হাদিছ নাজাফী (৫ জানুৱাৰী, ২০০০ – ২১ ছেপ্টেম্বৰ, ২০২২) ২০২২ চনত মাহছা আমিনিৰ মৃত্যুৰ পাছত ইৰাণৰ প্ৰতিবাদৰ সময়ত কাৰাজৰ মেহৰশ্বহৰত এই ইৰাণী মহিলাগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ বহুল বাতৰি প্ৰকাশ পাইছে আৰু তেওঁৰ পূৰ্বে আমিনিৰ দৰেই নাজাফীও মহিলা সবলীকৰণ আৰু ইৰাণ চৰকাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ প্ৰতীক হৈ পৰিছিল।
পটভূমি
২০০০ চনৰ ৫ জানুৱাৰীত কাৰাজত১ হাদিছ নাজাফীৰ জন্ম হৈছিল।২৩ তেওঁৰ তিনিগৰাকী ডাঙৰ ভগ্নী আৰু এজন সৰু ভাই আছিল।২ তেওঁৰ পিতৃ-মাতৃৰ জন্ম হৈছিল পূব আজাৰবাইজান প্ৰদেশৰ মিয়ানেহত আৰু ইৰাণী আজাৰবাইজানত।১৪ নাজাফীয়ে ফেশ্বন ডিজাইনত ডিপ্লমা লাভ কৰিছিল আৰু কাৰাজৰ মেহৰশ্বহৰৰ এখন ৰেষ্টুৰেণ্টত কেচিয়াৰ হিচাপে কাম কৰিছিল।২
২০২২ চনৰ ছেপ্টেম্বৰ মাহৰ মাহছা আমিনিৰ প্ৰতিবাদত যোগদান কৰিছিল নাজাফীয়ে, যিটো প্ৰতিবাদৰ সূচনা হৈছিল আৰক্ষীৰ জিম্মাত থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা মাহছা আমিনিৰ মৃত্যুৰ ফলত। আমিনীক আৰক্ষীয়ে বাধ্যতামূলক হিজাব আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ সৈতে জড়িত বিক্ষোভসমূহে ইৰাণত মহিলাৰ অধিকাৰ বৃদ্ধিৰ বাবে ব্যাপক সমৰ্থন দেখুৱাইছে। নাজাফীয়ে কাৰাজত প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।৫ নাজাফীয়ে সমাজকৰ্মীৰ কাৰ্য্যত পূৰ্বতে কোনো ধৰণৰ জড়িত হোৱাৰ কথা প্ৰকাশ হোৱা নাছিল আৰু ইয়াৰ পূৰ্বে ইৰাণত মহিলাৰ অধিকাৰৰ বিষয়ে মুকলিকৈ কথা কোৱা নাছিল।৬ ২১ ছেপ্টেম্বৰৰ নিশা তেওঁ বন্ধুলৈ এটা ভিডিঅ’ পঠিয়াইছিল য’ত তেওঁ কৈছিল "মই ভাবি ভাল লাগে যে যেতিয়া মই এই বিষয়ে কেইবছৰমানৰ পিছত ভাবিম, তেতিয়া মই আনন্দিত হ’ম যে মই প্ৰতিবাদত যোগদান কৰিছিলোঁ।"৭ হত্যাৰ প্ৰায় ত্ৰিছ মিনিট আগতে তেওঁ ঘৰৰপৰা ওলাই গৈছিল।২
মৃত্যু
২০২২ চনৰ ২১ ছেপ্টেম্বৰত২৩ নিশা প্ৰায় ৮ বজাত কাৰাজৰ মেহৰশ্বহৰ৫৮ ইৰাম বলিভাৰ্ডত হাদিছ নাজাফীক গুলীয়াই হত্যা কৰা হৈছিল।২ খবৰ অনুসৰি তেওঁৰ মুখ, হাত, ডিঙি, পেট আৰু হৃদযন্ত্ৰ কমেও ছয়বাৰ৯৬১০১১১২ গুলীবিদ্ধ হৈছিল।১৩৭১০ পৰিয়ালৰ মতে, তেওঁক কমেও বিশটা গুলীৰে আঘাত কৰিছিল।২১৪ ইৰাণ চৰকাৰৰ মতে, আৰক্ষী বিষয়াই ব্যৱহাৰ নকৰা অস্ত্ৰৰে প্ৰতিবাদকাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰিছিল, এই দাবীক নাজাফীৰ নিজৰ পৰিয়াল, অন্যান্য কৰ্মী আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তীব্ৰ প্ৰতিবাদ কৰিছিল।৭১০ এই দলসমূহে ইয়াৰ পৰিৱৰ্তে সকলোৱে গুলীচালনাৰ কাৰণ চৰকাৰী সমৰ্থিত নিৰাপত্তা বাহিনীক বুলি কয়।৮১৫১৬১৭ গুলীবিদ্ধ হোৱাৰ পিছত নাজাফীক কাৰাজৰ ঘেম হাস্পতাললৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক মৃত বুলি ঘোষণা কৰা হয়।১০ প্ৰকাশ পোৱা চৰকাৰী চিকিৎসা ৰেকৰ্ডত দাবী কৰা হৈছে যে তেওঁৰ মৃত্যু হৈছে "মগজু ফুলি যোৱা"ৰ বাবে।১৭
নাজাফীৰ মাতৃৰ মতে, তেওঁক গুলীয়াই হত্যা কৰাৰ পাছত তেওঁৰ পৰিয়ালক চিকিৎসালয়ত চাবলৈ দিয়া হোৱা নাছিল, আৰক্ষী বিষয়াসকলে তেওঁক প্ৰৱেশ কৰাত বাধা দিছিল।৭ এজন নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক কৰুণা কৰি নাজাফীৰ মৃতদেহ মৰ্গত আছে বুলি কোৱাৰ পিছতহে তেওঁলোকক সোমাবলৈ দিয়া হৈছিল।১৮ ৰেডিঅ’ জামানে প্ৰকাশ কৰিলে নাজাফীৰ মৃত্যুৰ প্ৰমাণ-পত্ৰ। তেওঁৰ আঘাতৰ ছবি আৰু মৃত্যুৰ প্ৰমাণ-পত্ৰ পিছলৈ এম্নেষ্টী ইণ্টাৰনেশ্যনেল আৰু বিবিচি পাৰ্ছিয়ানে তেওঁৰ পৰিয়ালৰ সৈতে সংস্পৰ্শৰ পিছত নিশ্চিত কৰে।১৩
২৩ ছেপ্টেম্বৰত কৰ্তৃপক্ষই নাজাফিৰ মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালক মুকলি কৰি দিয়ে। পৰিয়ালৰ মতে তেওঁলোকক চৰকাৰে হেঁচা দিছিল যে তাইৰ হাৰ্ট এটেকত মৃত্যু হৈছে।১৩১৯ নাজাফীৰ পিতৃকো ড্ৰাগছ সেৱন কৰা হৈছিল আৰু নিৰাপত্তা বাহিনীয়ে হেঁচা প্ৰয়োগ কৰিছিল যে তেওঁৰ মৃত্যু হৈছে প্ৰাকৃতিক কাৰণত।২
তথ্যসূত্ৰ
- ↑ (1 October 2022). Bacım etirazlar zamanı 3 güllə ilə öldürüldü. Voice of America
- ↑ Saifikaran, Farzad. (25 September 2022). حدیث نجفی؛ «به پدرش فشار آوردند بگوید بر اثر مرگ مغزی مرده. Radio Zamaneh
- ↑ Saifikaran, Farzad. (27 September 2022). Hadis Najafi: The 22 Year Old Shot in the Iran Protests. Radio Zamaneh
- ↑ Vahid Qarabagli. (October 6, 2022). The Protests in Iran and Azerbaijani Turk Civil Rights Activists. caspianpost.com
- ↑ Baynes, Megan. (September 30, 2022). 'We want everyone to know her name': TikToker Hadis Najafi, 23, shot dead in Iran protests. Sky News
- ↑ (30 September 2022). Wie was Hadis Najafi, de Iraanse vrouw van 20 die doodgeschoten werd door de Iraanse politie?. Het Laatste Nieuws
- ↑ (September 30, 2022). Iranian TikToker Hadis Najafi, 23, 'shot dead' during demonstrations in Karaj. ITV News
- ↑ Press-Reynolds, Kieran. (30 September 2022). A 20-year-old TikToker killed while protesting for women's rights has become a symbol of Iran's resistance. Insider
- ↑ Vahid Qarabagli. (October 6, 2022). The Protests in Iran and Azerbaijani Turk Civil Rights Activists. caspianpost.com
- ↑ Meitav, Roman. (September 26, 2022). Hadis Najafi killed in Iran protests, becomes new symbol of defiance. The Jerusalem Post
- ↑ (September 25, 2022). Hadis Najafi, 20, Killed in a Spray of Bullets in Karaj, Becomes a New Symbol of Defiance in Iran. IranWire
- ↑ Pizzimenti, Chiara. (26 September 2022). Iran, Hadis Najafi, uccisa con sei proiettili mentre manifestava per Mahsa Amini. Vanity Fair
- ↑ (September 27, 2022). How a video taken out of context made Hadis Najafi a symbol of repression in Iran. France 24
- ↑ Pereira, James. (28 September 2022). How a video taken out of context made Hadis Najafi a symbol of repression in Iran. TechiLive
- ↑ (26 September 2022). Tears And Anger After Iranian TikToker Killed In Ongoing Protests. Radio Free Europe/Radio Liberty
- ↑ (26 September 2022). İran'da yaşamını yitiren Hadis Najafi kim, kaç yaşında? Hadis Najafi'nin ölüm sebebi nedir?. Cumhuriyet
- ↑ Joshi, Ritika. (27 September 2022). Who Was Hadis Najafi? Iranian Woman Killed During Protests. SheThePeople
- ↑ Heyes, Apollo. (30 September 2022). Napoli's Spalletti Brings Roses in Solidarity with Iranian Women. Football Italia
- ↑ Ghobadi, Parham. (4 October 2022). Iran: Teen protester Nika Shakarami's body stolen, sources say. BBC News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাদিছ নাজাফীৰ হত্যা” প্ৰবন্ধৰ সংশোধন ৫৮৪৯৯০ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।