অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল। ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।

হালনাগাদ: ২৩ জুন ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য (Hiranya Kumar Bhattacharyya) অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক আছিল।১২ ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল।৩ ১৯৪৬ চনত নলবাৰীৰ গৰ্ডন স্কুলত নামভৰ্ত্তী কৰে। অষ্টম মান শ্ৰেণীত থাকোতে সহপাঠী হৰেশ্বৰ শৰ্মা, বলদেৱ শৰ্মাৰ লগ লাগি স্কুল আলোচনী উলিয়াই। ১৯৪৯ চনত উলিওৱা এই হাতে লিখা আলোচনী খনেই আছিল অসমৰ স্কুল পৰ্যায়ৰ প্ৰথম আলোচনী। যাৰ নাম ৰাখিছিল নৈবেদ্য।

জীৱনী

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম হৈছিল ১৯৩৪ চনৰ ১ মে' তাৰিখে তেজপুৰত। তেওঁৰ পিতৃ আছিল নলবাৰীৰ সুখ্যাত সংস্কৃত পণ্ডিত মহামহোপ্যাধ্যায় প্ৰয়াত ধীৰেশ্বৰাচাৰ্য্যৰ বংশধৰ; বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ দেৱেন্দ্ৰ নাথ ভট্টাচাৰ্য্য আৰু মাতৃ আছিল চন্দ্ৰপ্ৰভা দেৱী।৩৪ ১৯৫২ চনত তেওঁ নলবাৰীৰ গৰ্ডন হাইস্কুলৰ পৰা জলপানিসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৪ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা প্ৰথম বিভাগত জলপানিসহ ইণ্টাৰমে'ডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ১৯৫৬ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰসহ প্ৰথম শ্ৰেণীৰে স্নাতক ডিগ্ৰী, আৰু ১৯৫৮ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সোণৰ পদকেৰে সন্মানিত হৈ একে বিশ্ববিদ্য্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫ ১৯৫৯ চনত তেওঁ‌ দীপিকা শৰ্মা (বৰ্তমান ভট্টাচাৰ্য্য)-ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৪

কৰ্মজীৱন

১৯৫৮ চনতে হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱালৈ মনোনীত হয়। ১৯৬০ চনত তেওঁ নগাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰে। অসমত সেইসময়ত ভৰপক লোৱা অসমীয়া ভাষা আন্দোলনৰ সৈতে জড়িত আইন-শৃংখলাজনিত পৰিস্থিতিৰ তদন্তৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল। এই তদন্তৰ প্ৰতিবেদনৰ বাবেই তেওঁ জটিল সংঘাতময় পৰিস্থিতিৰ সম্মুখীন হ'ব লগা হৈছিল।৪ ১৯৬০ চনৰ পৰা তেওঁ অবিভক্ত অসমৰ কাছাৰা, গাৰোপাহাৰ, নগাঁও, গোৱালপাৰা, শিৱসাগৰ, লখিমপুৰ আদি জিলাৰ আৰক্ষী অধীক্ষকৰ পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৬২-১৯৬৪ চনৰ সময়ছোৱাত তেওঁ গাৰোপাহাৰ (বৰ্তমানৰ মেঘালয়)-ত আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত আছিল।৩ সেইসময়ত তেওঁ চৰকাৰী নিৰ্দেশ অনুসৰি পাকিস্তানী অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ, ভাৰত ত্যাগৰ জাননী প্ৰেৰণ, বিদেশী আইনৰ বিধি অনুসৰি গোলকগঞ্জ আৰু কৰিমগঞ্জ সীমান্তইদি বহিষ্কাৰকৰণ, বিদেশী ট্ৰিবুনেললৈ তথ্য প্ৰেৰণ ইত্যাদি দায়িত্ব সমাপন কৰিছিল।৩ বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬৪ চনত কেন্দ্ৰীয় চৰকাৰৰ PIP আঁচনি অনুযায়ী বিদেশী বহিষ্কৰণৰ নিৰ্দেশনা জাৰি কৰোঁতে তেওঁ সুচাৰূৰূপে দায়িত্ব পালন কৰিছিল।৩ ১৯৭৮ চনত হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য অসম আৰক্ষীৰ সীমান্ত শাখাৰ উপ-মহাপৰিদৰ্শক পদত অধিষ্ঠিত হৈছিল।

অসম আন্দোলনৰ সূত্ৰপাত

১৯৭০ চনৰ শেষৰফালে দিল্লীত জনতা দলৰ চৰকাৰ গঠন হৈছিল আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল গোলাপ বৰবৰা।৫ ১৯৭৯ চনৰ ৯ মে' তাৰিখে মঙলদৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচনত ভোটাৰ তালিকাত ৪৭,৬৫৮ অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম চিহ্নিত কৰি অসম আৰক্ষীৰ সীমান্ত আৰক্ষী শাখাৰ উপ-মহাপৰিদৰ্শক হিচাপে হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যই প্ৰতিবেদন দাখিল কৰিছিল।৩ এই প্ৰতিবেদনকেই অসম আন্দোলন সূত্ৰপাত ঘটোৱাৰ অন্যতম কাৰক হিচাপে আখ্যা দিয়া হয়।৬ দ্য আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই এই সম্পৰ্কে এটা প্ৰবন্ধত এইদৰে লিখিছিল, “মঙলদৈৰ এটা উপ-নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা পুনৰীক্ষণ কৰি তেওঁ প্ৰায় ৪০ হেজাৰ ভুৱা ভোটাৰ ধৰা পেলাইছিল, যিটোৱে গোটেই অসমত খলকনি তুলিছিল আৰু আগন্তক বিপদৰ বাবে মানুহৰ মাজত গণ জাগৰণ আনিছিল। তাৰপৰাই সকলো লোক সজাগ হ'বলৈ আৰম্ভ কৰি বিখ্যাত ছবছৰীয়া অসম আন্দোলনত পৰিণত হৈছিল।”৪

কৃতিত্ব

১৯৭৭ চনত হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যক ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুঃসাহসিক কীৰ্তি বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁ অষ্ট্ৰেলিয়াত আৰক্ষীৰ শীৰ্ষ পৰিচালনা বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। চাকৰি কৰি থকা অৱস্থাতে তেওঁ ভাৰত চৰকাৰৰ অনুৰোধত বাংলাদেশৰ মুক্তি বাহিনীৰ পাঁচশ কেডাৰক গেৰিলা প্ৰশিক্ষণ প্ৰদান কৰিছিল।৩ তেওঁৰ অনবদ্য অৱদানৰ বাবে বাংলাদেশ চৰকাৰে ২০১৩ চনত তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান 'ফ্ৰেণ্ডছ্ অৱ্ লিবাৰেছন ৱাৰ' বঁটাৰে সন্মানিত কৰিছিল।৬১

কৰ্মক্ষেত্ৰত-সংঘাত

১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক হিচাপে তেওঁ আইন-শৃংখলাজনিত পৰিস্থিতিৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিছিল যদিও তদানীন্তন জিলা আৰক্ষী অধীক্ষকে সেই প্ৰতিবেদনক উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰিছিল।৪ ১৯৭৫ চনত বিভাগীয় সতীৰ্থ আৰু চৰকাৰী ষড়যন্ত্ৰৰ চিকাৰ হৈছিল ভট্টাচাৰ্য্য। ১৯৮০ চনত নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি আন প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা সম্পৰ্কীয় ঘটনাৰ পৰৱৰ্তী সময়ত কইনাধৰাৰ চৰকাৰী অতিথিশালাত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে হোৱা বাৰ্তালাপত In Assam we don't beat women বুলি দিয়া মন্তব্যই জোকাৰণি তুলিছিল।৩৫ ঐতিহাসিক অসম আন্দোলনলৈ উদগনি যোগোৱা, আৰু আৰক্ষী বাহিনীৰ মাজত বিদ্ৰোহৰ সূচনা কৰাৰ অভিযোগত ১৯৮১ চনৰ ২৯ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাৰূদ্ধ কৰা হৈছিল।৬৫ ইয়াৰ ৫ মাহ পিছতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। ১৯৮৩ চনত তেওঁ পুনৰ কাৰাৰুদ্ধ হৈছিল। ভট্টাচাৰ্য্যই হাজাৰীবাগ চেণ্ট্ৰেল জেইল, পাতনা, কলকাতা, আলিপুৰ, শিলচৰ আৰু নগাঁৱৰ কাৰাগাৰত কাৰাবাস খাটিছিল।৩৫ ইয়াৰ বিৰুদ্ধে তেওঁ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু এক সূদীৰ্ঘ পৰিক্ৰমাৰ অন্তত ১৯৯৫ চনত তেওঁ চৰকাৰৰ বিপক্ষে সেই গোচৰত জয়ী হয়। ন্যায়ালয়ে তেওঁক আই.পি.এছ. ঘূৰাই দিয়াৰ লগতে সৰ্বভাৰতীয় সেৱাৰ অৱসৰকালীন সকলো সা-সুবিধা আগবঢ়াবলৈ চৰকাৰক নিৰ্দেশ দিয়ে।৬

সাহিত্যকৰ্ম

হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য এগৰাকী লেখক হিচাপেও প্ৰসিদ্ধ আছিল। তেওঁ অসমীয়া আৰু ইংৰাজী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰে উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হৈছে:১৫

  • কাৰাৰুদ্ধ জীৱনৰ বাকৰুদ্ধ কাহিনী
  • জীৱনৰ একা বেঁকা বাট
  • আগন্তুক
  • বিকৰ্ষণ
  • উত্তৰণ
  • তুহঁৰ জুই
  • যি কথা নহ'ল কোৱা
  • অসম: দ্বিতীয় লেবানন
  • গেৰুৱা মাটিৰ চৰুৱা খবৰ
  • ধৰ্ষিতা
  • Economic Development of Assam
  • Betrayal of North-East: The Arrested Voice
  • Operation Lebensraum: Illegal Migration from Bangladesh
  • The Silent Invasion: Assam versus Infiltration

মৃত্যু

২০২১ চনৰ ২৫ মাৰ্চ তাৰিখে অসুস্থতাজনিত কাৰণত হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু চিকিৎসাধীন অৱস্থাতে ৫ এপ্ৰিল তাৰিখে পুৱা ৪.৪০ বজাত নেমেকেয়াৰ হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।১৭৮

তথ্যসূত্ৰ

  1. ↑ (06 April, 2021). স্বাভিমানী অসমীয়া, অসম আন্দোলনৰ অগ্ৰণী নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য আৰু নাই. স্বাভিমানী অসমীয়া, অসম আন্দোলনৰ অগ্ৰণী নেতা হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য আৰু নাই. দৈনিক জনমভূমি
  2. ↑ (05 April, 2021). Former DIG Hiranya Kumar Bhattacharya passes away in Guwahati. Former DIG Hiranya Kumar Bhattacharya passes away in Guwahati. Sentinel Assam
  3. ↑ (06 April, 2021). অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান. অসমপ্ৰেমী হিৰণ্য কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান. আমাৰ অসম, জি এল পাব্লিকেছনছ্ প্ৰাইভেট্ লিমিটেড্
  4. ↑ (06 April, 2021). আৰ্কাইভ কপি. বিশিষ্ট লেখক, জাতীয়তাবাদী নেতা হিৰণ্য ভট্টাচাৰ্য্যৰ মৃত্যু. দৈনিক অসম প্ৰাইভেট লিমিটে
  5. ↑ (০৬ এপ্ৰিল, ২০২১). আপোচবিহীন প্ৰতিবাদী সত্তা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য ভট্টাচাৰ্য্যৰ পৰলোক. অসম আদিত্য. আদিত্য প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ. পৃ. ১-২
  6. ↑ (06 April, 2021). https://epaper.assamtribune.com/. Hiranya Bhattacharyya passes away at 86. The Assam Tribune
  7. ↑ (05 April, 2021). আৰ্কাইভ কপি. Former Assam DIG & Writer Hiranya Kumar Bhattacharya No More
  8. ↑ (05 April, 2021). https://economictimes.indiatimes.com/news/politics-and-nation/noted-writer-hiranya-kumar-bhattacharya-passes-away/articleshow/81917847.cms. Noted writer Hiranya Kumar Bhattacharya passes away. Econmonic Times

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া সাহিত্যিকঅসমৰ আৰক্ষী বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য” প্ৰবন্ধৰ সংশোধন ৬১৪০৩২ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।