হাতীমূৰা মন্দিৰ অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ ওচৰৰ হাতীমূৰা পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ।১ আহোম স্বৰ্গদেউ চুণেণফায়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ মহিষাসুৰমৰ্দিনী দেৱী দুৰ্গাৰ প্ৰতি সমৰ্পিত।২ এই মন্দিৰ অসমৰ অন্যতম উল্লেখযোগ্য শক্তি উপাসনাস্থলী।
অৱস্থান
হাতীমূৰা মন্দিৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ হাতীমূৰা পাহাৰত অৱস্থিত। ই শিলঘাট আৰু জখলাবন্ধাৰ নিচেই কাষত অৱস্থিত। শিলঘাট ৰে'ল ষ্টেচন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনৰ ঠাইখনলৈ ৰেলেৰে সংযোজিত। সেইদৰে তেজপুৰ বিমানবন্দৰ আৰু যোৰহাট বিমানবন্দৰ দুয়ো ইয়াৰ নিকটৱৰ্তী বিমানবন্দৰ।৩
নামৰ উৎপত্তি
হাতীমূৰা দুৰ্গা মন্দিৰ কলিয়াবৰ মহকুমাৰ হাতীমূৰা পাহাৰত অৱস্থিত। আহোম বিষয়া হাতীমূৰীয়া বৰপাত্ৰ ফুকনৰ নামৰ পৰাই কলিয়াবৰৰ এই অঞ্চলটোৰ নাম হাতীমূৰা হয়। পিছলৈ হাতীমূৰা পাহাৰত অৱস্থিত হোৱাৰ বাবে ইয়াত থকা দুৰ্গা মন্দিৰটোৰ নামো হাতীমূৰা মন্দিৰ হয়।৪
ইতিহাস
আহোম ৰাজত্বকালত শালস্তম্ভ ৰাজবংশৰ ৰজাৰ দিনত নিৰ্মিত বহুকেইটা মঠ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। তাৰে ভিতৰত উল্লেখযোগ্য মন্দিৰ হৈছে হাতীমূৰা মন্দিৰ। অষ্টম-নৱম শতিকাত শালস্তম্ভ ৰাজবংশৰ ৰজাই নিৰ্মাণ কৰা কলিয়াবৰৰ হাতীমূৰাত অৱস্থিত দুৰ্গা মন্দিৰটো আহোম স্বৰ্গদেউ চুণেণফায়ে ১৬৬৭ শকত (১৭৪৫-৪৬ খ্ৰীষ্টাব্দ) এই মন্দিৰ নিৰ্মাণ কৰিছিল।৫ ইয়াত উদ্ধাৰ হোৱা শিলালিপি অনুসৰি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশ মৰ্মে তৰুণ দুৱৰা বৰফুকনে এই মন্দিৰৰ নিৰ্মাণ কৰাইছিল।৪
বৰ্ণনা
হাতীমূৰা মন্দিৰ নীলাচল স্থাপত্যশৈলীৰে নিৰ্মিত। ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰে গধুৰ শিলৰ ভেঁটি থকা পাহাৰৰ ওপৰত হাতীমূৰা মন্দিৰ অৱস্থিত। এই ঠাইত মাটিৰ ওপৰত ওলাই থকা শিল প্ৰচুৰভাৱে পোৱা যায়। এনেকুৱা এটা শিলতে খোদিত গণেশৰ মূৰ্তি পোৱা গৈছে। ইটাৰে সজা মূল মন্দিৰত শিলত কটা দশভূজা মহিষাসুৰমৰ্দনী দুৰ্গাৰ মূৰ্ত্তি আছে। এই মন্দিৰ প্ৰমত্ত সিংহয়ে নিৰ্মাণ কৰাৰ বিষয়ে শিলালিপিত খোদিত কৰা আছে। তদুপৰি ইয়াৰ আশে-পাশে বহুতো শিলত কটা ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই মন্দিৰ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।৬
উৎসৱ
প্ৰতি বছৰে হাতীমূৰা মন্দিৰত উলহ-মালহকৈ দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। পূৰ্বতে ইয়াত বলি প্ৰথা প্ৰচলিত আছিল। ১৯৯২ চনৰ পৰা ইয়াত বলি প্ৰথা বন্ধ হয়।৪
পৰ্যটন
হাতীমূৰা মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন পূজা-অৰ্চনাৰ বাবে বহু ভক্তৰ সমাগম হয়। মন্দিৰৰ স্থাপত্য আৰু চৌপাশৰ সেউজীয়া পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি শালস্তম্ভ আহোম যুগৰ কীৰ্তিচিহ্নৰে ভৰপূৰ এই স্থানৰ ঐতিহাসিক আৰু পুৰতাত্বিক মহত্ত্ব আছে।৬৪
তথ্যসূত্ৰ
- ↑ Hatimura temple at Silghat. Assam On Net
- ↑ Hatimura Temple. Indian Temples Portal
- ↑ Hatimura Temple. Indian Temples Portal
- ↑ হাতীমূৰাৰ পৌৰাণিক দুৰ্গা মন্দিৰৰ কিছু অৱলোকন. ETV Bharat
- ↑ Baruah, B. K.; Sreenivasa Murthy, H. V. The Hatimura Temple. Hindu books universe
- ↑ সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ. সংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাতীমূৰা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬০১৮ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।