিস্ফোৰণৰ ঘটনাত জড়িত অভিযোগত মৃত্যুদণ্ড ঘোষণা কৰে।৪ অৱশ্যে সৰৱজিৎ সিঙৰ মৃত্যুদণ্ড পাকিস্তান চৰকাৰৰ দ্বাৰা প্ৰদান কৰা অহৰহ হেঁচাৰ ফলতহে ঘোষণা কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।৪ পাকিস্তানৰ জনসাধাৰণক দেশখনত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ সমূহ ভাৰত চৰকাৰৰ দ্বাৰা প্ৰেৰিত ব্যক্তিৰ দ্বাৰা সংঘটিত কৰা হয় বুলি প্ৰতীয়মান কৰাবলৈকে সৰৱজিৎ সিঙক দীঘলীয়া সময়ৰ বাবে বন্দী কৰি ৰখা হয় আৰু শেষত মৃত্যুদণ্ড প্ৰদান কৰা হয়। কাৰাবন্দী হৈ থকা সময়ছোৱাত ২০১৩ চনত তেওঁ কাৰাগাৰৰ অন্যান্য কাৰাবন্দীৰ আক্ৰমণৰ বলি হয় আৰু তাৰ ৬ দিন পিছত লাহোৰৰ জিন্না হস্পিতালত গভীৰভাৱে আহত সৰৱজিৎ সিঙে প্ৰাণত্যাগ কৰে।

পৰিয়াল পৰিচয়

সৰৱজিৎ সিঙ পঞ্জাবৰ তৰণ-তৰণ জিলাৰ ভাৰত-পাকিস্তান সীমান্ত অঞ্চলত অৱস্থিত ভিখিৱিণ্ড নামে ঠাইৰ বাসিন্দা আছিল।৫ মল্লযুঁজ কৰি ভালপোৱা সৰৱজিতৰ দুৰ্লভ প্ৰজাতিৰ পাৰ চৰাই পোহপাল কৰাৰো চখ আছিল।৬গাঁৱত অইন খেতিয়কৰ পথাৰত খেতি কৰি পৰিয়াল চলোৱা সৰৱজিতৰ পত্নীৰ নাম আছিল সুখপ্ৰীত কৌৰ।৬ দুই জীয়ৰীৰ নাম আছিল স্বপনদ্বীপ কৌৰ আৰু পুনম কৌৰ। সৰৱজিৎ সিঙৰ ভগ্নী দলবীৰ কৌৰে পাকিস্তানত বন্দীত্বৰ জীৱন কটোৱা ভাতৃৰ মুক্তিৰ কাৰণে ১৯৯১ চনৰ পৰাই অপ্ৰাণ চেষ্টা চলাইছিল।৭৮ লাহোৰৰ কোট লাখপত জেলত বন্দী হৈ থকা কালচোৱাত সৰৱজিতে পত্নীলৈ লিখা কিছুমান চিঠিত ৰাজেশ খান্নাৰ চিনেমাৰ গীতৰ কলি আওৰাইছিল। ইয়াৰ দ্বাৰা তেওঁৰ চলচ্চিত্ৰপ্ৰেমী মনটোৰ উমান পোৱা যায়।৯ সেইসময়তে বলজিন্দৰ কৌৰ নামেৰে অন্য এগৰাকী মহিলাই সৰৱজিৎ সিঙৰ প্ৰকৃত ভগ্নী তেওঁ বুলি দাবী কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁৰ মতে তেওঁলোকৰ পৰিয়ালটোত মুঠ সন্তান দহজন আৰু সৰৱজিৎ তেওঁলোকৰ পৰিয়ালৰ তৃতীয় সন্তান; দলবীৰ কৌৰ তেওঁলোকৰ পৰিয়ালৰ সদস্য নহয়। সৰৱজিৎ সিঙৰ পৰিয়ালৰ সৈতে ১৯৮৯ চনতহে দলবীৰ কৌৰ চিনাকি হৈছিল বুলি তেওঁ অভিযোগ আনে। তেওঁ এইবুলিও দাবী কৰে যে সৰৱজিৎ সিঙৰ গ্ৰেপ্তাৰৰ ঘটনাটোৰ পিছত বহুলোকে ভুৱা জনপ্ৰিয়তা অৰ্জন কৰিবলৈকে তেওঁলোকৰ পৰিয়ালৰ সৈতে জড়িত হ’ব বিচাৰিছে। কিন্ত্ত পৰিয়ালৰ লোকসকলে সৰৱজিতৰ মুক্তিৰ বাবে যুঁজ দিয়াৰ সময়ত তেওঁলোকক সহায় কৰোঁতা কোনো নাছিল। দলবীৰ কৌৰে এই ঘটনাত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি কয় যে তেওঁ প্ৰয়োজন হ’লে ডিএনএ পৰীক্ষাৰ বাবেও সাজু। সৰৱজিৎ সিঙৰ মৃত্যুৰ পিছত তেওঁক মুখাগ্নি কৰাৰ পৰা দুই ভাতৃ চৰণজিৎ আৰু হৰভজনক গাঁওবাসীয়ে বাধা প্ৰদান কৰে।১০

সৰৱজিৎ সিঙৰ গ্ৰেপ্তাৰ

সৰৱজিৎ সিঙক ভাৰত-পাকিস্তান সীমান্তবৰ্তী কাচোৰ এলেকাত পাকিস্তানী ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰে।৮ অন্য এক সূত্ৰ মতে সৰৱজিতক প্ৰথমে বেআইনী ভাৱে পাকিস্তানত অনুপ্ৰৱেশ কৰাৰ অভিযোগত বন্দী কৰা হয়। বন্দীৰ আঠ দিন পিছত পাকিস্তানৰ পঞ্জাব প্ৰদেশ পুলিচে তেওঁক ১৯৯০ চনত ফেইচলবাদ আৰু লাহোৰ চহৰত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাত জড়িত বুলি অভিযোগ আনে।১১

তথ্যসূত্ৰ

  1. ↑ For Pakistan, Sarabjit was always Manjit. 3 May 2013, 18:57:07. indiatvnews.com
  2. ↑ News Desk Pakistan. (2 May 2013). Sarabjit Singh: Indian 'spy' dies after Pakistan attack. BBC Pakistan Department
  3. ↑ (2 May 2013). Sarabjit Singh: Indian 'spy' dies after Pakistan attack. BBC News
  4. ↑ staff. Last rites for India's 'spy' Sarabjit Singh who never came home. web news
  5. ↑ (28 June 2012). Sarabjit's family meets Krishna. The Times of India
  6. ↑ (3 May 2013). Bhikiwind plunges into sorrow. The Tribune
  7. ↑ (16 June 2011). Sister visits condemned Indian Sarabjit in Lahore jail. BBC News
  8. ↑ Jolly, Asit. (2 May 2013). Dalbir Kaur, whose fight for her brother Sarabjit Singh, ended with tears. India Today
  9. ↑ m.timesofindia.com/entertainment/hindi/bollywood
  10. ↑ (9 July 2013). I am Sarabjit's real sister, says Ludhiana woman. Hindustan Times
  11. ↑ (27 April 2008). Sarabjit case: Key witness retracts statement. CNN-IBN

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰৱজিৎ সিং” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৪৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।