হংসিকা মোটৱানী (ইংৰাজী ভাষা: Hansika Motwani; জন্ম: ৯ আগষ্ট ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। মোটৱানীয়ে হিন্দী ভাষা ছবিত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ দেশমুদুৰু (২০০৭), কান্তি (২০০৮) আৰু মাস্কা (২০০৯) আদিকে ধৰি কেইবাখনো তেলেগু ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁ মাপ্পিল্লাই (২০১১) ছবিৰ জৰিয়তে তামিল চিনেমাৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিছত এংগেইয়ুম কাধল (২০১১), ভেলায়ুধম (২০১১), অৰু কাল অৰু কান্নাদী (২০১২), থিয়া ভেলাই চেইয়্যনুম কুমাৰু (২০১৩), চিঙ্গম ২ (২০১৩) আৰু অৰণমণৈ (২০১৪)ৰ দৰে কেইবাখনো ব্যাৱসায়িকভাৱে সফল তামিল ছবিত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ মালয়ালম ভাষা ছবি ভিলেইন (২০১৭)তো অভিনয় কৰিছে।১
প্ৰাৰম্ভিক জীৱন
হংসিকা মোটৱানীৰ জন্ম মহাৰাষ্ট্ৰৰ মুম্বাইৰ এটা সিন্ধী ভাষা হিন্দু পৰিয়ালত হৈছিল।২ তেওঁৰ পিতৃ প্ৰদীপ মোটৱানী এজন ব্যৱসায়ী আৰু মাতৃ মনা মোটৱানী এগৰাকী চৰ্মৰোগ বিশেষজ্ঞ।৩৪ তেওঁ মুম্বাইত অৱস্থিত পোদাৰ ইণ্টাৰনেশ্যনেল স্কুল আৰু ইণ্টাৰনেশ্যনেল কাৰিকুলাম স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।
ব্যক্তিগত জীৱন
মোটৱানীয়ে নিয়মীয়াকৈ ধ্যান অনুশীলন কৰে।৫ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মোৰ বাবে মানসিক চাপ মুক্ত কৰাৰ সৰ্বোত্তম উপায় হ'ল— নমু ম্যোহো ৰেংগে ক্যু মন্ত্ৰ জপ কৰা, কিয়নো মই বৌদ্ধ ধৰ্ম দৃঢ়ভাৱে অনুসৰণ কৰোঁ।" ৬ অভিনেত্ৰীগৰাকীৰ মতে, এই মন্ত্ৰ জপে তেওঁক ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে সহায় কৰিছে।৬
২০১৫ চনত তেওঁ চিলাম্বৰচনৰ সৈতে সম্পৰ্কত আছিল।৭ মোটৱানীয়ে ২০২২ চনৰ ৪ ডিচেম্বৰত জয়পুৰৰ মুন্দোটা দুৰ্গ আৰু প্ৰাসাদত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক তথা ব্যৱসায়ী চোহেল খাতুৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮৯
২০২৬ চনৰ ১১ মাৰ্চত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়।১০১১
অন্যান্য কাম আৰু মাধ্যমৰ প্ৰতিচ্ছবি
মোটৱানী বিভিন্ন জনহিতকৰ কাম-কাজৰ সৈতে জড়িত। তেওঁ সুবিধাবঞ্চিত শিশুৰ শিক্ষা আৰু স্তন কেন্সাৰত আক্ৰান্ত মহিলাসকলক আৰ্থিক সাহায্য আগবঢ়ায়।১২ তেওঁ মহিলাৰ মাজত স্তন কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে চলোৱা কাৰ্যসূচী 'চেন্নাই টাৰ্নছ পিঙ্ক'ৰ ব্ৰেণ্ড এম্বেছাদৰ।
২০১৪ চনত তেওঁ ফৰ্বচৰ ২৫০ গৰাকী চেলিব্ৰিটিৰ তালিকাত স্থান লাভ কৰিছিল।১৩
তথ্যসূত্ৰ
- ↑ (6 June 2017). Mohanlal's Villain revealed! Vishal to play the antagonist, see photo. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Express Web Desk
- ↑ Sreedhar, Pillai. (8 August 2009). I'm here to entertain: Hansika. The Times of India
- ↑ (10 April 2013). Hansika's tryst with Kevin Pietersen. Deccan Chronicle
- ↑ Hansika chants for peace Mid-Day - 21 February 2010
- ↑ (9 August 2020). Happy Birthday, Hansika Motwani: 5 interesting facts about the actress you must know. The Times of India
- ↑ (10 August 2017). Shahid Kapoor, Aishwarya Rai and 11 others: How well you know about spiritual life of these Bollywood celebs?. InUth
- ↑ (20 February 2023). Hansika Motwani on breakup with ex-boyfriend Simbu: 'Took me at least 7-8 years to say yes to someone'. Hindustan Times
- ↑ (3 December 2022). Hansika Motwani makes a dreamy entry with fiancé Sohael Kathuriya at her pre-wedding Sufi night. Watch. The Indian Express
- ↑ (4 December 2022). Exclusive: Hansika Motwani and Sohael Kathuriya are married, wedding pics surface online. Hindustan Times
- ↑ (11 March 2026). Hansika Motwani, Sohael Khaturiya granted divorce; no alimony involved. India Today
- ↑ (11 March 2026). Hansika Motwani officially divorced from husband Sohael Khaturiya after four years of marriage; actress didn't seek alimony. The Times of India
- ↑ V., Lakshmi. (7 August 2013). Hansika to adopt one more child. The Times of India
- ↑ Forbes India Magazine - Forbes India Celebrity 100 Nominees List
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হংসিকা মোটৱানী” প্ৰবন্ধৰ সংশোধন ৫৯৭০৬৬ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।