হাৰ্বাৰ্ট গিণ্টিছ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৪০) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ব্যৱহাৰ বিজ্ঞানী আৰু শিক্ষক। তেওঁৰ সমাজ-জীৱবিজ্ঞান, বিশেষকৈ পৰোপকাৰিতা, সহযোগিতা, জ্ঞানতত্ত্বিক খেল সূত্ৰ, জীন-সংস্কৃতি সহ-ক্ৰমবিকাশ, দক্ষতা মজুৰি, বলৱান পাৰস্পৰিকতা আৰু মানৱ সম্পদ সূত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনাজাত। নিজৰ কৰ্ম-জীৱনত, তেওঁ চেমুৱেল বউল্ছৰ সৈতে সহযোগ কৰিছিল ঘণিষ্ঠভাৱে। তেওঁলোকৰ গ্ৰন্থ, "স্কুলিং ইন কেপিটেলিষ্ট আমেৰিকা"-ৰ কেইবাটাও সংস্কৰণ প্ৰকাশ পাইছে বিশ্বৰ ৫ ভাষাত। তেওঁলোকৰ শেহতীয়া গ্ৰন্থ "এ কোওপাৰেটিভ স্পিচিজ: হ্যুমেন ৰেচিপ্ৰোচিটি এণ্ড ইট্ছ ইভল্যুছন" ২০১১ চনত প্ৰকাশিত।
ব্যক্তিগত আৰু কৰ্ম-জীৱন
জিণ্টিছৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেঞ্চিলভেনিয়াত হৈছিল। তেওঁৰ পিতৃ আছিল এগৰাকী আচবাবপত্ৰৰ ব্যৱসায়ী। গিণ্টিছ তাত আৰু পাছলৈ ফিলাডেলফিয়াৰ বাহিৰৰ বালা কাইন্বাইডত ডাঙৰ-দীঘল হ'ল। পেন্সিলভেনিয়া বিশ্ববিদ্যালয়ৰপৰা ৩ বছৰত স্নাতক শিক্ষা গ্ৰহণ কৰি তেওঁ পেৰিছ বিশ্ববিদ্যালয়ৰপৰা গণিত বিষয়ত বি এ পাছ কৰিছিল। তাৰ পাছত স্নাতকোত্তৰ শিক্ষাৰ বাবে তেওঁ হাৰ্ভাৰ্ডত নাম-ভৰ্ত্তি কৰালে আৰু গণিত বিষয়তে এম এ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ'ল। এম এৰ পাছত পিচে হাৰ্বাৰ্টৰ মন আন ফালে ঢালিবলৈ ল'লে। হাৰ্ভাৰ্ডৰ ছাত্ৰ হৈ থাকোতেই তেওঁ হাৰ্ভাৰ্ড স্কুৱেৰত চেণ্ডেল নিৰ্মাতাৰ কাম কৰিবলৈ ধৰিলে। সেই সময়তে, ১৯৬০ৰ দশকত তেওঁ ছাত্ৰ আন্দোলনত সক্ৰিয় হৈ পৰিল। ষ্টুডেণ্ট্ছ ফৰ এ ডেমক্ৰেটিক চচাইটিৰ সৈতে তেওঁ জড়িত হ'ল। তেওঁৰ হেঁপাহ মাৰ্ক্সবাদ আৰু অৰ্থনীতিৰ বাবে বৃদ্ধি পাবলৈ ধৰিলে। ১৯৬৩ত তেওঁ নিজৰ পি এইচ ডি প্ৰগ্ৰেম সলাই গণিতৰপৰা অৰ্থনীতি কৰিলে। ১৯৬৯ চনত প্ৰকাশিত তেওঁৰ পি এইচ ডি গৱেষণাপত্ৰ আছিল, এলিয়েনেশ্বন এণ্ড পাৱাৰ: টুৱাৰ্ড্ছ এ ৰেডিকেল ৱেলফেয়াৰ ইকনমিক্স। পাছলৈ তেওঁ হাৰ্ভাৰ্ড গ্ৰেজুৱেট স্কুল অৱ এজুকেচনৰ সহকাৰী অধ্যাপক হ'ল আৰু তাৰ পাছত হাৰ্ভাৰ্ডৰ অৰ্থনীতি বিভাগত সহকাৰী অধ্যাপক আৰু পাছলৈ সহ-অধ্যাপক হ'ল।১২ নিজৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে লাভ কৰা শিক্ষাৰ অন্তিম সময়ত তেওঁ চেমুৱেল বাউল্ছক লগ পালে, যি নাইজেৰিয়াত গৱেষণা কৰি সেই সময়ত হাৰ্ভাৰ্ডলৈ উভতিছিল। তেওঁৰ আৰু বাউল্ছৰ সহযোগিতা দুয়োৰে কৰ্ম-জীৱনত স্থায়ীভাৱে থাকিল। মাইকেল ৰেইচ, ৰিচাৰ্ড এডুৱাৰ্ড্ছ, ষ্টিফেন মাৰ্গ্লিন আৰু পেট্ৰিচিয়া কুইকৰ লগতে গিণ্টিছ আৰু বাউল্ছো হাৰ্ভাৰ্ডৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ-শিক্ষকৰ এটি দলত আছিল যিয়ে চেমিনাৰ আদি অনুষ্ঠিত কৰিছিল এক নতুন অৰ্থনীতি-শাস্ত্ৰ বিকশিত কৰিবলৈ য'ত শ্ৰমৰ বিচ্ছিন্নকৰণ, বৰ্ণবাদ, লিংগবাদ আৰু সাম্ৰাজ্যবাদৰ বিষয়ো সামৰা হ'ব। আন কেইবাটাও তেনে ধাৰণাৰ পৰীক্ষা কৰা হ'ল তেওঁলোকে একেলগে পঢ়োৱা "কেপিটেলিষ্ট ইকনমি: কন্ফ্লিক্ট এণ্ড পাৱাৰ" নামৰ এটি পাঠ্যক্ৰমত। তেওঁলোক ইউনিয়ন অৱ ৰেডিকেল পলিটিকেল ইকনমিষ্ট্ছৰ প্ৰতিষ্ঠাপক সদস্য আছিল।৩৪
১৯৭৪ চনত গিণ্টছ, বাউল্ছ, ষ্টিফেন ৰেস্নিক, ৰিচাৰ্ড ডি ৱল্ফ আৰু ৰিচাৰ্ড এডুৱাৰ্ড্ছক মেচেচ্যুচেট্ছ এম্হাৰ্ষ্ট বিশ্ববিদ্যালয়ে অৰ্থনীতিবিদৰ এক "ৰেডিকেল পেকেজ"ৰ সদস্য ৰূপে গ্ৰহণ কৰিলে।৫ ১৯৭৬ চনত গিণ্টিছ আৰু বাউল্ছে নিজৰ স্কুলিং ইন কেপিটেলিষ্ট আমেৰিকা নামৰ গ্ৰন্ঠ প্ৰকাশ কৰিলে।৬ এক দশকৰ পাছত প্ৰকাশিত, দুয়োৱে লিখা গ্ৰন্থ ডেমক্ৰেচী এণ্ড কেপিটেলিজ্ম উদাৰতাবাদ আৰু পৰম্পৰাগত মাৰ্ক্সবাদৰ সমালোচনামূলক গ্ৰন্থ। তেওঁলোকে উদাৰতাবাদৰ পাছৰ গণতন্ত্ৰৰ এক ধাৰণা প্ৰস্তুত কৰিছিল।৭ ২০১১ চনত কোওপাৰেটিভ স্পিচিজ নামৰ গ্ৰন্থ প্ৰকাশ পালে। ২০০৯ত প্ৰকাশিত দ্য বাউণ্ডছ অৱ ৰিজনৰ দৰেই, এই গ্ৰন্থতো ১৯৯০ৰ দশকৰপৰাই গিণ্টিছে গুৰুত্ব দি অহা- অৰ্থনৈতিক সূত্ৰ আৰু সমাজ-জীৱজ্ঞান তথা অন্য ব্যৱহাৰ-বিজ্ঞান এক কৰাৰ বিষয়ে চিন্তা আগবঢ়োৱা হৈছে।৮৯
২০০৩ চনত গিণ্টিছে মেচেচ্যুচেট্ছ এম্হাৰ্ষ্ট বিশ্ববিদ্যালয়ৰপৰা অধ্যাপক এমেৰিটাছ ৰূপে অৱসৰ গ্ৰহণ কৰিলে। ১৯৮৯ চনৰপৰা তেওঁ ইউনিভাৰ্ছিটি অৱ চিয়েনাত অতিথি অধ্যাপকো আছিল। ২০০১ চনৰপৰা চেণ্টা ফে ইনষ্টিটিউটত বাহ্যিক অধ্যাপক আছিল। ২০০৫ চনৰপৰা তেওঁ চেণ্ট্ৰেল ইউৰোপিয়ান বিশ্ববিদ্যালয়তো অতিথি অধ্যাপক ৰূপে কৰ্মৰত আছিল।১০
গ্ৰন্থ
গিণ্টিছ কেইবাখনো গ্ৰন্থৰ লেখক আৰু সহ-লেখক:
- Gintis, Herbert; Bowles, Samuel. (1986). Democracy and capitalism: property, community, and the contradictions of modern social thought. Basic Books. ISBN 9780465016006
Also as: Gintis, Herbert; Bowles, Samuel. (2011). Democracy and capitalism property, community, and the contradictions of modern social thought. Routledge. ISBN 9780415608817৭১১
- Gintis, Herbert; Bowles, Samuel. (2005). Unequal chances: family background and economic success. Russell Sage Foundation, Princeton University Press. ISBN 9780691136202
- Gintis, Herbert. (2009). The bounds of reason: game theory and the unification of the behavioral sciences. Princeton University Press. ISBN 9780691140520৯
- Gintis, Herbert. (2009). Game theory evolving: a problem-centered introduction to modeling strategic interaction. Princeton University Press. ISBN 9780691140513৯
- Gintis, Herbert; Bowles, Samuel. (2011). A cooperative species human reciprocity and its evolution. Princeton University Press. ISBN 9780691158167৮
- Gintis, Herbert; Bowles, Samuel. (2011). ((Schooling in Capitalist America: Educational Reform and the Contradictions of Economic Life|Schooling in capitalist America: educational reform and the contradictions of economic life)). Haymarket Books. ISBN 9781608461318 Original printed in 1976.১২১৩
১৯৯৭ৰপৰা ২০০৬লৈ গিণ্টিছ আৰু নৃতত্ত্বৰ গৱেষক ৰবাৰ্ট বৈডে মেক-আৰ্থাৰ ফাউণ্ডেচনৰ "ইকনমিক এন্ভিৰনমেণ্টছ এণ্ড দ্য ইভল্যুছন অৱ নৰ্মছ এণ্ড প্ৰেফাৰেঞ্চেচ" নামৰ গৱেষণা প্ৰকল্পৰ অধ্যাপনা কৰিছে। গিণ্টিছ আৰু আন্য়ান্য সদস্যই সম্পাদনা কৰা দুই গ্ৰন্থতে প্ৰকল্পটৰ কেইবাটাও মূল ফল প্ৰকাশ পাইছে:
- Gintis, Herbert; Fehr, Ernst. (2005). Moral sentiments and material interests: the foundations of cooperation in economic life. MIT Press. ISBN 9780262572378১৪
- Gintis, Herber; Henrich, Joseph. (2004). Foundations of human sociality: economic experiments and ethnographic evidence from fifteen small-scale societies. Oxford University Press. ISBN 9780199262052১৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Alberto, Carlos Torres (2013), Education, Power, and Personal Biography: Dialogues With Critical Educators, pp. 107–129. Routledge
- ↑ Colander, David; Holt, Richard; Rosser, J. Barkley Jr. (2004). The Changing Face of Economics: Conversations with Cutting Edge Economists. University of Michigan Press. পৃ. 77–106. ISBN 0-472-06877-6
- ↑ Arestis, P.; Sawyer, M.C. (2000). A biographical dictionary of dissenting economists. Edward Elgar Publishing. পৃ. 226. ISBN 1-85898-560-9
- ↑ Lee, Frederic (2009). A History of Heterodox Economics: Challenging the Mainstream in the Twentieth Century, p. 271. Routledge
- ↑ Katzner, Donald W. (2011). At the Edge of Camelot: Debating Economics in Turbulent Times. Oxford University Press
- ↑ Apple, Michael and Giroux, Henry (1995) "Critical Pedagogy in the United States" in Social Theory and Education: A Critique of Theories of Social and Cultural Reproduction, p. 311. SUNY Press
- ↑ Berger, Suzanne (8 June 1986). "Postliberal Vision". New York Times. Retrieved 30 September 2014
- ↑ Foster, Jacob G. (September 2012). "A Cooperative Species: Human Reciprocity and Its Evolution by Samuel Bowles and Herbert Gintis". American Journal of Sociology, Vol. 118, No. 2, pp. 501-504. Retrieved 30 September 2014 via Jstor
- ↑ Sigmund, Karl (November–December 2009). "The Loitering Presence of the Rational Actor". American Scientist. Retrieved 30 September 2014
- ↑ Santa Fe Institute. Herbert Gintis . Retrieved 30 September 2014
- ↑ Wagner, Walter C. (March 1987). "Democracy and Capitalism: Property, Community, and the Contradictions of Modern Social Thought by Samuel Bowles; Herbert Gintis". Journal of Economic Issues, Vol. 21, No. 1, pp. 549-551. Retrieved 30 September 2014 via Jstor
- ↑ Apple, Michael and Giroux, Henry (1995) "Critical Pedagogy in the United States" in Social Theory and Education: A Critique of Theories of Social and Cultural Reproduction(4), p. 311. SUNY Press
- ↑ Cole, Michael (1988). Bowles and Gintis Revisited: Correspondence and Contradiction in Educational Theory. Routledge
- ↑ Simonsohn, Uri (September 2006). "Moral Sentiments and Material Interests: The Foundations of Cooperation in Economic Life by Herbert Gintis; Samuel Bowles; Robert Boyd; Ernst Fehr". Journal of Economic Literature, Vol. 44, No. 3, pp. 745-747. Retrieved 1 October 2014 via Jstor
- ↑ Schmid, Hans Bernhard (2009). "Social Identities in Experimental Economics" in Plural Action: Essays in Philosophy and Social Science, p. 87. Springer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্বাৰ্ট গিণ্টিছ” প্ৰবন্ধৰ সংশোধন ৬৩১২৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।