অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হাজৰা মাছৰুৰ

হাজৰা মাছৰুৰ (Hajra Masroor; জন্ম: ১৭ জানুৱাৰী, ১৯৩০, মৃত্যু: ১৫ ছেপ্টেম্বৰ ২০১২) এগৰাকী পাকিস্তানী গল্পকাৰ আৰু নাৰীবাদী লেখক। উৰ্দু সাহিত্যত অফছানা নামেৰে জনাজাত একপ্ৰকাৰ চুটি কল্পকাহিনী লেখনৰ জৰিয়তে মাছৰুৰে নিজকে প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৩ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

হাজৰা মাছৰুৰ (Hajra Masroor; জন্ম: ১৭ জানুৱাৰী, ১৯৩০, মৃত্যু: ১৫ ছেপ্টেম্বৰ ২০১২)১ এগৰাকী পাকিস্তানী গল্পকাৰ আৰু নাৰীবাদী লেখক। উৰ্দু সাহিত্যত অফছানা নামেৰে জনাজাত একপ্ৰকাৰ চুটি কল্পকাহিনী লেখনৰ জৰিয়তে মাছৰুৰে নিজকে প্ৰতিষ্ঠা কৰিছিল।২৩ এগৰাকী দক্ষ চুটি গল্প লেখক আৰু ঔপন্যাসিক খাদিজা মাস্তুৰ আছিল তেওঁৰ জেষ্ঠ ভগ্নী।৪৫

ব্যক্তিগত জীৱন

১৯৩০ চনৰ ১৭ জানুৱাৰীত, ভাৰতৰ লক্ষ্ণৌত হাজৰা মাছৰুৰৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ড° চৈয়দ তাহুৰ আলি খান ব্ৰিটিছ সেনাৰ এগৰাকী চিকিৎসক আছিল। হৃদৰোগত আক্ৰান্ত হৈ দেউতাকৰ হঠাতে মৃত্যু হোৱাত পৰিয়ালটো দায়িত্ব তেওঁলোকৰ মাতৃয়ে কান্ধ পাতি লৈছিল। পাচোঁটা ল’ৰা-ছোৱালীৰে গঠিত পৰিয়ালটোৰ হাজৰাকে ধৰি তিনিগৰাকী সন্তানে সাহিত্য ক্ষেত্ৰত নাম কৰিছিল। হাজৰাৰ বায়েক খাদিজা মাস্তুৰ এগৰাকী প্ৰখ্যাত লেখিকা আছিল; আনহাতে সৰু ভায়েক খালিদ আহমদ আছিল এগৰাকী কবি, নাট্যকাৰ আৰু বাতৰি কাকতৰ স্তম্ভলেখক। হাজৰাই শৈশৱৰপৰাই লিখিবলৈ আৰম্ভ কৰিছিল।১

১৯৪৭ চনত পাকিস্তানৰ স্বাধীনতাৰ পিছত, পৰিয়ালটো পাকিস্তানলৈ প্ৰব্ৰজন কৰে আৰু লাহোৰত নিগাজীকৈ থাকিবলৈ লয়।১২ এজন উৰ্দু লেখকে তেওঁৰ কিতাপত লিখিছিল যে, এই কথা কোনেও নাজানিছিল যে হাজৰা বিখ্যাত উৰ্দু কবি চাহিৰ লুধিয়ানবীৰ বাগদত্তা আছিল। এবাৰ এটি সাহিত্য সমাৱেশত লুধিয়ানভিয়ে ভুলকৈ এটা শব্দ উচ্চাৰণ কৰাত হাজৰাই তেওঁক সমালোচনা কৰিছিল, খং উঠি লুধিয়ানভিয়ে বাগদান ভংগ কৰিছিল। পিছত হাজৰাই আহমদ আলি খানক বিয়া কৰায়, যি ২৮ বছৰ ধৰি দৈনিক কাকত ডনৰ সম্পাদক আছিল। ২০০৭ চনত তেওঁৰ মৃত্যুৰ আগলৈকে তেওঁলোকে বিবাহিত জীৱনৰ ৫৭টা বছৰ পাৰ কৰিছিল।২ তেওঁলোকৰ দুগৰাকী কন্যা আছে।

কৰ্মজীৱন

সৰুৰেপৰাই হাজৰা মাছৰুৰে চুটি গল্প লিখা আৰম্ভ কৰিছিল। বিভিন্ন সাহিত্যালোচনীত প্ৰকাশ পোৱা তেওঁৰ চুটি গল্পই উৰ্দু সাহিত্য চক্ৰৰ উচ্চ প্ৰশংসা লাভ কৰিছিল। তেওঁ আহমদ নাদিম কাচ্‌মিৰ সৈতে সাহিত্য আলোচনী ‘নকুশ’ সম্পাদনা কৰিছিল। কাচ্‌মি আছিল হাজৰা আৰু তেওঁৰ ভগ্নী খাদিজাৰ বন্ধু।৬৭সাহসী কল্পনা আৰু অ-পৰম্পৰাগত সৃষ্টিশীলতাৰে চুটি গল্প লেখি উৰ্দু সাহিত্য আৰু উৰ্দু কল্পকাহিনীৰ ইতিহাসত হাজৰাই নিজৰ স্থান দখল কৰিছিল। তেওঁ নমনীয় শৈলীৰে সৰল কিন্তু কাৰ্যকৰী গদ্য লিখিছিল।২

তেওঁ চুটি গল্পৰ কেইবাখনো কিতাপ লিখিছিল য’ত তেওঁ পুৰুষৰ সমানে মহিলাৰ বাবে সামাজিক, ৰাজনৈতিক, আইনী আৰু অৰ্থনৈতিক অধিকাৰৰ কথা উত্থাপন কৰিছিল। হাজৰা মাছৰুৰ আছিল প্ৰগতিশীল লেখক আন্দোলনৰ অন্যতম ধ্বজাবাহক আৰু উপমহাদেশীয় নাৰীবাদৰ অন্যতম পথপ্ৰদৰ্শক।৬

মৃত্যু

২০১২ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে পাকিস্তানৰ কৰাছীত হাজৰা মাছৰুৰ মৃত্যু হয়।১

গ্ৰন্থপঞ্জী

গল্প সংকলন

  • চাঁদ কে দুচৰি তৰফ১ (چاند کی دوسری طرف)
  • তিচৰি মঞ্জিল১ (تیسری منزل)
  • অন্ধেৰে উজালে১ (اند ھیرے اُجالے)
  • চৌৰি চুপে১ (چوری چُھپے)
  • হা-এ-আল্লাহ১২ (ہائے اللہ)
  • চৰখে১২( چرکے)
  • ৱ লৌগ২(وہ لوگ)
  • Charagh Ki Lau Per৬ (چراغ کی لو پر)
  • চৰগৌচিয়া৬ (سرگوشیان)

বঁটা আৰু সন্মান

  1. ১৯৯৫ত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰাইড অৱ পাৰ্ফমেঞ্চ প্ৰদান কৰে।৮৯
  2. ১৯৬৫ চনত ‘আখৰি ষ্টেচন’ চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনাৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ নিগাৰ বঁটা লাভ।১১০

তথ্যসূত্ৰ

  1. ↑ (15 September 2012). Renowned writer Hajra Masroor passes away. Dawn
  2. ↑ Asif Noorani. (15 September 2012). Hajra Masroor – one of the last pre-independence writers of repute. Dawn
  3. ↑ (11 January 2022). [https://dunya.com.pk/index.php/special-edition/2022-01-11/2211 ]. Dunya News
  4. ↑ (26 July 2012). Great story writer Khadija Mastoor's anniversary today. Samaa TV News
  5. ↑ (2 September 2018). [https://jang.com.pk/amp/541266 ]
  6. ↑ Peerzada Salman. (16 September 2012). Writer Hajira Masroor passes away. Dawn
  7. ↑ (16 August 2006). A Tribute: Ahmed Nadeem Qasmi. Pakistaniat.com
  8. ↑ Remembering those who left us this year The Express Tribune (newspaper), Published 31 December 2012, Accessed 15 November 2019
  9. ↑ Profile and books of Hajra Masroor on goodreads.com website. Retrieved 24 June 2019
  10. ↑ THE NIGAR AWARDS — 1957 - 1971. The Hotspot Online

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকগল্পকাৰনাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাজৰা মাছৰুৰ” প্ৰবন্ধৰ সংশোধন ৩৯৫০২৬ (৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।