অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিউমেন সাগৰ

হিউমেন সাগৰ (ওড়িয়া: ହ୍ୟୁମାନ ସାଗର) হ'ল ওড়িয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট গায়ক। স্থানীয় ৰাইজে তেওঁক ওড়িশাৰ অৰিজিৎ সিং বুলিও সম্বোধন কৰে। "তৰংগ" টিভি চেনেলত প্ৰচাৰিত "ভয়েচ ওড়িশা ছিজন ২"ৰ ৰিয়েলিটি শ্ব' বিজয়ী হোৱাৰ পিছত তেওঁ খ্যাতি লাভ কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

হিউমেন সাগৰ (ওড়িয়া ভাষা: ହ୍ୟୁମାନ ସାଗର) হ'ল ওড়িশাৰ চলচ্চিত্ৰ জগতৰ এগৰাকী বিশিষ্ট গায়ক।১২৩ স্থানীয় ৰাইজে তেওঁক ওড়িশাৰ অৰিজিৎ সিং বুলিও সম্বোধন কৰে। "তৰংগ" টিভি চেনেলত প্ৰচাৰিত "ভয়েচ ওড়িশা ছিজন ২"ৰ ৰিয়েলিটি শ্ব' বিজয়ী হোৱাৰ পিছত তেওঁ খ্যাতি লাভ কৰে।৪ সংগীতৰ প্ৰতি থকা আসক্তিৰ বাবে তেওঁ মেডিকেল পঢ়া বাদ দিছিল।৫

জীৱনী

ওড়িশাৰ বলাংগীৰ জিলাৰ টিটললগড়ৰ সংগীতৰ সৈতে জড়িত এটা পৰিয়ালত জন্ম লাভ কৰা হিউমেন সাগৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ সময়তে গুৰু শ্ৰী সুব্ৰংসু মিশ্ৰৰ সহায়ত সংগীত শিকিবলৈ আৰম্ভ কৰিছিল।৫ সৰুৰে পৰাই তেওঁ বিভিন্ন সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ ককাদেউতাকে বিভিন্ন সম্বলপুৰী লোকগীতৰ সংগীত পৰিচালনা কৰিছিল।৬ তেওঁৰ পিতৃ অল ইণ্ডিয়া ৰেডিঅ’ ‘বি’ গ্ৰেড গায়ক, মাকো এগৰাকী সংগীতজ্ঞ।৭ তেওঁ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল যদিও সংগীতৰ প্ৰতি থকা অপৰিসীম প্ৰেম আৰু আসক্তিৰ বাবে প্ৰথম বৰ্ষতে চিকিৎসা-বিজ্ঞানৰ শিক্ষা ত্যাগ কৰি সংগীত জগতত প্ৰৱেশ কৰে।৭

তেওঁ ২০১২ চনত তৰংগ টিভিত "ভয়েচ অৱ ওড়িশা" নামৰ এটা ৰিয়েলিটি টিভি শ্ব'ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ব'টোত জয়ী হয়।৮

হিউমেন সাগৰে ২০১৭ চনত ভইচ অৱ ওড়িশা ছিজন ২ শ্ব'ত সহযোগী অংশগ্ৰহণকাৰী শ্ৰিয়া মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজনী ছোৱালী আছে।৬৯

কেৰিয়াৰ

সাংগীতিক কেৰিয়াৰ

অভিজিত মজুমদাৰ পৰিচালিত চলচ্চিত্ৰ "ইস্ক তু হি তু"ৰ শীৰ্ষক গীত গাই তেওঁক দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল।৬১০ ২০১৭ চনত "গজল গজল" গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পীৰ চকলেট বঁটা লাভ কৰে।১১ তেওঁ হিন্দী ভাষা এলবাম "মেৰা য়ে জাহান"তো গীত গাইছে।১২১৩১৪ ২০১৭ চনত তেওঁ বিভিন্ন ওডিয়া সংগীত এলবাম "তুম ওঁঠ তলে", 'নিশ্বাস', 'বেখুদি', আৰু 'চেহৰা'ত গীত গাইছে।১৫১৬১৭

ৰাজনৈতিক কেৰিয়াৰ

হিউমেন সাগৰে ২০১৯ চনৰ ৩ মাৰ্চত ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা ৰাজনৈতিক দল "বিজু জনতা দল" (BJD)-ৰ হৈ ৰাজনীতিত যোগদান কৰে।১৮১৯

কণ্ঠদান কৰা চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰ
২০১৫ইস্ক তু হি তু
২০১৫গপ হেলে বি সত
২০১৫ৰক ষ্টাৰ
২০১৫লভ য়ু হমেশা
২০১৫পিলাটা বিগিড়িগলা
২০১৫আশিক
২০১৫গল্প নুহেঁ অল্প দিনৰ
২০১৬গোটে শুআ গোটে শাৰী
২০১৬জবৰদস্ত প্ৰেমিক
২০১৬অগস্ত্য
২০১৬ঝিঅটা বিগিড়িগলা
২০১৬বেবি
২০১৬মুঁ গান্ধী নুহেঁ
২০১৬প্ৰেমৰ নিশা নিআৰা নিআৰা
২০১৭নিঝুম ৰাতিৰ সাথী
২০১৭দিল্ দিৱানা হেইগলা
২০১৭সীতাৰামঙ্ক বাহাঘৰ কল়িয়ুগৰে
২০১৭তু মো লভ্ ষ্টোৰী
২০১৭টিকে খৰা টিকে ছাই
২০১৭মিঠা মিঠা
২০১৭অভয়
২০১৭ৰোমিও জুলিএট
২০১৭মুঁ খাণ্টি ওড়িআ ঝিঅ
২০১৭হিৰো নং ৱান্
২০১৭টিকে অনাড়ি পূৰা খিলাড়ি
২০১৭তো প্ৰেমৰে পড়িলা পৰে
২০১৭লৈলা ও লৈলা
২০১৮ওন্লি প্যাৰ
২০১৮হাপি লকি
২০১৮মনৰ মানসী
২০১৮যোগী
২০১৮শক্তি
২০১৮লভ্ প্ৰমিজ্
২০১৮সুন্দৰগড়ৰ সলমান্ খান্
২০১৮৪ ইডিঅটস্
২০১৮টোকাটা ফসিগলা
২০১৮লোকাল টোকা লভ্ চোখা
২০১৮ব্লাক্মেল্
২০১৮ইস্ক পুণিথৰে
২০১৮প্ৰেম্ কুমাৰ

তথ্যসূত্ৰ

  1. ↑ Ollywood singer Humane Sagar joins BJD · OdishaSunTimes.com
  2. ↑ (2019-03-03). Noted Odisha singer Humane Sagar joins BJD. KalingaTV
  3. ↑ (2019-01-07). Soulful Music:Humane Sagar captivates audience with Odia tracks. Orissa POST
  4. ↑ Human Sagar – A Playback Singer Of Ollywood Industry - EnewsOdia.Com
  5. ↑ আৰ্কাইভ কপি
  6. ↑ enewsodia.com/human-sagar-playback-singer-ollywo
  7. ↑ www.youtube.com/watch?v=FHZwHXf2DqU
  8. ↑ You don't know these things about Humane Sagar
  9. ↑ www.youtube.com/watch?v=v4u_1CWVAkw
  10. ↑ Flora. If in love, you need to hear Radio Choklate's Odia romantic track 'Tu Hi Tu'
  11. ↑ ଆର୍କାଇଭ୍ କପି
  12. ↑ www.orissapost.com/making-a-mark-talented-direct
  13. ↑ (2017-02-17). 'Mera Yeh Jahan'- A Hindi album with complete Odia Endeavour. Pragativadi: Leading Odia Dailly
  14. ↑ Mera Yeh Jahan - Single by Humane Sagar & Sonam Dash
  15. ↑ Bekhudee - Single by Humane Sagar
  16. ↑ Array. (24 November 2017). Tuma Otha Tale - Biswaswarup Mohapatra - Download or Listen Free - JioSaavn
  17. ↑ (2019-01-07). Humane Sagar originates a charm to the festival. Orissa POST
  18. ↑ (2019-03-03). Ollywood singer Humane Sagar joins BJD. Update Odisha
  19. ↑ (2019-03-04). Famous Ollywood Singer Humane Sagar joins BJD. OdishaDiary

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিউমেন সাগৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৫৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।